পাঠ ৫৬
যোচিয়াই ঈশ্বৰৰ নিয়মক বহুত প্ৰেম কৰিছিল
যোচিয়া যেতিয়া আঠ বছৰৰ আছিল, তেতিয়া তেওঁ যিহূদাৰ ৰজা হʼল। সেই সময়ত তাত লোকসকলে যাদুবিদ্যা আৰু মূৰ্তিপূজা কৰিছিল। ১৬ বছৰৰ বয়সত যোচিয়াই যিহোৱাৰ উপাসনা সঠিকভাৱে কৰিবলৈ শিকিলে। ২০ বছৰৰ বয়সত তেওঁ গোটেই দেশৰ মূৰ্তি আৰু বেদীবোৰ ভাঙি নষ্ট কৰি দিলে আৰু যেতিয়া তেওঁৰ বয়স ২৬ বছৰ হʼল, তেতিয়া তেওঁ মন্দিৰ ঠিক কৰিবলৈ ব্যৱস্থা কৰিলে।
মন্দিৰত মহা-পুৰোহিত হিল্কিয়াই যিহোৱাৰ নিয়মৰ নুৰা এখন পালে। সেই নুৰা হয়তো মোচিয়ে লিখিছিল। ৰজাৰ সেৱক চাফনে যোচিয়াৰ ওচৰলৈ সেই নুৰা লৈ যায় আৰু তেওঁক পঢ়ি শুনায়। ৰজা যোচিয়াই বুজি পালে যে লোকসকলে বহু বছৰৰ পৰা যিহোৱাৰ নিয়ম পালন কৰা নাই। তেওঁ হিল্কিয়াক কʼলে, ‘আমাৰ ওপৰত যিহোৱাৰ বহুত খং উঠিছে। তুমি গৈ তেওঁৰ লগত কথা পাতা। তেওঁ আমাক জনাব যে আমি কি কৰিব লাগিব।’ যিহোৱাই হুলদা নামৰ এজনী ভৱিষ্যবক্তাৰ যোগেদি কʼলে, ‘যিহূদাৰ লোকসকলে মোক এৰি দিছে, সেইবাবে মই তেওঁলোকক শাস্তি দিম। কিন্তু যোচিয়া যেতিয়ালৈকে ৰজা হৈ থাকিব, তেতিয়ালৈকে এইদৰে নহʼব, কিয়নো তেওঁ নিজকে নম্ৰ কৰিছে।’
যেতিয়া ৰজা যোচিয়াই এই কথা শুনিলে, তেতিয়া তেওঁ মন্দিৰলৈ গʼল আৰু যিহূদাৰ লোকসকলক একগোট কৰিলে আৰু তাৰ পাছত তেওঁ যিহোৱাৰ নিয়ম তেওঁলোকক পঢ়ি শুনালে। যোচিয়া আৰু লোকসকলে প্ৰতিজ্ঞা কৰিলে যে তেওঁলোকে সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ আজ্ঞা পালন কৰিব।
যিহূদাৰ লোকসকলে বহু বছৰৰ পৰা নিস্তাৰ-পৰ্ব পালন কৰা নাছিল। কিন্তু যোচিয়াই যেতিয়া নিয়মত পঢ়িলে যে প্ৰতি বছৰ নিস্তাৰ-পৰ্ব পালন কৰা উচিত, তেতিয়া তেওঁ লোকসকলক কʼলে, ‘আমি যিহোৱাৰ কাৰণে নিস্তাৰ-পৰ্ব পালন কৰিম।’ যোচিয়াই বহুতো বলিদান আগবঢ়াবলৈ আৰু গায়কৰ দলে মন্দিৰত গীত গাবলৈ ব্যৱস্থা কৰিলে। তাৰ পাছত দেশৰ লোকসকলে নিস্তাৰ-পৰ্ব পালন কৰিলে আৰু ইয়াৰ পাছত খমিৰ নোহোৱা ৰুটিৰ উৎসৱ পালন কৰিলে, যি সাত দিনলৈকে চলিছিল। চমূৱেলৰ সময়ৰ পৰা তেতিয়ালৈকে এনেধৰণৰ উৎসৱ পালন কৰা হোৱা নাছিল। যোচিয়াই যিহোৱাৰ নিয়মক প্ৰেম কৰিছিল। তুমিও যিহোৱাৰ বিষয়ে শিকি ভাল পোৱা নে?
“তোমাৰ বাক্য মোৰ ভৰিৰ নিমিত্তে প্ৰদীপস্বৰূপ, আৰু মোৰ পথৰ দীপ্তিস্বৰূপ।”—গীতমালা ১১৯:১০৫