পাঠ ১০
লোটৰ পত্নীক মনত ৰাখা
লোটে নিজৰ খুৰা অব্ৰাহামৰ লগত কনান দেশত থাকিছিল। কিছু সময়ৰ পাছত অব্ৰাহাম আৰু লোটৰ বহুত জীৱ-জন্তু হʼল, যাৰ বাবে তেওঁলোকৰ ওচৰত ঠাই কম হʼল। সেইবাবে অব্ৰাহামে লোটক কʼলে, ‘এতিয়া আমি সকলোৱে একে ঠাইতে থাকিব নোৱাৰোঁ। সেইবাবে, তুমি বাছনি কৰা যে তুমি কʼত যাব বিচাৰা আৰু মই আন ঠাইলৈ যাম।’ দেখিলা নে অব্ৰাহামে নিজৰ লাভৰ বিষয়ে চিন্তা নকৰি, আনৰ বিষয়ে চিন্তা কৰিলে!
লোটে দেখিলে যে চদোম নামৰ চহৰৰ ওচৰৰ মাটি বহুত ভাল। তাত বহুতো পানী আৰু বহুতো সেউজীয়া ঘাঁহ-বন আছে। সেইবাবে, তেওঁ সেই ঠাই বাছনি কৰিলে আৰু নিজৰ পৰিয়ালক লৈ তাত থাকিবলৈ ধৰিলে। পাছলৈ তেওঁলোকে চদোমৰ ভিতৰত থাকিবলৈ ধৰিলে।
চদোম আৰু তাৰ ওচৰৰ চহৰ ঘমোৰাৰ লোকসকল বহুত বেয়া আছিল। তেওঁলোক ইমানেই বেয়া আছিল যে যিহোৱাই সেই চহৰবোৰক ধ্বংস কৰিবলৈ নিৰ্ণয় লʼলে। কিন্তু তেওঁ লোট আৰু তেওঁৰ পৰিয়ালক বচাব বিচাৰিছিল। সেইবাবে, তেওঁ নিজৰ দুজন স্বৰ্গদূতক পঠিয়ালে। তেওঁলোকে লোট আৰু তেওঁৰ পৰিয়ালক কʼলে, ‘তোমালোকে সোনকালে এই চহৰৰ পৰা ওলাই যোৱা! যিহোৱাই ইয়াক ধ্বংস কৰিব।’
লোটে চহৰখন এৰিবলৈ দেৰি কৰি আছিল। সেইবাবে, স্বৰ্গদূতবিলাকে লোট, তেওঁৰ পত্নী আৰু তেওঁৰ দুজনী ছোৱালীৰ হাতত ধৰি তেওঁলোকক লগে লগে চহৰৰ পৰা বাহিৰলৈ লৈ গʼল। তেওঁলোকে কʼলে, ‘নিজৰ জীৱন বচাই ইয়াৰ পৰা পলোৱা! পিছফালে ঘূৰি নাচাবা, নহʼলে তোমালোকে মৰি যাবা।’
যেতিয়া তেওঁলোকে চোৱৰ চহৰ পালে, তেতিয়া যিহোৱাই চদোম আৰু ঘমোৰাত জুই আৰু গন্ধক পেলালে। দুয়োখন চহৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গʼল। লোটৰ পত্নীয়ে যিহোৱাৰ কথা নুশুনিলে, তেওঁ পিছফালে ঘূৰি চালে আৰু তেওঁ নিমখৰ স্তম্ভ হৈ গʼল! কিন্তু লোট আৰু তেওঁৰ ছোৱালী কেইজনীৰ একো নহʼল, কিয়নো তেওঁলোকে যিহোৱাৰ কথা শুনিলে। লোটৰ পত্নীয়ে ঈশ্বৰৰ কথা নুশুনাৰ কাৰণে তেওঁলোকৰ হয়তো বহুত দুখ লাগিল। কিন্তু তেওঁলোকে এই কথাৰ কাৰণে আনন্দত আছিল যে তেওঁলোকে যিহোৱাৰ কথা শুনিলে।
“লোটৰ পত্নীক মনত ৰাখা।”—লূক ১৭:৩২