কাহিনী ৭৩
ইস্ৰায়েলৰ অন্তিমজন ভাল ৰজা
যোচিয়া মাত্ৰ আঠ বছৰ বয়সত ইস্ৰায়েলৰ ২ গোত্ৰৰ ওপৰত ৰজা হয়। ইমান কম বয়সতে ৰজা হোৱাৰ বাবে, কিছুমান বয়সীয়া লোকে তেওঁক ৰাজ্য শাসন কৰিবলৈ সহায় কৰিছিল।
যোচিয়াই শাসন কৰাৰ সাত বছৰৰ পাছত, তেওঁ যিহোৱাৰ বিষয়ে জ্ঞান লʼবলৈ আৰম্ভ কৰে। তেওঁ দায়ূদ, যিহোচাফট আৰু হিষ্কিয়া আদি ভাল ৰজাবিলাকৰ উদাহৰণ অনুকৰণ কৰিবলৈ ধৰে। ডেকা হৈ থকা সময়ছোৱাতে তেওঁ এক বৰ সাহসী কাম কৰিলে।
বহুবছৰ ধৰি ইস্ৰায়েলীসকলে ঈশ্বৰৰ বিৰুদ্ধে বেয়া কামবোৰ কৰি আছে। তেওঁলোকে মিছা দেৱতাবোৰৰ আগত প্ৰণিপাত কৰিছে। যোচিয়াই নিজৰ মানুহবিলাকক লগত লৈ দেশৰপৰা মিছা উপাসনা দূৰ কৰিবলৈ অভিযান আৰম্ভ কৰে। দেশৰ বেছিভাগ লোকে মিছা দেৱতাবোৰক উপাসনা কৰাৰ বাবে এই কাম কৰিবলৈ সহজ নাছিল। যোচিয়া আৰু তেওঁৰ মানুহবিলাক কেনেকৈ মূৰ্ত্তিবোৰক ভাঙিছে, তাক তোমালোকে ছবিখনত দেখিবলৈ পাবা।
ইয়াৰ পাছত যোচিয়াই যিহোৱাৰ মন্দিৰ নিৰ্ম্মাণ কাম কৰিবলৈ তিনিজন মানুহক নিযুক্ত কৰিলে। মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ বহুতো ধনৰ প্ৰয়োজন আছিল আৰু যোচিয়াই এই ধন লোকসকলৰপৰা আদায় কৰে। জমা হোৱা সকলো ধন মন্দিৰ নিৰ্ম্মাণৰ বাবে দায়িত্বত থকা এই তিনিজন লোকক দিয়া হয়। নিৰ্ম্মাণ কাম চলি থকাৰ সময়ত, মহাপুৰোহিত হিল্কিয়াই এক মূল্যৱান বস্তু পালে। সেয়া আছিল বহুবছৰৰ আগতে মোচিয়ে লিখা যিহোৱাৰ নিয়ম পুস্তক। এই পুস্তকখন বহুবছৰৰ আগতে হেৰাইছিল।
এই পুস্তকখন ৰজা যোচিয়াৰ ওচৰলৈ অনা হয়। পুস্তকখন দেখি যোচিয়াই পঢ়িবলৈ কʼলে। পুস্তকখনৰ কথাবোৰ শুনি যোচিয়াই বুজিব পাৰিলে যে লোকসকলে যিহোৱাৰ আজ্ঞাবোৰ পালন কৰা নাই। ইয়াৰ বাবে তেওঁ বৰ দুখ কৰিলে আৰু নিজৰ চোলাটো ফালিলে। তেওঁ কেনেকৈ চোলাটো ফালিছে তাক চোৱাচোন। যোচিয়াই কʼলে: ‘আমাৰ ওপৰত যিহোৱাৰ বৰ খং উঠিছে। কাৰণ আমাৰ ওপৰ-পিতৃবিলাকে এই পুস্তকত লিখা যিহোৱাৰ বাক্যবোৰ পালন নকৰিলে।’
এই কাৰ্য্যবোৰৰ বাবে কি পৰিণাম হʼব, তাৰ বিষয়ে জানিবলৈ যোচিয়াই মহাপুৰোহিত হিল্কিয়াক আদেশ দিলে। ৰজাৰ আদেশ অনুসৰি হিল্কিয়াই হুল্দা নামৰ এজনী ভাববাদিনীৰ ওচৰলৈ যায়। ভাববাদিনীয়ে যোচিয়াৰ বাবে যিহোৱাৰ বাক্য এইদৰে জনায়: ‘যিৰূচালেম আৰু ইয়াৰ লোকসকলক শাস্তি দিয়া হʼব, কিয়নো তেওঁবিলাকে মোক ত্যাগ কৰি আন দেৱতাবোৰক উপাসনা কৰিছে। কিন্তু হে যোচিয়া, তুমি যি ভাল কাম কৰিলা, তাৰ বাবে তোমাৰ জীৱনকালত এই বিনাশ নহʼব।’
২ বংশাৱলি ৩৪:১-২৮.