ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • g19 নং ১ পৃষ্ঠা ১২-১৫
  • ঈশ্বৰৰ ৰাজ্যত “প্ৰচুৰ শান্তি থাকিব”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ ৰাজ্যত “প্ৰচুৰ শান্তি থাকিব”
  • সচেতন থাকক!—২০১৯
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ঈশ্বৰৰ ৰাজ্য কেতিয়া আহিব?
  • ঈশ্বৰৰ ৰাজ্যই কেনেকৈ শাসন কৰিব?
  • ঈশ্বৰৰ ৰাজ্যৰ প্ৰজা হʼবলৈ আপুনি কি কৰিব লাগিব?
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    বাইবেলে আমাক কি শিকায়?
  • ঈশ্বৰৰ ৰাজ্যই শাসন কৰে
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    ঈশ্বৰৰপৰা এটা ভাল খবৰ!
আৰু চাওক
সচেতন থাকক!—২০১৯
g19 নং ১ পৃষ্ঠা ১২-১৫
লোকসকলে প্ৰমোদবনত আনন্দ উপভোগ কৰিছে

সমস্যাবোৰৰ স্থায়ী সমাধান

ঈশ্বৰৰ ৰাজ্যত “প্ৰচুৰ শান্তি থাকিব”

ঈশ্বৰৰ ৰাজ্যৰ বাবে আমি বহু সময়ৰ পৰা অপেক্ষা কৰি আছোঁ। এয়া অতি সোনকালে আহিবলগীয়া আছে। বাইবেলত লিখা হৈছে যে যেতিয়া এই ৰাজ্য গোটেই পৃথিৱীত শাসন কৰিব, তেতিয়া চাৰিওফালে শান্তি আৰু একতা হʼব। (গীতমালা ৭২:৭) কিন্তু প্ৰশ্ন হৈছে, এই ৰাজ্য কেতিয়া আহিব? এয়া কেনেকৈ শাসন কৰিব? এই ৰাজ্যৰ প্ৰজা হʼবলৈ আপুনি কি কৰিব লাগিব?

ঈশ্বৰৰ ৰাজ্য কেতিয়া আহিব?

বাইবেলত লিখা আছে যে ঈশ্বৰৰ ৰাজ্য পৃথিৱীলৈ অহাৰ আগতে কিছুমান বিশেষ ঘটনা ঘটিব। দেশবোৰৰ মাজত যুদ্ধ হʼব, ঠায়ে ঠায়ে আকাল, বেমাৰ, ভূমিকম্প আৰু অপৰাধ বাঢ়ি যাব। এই ঘটনাবোৰ এক চিন হয়। যেতিয়া এই সকলো ঘটনাবোৰ একেলগে ঘটিব, তেতিয়া আমি বুজিব পাৰিম যে ঈশ্বৰৰ ৰাজ্য একেবাৰে ওচৰ পালেহি।—মথি ২৪:৩, ৭, ১২; লূক ২১:১১; প্ৰকাশিত বাক্য ৬:২-৮.

এই বিষয়ে বাইবেলত আৰু এটা ভৱিষ্যবাণী লিখা হৈছে, “শেষ-কালত ভয়ঙ্কৰ সময় উপস্থিত হব, ইয়াকে জানিবা। কিয়নো সেই কালত মানুহবিলাকে নিজকে প্ৰীতি কৰোঁতা; ধন-লুভীয়া, দৰ্পী, অহঙ্কাৰী, নিন্দক, পিতৃ-মাতৃক নমনা, উপকাৰ নমনা, অপবিত্ৰ, স্নেহহীন, নিৰ্দ্দয়, অপবাদক, ইন্দ্ৰিয় দমন নকৰা, প্ৰচণ্ড, সাধুক ঘিণাওঁতা, বিশ্বাস-ঘাতক, আপোনমইমত, গপাল, ঈশ্বৰ-প্ৰিয়তকৈ বৰং সুখ-প্ৰিয়” হʼব। (২ তীমথিয় ৩:১-৪) এই বেয়া গুণবোৰ লোকসকলৰ অন্তৰত আগৰে পৰা আছিল, কিন্তু এই গুণবোৰ আগতকৈ বেছি আজি দেখিবলৈ পোৱা গৈছে।

এই ভৱিষ্যবাণীবোৰ ১৯১৪ চনৰ পৰা পূৰ হৈ আছে। বহুতো ইতিহাসবিদ, ৰাজনৈতিক নেতা আৰু লেখকসকলে কৈছে যে ১৯১৪ চনৰ পৰা পৃথিৱীৰ পৰিস্থিতি একেবাৰে সলনি হʼল। ডেনমাৰ্কৰ ইতিহাসবিদ পিটাৰ মুঁকে লিখিছে, “১৯১৪ চনৰ যুদ্ধৰ পিছত পৃথিৱীৰ ইতিহাসে সলনি হʼল। আগতে অলপ হʼলেও পৃথিৱীত শান্তি আৰু সুৰক্ষা আছিল। কিন্তু ইয়াৰ পিছত পৰিস্থিতি আৰু বেয়া হʼল। চাৰিওফালে দুৰ্যোগ, হুলস্থূল, হিংসা আৰু ভয় লগা পৰিৱেশৰ সৃষ্টি হৈছে।”

যিদৰে পোহৰ হোৱাৰ আগতে আন্ধাৰ থাকে, ঠিক সেইদৰে এই বেয়া ঘটনাবোৰে দেখুৱাই যে আনন্দৰ সময় আহি আছে। এই বেয়া ঘটনাবোৰৰ পৰা বুজিব পাৰি যে অতি সোনকালে গোটেই পৃথিৱীত ঈশ্বৰৰ ৰাজ্য স্থাপন হʼব। এয়া সঁচাকৈ এটা ভাল খবৰ। যীচুৱে কৈছিল, “সকলো ৰাষ্ট্ৰই সাক্ষ্য পাবলৈ ৰাজ্যৰ এই শুভবাৰ্তা গোটেই জগতত প্ৰচাৰ কৰা হʼব আৰু ইয়াৰ পাছতহে অন্ত আহিব।”—মথি ২৪:১৪.

যিহোৱাৰ সাক্ষীসকলে লোকসকলক শুভবাৰ্তা জনায়। তেওঁলোকৰ এখন পত্ৰিকাৰ নাম হৈছে প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে। ঈশ্বৰৰ ৰাজ্যই পৃথিৱী আৰু মানৱজাতিৰ বাবে কি কি কৰিব, এই বিষয়ে এই পত্ৰিকাত জনোৱা হয়।

ঈশ্বৰৰ ৰাজ্যই কেনেকৈ শাসন কৰিব?

এই চাৰিটা কথালৈ মন কৰক:

  1. ১. জগতৰ নেতাসকলক ঈশ্বৰৰ ৰাজ্য পৰিচালিত কৰিবলৈ দিয়া নহʼব।

  2. ২. জগতৰ নেতাসকলে নিজে শাসন কৰিবলৈ বিচৰাৰ বাবে ঈশ্বৰৰ ৰাজ্যৰ বিৰোধ কৰিব।​—গীতমালা ২:২-৯.

  3. ৩. গোটেই পৃথিৱীত এখন যুদ্ধ হʼব আৰু এই যুদ্ধত ঈশ্বৰৰ ৰাজ্যই জগতৰ চৰকাৰবোৰক ধ্বংস কৰিব। (দানিয়েল ২:৪৪; প্ৰকাশিত বাক্য ১৯:১৭-২১) এই যুদ্ধক বাইবেলত হৰমাগিদোন বুলি কোৱা হৈছে।​—প্ৰকাশিত বাক্য ১৬:১৪, ১৬.

  4. ৪. যিসকল লোকে ঈশ্বৰৰ ৰাজ্যৰ প্ৰজা হʼব বিচাৰে, তেওঁলোকক হৰমাগিদোনৰ পৰা বচোৱা হʼব। তাৰ পিছত সেই শান্তিৰে ভৰা নতুন পৃথিৱীত লাখ লাখ লোকে জীয়াই থকাৰ সুযোগ পাব। বাইবেলত তেওঁলোকক ‘ডাঙৰ জাক’ বুলি কোৱা হৈছে।​—প্ৰকাশিত বাক্য ৭:৯, ১০, ১৩, ১৪.

    ঈশ্বৰৰ ৰাজ্যত কি কি হʼব?

    যীচুৱে এই পৃথিৱীত থকাৰ সময়ত বহুতোলোকৰ বেমাৰ ভাল কৰিলে আৰু শাৰীৰিকভাৱে দুৰ্বল লোকসকলক সুস্থ কৰিলে। (মথি ৪:২৩) তেওঁ হাজাৰ হাজাৰ লোকসকলক আহাৰ দিছিল আৰু প্ৰাকৃতিক শক্তিবোৰকো নিয়ন্ত্ৰণ কৰিছিল। (মাৰ্ক ৪:৩৭-৪১; ৬:৩৫-৪৪) ঈশ্বৰৰ ৰাজ্যৰ ৰজা হিচাপে তেওঁ এনেধৰণৰ ভাল কামবোৰ কৰিব।

    যীচুৱে তেওঁৰ ওচৰত গোট খোৱা লোকসকলক শিকাই আছে

    যীচুৱে এই পৃথিৱীত থকাৰ সময়ত আৰু এটা গুৰুত্বপূৰ্ণ কাম কৰিলে। তেওঁ লোকসকলক মৰমেৰে আৰু মিলা-প্ৰীতিৰে থাকিবলৈ শিকালে। আজি যি লোকসকলে যীচুৰ শিক্ষাৰ অনুসৰি জীৱন-যাপন কৰে, তেওঁলোকে নিজৰ অন্তৰত ভাল গুণবোৰ বঢ়ায়। সেইবাবে তেওঁলোকে ঈশ্বৰৰ ৰাজ্যত আনন্দেৰে জীয়াই থাকিব পাৰিব। পৃথিৱীৰ কোনো শিক্ষকে লোকসকলক এনেধৰণৰ গুণবোৰ বঢ়াবলৈ উৎসাহিত কৰিব নোৱাৰে। বাইবেলত মথি নামৰ কিতাপখনৰ ৫-৭ অধ্যায়ত যীচুৰ কিছুমান শিক্ষাৰ বিষয়ে লিখা আছে। ইয়াক পাহাৰত দিয়া উপদেশ বুলিও কোৱা হয়। আপুনিও এই অধ্যায়বোৰ পঢ়ি চাব পাৰে। যীচুৱে সৰল শব্দৰে বহুতো প্ৰভাৱশালী শিক্ষা দিলে। এয়া আপোনাৰ হৃদয় স্পৰ্শ কৰিব।

ঈশ্বৰৰ ৰাজ্যৰ প্ৰজা হʼবলৈ আপুনি কি কৰিব লাগিব?

ঈশ্বৰৰ ৰাজ্যৰ প্ৰজা হʼবলৈ প্ৰথমে আপুনি ঈশ্বৰৰ বিষয়ে জানিব লাগিব। যীচুৱে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাৰ সময়ত কৈছিল, “একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন।”—যোহন ১৭:৩.

যেতিয়া লোকসকলে জানিব পাৰে যে যিহোৱা কেনেধৰণৰ ঈশ্বৰ হয়, তেতিয়া তেওঁলোকৰ বিশ্বাস দৃঢ় হয়। তেওঁলোকৰ এই বিশ্বাস প্ৰমাণবোৰৰ ওপৰত আধাৰিত, সেইবাবে তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছে যে ঈশ্বৰৰ ৰাজ্য এক প্ৰকৃত চৰকাৰ। যি অতি সোনকালে আহিব। (ইব্ৰী ১১:১) ইয়াৰ উপৰিও তেওঁলোকে ঈশ্বৰ আৰু লোকসকলক প্ৰেম কৰিবলৈ ধৰে। ঈশ্বৰৰ প্ৰতি প্ৰেম থকাৰ বাবে তেওঁলোকে ঈশ্বৰৰ আজ্ঞা পালন কৰে আৰু লোকসকলৰ প্ৰতি প্ৰেম থকাৰ বাবে তেওঁলোকে আনৰ লগত ভালদৰে ব্যৱহাৰ কৰে। যীচুৱেও এয়ে পৰামৰ্শ দিছিল, “আনে তোমাৰ লগত যিদৰে ব্যৱহাৰ কৰাটো তুমি বিচাৰা, ঠিক সেইদৰে তুমিও আনৰ লগত ব্যৱহাৰ কৰা।” ইয়াক সোণালী নিয়ম বুলি কোৱা হয়।—লূক ৬:৩১.

এজন ভাল পিতৃৰ দৰে আমাৰ সৃষ্টিকৰ্তাই আমাক বহুত প্ৰেম কৰে আৰু আমাৰ ভালৰ বিষয়ে চিন্তা কৰে। তেওঁ আমাক ভাল জীৱন দিব বিচাৰে, যাক বাইবেলত “প্ৰকৃত জীৱন” বুলি কোৱা হৈছে। (১ তীমথিয় ৬:১৯) আজি আমি যি জীৱন জীয়াই আছোঁ, সেয়া “প্ৰকৃত জীৱন” নহয়। লাখ লাখ লোকৰ বাবে জীৱন এক সংঘৰ্ষ হৈ পৰিছে। ঈশ্বৰৰ ৰাজ্যত “প্ৰকৃত জীৱন” কেনেকুৱা হʼব আৰু আমি কেনেধৰণৰ আনন্দ লাভ কৰিম, ইয়াৰ বিষয়ে এক আভাস চাওক।

প্ৰকৃত জীৱনৰ এক আভাস

  • ‘তেওঁৰ কালত [অৰ্থাৎ খ্ৰীষ্টৰ ৰাজত্বত] ধাৰ্ম্মিক জন জক্‌মকাব; আৰু চাৰিওফালে শান্তি হʼব। তেওঁৰ প্ৰজা পৃথিৱীৰ সীমালৈকে থাকিব।’​—গীতমালা ৭২:৭, ৮, ১৩, ১৪.

  • ‘ঈশ্বৰে পৃথিৱীৰ অন্তলৈকে যুদ্ধ শেষ কৰিব, ধনু ভাঙিব, বৰছা ডোখৰ ডোখৰ কৰিব আৰু ৰথবোৰ জুইত পোৰিব।’​—গীতমালা ৪৬:৯.

  • “পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হব।”​—গীতমালা ৭২:১৬.

  • “লোকবিলাকে ঘৰ সাজি তাৰ ভিতৰত বাস কৰিব, আৰু দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিব। অন্যে বাস কৰিবলৈ তেওঁবিলাকে ঘৰ নাসাজিব, অন্যে ভোগ কৰিবলৈ তেওঁবিলাকে বাৰী নাপাতিব . . . মোৰ মনোনীত লোকবিলাকে নিজ নিজ হাতেৰে কৰা কাৰ্য্যৰ ফল বহুকাললৈকে ভোগ কৰিব।”​—যিচয়া ৬৫:২১, ২২.

  • ‘ঈশ্বৰে লোকসকলৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব।’​—প্ৰকাশিত বাক্য ২১:৩, ৪.

লোকসকলে প্ৰমোদবনত আনন্দ উপভোগ কৰিছে

ঈশ্বৰৰ ৰাজ্যত লোকসকলে সুৰক্ষিত থাকিব আৰু খোৱা-বোৱাৰ কোনো অভাৱ নহʼব

মূল বিষয়

যেতিয়া লোকসকলে যীচুৰ শিক্ষা পালন কৰে, তেতিয়া ভাল কাম কৰাৰ তেওঁলোকৰ ইচ্ছা মজবুত হয়। যেতিয়া যীচুৱে গোটেই পৃথিৱীত শাসন কৰিব, তেতিয়া এনেধৰণৰ লোকসকলে তেওঁৰ প্ৰজা হʼব আৰু মিলা-প্ৰীতিৰে থাকিব

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক