পাঠ ২৯
যিহোৱাই যিহোচূৱাক বাছনি কৰিলে
মোচিয়ে বহু বছৰলৈকে ইস্ৰায়েলীসকলৰ নেতৃত্ব লৈছিল, কিন্তু এতিয়া মোচিৰ মৃত্যুৰ সময় কাষ চাপি আহিছে। যিহোৱাই মোচিক কʼলে, ‘তুমি ইস্ৰায়েলীসকলক প্ৰতিজ্ঞা কৰা দেশত লৈ নাযাবা। কিন্তু মই তোমাক প্ৰতিজ্ঞা কৰা দেশ চাবলৈ সুযোগ দিম।’ তেতিয়া লোকসকলৰ নেতৃত্ব লʼবলৈ আন এজনক বাছনি কৰিবলৈ মোচিয়ে যিহোৱাক অনুৰোধ কৰিলে। যিহোৱাই মোচিক কʼলে, ‘যিহোচূৱাৰ ওচৰলৈ যোৱা আৰু মই তেওঁক বাছনি কৰিছোঁ বুলি কোৱাগৈ।’
মোচিয়ে ইস্ৰায়েল ৰাষ্ট্ৰক কʼলে যে অতি সোনকালে তেওঁৰ মৃত্যু হʼব আৰু যিহোৱাই যিহোচূৱাক তেওঁলোকৰ নেতৃত্ব লʼবলৈ বাছনি কৰিছে, যিজনে তেওঁলোকক প্ৰতিজ্ঞা কৰা দেশলৈ লৈ যাব। মোচিয়ে যিহোচূৱাক কʼলে, ‘তুমি ভয় নকৰিবা। যিহোৱা তোমাৰ লগত আছে।’ ইয়াৰ কিছু সময়ৰ পাছত মোচি নবো পাহাৰৰ একেবাৰে ওপৰত গʼল। তাৰ পৰা যিহোৱাই তেওঁক সেই দেশখন দেখুৱালে, যাৰ বিষয়ে তেওঁ অব্ৰাহাম, ইচহাক আৰু যাকোবক প্ৰতিজ্ঞা কৰিছিল। ইয়াৰ পাছত মোচিৰ মৃত্যু হʼল, সেই সময়ত তেওঁৰ বয়স ১২০ আছিল।
যিহোৱাই যিহোচূৱাক কʼলে, ‘যৰ্দ্দন নদী পাৰ কৰি কনান দেশলৈ যোৱা। মই যিদৰে মোচিক সহায় কৰিছিলোঁ, ঠিক সেইদৰে তোমাকো সহায় কৰিম। তুমি সদায় নিয়ম পঢ়িবা। ভয় নকৰিবা। সাহসী হোৱা। এতিয়া যোৱা আৰু মই যি কৈছোঁ, সেয়াই কৰা।’
যিহোচূৱা যিৰীহো চহৰ চাবলৈ দুজন চোৰাংচোৱাক পঠালে। ইয়াৰ পিছৰ পাঠত আমি চাম যে তাত কি হʼল। সেই দুজন চোৰাংচোৱাই যিহোচূৱাৰ ওচৰলৈ আহিলে আৰু তেওঁক কʼলে যে কনান দেশলৈ যোৱা এয়াই ভাল সময় হয়। পিছ দিনাখন যিহোচূৱাই গোটেই ইস্ৰায়েলীক নিজৰ বস্তুবোৰ বান্ধিবলৈ কʼলে। তাৰ পাছত যিহোচূৱাই চুক্তিৰ চন্দুক উঠোৱা পুৰোহিতসকলক সকলোতকৈ আগতে যৰ্দ্দন নদীলৈকে যাবলৈ কʼলে। নদীত পানী বহুত আছিল। যেনেকৈ পুৰোহিতসকলে পানীত ভৰি থʼলে, তেনেকৈ পানী বʼবলৈ বন্ধ হʼল আৰু যʼত তেওঁলোকে থিয় হৈ আছিল, তাৰ পানী শুকাই গʼল। পুৰোহিতসকল খোজকাঢ়ি নদীৰ একেবাৰে মাজত গʼল। তেওঁলোকে শুকান মাটিত তেতিয়ালৈকে থিয় হৈ থাকিল, যেতিয়ালৈকে গোটেই ইস্ৰায়েল ৰাষ্ট্ৰই নদী পাৰ নকৰিলে। তোমালোকে কি ভাবা, এই চমৎকাৰ দেখি ইস্ৰায়েলীসকলক সেই চমৎকাৰ মনত নপৰিল নে, যি যিহোৱাই লোহিত সাগৰৰ ওচৰত কৰিছিল?
ইমান বছৰৰ পাছত ইস্ৰায়েলীসকলে প্ৰতিজ্ঞা কৰা দেশত যাবলৈ পালে। তাত তেওঁলোকে নিজৰ ঘৰ আৰু চহৰ বনাব পাৰিব। তাত খেতি-বাতি কৰিব পাৰিব আৰু আঙুৰৰ খেতি আৰু আন খেতি কৰিব পাৰিব। এয়া সঁচাকৈ এনে এক দেশ আছিল, যʼত গাখীৰ আৰু মৌজোল বৈছিল।
“যিহোৱা সদায় তোমাৰ পথদৰ্শক হব, আৰু শুকান ঠাইবোৰত তোমাৰ প্ৰাণ তৃপ্ত কৰিব।”—যিচয়া ৫৮:১১