কাহিনী ৯৪
সৰু লʼৰা-ছোৱালীৰ প্ৰতি যীচুৰ প্ৰেম
যীচুয়ে সৰু লʼৰাটোক কেনেকৈ মৰমেৰে আঁকোৱালি ধৰিছে দেখিছানে? ইয়াকে দেখি আমি কʼব পাৰোঁ যে তেওঁ সৰু লʼৰা-ছোৱালীবোৰক বৰ ভাল পায়। যীচুৰ সন্মুখত থকা লোককেইজন হৈছে তেওঁৰ পাঁচনি। যীচুয়ে তেওঁলোকক কি কৈছে তোমালোকে জানানে? আহাঁ আমি ইয়াৰ বিষয়ে চাওঁ।
যীচু আৰু তেওঁৰ পাঁচনিসকলে এক দীঘলীয়া যাত্ৰাৰপৰা উভতি আহিছে। বাটত পাঁচনিসকলৰ মাজত তৰ্ক-বিতৰ্ক হৈছিল। যাত্ৰাৰ অন্তত যীচুয়ে তেওঁলোকক সুধিলে: ‘তোমালোকে বাটত কি বিষয় লৈ তৰ্ক কৰিছিলা?’ প্ৰকৃততে পাঁচনিসকলে কিহৰ বিষয়ে তৰ্ক কৰিছিল, তাক যীচুয়ে ভালদৰে জানে। কিন্তু যীচুয়ে তেওঁলোকৰ মুখৰপৰা এই কথা শুনিব বিচাৰিছিল।
পাঁচনিসকলে যীচুক একো উত্তৰ নিদিলে। কিয়নো তেওঁলোকে নিজৰ ভিতৰত কোন শ্ৰেষ্ঠ হয়, তাক লৈ তৰ্ক কৰিছিল। কিছুমান পাঁচনিয়ে নিজক শ্ৰেষ্ঠ বুলি ভাবিছিল। নিজকে আনতকৈ শ্ৰেষ্ঠ বুলি ভবাটো যে উচিত নহয়, তাক যীচুয়ে তেওঁলোকক কেনেকৈ শিকাব বাৰু?
যীচুয়ে এটা সৰু লʼৰাক মাতি আনি তেওঁলোকৰ সন্মুখত থিয় কৰালে। ইয়াৰ পাছত তেওঁ পাঁচনিসকলক কʼলে: ‘মই তোমালোকক কওঁ যে যদি তোমালোকে শিশুবিলাকৰ নিচিনা নোহোৱা, তেন্তে স্বৰ্গৰাজ্যত কোনোমতে সোমাবলৈ নাপাবা। এতেকে যিকোনোৱে এই লʼৰাটিৰ নিচিনা নিজকে সৰু কৰে, তেওঁহে স্বৰ্গৰাজ্যত শ্ৰেষ্ঠ হʼব।’ যীচুয়ে এইদৰে কোৱাৰ কাৰণ কি বাৰু তোমালোকে জানানে?
সাধাৰণতে সৰু সৰু লʼৰা-ছোৱালীয়ে আনৰ তুলনাত নিজকে ডাঙৰ বা সৰু বুলি নাভাবে। গতিকে পাঁচনিসকলে এই সৰু সৰু লʼৰা-ছোৱালীৰ দৰে হোৱা উচিত। তেওঁলোকে নিজৰ ভিতৰত শ্ৰেষ্ঠ কোন হয়, তাক লৈ তৰ্ক কৰা উচিত নহয়।
আন সময়তো যীচুয়ে দেখুৱাইছিল যে তেওঁ সৰু লʼৰা-ছোৱালীবোৰৰ প্ৰতি কিমান যত্ন লয়। কেইমাহমানৰ পাছত কিছুমান লোকে তেওঁলোকৰ লʼৰা-ছোৱালীবোৰক লগত লৈ যীচুৰ ওচৰলৈ আহিল। কিন্তু পাঁচনিসকলে সৰু সৰু লʼৰা-ছোৱালীবোৰক যীচুৰ ওচৰলৈ আহিবলৈ বাধা দিলে। যীচুয়ে পাঁচনিসকলক কʼলে: ‘শিশুবিলাকক মোৰ ওচৰলৈ আহিবলৈ দিয়া, তেওঁলোকক বাধা নিদিবা। কিয়নো স্বৰ্গৰাজ্য এনে লোকসকলৰ বাবেহে।’ ইয়াৰ পাছত যীচুয়ে লʼৰা-ছোৱালীবোৰক আঁকোৱালি ধৰি আশীৰ্ব্বাদ কৰিলে। যীচুয়ে এইদৰে সৰু লʼৰা-ছোৱালীবোৰক মৰম কৰা দেখি আমাক ভাল নালাগেনে?