ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ৪৩
  • নতুন নায়ক যিহোচূৱা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নতুন নায়ক যিহোচূৱা
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • লাখুটিৰে শিলত কোবোৱা
    বাইবেলৰ কাহিনী
  • বাৰজন চোৰাংচোৱা
    বাইবেলৰ কাহিনী
বাইবেলৰ কাহিনী
my কাহিনী ৪৩
যিহোচূৱা, মোচি আৰু পুৰোহিত ইলিয়াজৰ

কাহিনী ৪৩

নতুন নায়ক যিহোচূৱা

ইস্ৰায়েলী লোকসকলৰ লগত মোচিয়ে কনান দেশত প্ৰৱেশ কৰিবলৈ ইচ্ছা কৰিলে। সেইবাবে তেওঁ ঈশ্বৰক কʼলে: ‘হে যিহোৱা, বিনয় কৰোঁ, যৰ্দ্দন নদী পাৰ কৰি মোক সেই উত্তম দেশ চাবলৈ দিয়ক।’ কিন্তু যিহোৱাই উত্তৰ দিলে: ‘তোমাৰ পক্ষে এয়ে যথেষ্ট, এই বিষয়ে আৰু মোক কথা নকʼবা।’ যিহোৱাই মোচিক কিয় কনান দেশত প্ৰৱেশ কৰিবলৈ নিদিলে তোমালোকে জানানে?

নিজৰ লাখুটিডালেৰে মোচিয়ে শিলটোত কোবোৱাৰ বিষয়টো তোমালোকৰ নিশ্চয় মনত আছে। সেইসময়ত মোচি আৰু হাৰোণে যিহোৱাক প্ৰশংসা কৰা নাছিল। প্ৰকৃততে শিলৰপৰা পানী যিহোৱা ঈশ্বৰেহে উলিয়াইছিল আৰু এই কথাষাৰ তেওঁলোকে লোকসকলক জনোৱা নাছিল। সেইবাবে যিহোৱাই তেওঁলোকক কনান দেশত প্ৰৱেশ কৰিবলৈ সুযোগ নিদিলে।

হাৰোণৰ মৃত্যুৰ কেইমাহমানৰ পাছত যিহোৱাই মোচিক কʼলে: ‘পুৰোহিত ইলিয়াজৰ আৰু গোটেই মণ্ডলীৰ আগত যিহোচূৱাক উপস্থিত কৰা। লোকসকলৰ আগত এই কথা ঘোষণা কৰা যে যিহোচূৱা হৈছে তেওঁলোকৰ নতুন নায়ক।’ যিহোৱাৰ আজ্ঞা অনুসৰি মোচিয়ে সকলো কৰিলে আৰু ইয়াৰ বিষয়ে ছবিখনত দেখুৱা হৈছে।

যিহোৱা ঈশ্বৰে যিহোচূৱাক কʼলে: ‘তুমি বলৱান আৰু সাহিয়াল হোৱা। কিয়নো, মই ইস্ৰায়েলীসকলক যি দেশ দিম বুলি শপত খাইছিলো, সেই দেশলৈ তুমিহে তেওঁলোকক লৈ যাবা আৰু মই তোমাৰ সংগী হʼম।’

ইয়াৰ পাছত যিহোৱা ঈশ্বৰে মোচিক মোৱাব দেশত থকা নবো পৰ্ব্বতৰ ওপৰত যাবলৈ কʼলে। তাৰপৰা মোচিয়ে যৰ্দ্দনৰ সিপাৰে থকা সুন্দৰ কনান দেশ দেখা পাব। যিহোৱাই তেওঁক কʼলে: ‘যি দেশ মই অব্ৰাহাম, ইচ্‌হাক আৰু যাকোবৰ সন্তানবিলাকক দিম বুলি শপত খাইছিলো, এইখনেই হৈছে সেই দেশ। মই ইয়াক তোমাক দেখুৱালো, কিন্তু তুমি তালৈ যাব নোৱাৰিবা।’

নবো পৰ্ব্বতত মোচিৰ মৃত্যু হয় আৰু সেইসময়ত তেওঁৰ বয়স ১২০ বছৰ আছিল। মৃত্যুৰ সময়ত মোচি শাৰীৰিকভাৱে সুস্থ আছিল আৰু চকুৰেও ভালদৰে দেখা পাইছিল। মোচিৰ মৃত্যুত লোকসকলে বৰ দুখ কৰিলে। কিন্তু যিহোচূৱাক নতুন নায়ক হিচাপে পাই তেওঁলোক আনন্দিত হʼল।

গণনা পুস্তক ২৭:১২-২৩; দ্বিতীয় বিবৰণ ৩:২৩-২৯; ৩১:১-৮, ১৪-২৩; ৩২:৪৫-৫২; ৩৪:১-১২.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক