কাহিনী ৪৬
যিৰীহো নগৰৰ গড়
যিৰীহো নগৰক আগুৰি থকা ওখ ওখ গড়বোৰ কেনেকৈ ধ্বংস হʼল? এনে লাগিছে যেন বোমা বিস্ফোৰণৰ ফলত গড়বোৰ চূৰ্ণ-বিচূৰ্ণ হৈ পৰিছে। কিন্তু তেতিয়াৰ দিনততো কোনো বোমা বা বন্দুক নাছিল! এয়া হৈছে যিহোৱাৰ আন এক আচৰিত কাৰ্য্য। এই ঘটনা কেনেকৈ ঘটিল তোমালোকে জানানে? আহাঁ আমি ইয়াৰ বিষয়ে চালি-জাৰি চাওঁ।
যিহোৱা ঈশ্বৰে যিহোচূৱাক কৈছিল: ‘তোমালোকৰ আটাই যুঁজাৰু লোকে নগৰখনৰ চাৰিওফালে এবাৰকৈ ঘূৰিবা। এইদৰে তোমালোকে ছদিন কৰিবা। তোমালোকে নিয়ম-চন্দুকটো লগত লৈ যাবা। সাতজন পুৰোহিতে চন্দুকৰ আগে আগে সাতোটা শিঙা বজাই যাব।
‘পাছে সপ্তম দিনা তোমালোকে সাতবাৰ নগৰখনৰ চাৰিওফালে ঘূৰিবা। ইয়াৰ পাছত পুৰোহিতবিলাকে শিঙা দীঘলীয়াকৈ বজাব আৰু তোমালোকে জোৰেৰে চিঞৰিবা। তাতে নগৰৰ গড় মাটিৰ সমান হৈ পৰিব।’
যিহোৱাৰ আজ্ঞা অনুসৰি যিহোচূৱা আৰু লোকসকলে সকলো কৰিলে। নগৰৰ চাৰিওফালে ঘূৰোঁতে তেওঁলোকৰ কাৰো মুখৰপৰা মাত ওলোৱা নাছিল। কেৱল শিঙা আৰু লোকসকলৰ খোজৰ শব্দ শুনা গৈছিল। যিৰীহো নগৰত থকা ঈশ্বৰৰ শত্ৰুবিলাকে নিশ্চয় ভয় খাইছিল। খিৰিকীয়েদি ওলমি থকা ৰঙা ৰছীডাল তোমালোকে দেখিছানে? সেই ৰছীডাল কাৰ ঘৰৰ খিৰিকীত ওলমি আছে বাৰু? সেই ঘৰখন হৈছে ৰাহাবৰ। দুজন চোৰাংচোৱাই আগতে নিৰ্দ্দেশনা দিয়াৰ দৰে তাই খিৰিকীত ৰছীডাল ওলমাই থৈছে। ঘৰৰ ভিতৰৰপৰা ৰাহাব আৰু তাইৰ পৰিয়ালৰ লোকসকলে বাহিৰৰ ঘটনাবোৰ চাই আছে।
সপ্তম দিনাখন নগৰৰ চাৰিওফালে সাতবাৰ ঘূৰাৰ পাছত পুৰোহিতবিলাকে শিঙা বজালে আৰু যুঁজাৰুবিলাকে জোৰেৰে চিঞৰিলে। লগে লগে নগৰৰ গড়বোৰ ভাঙি মাটিৰ সমান হʼল। ইয়াৰ পাছত যিহোচূৱাই কʼলে: ‘নগৰত থকা সকলো লোকক বধ কৰা আৰু ইয়াৰ বস্তুবোৰ জ্বলাই দিয়া। কেৱল ৰূপ, সোণ, পিতল আৰু লোহৰ পাত্ৰবোৰ যিহোৱাৰ ভঁৰাললৈ আনিবা।’
দুজন চোৰাংচোৱাক যিহোচূৱাই কʼলে: ‘তোমালোকে ৰাহাবৰ ঘৰলৈ গৈ তাইক আৰু তাইৰ পৰিয়ালৰ লোকসকলক লৈ আনা।’ চোৰাংচোৱাকেইজনে কথা দিয়াৰ দৰে ৰাহাব আৰু তাইৰ পৰিয়ালৰ লোকসকলৰ প্ৰাণ ৰক্ষা পৰিল।
যিহোচূৱা ৬:১-২৫.