কাহিনী ৪০
লাখুটিৰে শিলত কোবোৱা
কেইবাবছৰো পাৰ হʼল। চাওঁতে চাওঁতে ১০ বছৰ, ২০ বছৰ, ৩০ বছৰ, ৩৯ বছৰ পাৰ হʼল। ইস্ৰায়েলীসকল এতিয়াও অৰণ্যতে আছে আৰু যিহোৱা ঈশ্বৰে তেওঁলোকক ভালদৰে চোৱা-চিতা কৰিছে। আহাৰৰ বাবে ঈশ্বৰে মান্নাৰ প্ৰৱন্ধ কৰিছে। দিনত বাট দেখুৱাবলৈ মেঘ-স্তম্ভ আৰু ৰাতি পোহৰ দিবলৈ অগ্নি-স্তম্ভ তেওঁবিলাকৰ আগে আগে চলিছিল। অৰণ্যত থকাৰ সময়ছোৱাত তেওঁলোকৰ কাপোৰ নাফাটিল আৰু ভৰিত কোনো ঘা নালাগিল।
ইস্ৰায়েলীসকলে মিচৰ দেশ ত্যাগ কৰা বহুদিন হʼল। তেওঁলোকে এতিয়া ৪০ বছৰৰ প্ৰথম মাহত ভৰি দিলে। ইস্ৰায়েলীসকলে কাদেচ নামৰ ঠাইখনত আকৌ উপস্থিত হয় আৰু তেওঁলোকে ইয়াত তম্বু তৰিলে। প্ৰায় ৪০ বছৰৰ আগতে এই ঠাইৰপৰাই ১২জন চোৰাংচোৱাক কনান দেশৰ বুজ-বিচাৰ লʼবলৈ পঠাইছিল। ইয়াত মোচিৰ বায়েক মিৰিয়মৰ মৃত্যু হয়। আগৰ দৰে ইয়াতো কিছুমান সমস্যাই দেখা দিলে।
এই ঠাইত লোকসকলে পানী বিচাৰি হাবাথুৰি খালে। লোকসকলে মোচিক অভিযোগ কৰিলে: ‘আমি মৰা হʼলেই ভাল আছিল। এই কুচ্ছিত ঠাইত আমাক মিচৰ দেশৰপৰা কিয় উলিয়াই আনিলা? এই ঠাইত শস্য বা ডিমৰু বা আঙুৰ বা ডালিম একোৱেই নাই। আনকি ইয়াত খাবলৈ পানীও নাই।’
প্ৰাৰ্থনা কৰিবলৈ মোচি আৰু হাৰোণে আবাসৰ সন্মুখত উপস্থিত হোৱাত, যিহোৱাই মোচিক কʼলে: ‘সকলোকে একগোট কৰি তাত থকা শিলটোক আজ্ঞা কৰা। এইদৰে কৰিলে মানুহ আৰু পশুবোৰৰ বাবে শিলটোৰপৰা পানী ওলাব।’
যিহোৱাৰ আজ্ঞা অনুসৰি মোচিয়ে লোকসকলক একত্ৰিত কৰি কʼলে: ‘হে বিদ্ৰোহীহঁত, শুন, তহঁতৰ বাবে আমি এই শিলৰপৰা পানী উলিয়ামনে?’ ইয়াৰ পাছত মোচিয়ে লাখুটিডালেৰে শিলটোত দুবাৰ কোব মাৰিলে আৰু তাৰপৰা বহুত পানী ওলাল। মানুহ আৰু পশুবোৰে ইয়াৰ পানী খালে।
কিন্তু মোচি আৰু হাৰোণৰ ওপৰত যিহোৱাৰ খং উঠিল। যিহোৱাই তেওঁলোকৰ ওপৰত খং কৰাৰ কাৰণ কি তুমি জানানে? কিয়নো মোচি আৰু হাৰোণে কৈছিল যে তেওঁলোকে শিলৰপৰা পানী উলিয়াই দিব। প্ৰকৃততে শিলৰপৰা পানী মোচি আৰু হাৰোণে নহয়, কিন্তু যিহোৱা ঈশ্বৰেহে উলিয়াইছিল। এই বিষয়ে লোকসকলক নোকোৱাৰ বাবে যিহোৱাই তেওঁলোকক শাস্তি দিব বুলি কʼলে। ঈশ্বৰে কৈছিল: ‘তোমালোকে মোৰ লোকসকলক কনান দেশত নুসুমুৱাবা।’
ইয়াৰ পাছত ইস্ৰায়েলী লোকসকলে কাদেচ ত্যাগ কৰি হোৰ পৰ্ব্বত পালেগৈ। এই ঠাইতে পৰ্ব্বতৰ ওপৰত হাৰোণৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১২৩ বছৰ। হাৰোণৰ মৃত্যুত ইস্ৰায়েলী লোকসকলে ৩০ দিনলৈকে শোক কৰিলে। হাৰোণৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ ইলিয়াজৰ মহাপুৰোহিত হʼল।
গণনা পুস্তক ২০:১-১৩, ২২-২৯; দ্বিতীয় বিবৰণ ২৯:৫; নহিমিয়া ৯:২১.