ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 আগষ্ট পৃষ্ঠা ৩
  • লোটৰ তিৰোতাক সোঁৱৰা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • লোটৰ তিৰোতাক সোঁৱৰা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • লোটৰ পত্নীক মনত ৰাখা
    বাইবেলৰ পৰা শিকোঁ আহা
  • লোটৰ পত্নী
    বাইবেলৰ কাহিনী
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 আগষ্ট পৃষ্ঠা ৩
চদোম নগৰলৈ লোটৰ তিৰোতাই উভতি চায় আৰু লোণৰ তভ হৈ পৰে

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

লোটৰ তিৰোতাক সোঁৱৰা

চদোম নগৰ ত্যাগ কৰাৰ পাছত লোটৰ পত্নীয়ে কিয় উভতি চাইছিল? বাইবেলত ইয়াৰ উত্তৰ পোৱা নাযায়। (আদি ১৯:১৭, ২৬) যীচুৱে যি প্ৰসঙ্গত লোটৰ পত্নীৰ বিষয়ে বৰ্ণনা কৰিছিল, তাৰপৰা বুজিব পাৰি যে তাই হয়তো এৰি অহা বস্তুবোৰৰ বাবে হাবিয়াস কৰিছিল। (লূক ১৭:৩১, ৩২) লোটৰ পত্নীয়ে ঈশ্বৰৰ অনুগ্ৰহ হেৰুৱায়। যদি আমি ঈশ্বৰৰ অনুগ্ৰহ লাভ কৰিব বিচাৰোঁ, তেনেহʼলে আমি কি কাৰ্য্য কৰাৰপৰা বিৰত থকা উচিত? আমি লাহ-বিলাহৰ বস্তুবোৰ আমাৰ জীৱনত প্ৰথম স্থান দিয়া উচিত নহʼব। (মথি ৬:৩৩) যীচুৱে শিক্ষা দিছিল যে আমি “ঈশ্বৰ আৰু ধন, এই উভয়তে খাটিব” নোৱাৰোঁ। (মথি ৬:২৪) কিন্তু, যদি আমি লক্ষ্য কৰোঁ যে ভৌতিক বস্তুবোৰে আমাৰ মূল্যৱান সময় কাঢ়ি লৈছে আৰু আধ্যাত্মিক কাম-কাজৰ বাবে সময় নাইকিয়া হৈছে, তেনেহʼলেনো কি? আমি কʼত সাল-সলনি কৰাৰ প্ৰয়োজন আছে, তাক ভালদৰে জানিবলৈ আমি যিহোৱালৈ বিচাৰ শক্তিৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ। লগতে, সাল-সলনি কৰাৰ বাবে সাহস আৰু শক্তিৰ বাবেও প্ৰাৰ্থনা কৰিব পাৰোঁ।

লোটৰ তিৰোতাক সোঁৱৰা নামৰ তিনি ভাগৰ ভিডিঅʼখন মনত পেলাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • কৰ্মক্ষেত্ৰত আনা; গ্লৰীয়া নিজৰ মোমাইকৰ সৈতে; বাইন আৰু গ্লৰীয়া একেলগে পাৰ্থনা কৰিছ

    কাৰ্য্যৰ যোগেদি মই কেনেকৈ দেখুৱাম যে মই “লোটৰ তিৰোতাক” সোঁৱৰণ কৰিছোঁ?

    বেছিকৈ ধন উপাৰ্জন কৰিবলৈ অহা চাপে গ্লৰীয়াৰ চিন্তা-ভাৱনা, কথা-বতৰা আৰু কাৰ্য্যত কেনেকৈ প্ৰভাৱিত কৰে?

  • বৰ্তমান সময়ত লোটৰ তিৰোতা আমাৰ বাবে কিয় এক উদাহৰণ হʼব পাৰে?

  • নিজৰ জীৱনত বাইবেলৰ সিদ্ধান্ত পালন কৰাৰ বাবে জ’ আৰু তেওঁৰ পৰিয়ালে কেনেকৈ লাভৱান হয়?

  • কাম কৰা ঠাইত লোকসকলৰ লগত সংগতি কৰাৰ বাবে আনাৰ আধ্যাত্মিকতাত কেনেকৈ প্ৰভাৱিত কৰিছিল?

  • জীৱনত ধন-সম্পত্তিক প্ৰথম স্থান দিয়াৰ বাবে যদি চাপ আহে, তেনেহʼলে তাৰ বিৰুদ্ধে থিয় দিবলৈ আমাক কিয় সাহসৰ প্ৰয়োজন?

  • ব্ৰাইন আৰু গ্লৰীয়াই কেনেকৈ আধ্যাত্মিক বিষয়বোৰক পুনৰ প্ৰথম স্থান দিবলৈ আৰম্ভ কৰে?

  • এই ভিডিঅʼখনত বাইবেলৰ কোনটো সিদ্ধান্ত তুলি ধৰা আপুনি লক্ষ্য কৰে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক