ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ১৫
  • লোটৰ পত্নী

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • লোটৰ পত্নী
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • লোটৰ পত্নীক মনত ৰাখা
    বাইবেলৰ পৰা শিকোঁ আহা
  • ঈশ্বৰে অব্ৰাহামৰ লগত এক নিয়ম স্থাপন কৰিলে
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
  • লোটৰ তিৰোতাক সোঁৱৰা
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
বাইবেলৰ কাহিনী
my কাহিনী ১৫
লোটৰ পয়ে চদোম নগৰৰপৰা ওলাই যোৱাৰ পাছত, ঘূৰি চালে আৰু লোণৰ তভ হৈ পৰিল

কাহিনী ১৫

লোটৰ পত্নী

লোট আৰু তেওঁৰ পৰিয়াল অব্ৰাহামৰ লগত কনান দেশত একেলগে বাস কৰিছিল। এদিনাখন অব্ৰাহামে লোটক কʼলে: ‘আমাৰ জীৱ-জন্তুবোৰৰ সংখ্যা বঢ়াৰ বাবে ঠাইৰ নাটনি হৈছে। গতিকে আমি বেলেগে থকা উচিত হʼব। যদি তুমি সোঁহাতে যোৱা, তেনেহʼলে মই বাওঁহাতে যাম।’

লোটে চাৰিওফালে চকু ফুৰালে। পানী আৰু ঘাঁহেৰে ভৰা এক সুন্দৰ ঠাইলৈ লোটৰ চকু পৰিল। যৰ্দ্দন নদীৰ পাৰৰ এই ঠাইখন, লোটৰ জীৱ-জন্তুৰ বাবে উপযুক্ত হʼব। লোটে নিজৰ পৰিয়াল আৰু জীৱ-জন্তুৰ সৈতে সেই ঠাইত থাকিবলৈ লʼলে। লাহে লাহে লোট আৰু তেওঁৰ পৰিয়ালৰ লোকসকলে চদোম নগৰত নিজৰ বাসস্থান গঢ়ি তুলিলে।

চদোমৰ লোকসকলে বেয়া কামবোৰত লিপ্ত আছিল। কিন্তু লোট এজন ভাল মানুহ আছিল। সেইবাবে চদোমত হৈ থকা বেয়া কাৰ্য্যবোৰৰ বাবে তেওঁক বেজাৰ লাগিছিল। আনকি ঈশ্বৰেও তেওঁলোকৰ কাৰ্য্যবোৰত সুখী নাছিল। চদোম আৰু ইয়াৰ ওচৰৰ নগৰ ঘমোৰাত হৈ থকা বেয়া কাৰ্য্যবোৰৰ বাবে, ঈশ্বৰে এই দুয়োখন নগৰক ধ্বংস কৰিবলৈ থিৰাং কৰিলে। এই ধ্বংসৰ বিষয়ে লোটক জনাবলৈ ঈশ্বৰে দুজন স্বৰ্গদূতক তেওঁৰ ওচৰলৈ পঠালে।

স্বৰ্গদূতকেইজনে লোটক কʼলে: ‘তোমাৰ পত্নী আৰু ছোৱালী দুজনীক লগত লৈ ইয়াৰপৰা ওলোৱা।’ লোট আৰু তেওঁৰ পৰিয়ালৰ লোকসকলে পলম কৰাৰ বাবে, স্বৰ্গদূতকেইজনে তেওঁলোকৰ হাতত ধৰি নগৰৰ বাহিৰ কৰিলে। তাৰ পাছত ইয়াৰে এজন স্বৰ্গদূতে কʼলে: ‘প্ৰাণ ৰক্ষাৰ অৰ্থে পলোৱা। পিছলৈ ঘূৰি নাচাবা। বিনাশৰপৰা বাচিবলৈ পৰ্ব্বতটোলৈ পলাই যোৱা।’

লোট আৰু তেওঁৰ ছাৱালীকেইজনীয়ে চদোমৰপৰা ওলাই আহোঁতে দৃঢ়তাৰে আগলৈ চাইছ

লোট আৰু তেওঁৰ ছোৱালীকেইজনীয়ে আজ্ঞা পালন কৰি চদোমৰপৰা বাহিৰ হʼল। খন্তেকৰ বাবেও তেওঁলোক নৰʼল আৰু পিছলৈ ঘূৰি নাচালে। কিন্তু লোটৰ পত্নীয়ে এই আজ্ঞা পালন নকৰিলে। চদোমৰপৰা কিছুদূৰ যোৱাৰ পাছত তাই ৰʼল আৰু পিছলৈ ঘূৰি চালে। লগে লগে লোটৰ পত্নী, লোণৰ স্তস্ভ হৈ পৰিল। ছবিখনত লোণৰ স্তস্ভটো দেখিবলৈ পাইছানে?

ইয়াৰপৰা আমি এক ভাল কথা শিকিব পাৰোঁ। যি লোকসকলে ঈশ্বৰৰ আজ্ঞা পালন কৰিব তেওঁলোকৰ উদ্ধাৰ আছে, কিন্তু যিসকলে তেওঁৰ বাক্য পালন নকৰিব, তেওঁলোকে নিজৰ জীৱন হেৰুৱাব।

আদিপুস্তক ১৩:৫-১৩; ১৮:২০-৩৩; ১৯:১-২৯; লূক ১৭:২৮-৩২; ২ পিতৰ ২:৬-৮.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক