অধ্যয়নৰ লেখ ২৫
গীত নং ৯৬ যিহোৱাৰ পবিত্ৰ কিতাপ—এক অমূল্য উপহাৰ
যাকোবৰ ভৱিষ্যবাণীৰ পৰা আমি কি শিকিব পাৰোঁ—ভাগ ২
“তেওঁলোকৰ মাজৰ প্ৰতিজনকে তেওঁ এনে আশীৰ্বাদ দিলে যাৰ তেওঁলোকে যোগ্য আছিল।”—আদি. ৪৯:২৮, NW.
কি শিকিম?
যাকোবে মৃত্যুৰ আগতে জবূলূন, ইচাখৰ, দান, গাদ, আচেৰ, নপ্তালী, যোচেফ আৰু বিন্যামীনৰ বিষয়ে যি ভৱিষ্যবাণী কৰিছিল, তাৰ পৰা আমি কি শিকিব পাৰোঁ?
১. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?
যাকোবৰ ১২ জন লʼৰাই তেওঁৰ ওচৰত একগোট হৈছে, তেওঁ এজন এজনকৈ তেওঁলোকক আশীৰ্বাদ দি আছে আৰু সকলোৱে মন দি তেওঁৰ কথা শুনি আছে। ইয়াৰ আগৰ লেখত আমি শিকিছিলোঁ যে যাকোবে নিজৰ লʼৰা ৰূবেন, চিমিয়োন, লেবী আৰু যিহূদাক আশীৰ্বাদ দিছিল। তেওঁৰ কথা শুনি সকলো লʼৰাই হয়তো আচৰিত আৰু চিন্তিত হৈছিল। এতিয়া তেওঁলোকে হয়তো ভাবি আছিল যে তেওঁলোকৰ দেউতাই এতিয়া বাকী আঠজন লʼৰাক কি কʼব। এই লেখত আমি আলোচনা কৰিম যে যাকোবে জবূলূন, ইচাখৰ, দান, গাদ, আচেৰ, নপ্তালী, যোচেফ আৰু বিন্যামীনক কি কʼলে আৰু আমি তাৰ পৰা কি শিকিব পাৰোঁ।a
জবূলূন
২. যাকোবে জবূলূনৰ বিষয়ে কি ভৱিষ্যবাণী কৰিছিল আৰু সেয়া কেনেকৈ পূৰ হʼল? (আদিপুস্তক ৪৯:১৩) (বক্সখনো চাওক।)
২ আদিপুস্তক ৪৯:১৩ পঢ়ক। যাকোবৰ কথাৰ পৰা জানিব পাৰি যে জবূলূনৰ গোষ্ঠীয়ে প্ৰতিজ্ঞা কৰা দেশৰ উত্তৰত সমুদ্ৰৰ তীৰত এলেকা পালেহেঁতেন। এই ভৱিষ্যবাণী ২০০ বছৰৰ পাছত পূৰ হʼল। জবূলূনৰ গোষ্ঠীক গালীল সাগৰ আৰু ভুমধ্য সাগৰৰ মাজৰ এলেকা দিয়া হʼল। মোচিয়ে ভৱিষ্যবাণী কৰিছিল যে “হে জবূলূন, তুমি নিজ যাত্ৰাত . . . আনন্দ কৰা।” (দ্বিতী. ৩৩:১৮) এই ভৱিষ্যবাণীৰ অৰ্থ কি আছিল? হয়তো জবূলূনৰ লোকসকলৰ বাবে ব্যৱসায় কৰাটো সহজ হʼলহেঁতেন, কাৰণ তেওঁলোকৰ এলেকা দুখন সমুদ্ৰৰ মাজত আছিল। যি কি নহওক জবূলূনৰ লোকসকলৰ ওচৰত আনন্দত থকাৰ কাৰণ আছিল।
৩. আনন্দিত থাকিবলৈ আমি কি কৰিব পাৰোঁ?
৩ ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? আমি যʼতেই নাথাকোঁ কিয় বা আমাৰ পৰিস্থিতি যিয়েই নহওক কিয়, আমাৰ সকলোৰে ওচৰত আনন্দিত থকাৰ কিবা নহয় কিবা কাৰণ নিশ্চয় আছে। আনন্দিত থাকিবলৈ হʼলে আমাৰ ওচৰত যি আছে, আমি তাতেই সন্তুষ্ট হৈ থকাটো অতি গুৰুত্বপূৰ্ণ। (গীত. ১৬:৬; ২৪:৫) কেতিয়াবা কেতিয়াবা আমাৰ ওচৰত যিবোৰ বস্তু নাই, সেইবোৰৰ বিষয়ে আমি ভাবিবলৈ ধৰোঁ আৰু ইয়াৰ বাবে দুখ কৰোঁ। কিন্তু আমি এইদৰে কৰাৰ পৰিৱৰ্তে আমাৰ ওচৰত যি আছে, তাৰ বিষয়ে ভবা উচিত। এইদৰে কৰিলে আমাৰ পৰিস্থিতি যিয়েই নহওক কিয় আমি আনন্দিত থাকিব পাৰিম।—গালা. ৬:৪.
ইচাখৰ
৪. যাকোবে ইচাখৰৰ বিষয়ে কি ভৱিষ্যবাণী কৰিছিল আৰু সেয়া কেনেকৈ পূৰ হʼল? (আদিপুস্তক ৪৯:১৪, ১৫) (বক্সখনো চাওক।)
৪ আদিপুস্তক ৪৯:১৪, ১৫ পঢ়ক। যাকোবে ইচাখৰৰ বহুত প্ৰশংসা কৰিছিল, কাৰণ তেওঁ পৰিশ্ৰমী আছিল। তেওঁ ইচাখৰক এটা বলৱান গাধৰ লগত তুলনা কৰিছিল, যি গধুৰ বোজা উঠাব পাৰে। যাকোবে এয়াও কৈছিল যে ইচাখৰে উত্তৰাধিকাৰী হিচাপে উত্তম মাটি পাব আৰু ঠিক সেইদৰেই হʼল। ইচাখৰৰ বংশক যৰ্দ্দনৰ কিনাৰত খেতিৰ বাবে ভাল মাটি দিয়া হʼল। (যিহো. ১৯:২২) তেওঁলোকে তাত খেতি কৰিবলৈ নিশ্চয় কঠিন পৰিশ্ৰম কৰিছিল। ইয়াৰ উপৰিও তেওঁলোকে আনক সহায় কৰিবলৈও সদায় সাজু থাকিছিল। (১ ৰাজা. ৪:৭, ১৭) যেনে, এবাৰ যেতিয়া বিচাৰকৰ্তা বাৰাক আৰু ভাববাদিনী দবোৰাই ইস্ৰায়েলীসকলক যুদ্ধ কৰিবলৈ মাতিছিল, তেতিয়া ইচাখৰৰ গোষ্ঠীয়ে তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি গৈছিল। ইয়াৰ উপৰিও তেওঁলোকে আন আন পৰিস্থিতিতো শত্ৰুসকলৰ লগত যুদ্ধ কৰিবলৈ সাজু আছিল।—বিচা. ৫:১৫.
৫. আমি কেনেকৈ ইচাখৰৰ গোষ্ঠীক অনুকৰণ কৰিব পাৰোঁ আৰু কিয়?
৫ ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? ইচাখৰৰ গোষ্ঠীয়ে যি কঠিন পৰিশ্ৰম কৰিছিল, তাৰ বাবে যিহোৱাই তেওঁলোকৰ মূল্যাংকন কৰিছিল। ঠিক সেইদৰে আজি আমিও যিহোৱাৰ সেৱাত যি পৰিশ্ৰম কৰোঁ, তাৰ বাবে যিহোৱাই আমাৰ মূল্যাংকন কৰে। (উপ. ২:২৪) যিসকল প্ৰাচীনে মণ্ডলীৰ যত্ন লয়, তেওঁলোকৰ বিষয়ে চিন্তা কৰক। (১ তীম. ৩:১) তেওঁলোকে সঁচাকৈ কোনো যুদ্ধ নকৰে, কিন্তু ঈশ্বৰৰ ভেড়াবোৰক সুৰক্ষিত কৰি ৰাখিবলৈ তেওঁলোকে কঠিন পৰিশ্ৰম কৰে। (১ কৰি. ৫:১, ৫; যিহূ. ১৭-২৩) তেওঁলোকে ভাষণ আৰু আন ভাগবোৰ তৈয়াৰ কৰিবলৈ কঠিন পৰিশ্ৰম কৰে যাতে ভাই-ভনীসকলক উৎসাহিত কৰিব পাৰে।—১ তীম. ৫:১৭.
দান
৬. দানৰ গোষ্ঠীক কি দায়িত্ব দিয়া হৈছিল? (আদিপুস্তক ৪৯:১৭, ১৮) (বক্সখনো চাওক।)
৬ আদিপুস্তক ৪৯:১৭, ১৮ পঢ়ক। যাকোবে দানৰ তুলনা এনে এটা সাপৰ লগত কৰিছিল, যি ডাঙৰ ডাঙৰ জন্তুবোৰকো ভয় নকৰে। সি যুদ্ধৰ ঘোঁৰা আৰু তাত উঠি থকা মানুহকো আক্ৰমণ কৰিবলৈ সাজু থাকে। ইয়াৰ পৰা জানিব পাৰি যে দানৰ লোকসকল সাহসী হʼলহেঁতেন আৰু ইস্ৰায়েলৰ ডাঙৰ ডাঙৰ শত্ৰুবোৰক সাহসেৰে সন্মুখীন হʼলহেঁতেন। যেতিয়া ইস্ৰায়েলীসকলে প্ৰতিজ্ঞা কৰা দেশলৈ গৈ আছিল, তেতিয়া দানৰ গোষ্ঠীয়ে ‘সকলো গোষ্ঠীক ৰক্ষা কৰিবলৈ সকলোতকৈ শেষত গৈছিল।’ (গণ. ১০:২৫, NW) বেছিভাগ ইস্ৰায়েলীয়ে দেখা পোৱা নাছিল যে দানৰ গোষ্ঠীয়ে তেওঁলোকৰ বাবে কি কি কৰিছে। কিন্তু তেওঁলোকক যি দায়িত্ব দিয়া হৈছিল, সেয়া বহুত গুৰুত্বপূৰ্ণ আছিল।
৭. যিহোৱাৰ সেৱাত আমি যিয়েই কাম নাপাওঁ কিয় আমি কি মনত ৰখা উচিত?
৭ ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? আপুনি কেতিয়াবা এনে কাম কৰিছে নে, যাৰ ওপৰত কোনেও ধ্যান নিদিলে? যেনে, আপুনি ৰাজ্যগৃহ চাফ-চিকূণ কৰিবলৈ বা তাৰ চোৱা-চিতা কৰিবলৈ সহায় কৰিছে নে বা সন্মিলন বা অধিৱেশনত স্বেচ্ছাসেৱক হিচাপে কাম কৰিছে বা আন কিবা দায়িত্ব পূৰ কৰিছে নে? যদি কৰিছে, তেনেহʼলে এয়া ভাল কথা! সদায় মনত ৰাখক যেতিয়া আপুনি যিহোৱাৰ বাবে কিবা কৰে, তেতিয়া তাৰ প্ৰতি যিহোৱাই ধ্যান দিয়ে আৰু তাৰ মূল্যাংকন কৰে। যেতিয়া আপুনি লোকসকলৰ পৰা প্ৰশংসা পাবলৈ নহয়, প্ৰেমৰ কাৰণে যিহোৱাৰ বাবে কিবা কৰে, তেতিয়া যিহোৱা আৰু বেছিকৈ আনন্দিত হয়।—মথি ৬:১-৪.
গাদ
৮. গাদৰ গোষ্ঠীৰ ওপৰত আক্ৰমণ কৰিবলৈ শত্ৰুসকলৰ বাবে কিয় সহজ আছিল? (আদিপুস্তক ৪৯:১৯) (বক্সখনো চাওক।)
৮ আদিপুস্তক ৪৯:১৯ পঢ়ক। যাকোবে ভৱিষ্যবাণী কৰিছিল যে গাদৰ ওপৰত ডকাইতসকলে আক্ৰমণ কৰিব। ইয়াৰ প্ৰায় ২০০ বছৰৰ পাছত গাদৰ গোষ্ঠীক যৰ্দ্দন নদীৰ পূবফালে এলেকা দিয়া হʼল। তেওঁলোকৰ এলেকা য’ত শেষ হৈছিল, তাৰ পৰা শত্ৰুসকলৰ এলেকা আৰম্ভ হৈছিল। সেইবাবে, যিকোনো সময়তে তেওঁলোকৰ ওপৰত শত্ৰুসকলে আক্ৰমণ কৰাৰ ভয় আছিল। তথাপিও তেওঁলোকে সেই এলেকাতে থাকিব বিচাৰিছিল, কাৰণ তাত তেওঁলোকৰ জীৱ-জন্তুৰ বাবে ভাল চৰণীয়া পথাৰ আছিল। (গণ. ৩২:১, ৫) এনে লাগে যেন গাদৰ লোকসকল বহুত সাহসী আছিল। কিন্তু তেওঁলোকে নিজৰ শক্তিতকৈ বেছি যিহোৱাৰ ওপৰত ভৰসা কৰিছিল। তেওঁলোকে জানিছিল যে যিহোৱাই তেওঁলোকক শত্ৰুসকলৰ পৰা বচাব পাৰে আৰু ডকাইতসকলৰ পৰা ৰক্ষা কৰিব পাৰে। ইয়াৰ উপৰিও যেতিয়া আন গোষ্ঠীবিলাকে যৰ্দ্দনৰ পশ্চিমত প্ৰতিজ্ঞা কৰা দেশ অধিকাৰ কৰিবলৈ গৈছিল, তেতিয়া গাদৰ গোষ্ঠীয়ে তেওঁলোকক সহায় কৰিবলৈ নিজৰ সৈনিকসকলক পঠিয়ালে। (গণ. ৩২:১৬-১৯) তেওঁলোকৰ সম্পূৰ্ণ ভৰসা আছিল যে সৈনিকসকলে নথকাৰ সময়ত যিহোৱাই তেওঁলোকৰ পৰিয়ালক ৰক্ষা কৰিব। তেওঁলোকে যিদৰে সাহস দেখুৱালে আৰু যি যি ত্যাগ কৰিলে, তাৰ বাবে যিহোৱাই তেওঁলোকক বহুতো আশীৰ্বাদ দিলে।—যিহো. ২২:১-৪.
৯. যদি যিহোৱাৰ ওপৰত আমাৰ ভৰসা থাকে, তেনেহʼলে আমি কি কৰিম?
৯ ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? যদি আমি সমস্যাৰ সময়তো যিহোৱাৰ সেৱা কৰিব বিচাৰোঁ, তেনেহʼলে আমি তেওঁৰ ওপৰত ভৰসা ৰখাটো অতি গুৰুত্বপূৰ্ণ। (গীত. ৩৭:৩) আজি বহুতো ভাই-ভনীয়ে যিহোৱাৰ ওপৰত ভৰসা কৰে আৰু তেওঁৰ সেৱাত বহুতো ত্যাগ কৰে। যেনে, কিছুমান ভাই-ভনীয়ে সংগঠনৰ নিৰ্মাণ কামত সহায় কৰে, কিছুমানে য’ত প্ৰচাৰকৰ বেছি প্ৰয়োজন সেই ঠাইলৈ গৈ সেৱা কৰে আৰু কিছুমানে আন দায়িত্ববোৰ পালন কৰে। যিহোৱাই তেওঁলোকৰ যত্ন লʼব বুলি তেওঁলোকৰ সম্পূৰ্ণ ভৰসা আছে। সেইবাবে, তেওঁলোকে এই সকলো ত্যাগ কৰে।—গীত. ২৩:১.
আচেৰ
১০. আচেৰৰ গোষ্ঠীয়ে কি কৰাৰ সুযোগ হেৰুৱালে? (আদিপুস্তক ৪৯:২০) (বক্সখনো চাওক।)
১০ আদিপুস্তক ৪৯:২০ পঢ়ক। যাকোবে ভৱিষ্যবাণী কৰিছিল যে আচেৰৰ গোষ্ঠীৰ বহুত ধন-সম্পত্তি হʼব আৰু ঠিক সেইদৰেই হʼল। আচেৰৰ গোষ্ঠীক যি এলেকা দিয়া হৈছিল, সেয়া ইস্ৰায়েলৰ খেতিৰ বাবে আটাইতকৈ ভাল মাটি আছিল। (দ্বিতী. ৩৩:২৪) ইয়াৰ উপৰিও তেওঁলোকৰ এলেকাৰ পশ্চিম সীমাত ভুমধ্য সাগৰ আছিল আৰু তাত চিদোনৰ জাহাজঘাটো আছিল য’ত ফৈনীকিয়াৰ ধনী বেপাৰীসকলে ব্যৱসায় কৰিছিল। কিন্তু আচেৰৰ লোকসকলে এটা কাম নকৰিলে। তেওঁলোকে নিজৰ দেশৰ পৰা কনানীয়াসকলক খেদি নপঠিয়ালে। (বিচা. ১:৩১, ৩২) ইয়াৰ বাবে তেওঁলোকৰ ওপৰত কনানীয়াসকলৰ বেয়া প্ৰভাৱ পৰিল। ইয়াৰ উপৰিও এনে লাগে যেন তেওঁলোকে ধন-সম্পত্তিক ইমানেই প্ৰেম কৰিলে যে সত্য উপাসনাৰ প্ৰতি তেওঁলোকৰ উৎসাহ কমি গৈছিল। যেতিয়া বিচাৰকৰ্ত্তা বাৰাকে কনানীয়াসকলৰ লগত যুদ্ধ কৰিবলৈ সকলো গোষ্ঠীক মাতিছিল, তেতিয়া আচেৰৰ গোষ্ঠীয়ে তেওঁলোকৰ গোষ্ঠীৰ পৰা এজনো মানুহ নপঠিয়ালে। সেইবাবে, যেতিয়া যিহোৱাই “মাগিদ্দোৰ পানীৰ কাষত” নিজৰ লোকসকলক জয়লাভ কৰাইছিল, তেতিয়া আচেৰৰ লোকসকলে সেয়া চোৱাৰ সুযোগ নাপালে। (বিচা. ৫:১৯-২১, IRV) এই জয়লাভৰ পাছত বাৰাক আৰু দবোৰাই ঈশ্বৰৰ প্ৰেৰণাৰে জয়লাভৰ গীত গাইছিল য’ত তেওঁলোকে কৈছিল, “আচেৰে সমুদ্ৰৰ তীৰত বহি থাকিল।” (বিচা. ৫:১৭) চিন্তা কৰকচোন, এয়া শুনি আচেৰৰ লোকসকলে হয়তো কিমান লাজ পাইছিল!
১১. আমি ধন-সম্পত্তিৰ বিষয়ে কিয় সঠিক দৃষ্টিভংগী বজাই ৰখা উচিত?
১১ ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? যদি আমি মনে-প্ৰাণে সেৱা কৰিব বিচাৰোঁ, তেনেহʼলে আমি জগতৰ চিন্তাধাৰাৰ পৰা আঁতৰি থকাটো অতি গুৰুত্বপূৰ্ণ। জগতৰ লোকসকলে ভাবে যে ধন-সম্পত্তি আৰু আৰামদায়ক বস্তুবোৰ গোটোৱাটোৱে সকলো হয় আৰু তেওঁলোকে এইবোৰ গোটোৱাতে ব্যস্ত হৈ থাকে। (হিতো. ১৮:১১) কিন্তু আমি টকা-পইচাৰ বিষয়ে সঠিক দৃষ্টিভংগী ৰাখিবলৈ চেষ্টা কৰোঁ। (উপ. ৭:১২; ইব্ৰী ১৩:৫) আমি নিজৰ সকলো সময় আৰু শক্তি, ধন-সম্পত্তি আৰু বস্তুবোৰ গোটোৱাত নলগাওঁ। কাৰণ আমি মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰিব বিচাৰোঁ আৰু আমি জানোঁ যে তেওঁ অতি সোনকালে আমাক এক ভাল জীৱন দিব যʼত একোৰে অভাৱ নহʼব।—গীত. ৪:৮.
নপ্তালী
১২. যাকোবে নপ্তালীৰ বিষয়ে যি ভৱিষ্যবাণী কৰিছিল, সেয়া কেনেকৈ পূৰ হʼল? (আদিপুস্তক ৪৯:২১) (বক্সখনো চাওক।)
১২ আদিপুস্তক ৪৯:২১ পঢ়ক। যাকোবে নপ্তালী গোষ্ঠীৰ বিষয়ে কৈছিল যে তাৰ কথা “মনোহৰ” হʼব। ইয়াৰ অৰ্থ হয়তো এয়া আছিল যে যীচু পৃথিৱীলৈ আহিলে, তেওঁৰ কথা-বতৰা কেনেকুৱা হʼলহেঁতেন। যীচুৱে কফৰনাহূমত লোকসকলক শিকাবলৈ বহু সময় অতিবাহিত কৰিছিল। সেইবাবে, এই নগৰখনক তেওঁৰ ‘নিজৰ নগৰ’ বুলি কোৱা হৈছে। মন কৰিবলগীয়া কথা যে কফৰনাহূম নপ্তালী গোষ্ঠীৰ এলেকাতে আছিল। (মথি ৪:১৩; ৯:১; যোহ. ৭:৪৬) যিচয়াইও যীচুৰ বিষয়ে ভৱিষ্যবাণী কৰিছিল যে জবূলূন আৰু নপ্তালীৰ লোকসকলে “মহাজ্যোতি” দেখিব। (যিচ. ৯:১, ২) যীচুৱেই ‘সেই সত্যৰ পোহৰ আছিল, যি সকলো ধৰণৰ মানুহক পোহৰ দিলেহেঁতেন।’—যোহ. ১:৯.
১৩. আমি নিজৰ কথাৰে কেনেকৈ যিহোৱাক আনন্দিত কৰিব পাৰোঁ?
১৩ ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? আমি লোকসকলক যি কওঁ আৰু যিদৰে কওঁ, তাৰ প্ৰতি যিহোৱাই ধ্যান দিয়ে। সেইবাবে, যদি আমি আমাৰ কথা “মনোহৰ” হোৱা আৰু তাৰ পৰা যিহোৱাই আনন্দিত হোৱাটো বিচাৰোঁ, তেনেহʼলে আমি কি কৰিব পাৰোঁ? আমি সদায় সঁচা কথা কোৱা উচিত। (গীত. ১৫:১, ২) আমি নিজৰ কথাৰে আনক উৎসাহিত কৰা উচিত। আমি আনৰ দুৰ্বলতাবোৰ বিচাৰি ফুৰাৰ পৰিৱৰ্তে তেওঁলোকৰ ভাল গুণবোৰলৈ ধ্যান দিয়া উচিত আৰু ইয়াৰ বাবে তেওঁলোকৰ প্ৰশংসা কৰা উচিত। (ইফি. ৪:২৯) ইয়াৰ উপৰিও আমি কথা-বতৰা আৰম্ভ কৰাৰ নিজৰ দক্ষতা বঢ়োৱা উচিত যাতে আমি আনক ভালদৰে প্ৰচাৰ কৰিব পাৰোঁ।
যোচেফ
১৪. যাকোবে যোচেফৰ বিষয়ে যি ভৱিষ্যবাণী কৰিছিল, সেয়া কেনেকৈ পূৰ হʼল? (আদিপুস্তক ৪৯:২২, ২৬) (বক্সখনো চাওক।)
১৪ আদিপুস্তক ৪৯:২২, ২৬ পঢ়ক। যাকোবে নিজৰ পুত্ৰ যোচেফক লৈ নিশ্চয় গৌৰৱ অনুভৱ কৰিছিল। কিয়নো যিহোৱাই তেওঁক নিজৰ “ভায়েক-ককায়েকবিলাকৰ পৰা বেলেগে” কৰিছিল। যাকোবে কৈছিল যে “যোচেফ ফলৱান গছৰ ডাল” হয়। ইয়াৰ অৰ্থ কি আছিল? সেই ফলৱান গছ যাকোব আছিল আৰু যোচেফ তাৰ ডাল আছিল। এয়া সঠিকো আছিল, কাৰণ যোচেফ যাকোবৰ মৰমৰ পত্নী ৰাহেলৰ জেষ্ঠপুত্ৰ আছিল। যাকোবে এয়াও কৈছিল যে যোচেফে তেওঁৰ সম্পত্তিৰ দুগুণ ভাগ পাব। (আদি. ৪৮:৫, ৬; ১ বং. ৫:১, ২) চাবলৈ গʼলে এয়া লিয়াৰ জেষ্ঠপুত্ৰ ৰুবেনে পাব লাগিছিল, কিন্তু তেওঁ এই অধিকাৰ হেৰুৱাই পেলাইছিল। যাকোবৰ এই ভৱিষ্যবাণী কেনেকৈ পূৰ হʼল? যোচেফৰ পুত্ৰ ইফ্ৰয়িম আৰু মনচিৰ পৰা ইস্ৰায়েলৰ দুটা গোষ্ঠী হʼল। দুয়োটা গোষ্ঠীয়ে উত্তৰাধিকাৰী হিচাপে নিজৰ নিজৰ এলেকা পালে।—আদি. ৪৯:২৫; যিহো. ১৪:৪.
১৫. যোচেফৰ লগত যেতিয়া অন্যায় হʼল, তেতিয়া তেওঁ কি কৰিলে?
১৫ যাকোবে ভৱিষ্যবাণীত এয়াও কʼলে যে ধনুৰ্দ্ধৰবিলাকে যোচেফলৈ ‘কঁড়িয়াই তাক তাড়না কৰিব’ আৰু মনতে তেওঁৰ বিৰোধে শত্ৰুতা পুহি ৰাখিব। (আদি. ৪৯:২৩) এই ধনুৰ্দ্ধৰবিলাক তেওঁৰ ককায়েকসকল আছিল, যিসকলে তেওঁক ঈৰ্ষা কৰিছিল। তেওঁলোকে যোচেফৰ লগত অন্যায় কৰিছিল আৰু ইয়াৰ বাবে যোচেফে বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হৈছিল। তথাপি তেওঁ নিজৰ ককায়েকসকলৰ প্ৰতি আৰু যিহোৱাৰ প্ৰতি খং পুহি ৰখা নাছিল। ইয়াৰ পৰিৱৰ্তে যিদৰে যাকোবে কৈছিল, “[যোচেফৰ] ধনু লৰচৰ নহʼল, তেওঁৰ হাত মজবুত হৈ থাকিল আৰু বেগেৰে চলি থাকিল।” (আদি. ৪৯:২৪, NW) কঠিন পৰিস্থিতিতো যোচেফে যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে। তেওঁ নিজৰ ককায়েকসকলক কেৱল ক্ষমা কৰিলে এনে নহয়, তেওঁ তেওঁলোকৰ লগত মৰমেৰে ব্যৱহাৰ কৰিলে। (আদি. ৪৭:১১, ১২) জুইৰ নিচিনা পৰীক্ষাবোৰে যোচেফক আৰু ভাল ব্যক্তি কৰি তুলিলে। (গীত. ১০৫:১৭-১৯) ইয়াৰ বাবে যিহোৱাই তেওঁৰ যোগেদি ডাঙৰ ডাঙৰ কাম কৰিলে।
১৬. যেতিয়া আমাৰ ওপৰত সমস্যা আহে, তেতিয়া আমি যোচেফৰ দৰে কি কৰিব পাৰোঁ?
১৬ ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? যেতিয়া সমস্যা আহে, তেতিয়া আমি যিহোৱা আৰু ভাই-ভনীসকলৰ পৰা আঁতৰি থকা উচিত নহয়। আমি মনত ৰখা উচিত যে যেতিয়া আমাৰ ওপৰত সমস্যা আহে, তেতিয়া যিহোৱাই আমাক প্ৰশিক্ষণ দিয়ে। (ইব্ৰী ১২:৭, ফুট.) ইয়াৰ সহায়ত আমি ভাল ভাল গুণবোৰ বঢ়াব পাৰোঁ আৰু এজন ভাল ব্যক্তি হʼব পাৰোঁ। যেনে, আমি দয়ালু হওঁ আৰু ক্ষমা কৰিবলৈ শিকোঁ। (ইব্ৰী ১২:১১) আমি বিশ্বাস ৰখা উচিত যে ধৈৰ্য্য ধৰাৰ বাবে যিহোৱাই যিদৰে যোচেফক পুৰস্কাৰ দিছিল, ঠিক সেইদৰে তেওঁ আমাকো নিশ্চয় পুৰস্কাৰ দিব।
বিন্যামীন
১৭. যাকোবে বিন্যামীনৰ বিষয়ে যি ভৱিষ্যবাণী কৰিছিল, সেয়া কেনেকৈ পূৰ হʼল? (আদিপুস্তক ৪৯:২৭) (বক্সখনো চাওক।)
১৭ আদিপুস্তক ৪৯:২৭ পঢ়ক। যাকোবে বিন্যামীনৰ গোষ্ঠীৰ তুলনা এটা ৰাংকুকুৰৰ লগত কৰিছিল, যি কোনো ভয় নকৰাকৈ শত্ৰুসকলৰ ওপৰত আক্ৰমণ কৰে। (বিচা. ২০:১৫, ১৬; ১ বং. ১২:২) যাকোবে কৈছিল, “ৰাতিপুৱা সি মৃগ ভক্ষণ কৰিব।” ‘ৰাতিপুৱাৰ’ অৰ্থ কি? যেতিয়া ইস্ৰায়েলত ৰজাসকলৰ শাসনৰ সময় আৰম্ভ হʼল, তেতিয়া প্ৰথম ৰজা চৌল বিন্যামীন গোষ্ঠীৰ আছিল। তেওঁ এজন বীৰ যুঁজাৰু আছিল আৰু তেওঁ পলেষ্টীয়াবিলাকৰ লগত বহুবাৰ যুদ্ধ কৰিছিল। (১ চমূ. ৯:১৫-১৭, ২১) যাকোবে বিন্যামীনৰ বিষয়ে এয়াও কৈছিল যে সি “সন্ধ্যা পৰত লুটদ্ৰব্য ভাগ বাঁটি দিব।” ‘সন্ধ্যাৰ’ অৰ্থ কি? যেতিয়া ৰজাসকলৰ শাসনৰ সময় শেষ হʼল আৰু ইস্ৰায়েলীসকল পাৰস্যৰ শাসনৰ অধীনত আছিল, তেতিয়া গোটেই ইস্ৰায়েলী জাতিক শেষ কৰিবলৈ ষড়যন্ত্ৰ কৰা হৈছিল। কিন্তু ৰাণী ইষ্টেৰ আৰু প্ৰধানমন্ত্ৰী মৰ্দখয় যি বিন্যামীন গোষ্ঠীৰ পৰা আছিল, সেই ষড়যন্ত্ৰ বিফল কৰিলে আৰু ইস্ৰায়েলীসকলৰ জীৱন বচালে।—ইষ্টে. ২:৫-৭; ৮:৩; ১০:৩.
১৮. বিন্যামীনৰ লোকসকলৰ দৰে আমি বিশ্বাসী বুলি কেনেকৈ দেখুৱাব পাৰোঁ?
১৮ ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? বিন্যামীনৰ লোকসকলে হয়তো এয়া চাই বহুত আনন্দিত হৈছিল যে তেওঁলোকৰ গোষ্ঠীৰ পৰা ইস্ৰায়েলৰ প্ৰথম ৰজা বাছনি কৰা হৈছিল, যিদৰে যাকোবে ভৱিষ্যবাণী কৰিছিল। কিন্তু যেতিয়া দ্বিতীয় ৰজা দায়ূদক যিহূদাৰ গোষ্ঠীৰ পৰা বাছনি কৰা হৈছিল, তেতিয়াও আগলৈ গৈ বিন্যামীনৰ গোষ্ঠীয়ে তেওঁক সম্পূৰ্ণৰূপে সহযোগ কৰিছিল। (২ চমূ. ৩:১৭-১৯) বহু বছৰৰ পাছত যেতিয়া ইস্ৰায়েলৰ সকলো গোষ্ঠীয়ে যিহূদাৰ গোষ্ঠীৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে, তেতিয়া বিন্যামীনৰ গোষ্ঠীয়ে যিহূদাৰ গোষ্ঠীক সহযোগ কৰিলে। তেওঁলোকে যিহোৱাই বাছনি কৰা ৰজাৰ বিশ্বাসী হৈ থাকিল। (১ ৰাজা. ১১:৩১, ৩২; ১২:১৯, ২১) আহক আমিও বিন্যামীনৰ লোকসকলৰ দৰে সেই ভাইসকলক সম্পূৰ্ণৰূপে সহযোগ কৰোঁ, যিসকলক যিহোৱাই নিজৰ লোকসকলৰ নেতৃত্ব লʼবলৈ বাছনি কৰে।—১ থিচ. ৫:১২.
১৯. যাকোবৰ ভৱিষ্যবাণীৰ পৰা আমি কি শিকিলোঁ?
১৯ যাকোবে মৃত্যুৰ আগতে যি ভৱিষ্যবাণী কৰিছিল, তাৰ পৰা আমি বহুতো কথা শিকিলোঁ। ইয়াৰ বিষয়ে আলোচনা কৰি আমাৰ বিশ্বাস বাঢ়িল যে ঈশ্বৰৰ বাক্যত লিখা আন ভৱিষ্যবাণীবোৰ সেইবোৰ নিশ্চয় পূৰ হʼব। যাকোবে নিজৰ লʼৰাবিলাকক যি কৈছিল, তাৰ পৰা আমি শিকিলোঁ যে যিহোৱাক আনন্দিত কৰিবলৈ আমি কি কৰিব পাৰোঁ।
গীত নং ১৫৮ ‘দেৰি নহ’ব!’
a যাকোবে প্ৰথমতে নিজৰ জেষ্ঠ লʼৰা ৰূবেনক, তাৰ পাছত দ্বিতীয় আৰু তৃতীয় লʼৰা চিমিয়োন আৰু লেবীক আৰু শেষত নিজৰ চতুৰ্থ লʼৰা যিহূদাক আশীৰ্বাদ দিলে। কিন্তু বাকী লʼৰাবোৰক কোন ডাঙৰ আৰু কোন সৰু তাৰ অনুসৰি আশীৰ্বাদ নিদিলে।