ভাগ ৮
বাইবেলৰ ভৱিষ্যতবাণীবোৰ নিশ্চয় পূৰ হʼব
বাইবেলে কেৱল অতীতৰ ঘটনাবোৰেই বৰ্ণনা কৰিছে এনে নহয়, কিন্তু ভৱিষ্যতে হʼবলগীয়া ঘটনাবোৰৰ বিষয়েও বৰ্ণনা কৰিছে। ভৱিষ্যতে কি হʼব, তাৰ বিষয়ে মানুহে কʼব নোৱাৰে। গতিকে আমি নিশ্চিত হʼব পাৰোঁ যে বাইবেল হৈছে ঈশ্বৰৰ প্ৰেৰণাত লিখা এখন কিতাপ। কিন্তু প্ৰশ্ন হʼব পাৰে যে ভৱিষ্যতৰ বিষয়ে বাইবেলে কি কৈছে?
বাইবেলে আমাক ঈশ্বৰৰ এখন ডাঙৰ যুদ্ধৰ বিষয়ে বৰ্ণনা কৰিছে। এই যুদ্ধত ঈশ্বৰে পৃথিৱীৰপৰা সকলো দুষ্টতা আৰু দুষ্ট লোকসকলক নাইকিয়া কৰিব। কিন্তু ঈশ্বৰক সেৱা কৰা লোকসকলক তেওঁ উদ্ধাৰ কৰিব। ঈশ্বৰে নিৰ্ব্বাচন কৰা ৰজাজন হৈছে যীচু খ্ৰীষ্ট। তেওঁৰ শাসনৰ অধীনত ঈশ্বৰৰ সেৱকসকলে শান্তি আৰু আনন্দত বাস কৰিব আৰু তেওঁলোকৰ কেতিয়াও বেমাৰ বা মৃত্যু নহʼব।
ঈশ্বৰে এই পৃথিৱীখনক প্ৰমোদবনলৈ ৰূপান্তৰ কৰিব বুলি জানি আমি আনন্দিত নহওঁনে? যদি আমি এই প্ৰমোদবনত বাস কৰিব বিচাৰোঁ, তেনেহʼলে আমাক কিবা কৰাৰ প্ৰয়োজন আছে। ঈশ্বৰক সেৱা কৰা লোকসকলৰ বাবে কি আশীৰ্ব্বাদ আছে আৰু সেইবোৰ লাভ কৰিবলৈ কি কৰা উচিত, ইয়াৰ বিষয়ে আমি এই কিতাপখনৰ অন্তিম কাহিনীটোত শিকিবলৈ পাম। গতিকে, অনুগ্ৰহ কৰি অষ্টম ভাগটো পঢ়ক আৰু ভৱিষ্যতৰ বিষয়ে বাইবেলে কি কৈছে তাৰ বিষয়ে জানক।