ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwyp প্ৰৱন্ধ ৪৮
  • এই কাপোৰজোৰে মোক শুৱাইছেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এই কাপোৰজোৰে মোক শুৱাইছেনে?
  • যুৱক-যুৱতীসকলে সোধে
  • উপশীৰ্ষক
  • ফেচনৰ বিষয়ে তিনিটা ডাঙৰ ভূল ধাৰণা আছে আৰু ইয়াৰ পৰা আপুনি কেনেকৈ আতঁৰি থাকিব পাৰে
যুৱক-যুৱতীসকলে সোধে
ijwyp প্ৰৱন্ধ ৪৮
কিছুমান কিশোৰ-কিশোৰীয়ে দোকানত কাপোৰ কিনিছে

যুৱক-যুৱতীসকলৰ প্ৰশ্ন

এই কাপোৰজোৰে মোক শুৱাইছেনে?

আপুনি কি পিন্ধে তাৰ প্ৰতি ধ্যান দিয়া কিয় আৱশ্যক? কিয়নো সাজ-পোছাকৰ যোগেদি এজন ব্যক্তিৰ ব্যক্তিত্বৰ বিষয়ে জানিব পাৰি। আপুনি পিন্ধা সাজ-পোছাকৰ যোগেদি আপোনাৰ বিষয়ে কি জানিব পাৰি?

  • ফেচনৰ বিষয়ে তিনিটা ডাঙৰ ভূল ধাৰণা আছে আৰু ইয়াৰ পৰা আপুনি কেনেকৈ আতঁৰি থাকিব পাৰে

  • আপোনাৰ লগৰীয়াবোৰে কি কয়

ফেচনৰ বিষয়ে তিনিটা ডাঙৰ ভূল ধাৰণা আছে আৰু ইয়াৰ পৰা আপুনি কেনেকৈ আতঁৰি থাকিব পাৰে

প্ৰথম ভূল: মিডিয়াত দেখুৱা ফেচনৰ অনুসৰি জীৱন-যাপন কৰা।

তেৰেচা নামৰ এগৰাকী কিশোৰীয়ে এইদৰে কৈছে: “এটা ফেচনক লৈ ইমানবোৰ বিজ্ঞাপন দিয়ে যে সেইবোৰক চাই-চাই কেতিয়াবা-কেতিয়াবা মই সেইবোৰৰ প্ৰতি আকৰ্ষিত হৈ যাওঁ। যেতিয়া এটা বিশেষ সাজ-পোছাক পিন্ধা সেই লোকসকলক বিজ্ঞাপনবোৰত বাৰে-বাৰে দেখুৱা হয়, তেতিয়া তেনে সাজ-পোছাক নিপিন্ধাকৈ থাকিব নোৱাৰোঁ।”

এনে বিজ্ঞাপনবোৰৰ পৰা মাত্ৰ ছোৱালীবোৰে আকৰ্ষিত নহয়। দি এভ্ৰিথিং গাইড টু ৰাইজিং এডʼলেচেন্ট বইচ্‌ (ইংৰাজী) নামৰ কিতাপখনে এইদৰে কৈছে: “ছোৱালীবোৰৰ দৰে লʼৰাবোৰো তেনেধৰণৰ ফেচনবোৰৰ জালত আকৰ্ষিত হয়। ব্যৱসায় জগতত বিজ্ঞাপনবোৰ এনেদৰে প্ৰস্তুত কৰা হয় যাতে সেইবোৰ চাই সৰু-সৰু লʼৰা-ছোৱালীবোৰো আকৰ্ষিত হয়।”

কি কৰিলে ভাল হʼব: বাইবেলত কোৱা হৈছে: “নিৰ্ব্বোধ লোকে সকলো কথা পতিয়ায়; কিন্ত্ত বুদ্ধিমান লোকে নিজ ভৰিৰ খোজ বিবেচনা কৰে।” (হিতোপদেশ ১৪:১৫) যেতিয়া আপুনি কোনো বিজ্ঞাপন চাই, সেই সময়ত এই সিদ্ধান্ত মনত ৰাখি তাৰ প্ৰতি সঠিকৰূপে বিবেচনা কৰক। উদাহৰণস্বৰূপে, যেতিয়া কোনো সাজ-পোছাকৰ বিষয়ে বিজ্ঞাপনে দেখুৱাই যে তেনেধৰণৰ কাপোৰ পিন্ধিলে আপোনাক “হট্‌” বা “চেক্সি” লাগিব, তেনেহʼলে নিজকে সোধক:

  • ‘মোৰ ফেচনৰ পৰা প্ৰকৃততে কোনে লাভৱান হৈছে?’

  • ‘এনেধৰণৰ কাপোৰ পিন্দিলে আনে মোক কি বুলি ভাৱিব?

  • ‘মই বেলেগ ধৰণৰ জীৱন-যাপন কৰোঁনে বা মোৰ পৰিচয়নো কি?’

ফেচনৰ বিষয়ে পৰামৰ্শ: এটা ফেচনৰ বিষয়ে দিয়া বিজ্ঞাপন আৰু আন মিডিয়াবোৰত দিয়া সেই ফেচনৰ বিষয়ে জনোৱা কথাবোৰক সাৱধানে এসপ্তাহৰ বাবে নিৰিক্ষণ কৰক। তেওঁলোকে কেনেধৰণৰ সাজ-পোছাক পিন্ধিবলৈ উৎসাহিত কৰে? এই বিজ্ঞাপনবোৰে চতুৰতাৰে আপোনাক এইটো অনুভৱ কৰাই নে যে আপুনি সেই ফেচনৰ মতে চলাটো অতি আৱশ্যক? কাৰেন নামৰ এগৰাকী কিশোৰীয়ে এইদৰে কয়: “বিজ্ঞাপনে আমাক ভাৱিবলৈ বাধ্য কৰাই যে, আমি যাতে দামী-দামী কাপোৰ পিন্ধোঁ, আনতকৈ ধুনীয়া দেখোঁ আৰু নিজৰ সৌন্দৰ্য্যক লৈ অভিমান কৰোঁ। এই বিজ্ঞাপন বিক্ৰেতাসকলে সহজতে ডেকা যুৱক-যুৱতীসকলক নিজৰ ফান্দত পেলায়।”

দ্বিতীয় ভূল: আনৰ দৰে নতুন ফেচনবোৰ গ্ৰহণ কৰা।

মানুৱেল নামৰ এজন কিশোৰে এইদৰে কয়, “যেতিয়া কোনো এক বিশেষ কাপোৰৰ ষ্টাইল প্ৰচলন হয় তেতিয়া সকলোৱে তেনে ষ্টাইলৰ কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰে। যদি আপুনি তেনেধৰণৰ কাপোৰ নিপিন্ধে, লোকসকলে আপোনাক ইতিকিং কৰিব।” আন্না নামৰ কিশোৰগৰাকীও এই কথাত সন্মত হৈ এইদৰে কৈছে, “লোকসকলে কোনো এটা ষ্টাইলক এইবাবে গ্ৰহণ নকৰে যে তেওঁলোকে ইয়াক বহুত ভাল পাই, কিন্তু তেওঁলোকে যাতে আনৰ পৰা পৃথক নেদেখে এইবাবেহে তেনে কৰে।”

কি কৰিলে ভাল হʼব: বাইবেলত কোৱা হৈছে: “তোমালোকে জগতৰ অনুৰূপ নহবা।” (ৰোমীয়া ১২:২) এই সিদ্ধান্ত মনত ৰাখি, আপুনি কাপোৰৰ বাচঁনি কৰাৰ সময়ত নিজকে সোধক:

  • ‘এই কাপোৰজোৰ কিনিবলৈ মোক কিহে উৎসাহিত কৰিলে?’

  • ‘ব্ৰেণ্ডেড কাপোৰ পিন্ধাটো মোৰ বাবে কিমান আৱশ্যক?’

  • ‘কাপোৰৰ যোগেদি মই আনক নিজৰ ফালে আকৰ্ষিত কৰিব বিচাৰিছোঁ নে?’

ফেচনৰ বিষয়ে পৰামৰ্শ: এই ফেচনটো এতিয়া বহুত প্ৰচলিত (সকলোৱে পিন্ধে) বা এইটো পুৰণি হৈ গʼল (কোনেও নিপিন্ধে)। এইদৰে ভৱাৰ পৰিৱৰ্তে আপুনি এইটো ভাৱক যে তেনেধৰণৰ কাপোৰ পিন্ধিলে এইটো প্ৰমাণিত হʼবনে যে আপোনাৰ কাপোৰ বাচঁনিবোৰ সিদ্ধান্তৰ অনুসৰি সঠিক আৰু আপুনি ইয়াত আনন্দিত। যদি আপুনি নিজৰ সাজ-পোছাকৰ বাচঁনিক লৈ সন্তুষ্ট তেনেহʼলে আপুনি কেতিয়াও চিন্তিত নহʼব যে আনে আপোনাৰ বিষয়ে কি ভাৱে।

তৃতীয় ভূল: ‘যিমানে চেক্সি দেখুৱাও সিমানে ভাল’ বুলি ভৱা।

জেনিফাৰ নামৰ ছোৱালীজনীয়ে এইদৰে কৈছে, “কেতিয়াবা-কেতিয়াবা সচাঁকৈ খুব চুটি আৰু শৰীৰত লাগি থকা কাপোৰবোৰ পিন্ধিবলৈ মন যায়।”

কি কৰিলে ভাল হʼব: বাইবেলত কোৱা হৈছে: “বাহ্যিক ভূষণ তোমালোকৰ নহওক; কিন্তু . . . যি গুপ্ত আন্তৰিক মনুষ্য, সিয়েই তোমালোকৰ ভূষণ হওক।” (১ পিতৰ ৩:৩, ৪) এই সিদ্ধান্ত মনত ৰাখি, প্ৰকৃত সৌন্দৰ্য্য কʼত আছে­—বাহ্যিক সৌন্দৰ্য্য নে গুপ্ত আন্তৰিক গুণবোৰ, তাৰ বিষয়ে চিন্তা কৰক।

ফেচনৰ বিষয়ে পৰামৰ্শ: আপোনাৰ ‘উত্তম অলঙ্কাৰ’ হৈছে নম্ৰতাৰ গুণ। হয়তো এই “নম্ৰতা” শব্দটো সিমান জনাজাত নহয়। কিন্তু ক্ষন্তেক চিন্তা কৰক,

আপুনি এনে এজন ব্যক্তিৰ লগত কথা পাতিছেনে, যিজনে বা যিগৰাকীয়ে মাত্ৰ নিজৰ বিষয়ে কথা কয়? এইটো দুখৰ বিষয় যে তেওঁ হয়তো গমেই নাপাই যে তেওঁৰ এই অভ্যাসৰ বাবে লোকসকলে তেওঁ বা তাইৰ পৰা আতঁৰি থাকিব বিচাৰে।

এজন কিশোৰে নিজে পিন্ধা কাপোৰৰ ফালে আকৰ্ষিক কৰিবলৈ চেষ্টা কৰিছে কিন্তু আনে তাক ঘৃণাৰে চাইছে

যিকোনো কাপোৰ পিন্ধাৰ ‘নিজস্ব মনোভাৱে’ চাৰিওপাশে থকা লোকসকলক আপোনাৰ পৰা আতঁৰাই নিব পাৰে

যেতিয়া আপোনাৰ সাজ-পাৰে অশ্লীলতা দেখুৱাই তেতিয়া আপুনি সেই ব্যক্তিজনৰ দৰে হয় যিজন কেৱল নিজকে জহাই থাকে। আপোনাৰ কাপোৰে যেন কয়, ‘মোৰ ফালে চোৱা।’ আন লোকসকলে ভাৱিব পাৰে যে আপুনি নিজকে লৈ অসুৰক্ষিত অনুভৱ কৰে বা মাত্ৰ নিজৰ বিষয়ে ভাৱি থাকে। তেনেধৰণৰ ফেচনবোৰে আনক নিজৰ প্ৰতি আকৰ্ষণ কৰিবলৈ আপোনাক উৎসাহিত কৰে। লগতে যিকোনো ধৰণৰ কাপোৰ পিন্ধিবলৈও উৎসাহিত কৰে।

ইয়াৰ পৰিৱৰ্তে আপুনি এনেধৰণৰ কাপোৰ পিন্ধক যিয়ে আপোনাৰ শালীনতা প্ৰকাশ পায়। মনিকা নামৰ কিশোৰী ভনীজনীয়ে এইদৰে কয় “শালীন কাপোৰ পিন্ধাৰ অৰ্থ এইটো নহয় যে আপুনি আপোনাৰ আইতাৰ নিচিনা কাপোৰ পিন্ধিব।” ইয়াৰ অৰ্থ এইটো যে আপুনি নিজকে আৰু আপোনাৰ চাৰিওফালে থকা লোকসকলক সন্মান কৰে।

আপোনাৰ বন্ধুসকলে কি কয়

ব্ৰেন্যা

“মই এনে স্কাৰ্ট কিনিছিলোঁ যি মোৰ চাইজতকৈ অকমান ডাঙৰ। ইয়াৰ অৰ্থ এয়া নাছিল যে মই শকত হৈছোঁ, কিন্তু মই নিশ্চিত হব বিচাৰিছিলোঁ যে মই পিন্ধা কাপোৰজোৰ যেন মোৰ গাত লাগি নাথাকে। কিয় বাৰু? মই খীণাইছোঁ বুলি প্ৰায়ে লোকসকলে মোক কৈছিল! সচাঁকৈ, শালীন কাপোৰে সন্মান কঢ়িয়াই আনে।”—ব্ৰেন্যা

কেৰিন

“মই সচাঁকৈ শালীন কাপোৰ পিন্ধি ভাল পাওঁ। এনেধৰণৰ কাপোৰ মোৰ বাবে আৰামদায়ক আৰু মই নিশ্চিতভাৱে যিকোনো ঠাইত যাব পাৰোঁ। মই লোকসকলক গৌৰৱেৰে কব পাৰোঁ যে মই এজন খ্ৰীষ্টান হওঁ আৰু মই এইটো ভাৱি চিন্তিত নহওঁ যে মোৰ কাপোৰে মোৰ বিশ্বাসৰ সৈতে মিল নাখায়।”—কেৰিন

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক