মৃত্যুৰ মুখ দেখাৰ অভিজ্ঞতা—ইয়াৰ অৰ্থ কি নহয়?
পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
মৃত্যুৰ সন্মুখীন হোৱা বহুতোলোকে এইদৰে কোৱা দেখিবলৈ পোৱা যায় যে তেওঁলোকে নিজৰ শৰীৰৰপৰা পৃথক হৈ গৈছে অথবা এক উজ্জ্বল পোহৰ বা এক অতি সুন্দৰ ঠাই দেখিবলৈ পাইছে। ৰি-কালেক্চন্ অফ ডেথ্ নামৰ কিতাপখনে এইদৰে বৰ্ণনা কৰিছে, ‘কিছুমান লোকে আন এক জগতৰ দৃশ্য দেখা পোৱাটো সুভাগ্য বুলি গণ্য কৰে।’ বাইবেলে এনে কোনো অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা নকৰে। কিন্তু বাইবেলৰ সত্যতাই প্ৰমাণ কৰে যে সেয়া মৃত্যুৰ পাছৰ জীৱনৰ কোনো দৰ্শন নহয়।
মৃতসকল অচেতন অৱস্থাত আছে।
পবিত্ৰ শাস্ত্ৰ বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “মৃত লোকবিলাকে একোকেই নাজানে।” (উপদেশক ৯:৫) মৃত্যুৰ পাছত আমি আন এক জগতৰ হৈ নপৰোঁ, কিন্তু আমাৰ অস্তিত্ব নাইকিয়া হৈ পৰে। মৃত্যুৰ পাছত আত্মা জীয়াই থাকে, এই শিক্ষা বাইবেলৰ নহয়। (যিহিষ্কেল ১৮:৪) সেইবাবে, মৃত্যুৰ সন্মুখীন হোৱা অভিজ্ঞতাই স্বৰ্গ, নৰক অথবা আন এক জীৱনৰ কোনো আভাস নহয়।
মৃত্যুৰ পাছৰ জীৱনৰ বিষয়ে লাজাৰে কি কৈছিল?
লাজাৰৰ মৃত্যুৰ বিষয়ে বাইবেলে বিতংভাৱে বৰ্ণনা কৰিছে। মৃত্যুৰ চাৰিদিনৰ পাছত যীচুৱে লাজাৰক পুনৰুত্থান কৰিছিল। (যোহন ১১:৩৮-৪৪) যদি লাজাৰে মৃত্যুৰ পাছত কোনো এক জগতত আনন্দেৰে জীৱন-যাপন কৰি আছিল, তেনেহʼলে যীচুৱে তেওঁক পৃথিৱীত পুনৰ জীৱন দি নিশ্চয় ভাল কাম নকৰিলে। কিন্তু মৃত্যুৰ পাছৰ জীৱনৰ বিষয়ে লাজাৰে কেতিয়াও কোৱা নাছিল আৰু বাইবেলতো ইয়াৰ বিষয়ে উল্লেখ নাই। যদি লাজাৰে বেলেগ এক জীৱন উপভোগ কৰাহেঁতেন, তেনেহʼলে তেওঁ নিশ্চয় সেই অভিজ্ঞতা বৰ্ণনা কৰিলেহেঁতেন। মন কৰিবলগীয়া কথা যে যীচুৱে লাজাৰৰ মৃত্যুক টোপনিৰ লগত তুলনা কৰিছিল। তেওঁ স্পষ্ট কৰিছিল যে লাজাৰৰ মৃত্যু হৈছিল আৰু তেওঁৰ কোনো চেতনা নাছিল।—যোহন ১১:১১-১৪.