কাহিনী ৪৪
ৰাহাব আৰু দুজন চোৰাংচোৱা
মানুহকেইজন বৰ বিপদত পৰিল। তেওঁলোকে পলাই যোৱা উচিত, নহʼলে তেওঁলোকৰ মৃত্যু হʼব। এই মানুহকেইজন হৈছে ইস্ৰায়েলী চোৰাংচোৱা আৰু তিৰোতাগৰাকী হৈছে ৰাহাব। ৰাহাবৰ ঘৰটো পিছে যিৰীহো নগৰৰ গড়ৰ ওপৰত। এই চোৰাংচোৱাকেইজনৰ জীৱন কিয় সংকটত পৰিল? আহাঁ আমি ইয়াৰ উত্তৰ বিচাৰি চাওঁ।
ইস্ৰায়েলীসকলে যৰ্দ্দন নদী পাৰ হৈ কনান দেশত প্ৰৱেশ কৰিবলৈ সাজু হৈছে। কিন্তু প্ৰৱেশ কৰাৰ আগতে যিহোচূৱাই দুজন চোৰাংচোৱাক সেই দেশৰ খা-খবৰ লʼবলৈ পঠিয়ালে। যিহোচূৱাই তেওঁলোকক কʼলে: ‘তোমালোকে যোৱা। সেই দেশখন আৰু বিশেষকৈ যিৰীহো নগৰ চাই আহাঁগৈ।’
যিৰীহো নগৰত আহি চোৰাংচোৱাকেইজনে ৰাহাবৰ ঘৰত সোমাল। কিন্তু ইয়াৰ বিষয়ে যিৰীহোৰ ৰজাক কোনোবাই খবৰ দিলে: ‘দেশৰ বুজ-বিচাৰ লʼবলৈ ইস্ৰায়েলৰ সন্তানবিলাকৰ দুজন মানুহ এই ঠাইলৈ আহিছে।’ এই কথা শুনি ৰজাই কেইজনমান লোকক ৰাহাবৰ ঘৰলৈ পঠিয়ালে। সেই লোকসকলে ৰাহাবৰ ঘৰলৈ আহি তাইক কʼলে: ‘তোৰ ঘৰত সোমোৱা মানুহকেইটাক বাহিৰ কৰি আন।’ কিন্তু ৰাহাবে চোৰাংচোৱাকেইজনক ঘৰৰ ছাদৰ ওপৰত লুকুৱাই ৰাখিছিল। ৰাহাবে ৰজাই পঠোৱা লোককেইজনক কʼলে: ‘সঁচাকৈ, মানুহকেইজন মোৰ ঘৰলৈ আহিছিল। কিন্তু সিহঁত কʼৰ মানুহ, তাক মই নাজানো। আন্ধাৰ হোৱাৰ লগে লগে আৰু নগৰৰ দুৱাৰ বন্ধ হোৱাৰ আগতে সেই মানুহকেইজন ওলাই গʼল। যদি তোমালোকে বেগাই সিহঁতৰ পিছে পিছে খেদি যোৱা, তেনেহʼলে সিহঁতক ধৰিব পাৰিবা।’ ৰাহাবৰ কথা অনুসৰি সেই লোকসকলে চোৰাংচোৱাকেইজনক ধৰিবলৈ খৰ-খেদা কৰিলে।
ৰজাৰ লোকসকল যোৱাৰ পাছত ৰাহাবে লুকাই থকা চোৰাংচোৱাকেইজনৰ ওচৰলৈ গৈ কʼলে: ‘যিহোৱাই তোমালোকক যে এই দেশ দিব, তাক মই জানো। তোমালোকে মিচৰৰপৰা ওলাই অহাৰ সময়ত, যিহোৱাই কেনেকৈ চূফ সাগৰৰ পানী শুকুৱাইছিল আৰু চীহোন আৰু ওগ নামৰ দুজন ৰজাক তোমালোকে কেনেকৈ বধ কৰিছিলা, তাক আমি জানো। গতিকে প্ৰতিজ্ঞা কৰা যে মই তোমালোকক যেনেকৈ দয়া দেখুৱালো, তোমালোকেও মোক দয়া দেখুৱাবা। অনুগ্ৰহ কৰি মোৰ পিতৃ-মাতৃ আৰু ভাই-ভনীবিলাকক জীয়াই ৰাখিবা।’
চোৰাংচোৱাকেইজনে ৰাহাবক কথা দিলে। কিন্তু ৰাহাবেও কিবা কৰাৰ প্ৰয়োজন আছিল। চোৰাংচোৱাকেইজনে তাইক কʼলে: ‘সেন্দুৰ বৰণীয়া এই ৰছীডাল খিৰিকীত বান্ধি ৰাখিবা আৰু তোমাৰ পিতৃবংশৰ সকলোকে নিজৰ ঘৰত গোটাই ৰাখিবা। এই দেশ অধিকাৰ কৰাৰ সময়ত, খিৰিকীত ৰছীডাল দেখি আমি তোমাৰ ঘৰৰ কাকো বধ নকৰিম।’ চোৰাংচোৱাকেইজনে উভতি গৈ যিহোচূৱাৰ আগত সকলো কথা বৰ্ণনা কৰিলে।
যিহোচূৱা ২:১-২৪; ইব্ৰী ১১:৩১.