পাঠ ৩০
ৰাহাবে চোৰাংচোৱা কেইজনক লুকুৱালে
যেতিয়া ইস্ৰায়েলী চোৰাংচোৱা কেইজনে যিৰীহো চহৰলৈ গʼল, তেতিয়া তেওঁলোকে ৰাহাব নামৰ এগৰাকী তিৰোতাৰ ঘৰত থাকিল। এই কথা যিৰীহোৰ ৰজাই গʼম পালে। সেইবাবে, তেওঁ নিজৰ সৈনিকসকলক ৰাহাবৰ ঘৰলৈ পঠালে। কিন্তু ৰাহাবে চোৰাংচোৱা কেইজনক চাদৰ ওপৰত লুকুৱাই দিলে আৰু সৈনিকসকলক বেলেগ ৰাস্তাইদি পঠাই দিলে। ৰাহাবে চোৰাংচোৱা কেইজনক কʼলে, ‘মই তোমালোকক সহায় কৰিম, কিয়নো মই জানোঁ যে যিহোৱা তোমালোকৰ লগত আছে আৰু তোমালোকে এই দেশ জয় কৰিবা। মোক কথা দিয়া যে তোমালোকে মোৰ পৰিয়ালক বচাবা।’
চোৰাংচোৱা কেইজনে ৰাহাবক কʼলে, ‘আমি কথা দিছোঁ যে তোমাৰ ঘৰৰ ভিতৰত থকা লোকসকলৰ একো নহʼব।’ তাৰ পাছত তেওঁলোকে কʼলে, ‘তুমি নিজৰ ঘৰৰ খিৰিকীত এডাল ৰঙা ৰছী বান্ধিবা আৰু তোমালোকৰ পৰিয়াল বাচি যাব।’
ৰাহাবে চোৰাংচোৱা কেইজনক এডাল ৰছীৰে খিৰিকীয়েদি তললৈ নমাই দিলে। তেওঁলোকে পাহাৰলৈ গʼল আৰু তাত তিনি দিন লুকাই থাকিল। ইয়াৰ পাছত তেওঁলোকে যিহোচূৱাৰ ওচৰলৈ গʼল। তাৰ পাছত ইস্ৰায়েলীসকলে যৰ্দ্দন নদী পাৰ কৰিলে আৰু তেওঁলোকে কনান দেশ জয় কৰিবলৈ তৈয়াৰী কৰিলে। প্ৰথমতে তেওঁলোকে যিৰীহো চহৰখন জয় কৰিলে। জানা নে কেনেকৈ? যিহোৱাই তেওঁলোকক চহৰৰ চাৰিওফালে দিনত এবাৰকৈ ঘূৰিবলৈ কʼলে আৰু তেওঁলোকে যেন এইদৰে ছদিনলৈকে কৰে। সপ্তম দিনাখন তেওঁলোকে চহৰৰ চাৰিওফালে সাতবাৰ ঘূৰিলে। ইয়াৰ পাছত পুৰোহিতসকলে তূৰী বজালে আৰু সৈনিকসকলে জোৰকৈ চিঞৰিবলৈ ধৰিলে। তেতিয়া চহৰৰ দেৱালখন ভাঙি গʼল। কিন্তু দেৱালৰ ওপৰত থকা ৰাহাবৰ ঘৰখন একো নহʼল। তেওঁ আৰু তেওঁৰ পৰিয়াল বাচি গʼল। কিয়নো তেওঁ যিহোৱাৰ ওপৰত ভৰসা ৰাখিলে।
‘এইদৰে ৰাহাবে যেতিয়া দূতসকলক অতিথি-সৎকাৰ দেখুৱাইছিল আৰু তেওঁলোকক আন ৰাস্তাইদি পঠাই দিছিল, তেতিয়া তেওঁ এই কামৰ যোগেদি ভাল মানুহ বুলি গণিত হোৱা নাছিল নে?’—যাকোব ২:২৫