ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ৩৮
  • বাৰজন চোৰাংচোৱা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বাৰজন চোৰাংচোৱা
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • নতুন নায়ক যিহোচূৱা
    বাইবেলৰ কাহিনী
  • লাখুটিৰে শিলত কোবোৱা
    বাইবেলৰ কাহিনী
  • ৰাহাব আৰু দুজন চোৰাংচোৱা
    বাইবেলৰ কাহিনী
  • ইস্ৰায়েলীসকলে কনান দেশত প্ৰৱেশ কৰে
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
আৰু চাওক
বাইবেলৰ কাহিনী
my কাহিনী ৩৮
যিহোচূৱা, কালেব আৰু আন আন চাৰাংচাৱাসকলে মোচিক কনান দেশৰপৰা অনা ডাঙৰ ডাঙৰ ফলবোৰ দেখুৱাইছ

কাহিনী ৩৮

বাৰজন চোৰাংচোৱা

মানুহকেইজনে কঢ়িয়াই অনা ফলবোৰ চোৱাচোন। ইমান ডাঙৰ ডাঙৰ আঙুৰৰ থোকবোৰ! দুজন মানুহে ভাৰ এডালত এইবোৰ কঢ়িয়াই আনিছে। তাত ওলমি থকা ডিমৰু আৰু ডালিমবোৰলৈ লক্ষ্য কৰাচোন। এই ফলবোৰ কʼৰপৰা আহিল বাৰু? এই সকলোবোৰ কনান দেশৰপৰা অনা হৈছে। এই কনান দেশতেই এসময়ত অব্ৰাহাম, ইচ্‌হাক আৰু যাকোবে বাস কৰিছিল। কিন্তু তাত আকাল হোৱাৰ বাবে যাকোবে পৰিয়ালৰ সৈতে মিচৰত থাকিবলৈ লʼলে। প্ৰায় ২১৬ বছৰৰ পাছত মোচিয়ে ইস্ৰায়েলী লোকসকলক কনান দেশলৈ উভতাই লৈ আহিছে। তেওঁলোকে এতিয়া কাদেচ নামৰ এখন অৰণ্যত পালেহি।

কনানত বাস কৰা লোকসকল বৰ দুষ্ট আছিল। গতিকে সেই দেশৰ বুজ-বিচাৰ লʼবলৈ মোচিয়ে ১২জন চোৰাংচোৱা পঠিয়ালে। মোচিয়ে তেওঁলোকক কʼলে: ‘তাত থকা লোকসকলৰ সংখ্যা, তেওঁলোক বলী নে নিৰ্ব্বলী আৰু সেই দেশৰ ভূমিৰ বিষয়ে খবৰ লৈ আহাঁ। লগতে তাত উৎপন্ন হোৱা কিছুমান ফলো লৈ আনিবা।’

কনান দেশৰপৰা উভতি আহি চোৰাংচোৱাকেইজনে মোচিক কʼলে: ‘সঁচাকৈ সেই দেশ অতিকৈ মনোমোহা। তাৰ তুলনা কাৰো লগত কৰিব নোৱাৰি।’ ইয়াৰ প্ৰমাণ কৰিবলৈ তেওঁলোকে মোচিক কিছুমান ফল দেখুৱালে। কিন্তু তাৰে দহজন চোৰাংচোৱাই মোচিক কʼলে: ‘তাৰ মানুহবোৰ বৰ শক্তিশালী। যদি আমি সেই দেশ অধিকাৰ কৰিবলৈ চেষ্টা কৰোঁ, তেনেহʼলে আমাৰ অকালতে মৃত্যু হʼব।’

দহজন চোৰাংচোৱাৰ খবৰ শুনি ইস্ৰায়েলী লোকসকলে বৰ ভয় খালে। তেওঁলোকে কʼবলৈ ধৰিলে: ‘মিচৰ দেশতে মৰা হʼলে নাইবা এই অৰণ্যতে মৰা হʼলে কেনে ভাল আছিল! যুদ্ধত আমাৰ মৃত্যু হʼব আৰু আমাৰ লʼৰা-তিৰোতাবোৰ তেওঁলোকৰ বন্দী হʼব। গতিকে আহাঁ, মোচিৰ সলনি আমি আন এজনক দলপতি নিৰ্ব্বাচন কৰোঁ আৰু মিচৰলৈ উভতি যাওঁ।’

কিন্তু দুজন চোৰাংচোৱাই যিহোৱা ঈশ্বৰক ভৰসা কৰিছিল আৰু তেওঁলোকে লোকসকলক শান্ত কৰিবলৈ চেষ্টা কৰিলে। এই দুজন চোৰাংচোৱাৰ নাম হৈছে যিহোচূৱা আৰু কালেব। তেওঁলোকে লোকসকলক কʼলে: ‘সিহঁতলৈ ভয় নকৰিবা। কিয়নো যিহোৱা ঈশ্বৰ আমাৰ লগত আছে। আমি সহজতে সেই দেশখন অধিকাৰ কৰিব পাৰিম।’ কিন্তু লোকসকলে তেওঁলোকৰ কথা নুশুনিলে। আনকি লোকসকলে যিহোচূৱা আৰু কালেবক হত্যা কৰিবলৈ চেষ্টা কৰিলে।

ইস্ৰায়েলীসকলৰ এই কাৰ্য্যৰ বাবে যিহোৱাৰ বৰ খং উঠিল। তেওঁ মোচিক কʼলে: ‘বিশ বছৰ আৰু তাতোতকৈ অধিক বয়সীয়া যিসকলে মোৰ বিৰুদ্ধে কথা কৈছিল, তেওঁলোকৰ কোনেও কনান দেশত প্ৰৱেশ কৰিব নোৱাৰিব। মিচৰ দেশ আৰু অৰণ্যত মোৰ আচৰিত কাৰ্য্য দেখাৰ সত্ত্বেও তেওঁলোকে মোক বিশ্বাস কৰা নাই। গতিকে এই লোকসকলৰ অন্তিমজনৰ মৃত্যু নোহোৱালৈকে ৪০ বছৰ তেওঁলোকে অৰণ্যত অনাই-বনাই ঘূৰি ফুৰিব। কেৱল যিহোচূৱা আৰু কালেবে কনান দেশত প্ৰৱেশ কৰিব।’

গণনা পুস্তক ১৩:১-৩৩; ১৪:১-৩৮.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক