কাহিনী ৪৫
যৰ্দ্দন নদী পাৰ কৰা
ছবিখনলৈ চোৱাচোন! ইস্ৰায়েলীসকলে যৰ্দ্দন নদী পাৰ হৈছে। কিন্তু নদীৰ পানীখিনি কʼলৈ গʼল? সাধাৰণতে বছৰৰ এই সময়ছোৱাত ধাৰাসাৰে বৰষুণ হয় আৰু মাত্ৰ কেইমিনিটমান আগতে নদীখন পানীৰে ভৰি আছিল। কিন্তু এতিয়া নদীৰ পানীখিনি একেবাৰে নাইকিয়া হʼল। চূফ সাগৰ পাৰ হোৱাৰ দৰে ইস্ৰায়েলীসকলে যৰ্দ্দন নদীৰ বুকুৱেদি পাৰ হʼবলৈ ধৰিলে। এতিয়া প্ৰশ্ন হʼব পাৰে যে পানীৰে পূৰ হৈ থকা নদীখন কেনেকৈ শুকাল? আহাঁ ইয়াৰ উত্তৰ আমি বিচাৰি চাওঁ।
যৰ্দ্দন নদী পাৰ হোৱাৰ সময়ত যিহোৱা ঈশ্বৰে ইস্ৰায়েলীসকলক এই কথা কʼবলৈ যিহোচূৱাক আজ্ঞা দিলে: ‘পুৰোহিতবিলাকে নিয়ম-চন্দুক লৈ আমাৰ আগে আগে যাব। যেতিয়া তেওঁলোকে যৰ্দ্দন নদীৰ পানীত ভৰি দিব, তেতিয়া তাৰ পানী ৰৈ যাব।’
ঈশ্বৰৰ আজ্ঞা অনুসৰি পুৰোহিতকেইজনে নিয়ম-চন্দুক কঢ়িয়াই লোকসকলৰ আগে আগে যাবলৈ ধৰিলে। সাধাৰণতে এই নদীখন গভীৰ আৰু ইয়াৰ সোঁত বৰ প্ৰবল। কিন্তু পুৰোহিতকেইজনে পানীত ভৰি দিয়াৰ লগে লগে এই নদী ববলৈ বন্ধ হʼল। ই এক আচৰিত ঘটনা নহয়নে? প্ৰকৃততে যিহোৱা ঈশ্বৰে এই নদীৰ পানীক বান্ধ দি ৰাখিলে আৰু সেইবাবে ইয়াৰ পানী শুকাই গʼল।
নিয়ম-চন্দুক কঢ়িয়াই থকা পুৰোহিতকেইজনে শুকান নদীৰ মাজত থিয় হৈ থাকিল। ছবিখনত তেওঁলোকক দেখিবলৈ পাইছানে? পুৰোহিতকেইজনে ইয়াত ৰৈ থকাৰ সময়ত ইস্ৰায়েলী লোকসকলে শুকান নদীখন পাৰ হʼল।
সকলোৱে নদীখন পাৰ হোৱাৰ পাছত, ১২জন বলৱান পুৰুষক এইদৰে কʼবলৈ ঈশ্বৰে যিহোচূৱাক আজ্ঞা কৰিলে: ‘যৰ্দ্দনৰ মাজত পুৰোহিতবিলাকে থিয় হৈ থকা ঠাইৰপৰা বাৰটা শিল পাৰলৈ লৈ আহাঁ আৰু আজি ৰাতি তোমালোকে যি ঠাইত থাকিবা, তাত সেইবোৰ থʼবা। ভৱিষ্যতে যেতিয়া তোমালোকৰ সন্তানবিলাকে এই শিলবোৰৰ বিষয়ে সুধিব, তেতিয়া তোমালোকে তেওঁবিলাকক কʼবা যে যিহোৱাৰ নিয়ম-চন্দুক যৰ্দ্দন নদীয়েদি পাৰ কৰাৰ সময়ত তাৰ পানীৰ সোঁত বন্ধ হৈছিল। তোমালোকৰ বাবে এই শিলবোৰ এক চিন হৈ থাকিব।’ শুকান নদীৰ মাজত থিয় হৈ থকা পুৰোহিতকেইজনৰ ঠাইতো যিহোচূৱাই ১২টা শিল ৰাখিলে।
অৱশেষত, নিয়ম-চন্দুক কঢ়িয়াই থকা পুৰোহিতকেইজনক যিহোচূৱাই কʼলে: ‘যৰ্দ্দনৰপৰা উঠি আহাঁ।’ পুৰোহিতকেইজনে নদীখনৰপৰা বাহিৰ হোৱাৰ লগে লগে, তাৰ পানী আকৌ ববলৈ আৰম্ভ কৰিলে।
যিহোচূৱা ৩:১-১৭; ৪:১-১৮.