ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • yc পাঠ ৩ পৃষ্ঠা ৮-৯
  • ৰাহাবে যিহোৱা ঈশ্বৰক বিশ্বাস কৰিছিল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ৰাহাবে যিহোৱা ঈশ্বৰক বিশ্বাস কৰিছিল
  • আপোনাৰ সন্তানক শিক্ষা দিয়ক
  • মিল থকা বিষয়
  • ৰাহাবে চোৰাংচোৱা কেইজনক লুকুৱালে
    বাইবেলৰ পৰা শিকোঁ আহা
  • ৰাহাব আৰু দুজন চোৰাংচোৱা
    বাইবেলৰ কাহিনী
  • যিৰীহো নগৰৰ গড়
    বাইবেলৰ কাহিনী
  • ইস্ৰায়েলীসকলে কনান দেশত প্ৰৱেশ কৰে
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
আৰু চাওক
আপোনাৰ সন্তানক শিক্ষা দিয়ক
yc পাঠ ৩ পৃষ্ঠা ৮-৯
ছাদত লুকাই থকা চাৰাংচাৱাকেইজনৰ ওচৰলৈ ৰাহাবে আহিছ

৩

ৰাহাবে যিহোৱা ঈশ্বৰক বিশ্বাস কৰিছিল

কল্পনা কৰা যে এতিয়া আমি যিৰীহো নামৰ নগৰখনত আছোঁ। এই নগৰখন কনান দেশত আছে। ইয়াৰ লোকসকলে যিহোৱা ঈশ্বৰক উপাসনা নকৰে। এই নগৰখনত ৰাহাব নামৰ এগৰাকী তিৰোতা বাস কৰে।

মোচিয়ে চূফ সাগৰখনক দুভাগ কৰি ইস্ৰায়েলী লোকসকলক মিচৰ দেশৰপৰা বাহিৰ কৰি অনাৰ বিষয়ে ৰাহাবে সৰুৰেপৰা শুনিছিল। যিহোৱা ঈশ্বৰে কেনেকৈ ইস্ৰায়েলীসকলক তেওঁলোকৰ শত্ৰুবিলাকৰ বিৰুদ্ধে হোৱা যুদ্ধবোৰত জয়ী হʼবলৈ সহায় কৰিছিল, তাৰ বিষয়েও ৰাহাবে শুনিছিল। এতিয়া, যিৰীহো নগৰৰ ওচৰত ইস্ৰায়েলীসকলে চাউনী পাতি থকাৰ খবৰ ৰাহাবে শুনিলে।

ৰাহাবে যিহোৱা ঈশ্বৰৰ ওপৰত বিশ্বাস কৰাৰ কাৰণে ইস্ৰায়েলী চোৰাংচোৱা দুজনক সুৰক্ষা দিছিল

এদিনাখন গধূলি দুজন ইস্ৰায়েলী চোৰাংচোৱাই যিৰীহো নগৰৰ বুজ-বিচাৰ লʼবলৈ গʼল। নগৰত পোৱাৰ পাছত তেওঁলোকে ৰাহাবৰ ঘৰলৈ যায় আৰু ৰাহাবেও ইস্ৰায়েলী দুজনক ঘৰত থাকিবলৈ দিয়ে। সেই নিশা যিৰীহো নগৰৰ ৰজাই চোৰাংচোৱা আহিছে বুলি খবৰ পালে। লগে লগে তেওঁলোকক ধৰিবলৈ কেইজনমান লোকক ৰাহাবৰ ঘৰলৈ পঠিয়ালে। কিন্তু ৰাহাবে সেই ইস্ৰায়েলী দুজনক তাইৰ ঘৰৰ ছাদত লুকুৱাই ৰাখি, ৰজাৰ লোকসকলক এইদৰে কʼলে: ‘সঁচাকৈ সেই মানুহ মোৰ গুৰিলৈ আহিছিল, কিন্তু সেই মানুহ ওলাই গʼল; তোমালোকে বেগাই সিহঁতৰ পাছে পাছে খেদি যোৱা; তোমালোকে সিহঁতৰ লগ ধৰিবাগৈ।’ তুমি জানানে, ৰাহাবে কিয় সেই দুজন চোৰাংচোৱাক সহায় কৰিছিল?— কিয়নো ৰাহাবে যিহোৱা ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিছিল আৰু তাই জানিছিল যে তেওঁ কনান দেশখন ইস্ৰায়েলীসকলক দিব।

ইস্ৰায়েলী চোৰাংচোৱা দুজনে ৰাহাবৰ ঘৰৰপৰা যোৱাৰ আগতে তাইক কথা দিছিল যে যিৰীহো নগৰখন ধ্বংস হোৱাৰ সময়ত, ৰাহাব আৰু তাইৰ পৰিয়ালৰ লোকসকল ৰক্ষা পৰিব। তুমি জানানে, চোৰাংচোৱাকেইজনে ৰাহাবক কি কৰিবলৈ কৈছিল?— তেওঁলোকে কৈছিল: ‘সেন্দুৰ বৰণীয়া সূতাৰে বটা এই ৰছীডাল তুমি তোমাৰ ঘৰৰ খিৰিকীত বান্ধি ৰাখিবা। যদি তুমি এইদৰে কৰা, তেনেহʼলে তোমাৰ ঘৰত থকা সকলোৱে ৰক্ষা পৰিব।’ চোৰাংচোৱাকেইজনে কোৱাৰ দৰে ৰাহাবে সকলো কৰিলে। ইয়াৰ পাছত কি হʼল তুমি জানানে?—

সেন্দুৰ বৰণীয়া ৰছীডাল যিৰীহো নগৰৰ গড়ত থকা ৰাহাবৰ ঘৰৰ খিৰিকীত ওলমি আছ

যিহোৱা ঈশ্বৰে ৰাহাব আৰু তাইৰ পৰিয়ালক ৰক্ষা কৰিছিল

কেইদিনমানৰ পাছত ইস্ৰায়েলীসকলে যিৰীহো নগৰৰ চাৰিওফালে ঘূৰিবলৈ ধৰিলে আৰু সেই সময়ত তেওঁলোকে কথা পতা নাছিল। প্ৰতিদিনে তেওঁলোকে এবাৰকৈ ঘূৰিলে আৰু এইদৰে তেওঁলোকে ছদিন ঘূৰিছিল। কিন্তু, সপ্তম দিনা তেওঁলোকে সাতবাৰ নগৰৰ চাৰিওফালে ঘূৰিলে। তাৰ পাছত সকলোৱে একেলগে জোৰেৰে চিঞৰিলে। লগে লগে নগৰৰ চাৰিওফালে থকা গড় আৰু ইয়াৰ লগত লাগি থকা ঘৰবোৰ ভাঙি পৰিল। কিন্তু সেন্দুৰ বৰণীয়া ৰঙা ৰছীডাল ওলমি থকা ঘৰটোৰ একো নহʼল। তুমি ছবিখনত দেখিবলৈ পাইছানে?— ৰাহাব আৰু তাইৰ পৰিয়াল ৰক্ষা পৰিল!

ৰাহাবৰপৰা তুমি কি শিকিলা?— যিহোৱা ঈশ্বৰৰ আচৰিত কাৰ্য্যবোৰৰ বিষয়ে শিকি ৰাহাবে তেওঁৰ ওপৰত বিশ্বাস কৰিছিল। তুমিও যিহোৱা ঈশ্বৰৰ আচৰিত কাৰ্য্যবোৰৰ বিষয়ে শিকিছা। ৰাহাবৰ দৰে তুমিও যিহোৱা ঈশ্বৰৰ ওপৰত বিশ্বাস কৰানে?— আমি জানোঁ যে তুমি নিশ্চয় কৰা!

তোমাৰ বাইবেলৰপৰা পঢ়া

  • যিহোচূৱা ২:১-২৪; ৬:১-৫, ১৪, ১৫, ২০-২৫

  • ইব্ৰী ১১:৩১

প্ৰশ্ন:

  • ৰাহাবে সৰুৰেপৰা কি কি ঘটনাৰ বিষয়ে শুনিছিল?

  • ইস্ৰায়েলী চোৰাংচোৱাকেইজনক ৰাহাবে কেনেকৈ সহায় কৰিছিল? তাই তেওঁলোকক কিয় সহায় কৰিছিল?

  • চোৰাংচোৱাকেইজনে ৰাহাবক কি কথা দিছিল?

  • ৰাহাবৰপৰা তুমি কি শিকিলা?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক