ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwyp প্ৰৱন্ধ ৪৪
  • মুখ সংগম যৌন সম্পৰ্ক হয়নে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মুখ সংগম যৌন সম্পৰ্ক হয়নে?
  • যুৱক-যুৱতীসকলে সোধে
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • আপুনি কি ভাৱে?
  • ইয়াৰ বিষয়ে সত্যতা কি?
  • ই সচাঁকৈ চিন্তাৰ বিষয় নে?
  • কোনোবাই যৌন কাৰ্য্য কৰিবলৈ প্ৰলোভিত কৰিলে মই কি কৰিম?
    কিশোৰ-কিশোৰীসকলে সোধা ১০ টা প্ৰশ্ন
  • যৌন সম্পৰ্কৰ বিষয়ে বাইবেলে কি পৰামৰ্শ দিছে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
যুৱক-যুৱতীসকলে সোধে
ijwyp প্ৰৱন্ধ ৪৪
 এজন কিশোৰ আৰু কিশোৰীৰ ছায়া-চিত্ৰ

যুৱক-যুৱতীসকলৰ প্ৰশ্ন

মুখ সংগম যৌন সম্পৰ্ক হয়নে?

ইউ.এচ. চেন্টাৰচ্‌ ফৰ ডিজিজ কণ্টোল এন্ড প্ৰিভেনচনৰ অনুসৰি ১৫-ৰ পৰা ১৯ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলৰ সাক্ষাৎকাৰ লোৱাৰ পাছত জানিব পৰা গʼল যে তাৰে প্ৰায় আধাবোৰে মুখ সংগম কৰিছিল। অৰেল সেক্স ইচ দা নিউ গুডনাইট কিচ নামৰ কিতাপখনৰ লেখক চাৰলেন আজামে এইদৰে কৈছে “আপুনি যদি মুখ সংগমৰ বিষয়ে কিশোৰ-কিশোৰীসকলৰ লগত কথা পাতে, তেতিয়া তেওঁলোকৰ বাবে এইটো কোনো ডাঙৰ কথা নহয় বুলি কব। কিয়নো তেওঁলোকে ইয়াক যৌন কাৰ্য বুলি নাভাৱে।”

  • আপুনি কি ভাৱে?

  • ইয়াৰ বিষয়ে সত্যতা কি?

  • ই সচাঁকৈ চিন্তাৰ বিষয় নে?

আপুনি কি ভাৱে?

তলত উল্লেখ কৰা প্ৰশ্নবোৰ হয় বা নহয় শব্দত উত্তৰ দিয়ক।

  1. ১.মুখ সংগম কৰাৰ যোগেদি এজনী ছোৱালী গৰ্ভৱতী হʼব পাৰেনে?

    1. ক.হয়

    2. খ.নহয়

  2. ২.মুখ সংগমৰ যোগেদি শাৰীৰিক বেমাৰ হয়নে?

    1. ক.হয়

    2. খ.নহয়

  3. ৩.মুখ সংগম প্ৰকৃততে যৌন কাৰ্যনে?

    1. ক.হয়

    2. খ.নহয়

ইয়াৰ বিষয়ে সত্যতা কি?

আপোনাৰ উত্তৰবোৰ তলত দিয়া উত্তৰবোৰৰ লগত তুলনা কৰক।

  1. ১.মুখ সংগম কৰাৰ যোগেদি এজনী ছোৱালী গৰ্ভৱতী হʼব পাৰেনে?

    উত্তৰ: নহয়। কিয়নো বহুতো লোকে ভাৱে যে মুখ সংগমৰ পৰা কোনো অপকাৰ নহয়।

  2. ২.মুখ সংগমৰ যোগেদি শাৰীৰিক বেমাৰ হয়নে?

    উত্তৰ: হয়। যিজন ব্যক্তিয়ে মুখ সংগমৰ কাৰ্যত লিপ্ত থাকে তেওঁ হেপাটাইটিছ (এ বা বি), যৌনাঙ্গ মাহ, গনৰিয়া, হাৰ্পিছ, এইডছ্‌ আৰু চিফিলিছ বেমাৰত আক্ৰান্ত হয়।

  3. ৩.মুখ সংগম প্ৰকৃততে যৌন কাৰ্যনে?

    উত্তৰ: হয়। কিয়নো ইয়াত মাত্ৰ সাধাৰণ ভাৱে কৰা যৌন সমন্ধয়ে জড়িত নহয়, কিন্তু মুখ সংগমত অপ্ৰকৃতিকৰূপে কৰা যৌন কাৰ্য (পায়ু সংগম) আৰু আনজন ব্যক্তিৰ সৈতে কৰা হস্ত-মৈথুনো সন্মিলিত আছে।

ই সচাঁকৈ চিন্তাৰ বিষয় নে?

মুখ সংগম বিষয়ৰ সৈতে জড়িত থকা কিছুমান শাস্ত্ৰ পদলৈ মনোযোগ দিয়ক।

বাইবেলে কৈছে: “ঈশ্বৰৰ ইচ্ছা এই যে, তোমালোকে . . . ব্যভিচাৰৰ পৰা পৃথকে থাকা।”—১ থিচলনীকীয়া ৪:৩.

যি শব্দৰ অনুবাদ শাস্ত্ৰত “অনৈতিক যৌন সম্পৰ্ক” ৰূপে কৰা হৈছে, ইয়াত বিবাহৰ আগত বা বিবাহৰ পাছত আন ব্যক্তিৰ সৈতে কৰা সকলো ধৰণৰ যৌন অনৈতিকতাবোৰ জড়িত আছে, যিজন নিজৰ বিবাহ-সঙ্গী নহয়। যেনে, যৌন সম্পৰ্ক, মুখ সংগম, পায়ু সংগম আৰু হস্ত-মৈথুন। যিজন ব্যক্তিয়ে যৌন অনৈতিকতাত লিপ্ত থাকে তেওঁ গভীৰ পাপৰ ফল ভুগিবলগীয়া হয় আৰু ঈশ্বৰৰ লগতে তেওঁৰ সমন্ধও শেষ হৈ যায়।—১ পিতৰ ৩:১২.

বাইবেলত কোৱা হৈছে: “যি কোনোৱে ব্যভিচাৰ কৰে, সি নিজৰ শৰীৰৰ বিৰুদ্ধে পাপ কৰে।”—১ কৰিন্থীয়া ৬:১৮.

মুখ সংগমৰ যোগেদি শাৰীৰিক আৰু আধ্যাত্মিক অনিষ্ট হʼব পাৰে। কেৱল এয়ায়ে নহয় মানসিক ৰোগও হব পাৰে। টকিং সেক্স উইথ ইয়ৰ কিডস্‌ নামৰ কিতাপখনত এইদৰে লিখা হৈছে, “অন্য ব্যক্তিৰ লগত অনৈতিক যৌন সমন্ধ ৰখাৰ বাবে বহুত দোষী অনুভৱ হয়। লগতে সেই ব্যক্তিজনে নিজকে কলুষিত হোৱা, আৰু অসুৰক্ষিত অনুভৱ কৰে। যিদৰে এজন ব্যক্তিয়ে যৌনকাৰ্যত লিপ্ত থকাৰ বাবে বহুতো বেয়া অনুভৱৰ সন্মুখীন হবলগীয়া হয়, ঠিক সেইদৰে যিকোনো ধৰণে কৰা যৌন কাৰ্যতো ঠিক সেইদৰেই অনুভৱ হয়।”

বাইবেলে কৈছে: “তোমাৰ উপকাৰৰ অৰ্থে তোমাক শিক্ষা দিওঁতা . . . তোমাৰ ঈশ্বৰ যিহোৱা ময়েই।”—যিচয়া ৪৮:১৭.

ঈশ্বৰে যৌনকাৰ্যৰ বিষয়ে যি সিদ্ধান্ত দিছে তাক পালন কৰিলে সচাঁকৈ লাভৱান হʼব বুলি আপুনি বিশ্বাস কৰেনে? বা সেইবোৰৰ পৰা আপোনাৰ বাধা হʼব বুলি আপুনি ভাৱেনে? এই প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ এটা ব্যস্ত হাইৱেৰ উদাহৰণলৈ মন কৰক। যʼত বহুতো গাড়ী চলাচল কৰিছে, ট্ৰাফিক চিগনেল আৰু গতিৰোধক চিনবোৰ আছে, তেনেহʼলে এই চিগনেল আৰু চিনবোৰ আপোনাক বাধা দিয়াৰ বাবে নে আপোনাৰ সুৰক্ষাৰ বাবে দিয়া হৈছে? যদি আপুনি আৰু অন্য ড্ৰাইভাৰে এইবোৰক অৱহেলা কৰে, তেনেহʼলে কি হʼব?

এজন ড্ৰাইভাৰে ৰাস্তাত থকা চিনক আওকাণ কৰাৰ বাবে ভুল পথত সোমাই গৈছে

ট্ৰেফিক নিয়মবোৰে যদিও আপোনাৰ গতিবিধিক বাধা দিয়ে কিন্তু সেইবোৰে আপোনাৰ জীৱন সুৰক্ষিত কৰে। ঠিক সেইদৰে, ঈশ্বৰৰ নিয়মবোৰে আপোনাক কিছুমান ক্ষেত্ৰত বাধা দিয়ে, কিন্তু সেইবোৰে আপোনাক সুৰক্ষা দিয়ে

ঠিক সেইদৰে ঈশ্বৰৰ মানদণ্ডবোৰো হয়। যদি আমি এইবোৰ উলংঘন কৰোঁ তেনেহʼলে আমি যিহকে বম তাকে দাব লাগিব। (গালাতীয়া ৬:৭) সেক্স স্মাৰ্ট নামৰ কিতাপখনত এইদৰে লিখা আছে, “আপুনি যিমানে নিজৰ বিশ্বাস আৰু নৈতিক মানদণ্ডবোৰক আওকাণ কৰিব, সিমানে আপুনি অনৈতিক কামবোৰত লিপ্ত হʼব আৰু নিজৰ সন্মান হেৰুৱাব। তাৰ বিপৰীতে, যদি আপুনি ঈশ্বৰৰ মানদণ্ডৰ অনুসৰি চলে, আপুনি ভাল নৈতিকতা বজাই ৰাখিব আৰু আপোনাৰ বিবেক শুদ্ধ থাকিব।—১ পিতৰ ৩:১৬.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক