ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ৫
  • বাইবেলৰ প্ৰকৃত লেখক কোন?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বাইবেলৰ প্ৰকৃত লেখক কোন?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ৫
তিনিজন বাইবেলৰ লেখক

বাইবেলৰ প্ৰকৃত লেখক কোন?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

বহুতোলোকে কয় যে বাইবেলৰ প্ৰকৃত লেখক কোন হয়, আমি কোনেও নিশ্চিতভাৱে কʼব নোৱাৰোঁ। কিন্তু বাইবেলে ইয়াৰ প্ৰকৃত লেখকৰ বিষয়ে স্পষ্টৰূপে বৰ্ণনা কৰিছে। কিছুমান বাক্যৰ আৰম্ভণি এইদৰে কৰা হৈছে: “নহিমিয়াৰ বাক্য,” “যিচয়াই যিহূদা আৰু যিৰূচালেমৰ বিষয়ে পোৱা দৰ্শন” আৰু “যোৱেলৰ ওচৰলৈ অহা যিহোৱাৰ বাক্য।”—নহিমিয়া ১:১; যিচয়া ১:১; যোৱেল ১:১.

বাইবেলৰ লেখকসকলে স্বীকাৰ কৰিছে যে তেওঁলোকে একমাত্ৰ সত্য ঈশ্বৰ যিহোৱাৰ নামেৰে লিখিছিল আৰু তেওঁৰ দ্বাৰা পৰিচালিত হৈছিল। হীব্ৰু শাস্ত্ৰপদত লিখা ভৱিষ্যতবক্তাসকলে ৩০০ তকৈ বেছি বাৰ এইদৰে উল্লেখ কৰিছে: “যিহোৱাই এই কথা কৈছে।” (আমোচ ১:৩; মীখা ২:৩; নহূম ১:১২) বাইবেলৰ আন কিছুমান লেখকে স্বৰ্গদূতসকলৰ যোগেদি ঈশ্বৰৰ বাৰ্ত্তা লাভ কৰিছিল।—জখৰিয়া ১:৭, ৯.

বাইবেলখন ৪০ জন ব্যক্তিয়ে প্ৰায় ১,৬০০ বছৰত লিখি সম্পূৰ্ণ কৰিছিল। কিছুমান লোকক এখনতকৈ বেছি কিতাপ লিখিবলৈ ব্যৱহাৰ কৰা হৈছিল। বাইবেলখনক ৬৬ খন কিতাপৰ এখন সৰু লাইবেৰী বুলি কʼব পাৰি। ইয়াৰ ৩৯ খন কিতাপ হীব্ৰু শাস্ত্ৰত আছে আৰু বহুতোলোকে ইয়াক পুৰণি নিয়ম বুলি কয়। গ্ৰীক শাস্ত্ৰত ২৭ খন কিতাপ আছে আৰু ইয়াক প্ৰায়ে নতুন নিয়ম বুলি কোৱা হয়।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক