ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwbq প্ৰৱন্ধ ৭৮
  • ঈশ্বৰ অস্তিত্বত আছেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰ অস্তিত্বত আছেনে?
  • পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে
  • মই মোৰ জীৱনত সন্তুষ্টি লাভ কৰা নাই—ধৰ্ম্ম, ঈশ্বৰ অথবা বাইবেলে মোক সহায় কৰিব পাৰিবনে?
    পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
  • সৃষ্টিকৰ্ত্তাই আপোনাৰ জীৱনত অৰ্থ প্ৰদান কৰিব পাৰে
    ১৯৯৯ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে
  • বাইবেল ঈশ্বৰৰ ফালৰপৰা হয়
    বাইবেলে আমাক কি শিকায়?
  • ঈশ্বৰৰ বিষয়ে সত্যতা কি?
    বাইবেলে প্ৰকৃততে কি শিকায়?
আৰু চাওক
পবিত্ৰ শাত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
ijwbq প্ৰৱন্ধ ৭৮
সূৰ্য্যৰ ৰশ্মি ডাৱৰৰ মাজত জিলিকি আছে

ঈশ্বৰ অস্তিত্বত আছেনে?

পবিত্ৰ শাস্ত্ৰ বাইবেলে উত্তৰ দিয়ে

হয়। বাইবেলত প্ৰমাণ আছে যে ঈশ্বৰ অস্তিত্বত আছে। বাইবেলে আমাক চকু মুন্দি যিকোনো ধাৰ্ম্মিক ধাৰণা মানি লʼবলৈ নিশিকায়। ইয়াৰ পৰিৱৰ্তে আমি নিজৰ “জ্ঞানেন্দ্ৰিয়বোৰ” আৰু “মগজুৰ দক্ষতা” ব্যৱহাৰ কৰি ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিবলৈ প্ৰেৰণা জগায়। (ৰোমীয়া ১২:১; ১ যোহন ৫:২০, NW) আহক, বাইবেলত দিয়া কিছুমান প্ৰমাণৰ ওপৰত মন কৰোঁ:

  • বিশ্বব্ৰহ্মাণ্ডত সকলো বস্তু নিজৰ ঠাইত আছে আৰু তাত গ্ৰহ-নক্ষত্ৰবোৰ ইটোৱে সিটোৰ লগত খুন্দা নামাৰে। ইয়াৰ উপৰিও পৃথিৱী আন গ্ৰহবোৰতকৈ বেলেগ, কিয়নো ইয়াত বিভিন্ন প্ৰজাতিৰ প্ৰাণী আছে। এই সকলোবোৰে প্ৰমাণ কৰে যে এজন সৃষ্টিকৰ্তা আছে। বাইবেলত লিখা আছে: “কাৰণ প্ৰত্যেক ঘৰ কোনো জনৰ দ্বাৰাই স্থাপন কৰা হয়, কিন্তু যি জনাই সকলোকে স্থাপন কৰিলে, তেওঁ ঈশ্বৰ।” (ইব্ৰী ৩:৪) যদিও এই যুক্তিটো একেবাৰে সৰল, তথাপি বহুতো শিক্ষিত লোকে বাইবেলৰ এই যুক্তিক প্ৰভাৱশালী বুলি ভাবে।a

  • মানুহ হিচাপে আমাৰ সকলোৰে জীৱনৰ উদ্দেশ্যৰ বিষয়ে জনাটো জন্মগত ইচ্ছা বা ভোক থাকে। কিন্তু এই ভোক আহাৰ খালে নাইকিয়া নহয়। বাইবেলে ইয়াক ঈশ্বৰৰপৰা ‘নিৰ্দেশনা পোৱাৰ ভোক’ বুলি কৈছে। সেইবাবে, ঈশ্বৰৰ বিষয়ে জানিবলৈ আৰু তেওঁৰ উপাসনা কৰিবলৈ আমাৰ জন্মগত ইচ্ছা থাকে। (মথি ৫:৩, NW; প্ৰকাশিত বাক্য ৪:১১) এনেধৰণৰ ভোকে ঈশ্বৰ অস্তিত্বত আছে বুলি প্ৰমাণ কৰাৰ লগতে তেওঁ এজন মৰমিয়াল সৃষ্টিকৰ্তা হয় বুলিও প্ৰমাণ কৰে আৰু তেওঁ আমাক নিৰ্দেশনা দিব বিচাৰে।—মথি ৪:৪.

  • বাইবেলত বহুতো ভৱিষ্যতবাণী বহুবছৰ আগতে উল্লেখ কৰা হৈছিল আৰু যিদৰে লিখা হৈছিল, ঠিক সেইদৰেই পূৰ হৈছিল। যিদৰে ভৱিষ্যতবাণীবোৰ সঠিকভাৱে পূৰ হৈছিল, ইয়ে প্ৰমাণ কৰে যে ইয়াৰ আঁৰত নিশ্চয় কোনোবা এজন আছে, যিজন মানুহতকৈ বহুগুণে শক্তিশালী।—২ পিতৰ ১:২১.

  • মহাকাশৰপৰা পৃথিৱীখনক দেখুৱা হৈছে

    বাইবেলৰ লেখকসকলৰ নিজৰ সময়ত বাস কৰা লোকসকলতকৈ বিজ্ঞানৰ বিষয়ে বেছি জ্ঞান আছিল। উদাহৰণস্বৰূপে, সেইসময়ৰ বহুতোলোকে পৃথিৱীখন কোনো হাতী, গাহৰি বা গৰুৰ ওপৰত আছে বুলি বিশ্বাস কৰিছিল। কিন্তু বাইবেলত উল্লেখ আছে যে ঈশ্বৰে “পৃথিবীক শূন্যত ওলোমাই থয়।” (ইয়োব ২৬:৭) ইয়াৰ উপৰিও, বাইবেলে পৃথিৱীৰ আকাৰৰ বিষয়ে সঠিক তথ্য দিয়ে যে পৃথিৱীখন “তম্বুৰ” দৰে গোলাকাৰ। (যিচয়া ৪০:২২) বহুতোলোকে ভাবে যে বাইবেলৰ লেখকসকলে এই তথ্যবোৰ নিজে লিখা নাই, ইয়াৰ পৰিৱৰ্তে ঈশ্বৰে তেওঁলোকক কʼলে।

  • বাইবেলে বহুতো জটিল প্ৰশ্নৰ উত্তৰ দিয়ে। এনে প্ৰশ্নবোৰৰো উত্তৰ দিয়ে, যাৰ উত্তৰ নাপালে এজন ব্যক্তিয়ে হয়তো ঈশ্বৰ অস্তিত্বত আছে বুলি বিশ্বাস কৰিবলৈ এৰি দিয়ে। উদাহৰণস্বৰূপে, যদি ঈশ্বৰ মৰমিয়াল আৰু সৰ্বশক্তিমান হয়, তেনেহʼলে আজি গোটেই পৃথিৱীত ইমান দুখ-কষ্ট আৰু বেয়া কাৰ্য্যবোৰ কিয় হৈ আছে? বৰ্তমান সময়ত লোকসকলে ধৰ্মৰ নামত ভাল কাম কৰাৰ পৰিৱৰ্তে বেয়া কাম কিয় কৰে?—তীত ১:১৬.

a উদাহৰণস্বৰূপে, জ্যোতিবিদ এলেন চেন্দেজে বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে এইদৰে কৈছিল: “[বিশ্বব্ৰহ্মাণ্ডৰ] সকলো গ্ৰহ-নক্ষত্ৰ শৃংখলাবদ্ধ হৈ আছে আৰু এইবোৰ কোনো খেলিমেলিৰ দ্বাৰা হৈছে বুলি কোৱাটো অসম্ভৱ যেন লাগে। ইয়াৰ আঁৰত নিশ্চয় কোনো নিয়ম বা সিদ্ধান্ত আছে। ঈশ্বৰ মোৰ বাবে এক ৰহস্য। কিন্তু সকলো বস্তু অস্তিত্বত অহাটো এক আচৰিত কৰ্ম। এই আচৰিত কৰ্মক প্ৰমাণ কৰিবলৈ আমাক ঈশ্বৰৰ সহায়ৰ প্ৰয়োজন। কিয়নো, যদি তেওঁ অস্তিত্বত নাই, তেনেহʼলে এই সকলো বস্তু কিয় আছে?”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক