ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w25 জুন পৃষ্ঠা ২-৭
  • যাকোবৰ ভৱিষ্যবাণীৰ পৰা আমি কি শিকিব পাৰোঁ—ভাগ ১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যাকোবৰ ভৱিষ্যবাণীৰ পৰা আমি কি শিকিব পাৰোঁ—ভাগ ১
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ৰূবেন
  • চিমিয়োন আৰু লেবী
  • যিহূদা
  • যাকোবৰ ভৱিষ্যবাণীৰ পৰা আমি কি শিকিব পাৰোঁ—ভাগ ২
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • যাকোব আৰু এচৌৱে শান্তিৰে সমস্যাটো সমাধান কৰিলে
    বাইবেলৰ পৰা শিকোঁ আহা
  • যাকোবৰ পৰিয়াল
    বাইবেলৰ কাহিনী
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
w25 জুন পৃষ্ঠা ২-৭

অধ্যয়নৰ লেখ ২৪

গীত নং ৯৬ যিহোৱাৰ পবিত্ৰ কিতাপ—এক অমূল্য উপহাৰ

যাকোবৰ ভৱিষ্যবাণীৰ পৰা আমি কি শিকিব পাৰোঁ—ভাগ ১

“তোমালোক গোট খোৱা; আগলৈ তোমালোকৰ যি যি ঘটিব, তাক মই তোমালোকক জনাওঁ”—আদি. ৪৯:১.

কি শিকিম?

যাকোবে মৃত্যুৰ আগতে ৰূবেন, চিমিয়োন, লেবী, আৰু যিহূদাৰ বিষয়ে যি ভৱিষ্যবাণী কৰিছিল, তাৰ পৰা আমি কি শিকিব পাৰোঁ?

১-২. মৃত্যুৰ আগতে যাকোবে কি কৰিলে আৰু কিয়? ( ছবিখনো চাওক।)

ঈশ্বৰৰ বিশ্বাসী সেৱক যাকোবে নিজৰ পৰিয়ালৰ লগত মিচৰত আছে। তেওঁ কনানৰ পৰা ইয়ালৈ অহা প্ৰায় ১৭ বছৰ হʼল। (আদি. ৪৭:২৮) ইয়াত তেওঁ নিজৰ মৰমৰ পুত্ৰ যোচেফক লগ পাইছিল। এতিয়া তেওঁ নিজৰ গোটেই পৰিয়ালৰ লগত আনন্দত আছে। কিন্তু তেওঁ বৃদ্ধ হৈ পৰিছে আৰু তেওঁ জানে যে তেওঁ আৰু বেছি সময়লৈকে জীয়াই নাথাকিব। সেইবাবে, তেওঁ নিজৰ গোটেই পৰিয়ালক মাতে আৰু কিছুমান গুৰুত্বপূৰ্ণ কথা কয়।—আদি. ৪৯:২৮.

২ প্ৰাচীন সময়ত পৰিয়ালৰ মুৰব্বীয়ে মৃত্যুৰ আগতে নিজৰ পৰিয়ালৰ সকলো সদস্যক মাতি কিছুমান গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছিল। (যিচ. ৩৮:১) তেওঁ হয়তো এয়াও জনাইছিল যে তেওঁৰ মৃত্যুৰ পাছত কোনে পৰিয়ালৰ মুৰব্বী হʼব।

যাকোবে মৃত্যুৰ আগতে নিজৰ ১২ জন লʼৰাৰ ওচৰত ভৱিষ্যবাণী কৰি আছে (অনুচ্ছেদ ১-২ চাওক)


৩. যাকোবে নিজৰ লʼৰাবিলাকক যি কথা কʼলে, এয়া কিয় গুৰুত্বপূৰ্ণ আছিল? (আদিপুস্তক ৪৯:১, ২)

৩ আদিপুস্তক ৪৯:১, ২ পঢ়ক। যাকোবে নিজৰ পৰিয়ালক কেৱল কিছুমান গুৰুত্বপূৰ্ণ পৰামৰ্শ দিবলৈ মতা নাছিল। আচলতে তেওঁ এজন ভৱিষ্যবক্তা আছিল আৰু যিহোৱা ঈশ্বৰে তেওঁৰ যোগেদি আহিবলগীয়া সময়ৰ বিষয়ে কিছুমান ভৱিষ্যবাণী কৰিব বিচাৰিছিল। এই ভৱিষ্যবাণীবোৰ যাকোবৰ বংশৰ ওপৰত গভীৰ প্ৰভাৱ পেলালেহেঁতেন।

৪. (ক) যাকোবে মৃত্যুৰ আগতে কিহৰ বিষয়ে ভৱিষ্যবাণী কৰিছিল? (খ) আমি তাৰ ওপৰত কিয় মন কৰা উচিত? (“যাকোবৰ পৰিয়াল” নামৰ বক্সখনো চাওক।)

৪ এই লেখত আমি শিকিম যে যাকোবে মৃত্যুৰ আগতে নিজৰ চাৰিজন লʼৰা অৰ্থাৎ ৰূবেন, চিমিয়োন, লেবী আৰু যিহূদাক কি কʼলে। পৰৱৰ্তী লেখত আমি শিকিম যে তেওঁ নিজৰ বাকী আঠজন লʼৰাক কি কʼলে। আমি এয়াও চাম যে যাকোবে কেৱল নিজৰ লʼৰাবিলাকৰ বিষয়ে নহয়, তেওঁলোকৰ বংশবিলাকৰ বিষয়েও ভৱিষ্যবাণী কৰিছিল। আগলৈ গৈ এই বংশবোৰৰ পৰাই ইস্ৰায়েল ৰাষ্ট্ৰ হʼল। যদি আমি ইস্ৰায়েল ৰাষ্ট্ৰৰ ইতিহাসলৈ মন কৰোঁ, তেনেহʼলে আমি বুজিব পাৰিম যে যাকোবে কৰা ভৱিষ্যবাণীৰ প্ৰতিটো শব্দ কেনেকৈ পূৰ হʼল। ইয়াৰ পৰা আমি কিছুমান গুৰুত্বপূৰ্ণ কথা শিকিবলৈ পাম আৰু চাম যে আমি নিজৰ পিতৃ যিহোৱাক কেনেকৈ আনন্দিত কৰিব পাৰোঁ।

এখন তালিকাত যাকোবৰ পৰিয়ালৰ লোকসকলৰ নাম দিয়া আছে। তেওঁৰ দুজনী পত্নী আছিল লেয়া আৰু ৰাহেল আৰু দুজনী উপপত্নী আছিল বিল্‌হা আৰু জিল্পা। লেয়াৰ পৰা ৰূবেন, চিমিয়োন, লেবী, যিহূদা, ইচাখৰ, জবূলুন আৰু দীনাৰ জন্ম হʼল। ৰাহেলৰ পৰা যোচেফ আৰু বিন্যামীনৰ জন্ম হʼল। বিল্‌হাৰ পৰা দান আৰু নপ্তালীৰ জন্ম হʼল। জিল্পাৰ পৰা গাদ আৰু আচেৰৰ জন্ম হʼল।

ৰূবেন

৫. ৰূবেনে নিজৰ পিতৃৰ পৰা হয়তো কি পোৱাৰ আশা কৰি আছিল?

৫ যাকোবে প্ৰথমতে ৰূবেনৰ লগত কথা পাতিলে। তেওঁ ৰূবেনক কʼলে “তুমি মোৰ জ্যেষ্ঠ পুত্ৰ।” (আদি. ৪৯:৩) ৰূবেনে জ্যেষ্ঠ পুত্ৰ হোৱাৰ বাবে হয়তো আশা কৰিছিল যে তেওঁ নিজৰ পিতৃৰ সম্পত্তিৰ দুগুণ ভাগ পাব। তেওঁ হয়তো এয়াও ভাবিছিল যে যাকোবৰ মৃত্যুৰ পাছত তেৱেঁ গোটেই পৰিয়ালৰ মুৰব্বী হʼব আৰু পাছলৈ তেওঁৰ সন্তানসকলেও এই সন্মান পাব।

৬. ৰূবেনে জ্যেষ্ঠ পুত্ৰ হোৱাৰ অধিকাৰ কেনেকৈ হেৰুৱালে? (আদিপুস্তক ৪৯:৩, ৪)

৬ ৰূবেনে জ্যেষ্ঠ পুত্ৰৰ অধিকাৰ হেৰুৱালে। (১ বং. ৫:১) কেনেকৈ বাৰু? ৰাহেলে নিজৰ স্বামী যাকোবক তাইৰ দাসী বিল্‌হাক দিছিল যাতে তাই তেওঁৰ পত্নী হʼব পাৰে। কিন্তু ৰূবেনে তাইৰ লগত অনৈতিক শাৰীৰিক সম্পৰ্ক ৰাখিলে আৰু ইয়াৰ বাবে তেওঁ জ্যেষ্ঠ পুত্ৰ হোৱাৰ অধিকাৰ হেৰুৱাই দিলে। (আদি. ৩৫:১৯, ২২) তেওঁ এই বেয়া কাম কিয় কৰিলে? যাকোবে নিজৰ উপপত্নী বিল্‌হাক বেয়া পাই নিজৰ প্ৰথম পত্নী লিয়াক বেছিকৈ প্ৰেম কৰাটো হয়তো ৰূবেনে বিচাৰিছিল, কাৰণ লিয়া তেওঁৰ মা আছিল। অথবা ৰূবেনে হয়তো নিজৰ শাৰীৰিক ইচ্ছা পূৰ কৰিবলৈ বিল্‌হাৰ লগত অনৈতিক শাৰীৰিক সম্পৰ্ক ৰাখিছিল। কাৰণ যিয়ে নহওক কিয় ৰূবেনে যি কৰিলে, তাৰ বাবে যিহোৱা আৰু তেওঁৰ পিতৃ যাকোবৰ বৰ দুখ লাগিল।—আদিপুস্তক ৪৯:৩, ৪ পঢ়ক।

৭. যাকোবে ৰূবেন আৰু তেওঁৰ বংশৰ বিষয়ে যি ভৱিষ্যবাণী কৰিছিল, সেয়া কেনেকৈ পূৰ হʼল? (“যাকোবে মৃত্যুৰ আগতে কৰা ভৱিষ্যবাণী” নামৰ বক্সখনো চাওক।)

৭ যাকোবে ৰূবেনক কʼলে, “তোমাত প্ৰাধান্য নেথাকিব।” ইয়াৰ পৰা জানিব পাৰি যে ৰূবেনে নিজৰ ভাইবিলাকৰ পৰা আগবাঢ়িব নোৱাৰিব। এই কথা সঁচা হʼল। ৰূবেনৰ কোনো বংশই ৰজা, পুৰোহিত বা ভৱিষ্যবক্তা নহʼল। কিন্তু যাকোবে ৰূবেনক এনেই এৰি দিয়া নাছিল। তেওঁ ৰূবেনেক সম্পত্তিৰ ভাগ দিলে। আগলৈ গৈ ৰূবেনৰ বংশৰ পৰা ইস্ৰায়লৰ এটা গোষ্ঠী হʼল। (যিহো. ১২:৬) যদিও ৰূবেনে ভুল কৰিছিল, কিন্তু বহুতো পৰিস্থিতিত তেওঁ ভাল গুণো দেখুৱাইছিল আৰু এনে লাগে যেন তেওঁ আগলৈ গৈ কেতিয়াও কাৰো লগত অনৈতিক শাৰীৰিক সম্পৰ্ক নাৰাখিলে।—আদি. ৩৭:২০-২২; ৪২:৩৭.

যাকোবে মৃত্যুৰ আগতে কৰা ভৱিষ্যবাণী

ৰূবেন।

লʼৰা

ৰূবেন

ভৱিষ্যবাণী

“তোমাত প্ৰাধান্য নেথাকিব।”—আদি. ৪৯:৪.

কেনেকৈ পূৰ হʼল?

ৰূবেনৰ গোষ্ঠীয়ে কেতিয়াও ইস্ৰায়েলৰ নেতৃত্ব লʼবলৈ সুযোগ নাপালে।—১ বং. ৫:১, ২.

৮. ৰূবেনৰ উদাহৰণৰ পৰা আমি কি শিকিব পাৰোঁ?

৮ ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? আমি নিজৰ বেয়া ইচ্ছাবোৰক নিয়ন্ত্ৰণ কৰা উচিত আৰু অনৈতিক শাৰীৰিক সম্পৰ্কৰ পৰা আঁতৰি থাকিম বুলি থিৰাং কৰা উচিত। যদি আমাক প্ৰলোভিত কৰা হয়, তেনেহʼলে আমি অলপ সময় ৰৈ চিন্তা কৰা উচিত যে যদি এইদৰে কৰোঁ, তেনেহʼলে যিহোৱা, পৰিয়ালৰ লোক আৰু আনক কিমান দুখ লাগিব। আমি এয়াও মনত ৰখা উচিত যে “এজন মানুহে যি বয়, তাকেই দাব।” (গালা. ৬:৭) ৰূবেনৰ উদাহৰণৰ পৰা আমি আৰু এটা কথা শিকিব পাৰোঁ। সেয়া হৈছে যিহোৱা দয়ালু ঈশ্বৰ হয়। এয়া সঁচা যে আমি কৰা ভুলৰ পৰিণামৰ পৰা তেওঁ আমাক নবচায়। কিন্তু আমি যদি অনুতাপ কৰোঁ আৰু সঠিক কাম কৰিবলৈ চেষ্টা কৰোঁ, তেনেহʼলে তেওঁ আমাক ক্ষমা কৰে আৰু আশীৰ্বাদ দিয়ে।

চিমিয়োন আৰু লেবী

৯. চিমিয়োন আৰু লেবীৰ পৰা যাকোব কিয় আনন্দিত নাছিল? (আদিপুস্তক ৪৯:৫-৭)

৯ আদিপুস্তক ৪৯:৫-৭ পঢ়ক। ৰূবেনৰ পাছত যাকোবে চিমিয়োন আৰু লেবীৰ লগত কথা পাতে। যাকোবৰ কথাৰ পৰা জানিব পাৰি যে তেওঁ তেওঁলোকৰ পৰা আনন্দিত নাছিল। বহু বছৰৰ আগতে চিখিম নামৰ এজন কনানীয়াই যাকোবৰ ছোৱালী দীনাৰ বলৎকাৰ কৰিছিল। ইয়াৰ বাবে যাকোবৰ গোটেই কেইজন লʼৰাৰ বহুত খং উঠিল। কিন্তু চিমিয়োন আৰু লেবীয়ে নিজৰ খং নিয়ন্ত্ৰণ নকৰিলে। তেওঁলোকে ষড়যন্ত্ৰ কৰিলে। তেওঁলোকে চিখিম আৰু তেওঁৰ লোকসকলক কʼলে যে যদি তেওঁলোকে চুন্নৎ কৰায়, তেনেহʼলে তেওঁলোকৰ আৰু যাকোবৰ পৰিয়ালৰ মাজত শান্তি থাকিব। চিখিম আৰু তেওঁৰ লোকসকলে এই কথাৰ ওপৰত বিশ্বাস কৰিলে আৰু তেওঁলোকে চুন্নৎ কৰালে। পাছত যেতিয়া তেওঁলোকে বিষত আছিল, তেতিয়া চিমিয়োন আৰু লেবীয়ে “তৰোৱাললৈ, ইঠাৎ নগৰ আক্ৰমণ কৰি আটাই পুৰুষক বধ কৰিলে।”—আদিপুস্তক ৩৪:২৫-২৯.

১০. যাকোবে চিমিয়োন আৰু লেবীৰ বিষয়ে যি ভৱিষ্যবাণী কৰিছিল, সেয়া কেনেকৈ পূৰ হʼল? (“যাকোবে মৃত্যুৰ আগতে কৰা ভৱিষ্যবাণী” নামৰ বক্সখনো চাওক।)

১০ তেওঁৰ দুয়োজন লʼৰাই ইমান জন মানুহক হত্যা কৰা দেখি যাকোবৰ বহুত খং উঠিল। যাকোবে কʼলে যে তেওঁলোকক ইস্ৰায়েলত চিন্ন-ভিন্ন কৰি দিয়া হʼব। এই ভৱিষ্যবাণী ২০০ বছৰৰ পাছত পূৰ হʼল। যেতিয়া ইস্ৰায়েল ৰাষ্ট্ৰ প্ৰতিজ্ঞা কৰা দেশত গৈ পাইছিল, তেতিয়া চিমিয়োনৰ গোষ্ঠীক যিহূদাৰ বেলেগ বেলেগ ঠাইত সৰু সৰু এলেকা দিয়া হৈছিল। (যিহো. ১৯:১) লেবীৰ গোষ্ঠীক গোটেই ইস্ৰায়েলত ৪৮ খন নগৰ দিয়া হৈছিল, যি বেলেগ বেলেগ ঠাইত আছিল।—যিহো. ২১:৪১

যাকোবে মৃত্যুৰ আগতে কৰা ভৱিষ্যবাণী

চিমিয়োন।

লʼৰা

চিমিয়োন

ভৱিষ্যবাণী

“মই যাকোবৰ মাজত সিহঁতক ভাগ কৰিম।”—আদি. ৪৯:৭.

কেনেকৈ পূৰ হʼল?

চিমিয়োনৰ গোষ্ঠীক যিহূদাৰ এলেকাত বেলেগ বেলেগ ঠাইত সৰু সৰু এলেকা দিয়া হʼল।—যিহো. ১৯:১-৮.

লেবী।

লʼৰা

লেবী

ভৱিষ্যবাণী

“ইস্ৰায়েলৰ মাজত সিঁহতক ছিন্ন-ভিন্ন কৰিম।”—আদি. ৪৯:৭.

কেনেকৈ পূৰ হʼল?

লেবীৰ গোষ্ঠীক গোটেই ইস্ৰায়েলত ৪৮ খন নগৰ দিয়া হʼল, যি বেলেগ বেলেগ ঠাইত আছিল।—যিহো. ২১:৪১.

১১. চিমিয়োন আৰু লেবীৰ গোষ্ঠীয়ে কি কি ভাল কাম কৰিলে?

১১ চিমিয়োন আৰু লেবীৰ বংশই তেওঁলোকৰ দৰে ভুল কাম কৰা নাছিল। লেবীৰ গোষ্ঠীয়ে সত্য উপাসনাক সহযোগ কৰিছিল। যেতিয়া যিহোৱাই মোচিক নিয়ম দিবলৈ চীনয় পৰ্ব্বতত মাতিছিল, তেতিয়া ইস্ৰায়েলীসকলে দামুৰীৰ উপাসনা কৰিবলৈ ধৰিলে, কিন্তু লেবীসকলে এইদৰে কৰা নাছিল। পাছত যেতিয়া মোচি উভতি আহিলে, তেতিয়া তেওঁ লোকসকলক কʼলে, “যি জন যিহোৱাৰ ফলীয়া, সি মোৰ ওচৰলৈ আহক।” তেতিয়া লেবীসকলে মোচিৰ ওচৰলৈ আহিলে আৰু তেওঁৰ লগত মিলি দামুৰীৰ উপাসনা কৰা লোকসকলক মাৰি পেলালে। (যাত্ৰা. ৩২:২৬-২৯) আগলৈ গৈ যিহোৱাই লেবীৰ গোষ্ঠীক বাছনি কৰিলে আৰু তেওঁলোকক এটা বিশেষ সন্মান দিলে, তেওঁ তেওঁলোকক ইস্ৰায়েলত পুৰোহিত হিচাপে নিযুক্ত কৰিলে। (যাত্ৰা. ৪০:১২-১৫; গণ. ৩:১১, ১২) চিমিয়োনৰ গোষ্ঠীও যিহোৱাৰ উদ্দেশ্যৰ অনুসৰি কাম কৰিলে। তেওঁলোকে প্ৰতিজ্ঞা কৰা দেশৰ পৰা কনানীয়াসকলক খেদিবলৈ যিহূদাৰ গোষ্ঠীক সহযোগ কৰিলে। এইদৰে তেওঁলোকে যিহোৱাৰ নাম মহিমা কৰিলে।—বিচা. ১:৩, ১৭.

১২. চিমিয়োন আৰু লেবীৰ উদাহৰণৰ পৰা আমি কি শিকিব পাৰোঁ?

১২ ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? আমি কেতিয়াও খং কৰি পদক্ষেপ লোৱা উচিত নহয়। যেতিয়া কোনোবাই আমাক বা আমাৰ পৰিয়ালৰ লোক বা বন্ধুৰ লগত বেয়া ব্যৱহাৰ কৰে, তেতিয়া আমাৰ হয়তো খং উঠে। (গীত. ৪:৪) কিন্তু আমি মনত ৰখা উচিত যে যদি আমি খং কৰি সেই ব্যক্তিজনক বেয়াকৈ কওঁ বা তেওঁৰ লগত বেয়া ব্যৱহাৰ কৰোঁ, তেনেহʼলে যিহোৱাক কেতিয়াও ভাল নালাগিব। (যাকো. ১:২০) ভাই-ভনী বা আন লোকসকলে যদি আমাৰ লগত অন্যায় কৰে, তেনেহʼলে আমি সদায় বাইবেলৰ সিদ্ধান্ত পালন কৰা উচিত। তেতিয়া আমি খং কৰি কেতিয়াও এনে কাম নকৰিম যাৰ বাবে আনৰ হানি হʼব পাৰে। (ৰোম. ১২:১৭, ১৯; ১ পিত. ৩:৯) ইয়াৰ উপৰিও আপোনাৰ মা-দেউতাই এনে কাম কৰিব পাৰে যি যিহোৱাই ভাল নাপায়। কিন্তু আপুনি তেওঁলোকৰ দৰে হোৱাৰ প্ৰয়োজন নাই। আপুনি যিয়ে পৰিৱেশত ডাঙৰ-দীঘল নহওক কিয় আপুনি যিহোৱাক আনন্দিত কৰিব পাৰে। তেওঁ আপোনাক সঠিক কাম কৰিবলৈ সহায় কৰিব আৰু পুৰস্কাৰ দিব।

যিহূদা

১৩. যেতিয়া যাকোবে যিহূদাৰ লগত কথা পাতিবলৈ ধৰিলে, তেতিয়া তেওঁ হয়তো কি কি কথাক লৈ চিন্তিত হৈছিল?

১৩ এতিয়া যাকোবে নিজৰ লʼৰা যিহূদাৰ লগত কথা পাতে। এতিয়ালৈকে তেওঁ নিজৰ আন লʼৰাবিলাকক যি যি কৈছিল, সেয়া শুনি যিহূদা হয়তো অলপ চিন্তিত হৈ পৰিছিল। কাৰণ তেৱোঁ কিছুমান ডাঙৰ ভুল কৰিছিল। এনে লাগে যেন চিখিমৰ নগৰ লুট কৰিবলৈ তেওঁ নিজৰ দাদাহঁতক সহায় কৰিছিল। (আদি. ৩৪:২৭) তেওঁ নিজৰ ভাই-ককাইসকলৰ লগত মিলি যোচেফক বেচি দিছিল আৰু ইয়াৰ বিষয়ে নিজৰ দেউতাকক মিছা কথা কৈছিল। (আদি. ৩৭:৩১-৩৩) আগলৈ গৈ তেওঁ নিজৰ বোৱাৰী তামাৰক বেশ্যা বুলি ভাবি তাইৰ লগত অনৈতিক শাৰীৰিক সম্পৰ্ক ৰাখিলে।—আদি. ৩৮:১৫-১৮.

১৪. যাকোবে যিহূদাক কি কʼলে আৰু যিহূদাই কি কি ভাল কাম কৰিছিল? (আদিপুস্তক ৪৯:৮, ৯)

১৪ কিন্তু যিহূদাই ভবাৰ মতে নহʼল। ঈশ্বৰৰ প্ৰেৰণাৰে যাকোবে তেওঁক কেৱল আশীৰ্বাদ দিলে আৰু তেওঁৰ প্ৰসংশা কৰিলে। (আদিপুস্তক ৪৯:৮, ৯ পঢ়ক।) যিহূদাই কি কি ভাল কাম কৰিছিল? তেওঁ নিজৰ বৃদ্ধ দেউতা যাকোবৰ বিষয়ে বহুত চিন্তা কৰিছিল আৰু তেওঁৰ যত্ন লৈছিল। তেওঁ নিজৰ সৰু ভাইটি বিন্যামীনকো বহুত মৰম কৰিছিল আৰু তেওঁৰ বাবে দাস হʼবলৈও সাজু আছিল।—আদি. ৪৪:১৮, ৩০-৩৪.

১৫. যিহূদাই কি কি আশীৰ্বাদ পালে?

১৫ যাকোবে ভৱিষ্যবাণী কৰিছিল যে তেওঁৰ সকলো লʼৰাৰ মাজত যিহূদাই নেতৃত্ব লʼব। কিন্তু এই ভৱিষ্যবাণী পূৰ হʼবলৈ সময় লাগিলেহেঁতেন। প্ৰায় ২০০ বছৰৰ পাছত এই ভৱিষ্যবাণী পূৰ হʼবলৈ ধৰিলে। যেতিয়া ইস্ৰায়েলীসকলে অৰণ্যৰ মাজেদি পাৰ হৈ প্ৰতিজ্ঞা কৰা দেশলৈ গৈ আছিল, তেতিয়া যিহূদাৰ গোষ্ঠী সকলোতকৈ আগত আছিল। (গণ. ১০:১৪) ইয়াৰ বহু বছৰৰ পাছত যেতিয়া কনানীয়াসকলক প্ৰতিজ্ঞা কৰা দেশৰ পৰা খেদিবলগীয়া আছিল, তেতিয়া তেওঁলোকৰ লগত যুদ্ধ কৰিবলৈ যিহোৱাই প্ৰথমতে যিহূদাৰ গোষ্ঠীক পঠিয়াইছিল। (বিচা. ১:১, ২) আগলৈ গৈ দায়ূদেও এই গোষ্ঠীতে জন্ম হʼল আৰু এই গোষ্ঠীৰ তেওঁ প্ৰথম ৰজা আছিল। কিন্তু যাকোবে যি ভৱিষ্যবাণী কৰিছিল, তাৰ কিছুমান কথা আগলৈ পূৰ হʼলহেঁতেন।

১৬. আদিপুস্তক ৪৯:১০ পদত লিখা ভৱিষ্যবাণী কেনেকৈ পূৰ হʼল? (“যাকোবে মৃত্যুৰ আগতে কৰা ভৱিষ্যবাণী” নামৰ বক্সখনো চাওক।)

১৬ যাকোবে কৈছিল যে যিহূদাৰ বংশৰ পৰা এজন ৰজা আহিব, যিজনে সদায় শাসন কৰিব। (আদিপুস্তক ৪৯:১০ পঢ়ক।) সেই ৰজাজন হৈছে যীচু খ্ৰীষ্ট, যাক যাকোবে “চীলো” বুলি কৈছিল। যীচুৰ বিষয়ে এজন স্বৰ্গদূতে এইদৰে কৈছিল, “যিহোৱা ঈশ্বৰে তেওঁৰ পূৰ্বপুৰুষ দায়ূদৰ সিংহাসন তেওঁক দিব।” (লূক ১:৩২, ৩৩) ইয়াৰ উপৰিও বাইবেলত যীচুক ‘যিহূদা গোষ্ঠীৰ সিংহ’ বুলিও কোৱা হৈছে।—প্ৰকা. ৫:৫.

যাকোবে মৃত্যুৰ আগতে কৰা ভৱিষ্যবাণী

যিহূদা।

লʼৰা

যিহূদা

ভৱিষ্যবাণী

“চীলো নাহেমানে, যিহূদাৰ পৰা ৰাজদণ্ড নেযাব।”—আদি. ৪৯:১০.

কেনেকৈ পূৰ হʼল?

যীচু যিহূদাৰ বংশৰ পৰা আছিল আৰু তেওঁ ঈশ্বৰৰ ৰাজ্যৰ ৰজা হʼল।—লূক ১:৩২, ৩৩.

১৭. আনৰ বিষয়ে আমি কেনে দৃষ্টিভংগী ৰখা উচিত, তাৰ বিষয়ে যিহোৱাৰ পৰা কি শিকিব পাৰোঁ?

১৭ ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? যিহূদাই বহুতো ভুল কৰিছিল। তথাপি যিহোৱাই তেওঁক আশীৰ্বাদ দিলে। যিহূদাৰ ভাই-ককাইসকলে হয়তো ভাবিছিল যে যিহোৱাই তেওঁৰ কি গুণ চালে। যি কি নহওক যিহোৱাই তেওঁৰ ভাল গুণবোৰ চালে আৰু ইয়াৰ বাবে তেওঁক আশীৰ্বাদ দিলে। আমি যিহোৱাৰ দৰে কেনেকৈ হʼব পাৰোঁ? যেতিয়া কোনো ভাই বা ভনীয়ে বিশেষ দায়িত্ব পায়, তেতিয়া প্ৰথমতে তেওঁৰ দুৰ্বলতাবোৰ আমাৰ মনলৈ আহে। সেই সময়ত আমি মনত ৰখা উচিত যে যিহোৱাই তেওঁৰ কিবা ভাল গুণলৈ মন কৰিছে আৰু তেওঁ তেওঁৰ পৰা আনন্দিত আছে। যিহোৱাই সদায় নিজৰ সেৱকসকলৰ ভাল গুণবোৰলৈ লক্ষ্য কৰে। আমিও এইদৰে কৰা উচিত।

১৮. আমি যিহূদাৰ বংশক কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?

১৮ যিহূদাৰ উদাহৰণৰ পৰা আমি আৰু এটা কথা শিকিব পাৰোঁ। সেয়া হৈছে আমি ধৈৰ্য্য ধৰা উচিত। যিহোৱাই নিজৰ সকলো প্ৰতিজ্ঞা পূৰ কৰে, কিন্তু নিজৰ সময়ত আৰু নিজৰ উপায়েৰে। যিহোৱাই প্ৰতিজ্ঞা কৰিছিল যে যিহূদাৰ বংশই নেতৃত্ব লʼব। কিন্তু তেওঁলোকে লগে লগে নেতৃত্ব লোৱা নাছিল। তেওঁলোকৰ আগতে আন কিছুমান লোকে নেতৃত্ব লৈছিল, যিসকলক যিহোৱাই বাছনি কৰিছিল। যেনে, লেবীৰ গোষ্ঠীৰ পৰা মোচি, ইফ্ৰয়িম গোষ্ঠীৰ পৰা যিহোচূৱা আৰু বিন্যামীন গোষ্ঠীৰ পৰা ৰজা চৌল। যিহূদাৰ গোষ্ঠীৰ লোকসকলে নেতৃত্ব লোৱা এই লোকসকলক সহযোগ কৰিছিল। আজি যিহোৱাই যিসকল লোকক নেতৃত্ব লʼবলৈ বাছনি কৰিছে, আহক আমিও তেওঁলোকক সম্পূৰ্ণকৈ সহযোগ কৰোঁ।—ইব্ৰী ৬:১২.

১৯. যাকোবৰ ভৱিষ্যবাণীৰ পৰা আমি যিহোৱাৰ বিষয়ে কি শিকিলোঁ?

১৯ যাকোবে মৃত্যুৰ আগতে যি ভৱিষ্যবাণী কৰিছিল, তাৰ পৰা আমি বহুতো কথা শিকিলোঁ। এটা হৈছে “মানুহে যেনেকৈ চায় যিহোৱাই তেনেকৈ নাচায়।” (১ চমূ. ১৬:৭) যিহোৱাই ধৈৰ্য্য ধৰে আৰু ক্ষমা কৰে। এয়া সঁচা যে যিহোৱাই বেয়া কামবোৰক সহ্য নকৰে, কিন্তু তেওঁৰ সেৱকসকলে কেতিয়াও ভুল নকৰিব বুলি আশা নকৰে। গভীৰ পাপ কৰা লোকসকলে যেতিয়া অন্তৰৰ পৰা অনুতাপ কৰে আৰু সঠিক কাম কৰে, তেতিয়া যিহোৱাই তেওঁলোকক ক্ষমা কৰে আৰু তেওঁলোকক আশীৰ্বাদো দিয়ে। যাকোবে নিজৰ বাকী আঠ জন লʼৰাক কি কʼলে, তাৰ বিষয়ে আমি পৰৱৰ্তী লেখত চাম।

আপুনি কেনেকৈ উত্তৰ দিব?

  • যাকোবে ৰূবেনক যি কৈছিল, তাৰ পৰা আমি কি শিকিব পাৰোঁ?

  • যাকোবে চিমিয়োন আৰু লেবীক যি কৈছিল, তাৰ পৰা আমি কি শিকিব পাৰোঁ??

  • যাকোবে যিহূদাক যি কৈছিল, তাৰ পৰা আমি কি শিকিব পাৰোঁ?

গীত নং ১২৪ চিৰকাল বিশ্বাসী হৈ থাকিম

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক