ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • yc পাঠ ৮ পৃষ্ঠা ১৮-১৯
  • যোচিয়াৰ বন্ধু

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যোচিয়াৰ বন্ধু
  • আপোনাৰ সন্তানক শিক্ষা দিয়ক
  • মিল থকা বিষয়
  • যোচিয়াই ঈশ্বৰৰ নিয়মক বহুত প্ৰেম কৰিছিল
    বাইবেলৰ পৰা শিকোঁ আহা
  • ইস্ৰায়েলৰ অন্তিমজন ভাল ৰজা
    বাইবেলৰ কাহিনী
  • কিশোৰ-কিশোৰীসকল, আপোনালোকে কেনেধৰণৰ জীৱন জীয়াই থকাটো বিচাৰে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • দ্বিতীয় বংশাৱলি কিতাপৰ আলোকপাত
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আপোনাৰ সন্তানক শিক্ষা দিয়ক
yc পাঠ ৮ পৃষ্ঠা ১৮-১৯
ৰজা যোচিয়াই বধু যিৰিমিয়াৰ কথা শুনিছিল

৮

যোচিয়াৰ বন্ধু

ভাল কাম কৰা ইমান সহজ বুলি তুমি ভাবানে?— বহুতোলোকে ভাবে যে ই সহজ নহয়। বাইবেলে উল্লেখ কৰিছে যে যোচিয়া নামৰ এজন সৰু লʼৰাৰ বাবেও এনে কৰা সহজ নাছিল। কিন্তু তেওঁৰ কিছুমান বন্ধুৱে তেওঁক সহায় কৰিছিল। আহাঁ, আমি এতিয়া যোচিয়া আৰু তেওঁৰ বন্ধুসকলৰ বিষয়ে কিছু কথা শিকোঁ।

যোচিয়াৰ পিতৃৰ নাম আছিল আমোন আৰু তেওঁ যিহূদাৰ ৰজা আছিল। তেওঁ এজন দুষ্ট ৰজা আছিল আৰু মূৰ্ত্তিপূজা কৰিছিল। পিতৃৰ মৃত্যুৰ পাছত যোচিয়াই যিহূদাৰ ৰজা হৈছিল। সেই সময়ত তেওঁৰ বয়স মাত্ৰ আঠ বছৰ আছিল। তুমি কি ভাবা, নিজৰ পিতৃৰ দৰে যোচিয়াও দুষ্ট আছিল নেকি?— তেওঁ দুষ্ট নাছিল।

ভৱিষ্যতবক্তা চফনিয়াই যিহূদাৰ লোকসকলক যিহোৱা ঈশ্বৰৰ বাৰ্তা দিছিল

যি ভাল তাকে কৰিবলৈ যোচিয়া আৰু যিৰিমিয়াই এজনে-আনজনক সহায় কৰিছিল

যোচিয়াই সৰুৰেপৰা যিহোৱাৰ বাক্য পালন কৰিব বিচাৰিছিল। সেইবাবে, কেৱল যিহোৱা ঈশ্বৰক ভালপোৱা লোকসকলৰ লগতহে তেওঁ বন্ধুত্ব কৰিছিল। যোচিয়াৰ বন্ধুসকলেও যি ভাল তাকে কৰিবলৈ সহায় কৰিছিল। যোচিয়াৰ বন্ধুকেইজন কোন আছিল বাৰু?

যোচিয়াৰ এজন বন্ধুৰ নাম হৈছে চফনিয়া আৰু তেওঁ এজন ভৱিষ্যতবক্তা আছিল। চফনিয়াই যিহূদাৰ লোকসকলক সতৰ্কবাণী কৰিছিল যে যদি তেওঁলোকে মূৰ্ত্তিপূজা কৰে, তেনেহʼলে তেওঁলোকৰ বিনাশ হʼব। যোচিয়াই চফনিয়াৰ কথা শুনিছিল। তেওঁ মূৰ্ত্তিপূজা কৰাৰ পৰিৱৰ্তে, যিহোৱা ঈশ্বৰক উপাসনা কৰিছিল।

যোচিয়াৰ আন এজন বন্ধুৰ নাম হৈছে যিৰিমিয়া। তেওঁ যোচিয়াৰ সমবয়সৰ আছিল। তেওঁলোক দুয়ো ভাল বন্ধু আছিল। সেইবাবে, যোচিয়াৰ মৃত্যুৰ পাছত যিৰিমিয়াই তেওঁৰ স্মৃতিত এক বিশেষ গীত ৰচিছিল। ঈশ্বৰৰ বাক্য পালন কৰিবলৈ আৰু তেওঁৰ দৃষ্টিত যি ভাল তাকে কৰিবলৈ যোচিয়া আৰু যিৰিমিয়াই এজনে-আনজনক সহায় কৰিছিল।

চফনিয়াই লোকসকলক মূৰ্ত্তিপূজা কৰাৰপৰা দূৰে থাকিবলৈ সতৰ্ক কৰিছিল

যোচিয়াৰ উদাহৰণৰপৰা তুমি কি শিকিলা?— সৰুৰেপৰা যোচিয়াই যি ভাল তাকে কৰিব বিচাৰিছিল। কেৱল যিহোৱা ঈশ্বৰক ভালপোৱা লোকসকলৰ লগতহে যে বন্ধুত্ব কৰা উচিত, এই বিষয়ে যোচিয়াই ভালদৰে জানিছিল। গতিকে তুমিও যিহোৱা ঈশ্বৰক ভালপোৱা আৰু যি ভাল তাকে কৰিবলৈ সহায় কৰা লোকসকলৰ লগত বন্ধুত্ব কৰা উচিত।

তোমাৰ বাইবেলৰপৰা পঢ়া

  • ২ বংশাৱলি ৩৩:২১-২৫; ৩৪:১, ২; ৩৫:২৫

প্ৰশ্ন:

  • যোচিয়াৰ পিতৃৰ নাম কি আছিল? তেওঁ যি ভাল তাকে কৰিছিলনে?

  • যোচিয়াই সৰুৰেপৰা কি কৰিব বিচাৰিছিল?

  • যোচিয়াৰ দুজন বন্ধুৰ নাম কি আছিল?

  • যোচিয়াৰ উদাহৰণৰপৰা তুমি কি শিকিলা?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক