পবিত্ৰ আত্মা কি হয়?
পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
পবিত্ৰ আত্মা ঈশ্বৰৰ এক সক্ৰিয় শক্তি আৰু ইয়ে অনবৰতে কাম কৰি থাকে। (মীখা ৩:৮; লূক ১:৩৫) যেতিয়া ঈশ্বৰে নিজৰ উদ্দেশ্য পূৰ কৰিবলৈ পবিত্ৰ আত্মা বা শক্তি কোনো ঠাইলৈ পঠিয়ায়, তেতিয়া তেওঁ নিজৰ শক্তি ব্যৱহাৰ কৰে।—গীতমালা ১০৪:৩০; ১৩৯:৭.
বাইবেলত হীব্ৰু শব্দ ৰোৱাষ্ আৰু গ্ৰীক শব্দ নিওমাৰৰ অনুবাদ “আত্মা” বুলি কৰা হৈছে। ঈশ্বৰৰ সক্ৰিয় শক্তি বা পবিত্ৰ আত্মাৰ বাবে প্ৰায়ে এই শব্দবোৰ ব্যৱহাৰ কৰা হৈছে। (আদিপুস্তক ১:২) কিন্তু কেতিয়াবা কেতিয়াবা বাইবেলত বেলেগ অৰ্থ বুজাবলৈ এই শব্দবোৰ ব্যৱহাৰ কৰা হৈছে। উদাহৰণস্বৰূপে,
নিশ্বাস।—হবক্কুক ২:১৯; প্ৰকাশিত বাক্য ১৩:১৫.
বতাহ।—আদিপুস্তক ৮:১; যোহন ৩:৮.
সকলো প্ৰাণীত জীয়াই থকাৰ শক্তি।—ইয়োব ৩৪:১৪, ১৫.
এজন ব্যক্তিৰ স্বভাৱ বা মনোবৃত্তি।—গণনা পুস্তক ১৪:২৪.
সকলো আত্মিক প্ৰাণী, যʼত ঈশ্বৰ আৰু স্বৰ্গদূতো জড়িত আছে।—১ ৰাজাৱলি ২২:২১; যোহন ৪:২৪.
এইবোৰ আত্মাৰ বেলেগ বেলেগ অৰ্থ আৰু ইয়ে এনে এক বস্তুলৈ ইংগিত দিয়ে, যাক মানুহে দেখা নাপায়। কিন্তু ইয়াৰ প্ৰভাৱ চকুৰে দেখিবলৈ পোৱা যায়। ঠিক সেইদৰে ডাব্লিউ. ই. ৱাইনচে লিখা এন এক্সপজিটেৰি ডিক্সনেৰী অফ নিউ টেষ্টামেন্ট ৱৰ্ডচত উল্লেখ আছে যে ঈশ্বৰৰ শক্তি বা আত্মা “বতাহৰ দৰে অদৃশ্য আৰু ইয়াৰ কোনো শৰীৰ নাই, কিন্তু শক্তিশালী হয়।”
বাইবেলত ঈশ্বৰৰ পবিত্ৰ আত্মাক তেওঁৰ ‘হাত’ বা ‘আঙুলিৰ’ লগত তুলনা কৰা হৈছে। (গীতমালা ৮:৩; ১৯:১; লূক ১১:২০; মথি ১২:২৮ পদৰ লগত তুলনা কৰক।) যেনেকৈ এজন শিল্পকাৰে হাত আৰু আঙুলি ব্যৱহাৰ কৰি যিকোনো বস্তু বনায়, ঠিক সেইদৰে ঈশ্বৰেও নিজৰ শক্তি বা আত্মা ব্যৱহাৰ কৰি বহুতো কাম কৰে। উদাহৰণস্বৰূপে, এই শক্তিৰ যোগেদি:
আকাশ-মণ্ডল নিৰ্মাণ কৰিলে।—গীতমালা ৩৩:৬; যিচয়া ৬৬:১, ২.
বাইবেল লিখালে।—২ পিতৰ ১:২০, ২১.
প্ৰাচীন সময়ৰ ঈশ্বৰৰ সেৱকসকলে আচৰিত কৰ্ম কৰিলে আৰু উদ্যমেৰে প্ৰচাৰ কৰিলে।—লূক ৪:১৮; পাঁচনিৰ কৰ্ম্ম ১:৮; ১ কৰিন্থীয়া ১২:৪-১১.
ঈশ্বৰৰ আজ্ঞা পালন কৰা লোকসকলে ভাল গুণবোৰ বিকশিত কৰে।—গালাতীয়া ৫:২২, ২৩.
পবিত্ৰ আত্মা বা শক্তি কোনো ব্যক্তি নহয়
বাইবেলত ঈশ্বৰৰ শক্তিক ঈশ্বৰৰ ‘হাত,’ ‘আঙুলি’ আৰু ‘নিশ্বাসৰ’ লগত তুলনা কৰা হৈছে। ইয়াৰপৰা বুজিব পাৰি যে পবিত্ৰ আত্মা কোনো ব্যক্তি নহয়। (যাত্ৰাপুস্তক ১৫:৮, ১০) যিদৰে এজন শিল্পকাৰৰ হাতে তেওঁৰ শৰীৰ আৰু মগজুৰ সহায়ত কাম কৰে, ঠিক সেইদৰে পবিত্ৰ আত্মা ঈশ্বৰৰ নিৰ্দেশনা অনুসৰি কাম কৰে। (লূক ১১:১৩) বাইবেলে ঈশ্বৰৰ শক্তিক পানী, বিশ্বাস আৰু জ্ঞানৰ দৰে গুণৰ লগতো তুলনা কৰিছে। এই তুলনাবোৰৰপৰা স্পষ্ট হয় যে পবিত্ৰ আত্মা কোনো ব্যক্তি বা ব্যক্তিৰ গুণো নহয়।—যিচয়া ৪৪:৩; পাঁচনিৰ কৰ্ম্ম ৬:৫; ২ কৰিন্থীয়া ৬:৬.
বাইবেলত যিহোৱা ঈশ্বৰ আৰু তেওঁৰ পুত্ৰ, যীচুৰ নাম উল্লেখ আছে। কিন্তু পবিত্ৰ আত্মাৰ নাম বাইবেলত কʼতো উল্লেখ নাই। (যিচয়া ৪২:৮; লূক ১:৩১) যেতিয়া যীচুৰ এজন শিষ্য স্তিফানক মৃত্যুৰ আগত আচৰিত কৰ্মৰ দ্বাৰা স্বৰ্গৰ দৰ্শন দিয়া হৈছিল, তেতিয়া তেওঁ তিনিজনক নহয়, কিন্তু দুজন লোকক দেখা পাইছিল। বাইবেলে এইদৰে কয়, ‘তেওঁ পবিত্ৰ আত্মাৰে পূৰ হৈ স্বৰ্গৰ ফাললৈ একেথৰে চাই, ঈশ্বৰৰ প্ৰতাপ, আৰু ঈশ্বৰৰ সোঁফালে থিয় হৈ থকা যীচুক দেখিলে।’ (পাঁচনিৰ কৰ্ম্ম ৭:৫৫) সেইসময়ত ঈশ্বৰৰ পবিত্ৰ আত্মা স্তিফানৰ ওপৰত কাম কৰিছিল। সেইবাবে, তেওঁ সেই দৰ্শন দেখা পাইছিল।
পবিত্ৰ আত্মা বা পবিত্ৰ শক্তিৰ বিষয়ে ভুল ধাৰণা
ভুল ধাৰণা: মথি ২৮:১৯, ২০ পদৰ অনুসৰি পবিত্ৰ আত্মা বা পবিত্ৰ শক্তি ত্ৰিয়কৰ ভাগ হয়।
সত্যতা: এই পদত পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ বিষয়ে একেলগে উল্লেখ কৰা হৈছে। সেইবাবে, কিছুমান লোকে দাবী কৰে যে এই পদবোৰত ত্ৰিয়কৰ বিষয়ে কৈছে। কিন্তু এই পদবোৰ ধ্যান দি পঢ়ক। এই পদবোৰে প্ৰমাণ কৰেনে যে তিনিওজন শক্তি, পদ আৰু প্ৰজ্ঞাত সমান হয় আৰু সদায় অস্তিত্বত আছে, সেইবাবে, তিনিওজন মিলি এজন ঈশ্বৰ হৈছে? নহয়।
ভুল ধাৰণা: বাইবেলে পবিত্ৰ আত্মাক এজন ব্যক্তি হিচাপে উল্লেখ কৰে। ইয়ে প্ৰমাণ কৰে যে তেওঁ এজন ব্যক্তি হয়।
সত্যতা: কেতিয়াবা কেতিয়াবা পদবোৰত পবিত্ৰ আত্মাক এজন ব্যক্তি হিচাপে উল্লেখ কৰা হৈছে। উদাহৰণস্বৰূপে, যীচু পবিত্ৰ আত্মাক এজন “সহায়কৰ্ত্তা” (গ্ৰীক শব্দ পাৰাক্লীট ) হিচাপে উল্লেখ কৰিছে, যিয়ে বেলেগ বেলেগ কাম কৰে। যেনে, প্ৰমাণ দিয়ে, পথ দেখুৱায়, কয়, শুনে আৰু মহিমা কৰে। (যোহন ১৬:৭-১৫) কিন্তু ইয়ে প্ৰমাণ নকৰে যে পবিত্ৰ আত্মা এজন ব্যক্তি হয়। বাইবেলত প্ৰজ্ঞা, মৃত্যু আৰু পাপকো ব্যক্তি হিচাপে উল্লেখ কৰিছে। (হিতোপদেশ ১:২০; ৰোমীয়া ৫:১৭, ২১) উদাহৰণস্বৰূপে, প্ৰজ্ঞাৰ বিষয়ে এইদৰে কোৱা হৈছে তেওঁৰ ‘কৰ্ম্ম’ আৰু ‘সন্তান’ আছে। পাপৰ বিষয়ে কোৱা হৈছে যে তেওঁ বিচলিত কৰে, হত্যা কৰে আৰু লোভ দেখুৱায়।—মথি ১১:১৯; লূক ৭:৩৫; ৰোমীয়া ৭:৮, ১১.
ভুল ধাৰণা: পবিত্ৰ আত্মাৰ নামেৰে বাপ্তিষ্মা লোৱা। এই শব্দই প্ৰমাণ কৰে যে তেওঁ এজন ব্যক্তি হয়।
সত্যতা: বাইবেলত কেতিয়াবা কেতিয়াবা ‘নাম’ শব্দটো শক্তি বা অধিকাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে। (দ্বিতীয় বিবৰণ ১৮:৫, ১৯-২২; ইষ্টেৰ ৮:১০) অসমীয়া ভাষাতো লোকসকলে এইদৰে কয়, “ধৰ্মৰ নামত . . . ।” কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে ধৰ্ম এজন ব্যক্তি হয়। ঠিক সেইদৰে, যদি এজন ব্যক্তিয়ে “পবিত্ৰ আত্মাৰ নামেৰে” বাপ্তিষ্মা লয়, তেনেহʼলে ইয়াৰ অৰ্থ হৈছে তেওঁ ঈশ্বৰৰ ইচ্ছা পূৰ কৰিবলৈ পবিত্ৰ আত্মাৰ শক্তি আৰু ভূমিকাক স্বীকাৰ কৰে।—মথি ২৮:১৯.
ভুল ধাৰণা: যীচুৰ পাঁচনি আৰু আৰম্ভণিৰ শিষ্যসকলে বিশ্বাস কৰিছিল যে পবিত্ৰ আত্মা এজন ব্যক্তি হয়।
সত্যতা: এই কথাষাৰ বাইবেল বা আন কোনো ইতিহাসৰ কিতাপত উল্লেখ নাই। এনচাইক্লোপিডিয়া ব্ৰিটেনিকাত এইদৰে লিখা আছে: “৩৮১ খ্ৰীষ্টাব্দত কন্সটনটীনʼপলৰ পৰিষদত এই কথা কোৱা হৈছিল যে . . . পবিত্ৰ আত্মা এক বেলেগ ব্যক্তি হয়।” এই পৰিষদ যীচুৰ বাৰজন শিষ্যৰ, শেষৰ শিষ্যজনৰ মৃত্যুৰ ২৫০ বছৰৰ পাছত গঠন কৰা হৈছিল।