অধ্যয়নৰ উপায়
প্ৰতিদিনে বাইবেল পঢ়িবলৈ কি কৰিম?
গোটেই দিনত আমাৰ বহুতো কাম থাকে। এনে পৰিস্থিতিত আপোনাৰ বাবে প্ৰতিদিনে বাইবেল পঢ়িবলৈ কঠিন হয় নে? (যিহো. ১:৮) যদি হয়, তেনেহʼলে তলত দিয়া কোনো এটা পৰামৰ্শ পালন কৰক।
প্ৰতিদিনৰ বাবে এলাৰ্ম লগাওক। আপুনি প্ৰতিদিনে যি সময়ত বাইবেল পঢ়িব বিচাৰে, সেই সময়ৰ বাবে নিজৰ ফোনত এলাৰ্ম লগাওক।
সহজে দেখি পোৱা ঠাইত বাইবেলখন ৰাখক। ছপা কৰা বাইবেলৰ পৰা যদি আপুনি পঢ়ে, তেনেহʼলে সেয়া এনে ঠাইত ৰাখক য’ত আপুনি সহজে দেখা পাব পাৰে।—দ্বিতী. ১১:১৮.
অডিঅʼ ৰেকডিং শুনক। কিছুমান ভাষাত বাইবেলৰ অডিঅʼ ৰেকডিং উপলব্ধ আছে। গতিকে দৈনন্দিন কাম কৰাৰ সময়ত সেয়া শুনক। ভনী তাৰা অগ্ৰগামী সেৱা কৰে আৰু তাইৰ তিনিটা সন্তান আছে। তাই ৰাতি চাকৰি কৰে। তাই কৈছে, “মই ঘৰৰ কাম কৰাৰ সময়ত বাইবেলৰ ৰেকডিং শুনোঁ। এইদৰে মই প্ৰতিদিনে বাইবেল পঢ়িব পাৰোঁ।”
হাৰ নামানিব। হয়তো কোনো এদিন আপুনি যি সময়ত বাইবেল পঢ়িম বুলি ভাবি থৈছে, সেই সময়তে কিবা কাম আহি পৰে। এনে পৰিস্থিতিত টোপনি যোৱাৰ আগতে কিছুমান পদ পঢ়িবলৈ চেষ্টা কৰক। অলপ পঢ়িলেও বহুত লাভ হʼব পাৰে।—১ পিত. ২:২.