অধ্যয়নৰ উপায়
শিকা কথাবোৰ আনক জনাওক
বাইবেল অধ্যয়ন কৰাৰ সময়ত যেতিয়া আমি কিবা নতুন কথা শিকোঁ, তেতিয়া আমি বৰ আনন্দিত হওঁ। কিন্তু যেতিয়া আমি সেই কথাবোৰ আনক জনাওঁ, তেতিয়া আমি আৰু বেছিকৈ আনন্দিত হওঁ। হিতোপদেশ ১১:২৫, (IRV) পদত লিখা আছে, “যি লোকে আনলোকক পানী দিয়ে, তেওঁ নিজৰ বাবেও পানী পায়।”
শিকা কথাবোৰ আনক জনালে, সেই কথাবোৰ মনত ৰাখিবলৈ আমাৰ বাবে সহজ হয় আৰু সেই বিষয়ে আমাৰ জ্ঞানো বাঢ়ে। যেতিয়া আমি চাওঁ যে এই কথাবোৰৰ পৰা লোকসকলে লাভৱান হʼব, তেতিয়া ইয়াৰ বিষয়ে আনক জনাই আমি বহুত আনন্দিত হওঁ।—পাঁচ. ২০:৩৫.
এইদৰে কৰক: আপুনি যিবোৰ কথা শিকিলে, সেইবোৰ আহিবলগীয়া সপ্তাহত কাৰোবাক জনাওক। আপুনি নিজৰ পৰিয়ালত, মণ্ডলীত, কামৰ ঠাইত বা স্কুলত কাৰোবাক এই বিষয়ে জনাব পাৰে। অথবা নিজৰ ওচৰ-চুবুৰীয়া বা প্ৰচাৰত কাৰোবাক জনাব পাৰে। আপুনি নিজৰ কথা স্পষ্ট আৰু সৰলভাৱে বুজাবলৈ চেষ্টা কৰক।
মনত ৰাখক: শিকা কথাবোৰ আনক জনোৱাৰ সময়ত তেওঁলোকৰ উৎসাহ বঢ়াওক। কিন্তু তেওঁলোকৰ প্ৰসংশা পাবলৈ এইদৰে নকৰিব।—১ কৰি. ৮:১.