পাঠ ২৬
বাৰজন চোৰাংচোৱা
ইস্ৰায়েলীসকলে চীনয় পাহাৰৰ ওচৰৰ পৰা আগবাঢ়ি গʼল। তেওঁলোকে পাৰণ অৰণ্যৰ মাজেদি পাৰ হৈ কাদেচ নামৰ ঠাইত পালেগৈ। যিহোৱাই মোচিক কʼলে, ‘প্ৰতিটো গোষ্ঠীৰ পৰা এজনক বাছনি কৰা আৰু সেই ১২ জনক লুকাই লুকাই কনান দেশ চাবলৈ পঠোৱা, যি দেশ মই ইস্ৰায়েলীসকলক দিম।’ যিসকলে এনেধৰণৰ কাম কৰে, তেওঁলোকক চোৰাংচোৱা বুলি কোৱা হয়। সেইবাবে, মোচিয়ে ১২ জনক বাছনি কৰিলে আৰু তেওঁলোকক কʼলে, ‘তোমালোকে কনান দেশলৈ যোৱা আৰু চোৱা যে তাৰ মাটি খেতিৰ কাৰণে ভাল হয় নে নহয়। তাত থকা লোকসকল শক্তিশালী হয় নে দুৰ্বল আৰু তেওঁলোকে তম্বুত থাকে নে চহৰত থাকে, এয়াও চাই আহাগৈ।’ তাৰ পাছত ১২ জন চোৰাংচোৱা কনান দেশলৈ গʼল। তাৰ মাজত যিহোচূৱা আৰু কালেবো আছিল।
৪০ দিনৰ পাছত তেওঁলোক উভতি আহিল। তেওঁলোকে নিজৰ লগত ডিমৰু, ডালিম আৰু আঙুৰ আনিলে। তেওঁলোকে এই খবৰ দিলে, ‘সেই দেশৰ মাটি ভাল কিন্তু লোকসকল বহুত শক্তিশালী আৰু সেই চহৰত ওখ ওখ দেৱাল আছে।’ তেতিয়া কালেবে কʼলে, ‘আমি তেওঁলোকক হৰুৱাব পাৰিম। বʼলা, আমি এতিয়াই সেই দেশক আক্ৰমণ কৰোঁ!’ তুমি জানা নে কালেবে এইদৰে কিয় কʼলে? কিয়নো যিহোৱাৰ ওপৰত যিহোচূৱা আৰু তেওঁৰ সম্পূৰ্ণ ভৰসা আছিল। কিন্তু বাকী দহজন চোৰাংচোৱাই কʼলে, ‘নহয়! সেই দেশৰ লোকসকল বহুত ওখ-পাখ। আমি তেওঁলোকৰ ওচৰত ফৰিঙৰ নিচিনা হʼলোঁ।’
এয়া শুনি ইস্ৰায়েলীসকল নিৰাশ হৈ গʼল। তেওঁলোকে অভিযোগ কৰিবলৈ ধৰিলে আৰু এজনে-আনজনক কʼবলৈ ধৰিলে, ‘বʼলা আমি আন কাৰোবাক আমাৰ নেতৃত্ব লʼবলৈ বাছনি কৰোঁ আৰু মিচৰলৈ উভতি যাওঁ। আমি এনে দেশলৈ কিয় যাম, যʼত আমাক মাৰি পেলোৱা হʼব।’ যিহোচূৱা আৰু কালেবে তেওঁলোকক কʼলে, ‘যিহোৱাৰ আজ্ঞা মানা, ভয় নকৰিবা। যিহোৱাই আমাক বচাব।’ কিন্তু ইস্ৰায়েলীসকলে তেওঁলোকৰ কথা নুশুনিলে। আনকি তেওঁলোকক মাৰি পেলাব বিচাৰিছিল!
তেতিয়া যিহোৱাই কি কৰিলে? তেওঁ মোচিক কʼলে, ‘মই ইস্ৰায়েলীসকলৰ কাৰণে ইমান কৰিলোঁ। তথাপি তেওঁলোকে মোৰ কথা নুশুনিলে। সেইকাৰণে, তেওঁলোকে ৪০ বছৰ অৰণ্যতে থাকিব আৰু ইয়াতে মৰি যাব। কেৱল তেওঁলোকৰ লʼৰা-ছোৱালী, যিহোচূৱা আৰু কালেব সেই দেশলৈ যাব, যি দেশ দিবলৈ মই প্ৰতিজ্ঞা কৰিছোঁ।’
“হে কম বিশ্বাস কৰা লোকসকল, তোমালোকে কিয় ইমান ভয় খাইছা?”—মথি ৮:২৬