আপুনি সত্যৰ বিষয়ে জানিবলৈ বিচাৰেনে?
কিহৰ বিষয়ে এই সত্য? এনে গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক যি মানৱ জাতিয়ে কেতিয়াও সোধা নাই। হয়তো আপুনিও কিছুমান প্ৰশ্নৰ বিষয়ে আচৰিত হৈছে, যেনে:
প্ৰকৃততে ঈশ্বৰে আমাৰ যত্ন লয়নে?
আমি ভুগি থকা দুখকষ্ট আৰু যুদ্ধৰ কেতিয়াবা অন্ত হʼবনে?
যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া কি হয়?
মৃত লোকসকলৰ বাবে কিবা আশা আছেনে?
আমি কেনেদৰে প্ৰাৰ্থনা কৰিলে ঈশ্বৰে গ্ৰহণ কৰিব?
মই জীৱনত প্ৰকৃত আনন্দ কেনেকৈ বিচাৰি পাম?
আপুনি এই প্ৰশ্নবোৰৰ উত্তৰ কʼত বিচাৰি পাব? যেতিয়া আপুনি বেলেগ বেলেগ ব্যক্তিক এই বিষয়ে সুধে, তেওঁলোকে বিভিন্ন ধৰণে উত্তৰ দিয়ে। আনকি ধৰ্ম্মগুৰু সকলেও বেলেগ বেলেগ মতা-মত পোষণ কৰে। তদুপৰি যদি আপুনি লাইব্ৰেৰী আৰু কিতাপৰ দোকানত যায, তাত তেনে উত্তৰৰ বাবে বহুতো কিতাপ নিশ্চয় বিচাৰি পাব। এই কিতাপবিলাকত বিভিন্ন ধৰণৰ মতা-মত পোৱা যায়। কিছুমান কিতাপ অলপ দিনৰ বাবে উপযোগী হয় কিন্তু অতি সোনকালে ইয়াৰ প্ৰচলন বন্ধ বা সংশোধন কৰিবলগীয়া হয়।
তথাপিও এনে এখন কিতাপ আছে যʼত নিৰ্ভৰযোগ্য উত্তৰ পোৱা যায়। সেইখন হৈছে সত্যৰ কিতাপ। যিচু খ্ৰীষ্টই ঈশ্বৰলৈ এইদৰে প্ৰাৰ্থনা কৰিছিল: “তোমাৰ বাক্যেই সত্য।” (যোহন ১৭:১৭) বৰ্তমান সময়ত আমি জানো যে সেই বাক্য হৈছে পবিত্ৰ বাইবেল। ওপৰত উল্লেখিত প্ৰশ্নসমূহৰ স্পষ্ট আৰু বাইবেলৰ সত্য উত্তৰবোৰ আপুনি পৰৱৰ্তী পৃষ্ঠাবিলাকত পাব।
প্ৰকৃততে ঈশ্বৰে আমাৰ যত্ন লয়নে?
কিয় এই প্ৰশ্নৰ উদয় হয়: আমি এনে এখন জগতত বাস কৰিছোঁ যʼত নিষ্ঠুৰতা আৰু অন্যায়েৰে ভৰি আছে। আজি বহুতো ধৰ্ম্মই শিক্ষা দিয়ে যে আমি দুখকষ্ট ভুগ কৰাটোৱে হৈছে ঈশ্বৰৰ ইচ্ছা।
বাইবেলে এই বিষয়ে কি শিকায়: প্ৰকৃততে আমি ভুগি থকা দুখকষ্টৰ বাবে ঈশ্বৰ দায়ী নহয়। ইয়োব ৩৪:১০ পদত এইদৰে বৰ্ণনা কৰিছে, “ঈশ্বৰে যে কুকৰ্ম্ম কৰিব, আৰু সৰ্ব্বশক্তিমান জনাই যে অন্যায় কৰিব, এয়ে তেওঁৰ পৰা দূৰে থাকক।” মানৱ জাতিৰ বাবে ঈশ্বৰৰ এক প্ৰেমপূৰ্ণ উদেশ্ব্য আছে। সেইবাবে যিচুৱে আমাক এইদৰে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল: “হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পুজনীয় হওক। তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিবীতো তোমাৰ ইচ্ছা পূৰ হওক।” (মথি ৬:৯, ১০) ঈশ্বৰে আমাক বহুত যত্ন লয় আৰু তেওঁৰ উদ্দেশ্ব্য আছিল যে এই পৃথিৱীত গোটেই মানৱ জাতিয়ে সুখ আৰু আনন্দৰে অনন্ত জীৱন জীয়াই থকা। তেওঁ সেই উদ্দেশ্ব্যক পূৰ্ণ কৰিবলৈ নিজৰ একমাত্ৰ পুত্ৰক আমাৰ বাবে বলিদান কৰিলে।—যোহন ৩:১৬।
আদিপুস্তক ১:২৬-২৮; যাকোব ১:১৩; ১ পিতৰ ৫:৬, ৭ চাওক।
আমি ভুগি থকা দুখকষ্ট আৰু যুদ্ধৰ কেতিয়াবা অন্ত হʼবনে?
কিয় এই প্ৰশ্নৰ উদয় হয়: আজি যুদ্ধৰ বাবে হজাৰ হাজাৰ লোকোৰ মৃত্যু হৈছে আৰু ইয়াৰ বাবে আমি সকলোৱে কম বেছি পৰিমানে দুখকষ্ট ভুগিবলগীয়া হৈছে।
বাইবেলে এই বিষয়ে কি শিকায়: ঈশ্বৰে ভৱিষ্যতবাণী কৰিছিল যে তেওঁ গোটেই পৃথিৱীজুৰি শান্তি ষ্ঠাপন কৰিব। এক ৰ্স্বগীয় চৰকাৰৰ অধীনত ঈশ্বৰ ৰাজ্যত থকা লোকসকলে কেতিয়াও যুদ্ধ নকৰিব। তাৰ পৰিবৰ্তে, তেওঁলোকে “তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াব” (যিচয়া ২:৪) ঈশ্বৰে সকলো অন্যায় আৰু দুখকষ্টৰ অন্ত কৰিব। বাইবেলে এইদৰে প্ৰতিজ্ঞা কৰিছে: “[ঈশ্বৰে] তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব; প্ৰথমবোৰ গুচিল [ইয়াত জড়িত আছে বৰ্তমানে আমি ভুগি থকা অন্যায় আৰু দুখকষ্টৰবোৰ]।” প্ৰকাশিত বাক্য ২১:৩, ৪।
গীতমালা ৩৭:১০, ১১; ৪৬:৯; মীখা ৪:১-৪ চাওক।
যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া কি হয়?
কিয় এই প্ৰশ্নৰ উদয় হয়: পৃথিৱীৰ বেছিভাগ ধৰ্ম্মই শিকায় যে মৃত্যুৰ পাছতো এজন ব্যক্তিৰ শৰীৰৰ ভিতৰত কিবা এটা জীয়াই থাকে। আন কিছুমানে বিশ্বাস কৰে যে মৃতসকলে জীৱিত লোকসকলক হানি কৰিব পাৰে বা ঈশ্বৰে দুষ্টলোকক নৰকৰ জুইত শাস্তি দিয়ে।
বাইবেলে এই বিষয়ে কি শিকায়: মৃত্যুৰ পিছত মানুহৰ একোৱেই অস্তিত্ব নাথাকে। উপদেশক ৯:৫ পদত বৰ্ণনা কৰিছে যে, “মৃত লোকবিলাকে. . .সিহঁতৰ স্মৃতি লুপ্ত হয়।” যিহেতু মৃতসকলৰ কোনো অনুভূতি নাই বা একো অনুভৱ কৰিব নোৱাৰে, তেওঁলোকে একোৱেই নাজানে, আনকি তেওঁলোকে জীৱিত লোকক কোনো অনিষ্ট বা সহায়ো কৰিব নোৱাৰে। গীতমালা ১৪৬:৩, ৪।
আদিপুস্তক ৩:১৯; উপদেশক ৯:৬, ১০ চাওক।
মৃত লোকসকলৰ বাবে কিবা আশা আছেনে?
কিয় এই প্ৰশ্নৰ উদয় হয়: আমি জীয়াই থাকি আমাৰ আপোন লোকসকলৰ লগত জীৱনৰ আনন্দ লব বিচাৰো। এইটো স্বাভাৱিক যে আমি আমাৰ প্ৰিয় মৃত লোকসকলক পুনৰ এই পৃথিৱীত দেখিবলৈ আশা কৰোঁ।
বাইবেলে এই বিষয়ে কি শিকায়: মৃত্যু হোৱা বেছিভাগ লোকৰ পুনৰুত্থান হব। যিচুৱে প্ৰতিজ্ঞা কৰি কৈছিল যে, “কিয়নো যি কালত মৈদামত থকা সকলোৱে . . . ওলাব।” (যোহন ৫:২৮, ২৯) ঈশ্বৰৰ আৰম্ভণিৰ উদ্দেশ্যৰ সামঞ্জস্য ৰাখি, পুনৰুত্থান হোৱা লোকসকলে গোটেই পৃথিৱীজুৰি হোৱা এক সন্দুৰ বাগীচাৰূপী পৰমদেশত জীয়াই থাকিবলৈ সুযোগ পাব। (লূক ২৩:৪৩) তদুপৰি আজ্ঞাকাৰী সকলো মানৱৰ বাবে প্ৰতিজ্ঞা কৰা ভৱিষ্যত হৈছে, সুস্ঠ স্বাস্থ্য আৰু অনন্ত কালৰ জীৱন। এই বিষয়ে বাইবেলে কৈছে: “ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।” গীতমালা ৩৭:২৯।
ইয়োব ১৪:১৪, ১৫; লূক ৭:১১-১৭; পাঁচনিৰ কৰ্ম্ম ২৪:১৫ চাওক।
আমি কেনেদৰে প্ৰাৰ্থনা কৰিলে ঈশ্বৰে গ্ৰহণ কৰিব?
কিয় এই প্ৰশ্নৰ উদয় হয়: বাস্তৱতে পৃথিৱীৰ সকলো ধৰ্ম্মৰ লোকে প্ৰাৰ্থনা কৰে। তথাপিও, বহুতোলোকে অনুভৱ কৰে যে ঈশ্বৰে তেওঁলোকৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়া নাই।
বাইবেলে এই বিষয়ে কি শিকায়: যিচুৱে আমাক কৈছিল যে প্ৰাৰ্থনা কৰোতে বাৰে বাৰে একেটা কথাকে পুনৰুক্তি কৰা উচিত নহয়। তেওঁ কৈছিল যে, “প্ৰাৰ্থনা কৰা কালত. . .অনৰ্থক পুনৰুক্ৰি নকৰিবা।” (মথি ৬:৭) যদি ঈশ্বৰে আমাৰ প্ৰাৰ্থনা গ্ৰহণ কৰাটো বিচাৰো, তেনেহʼলে আমি তেওঁ সমৰ্থন কৰা অনুসাৰে প্ৰাৰ্থনা কৰিব লাগিব। সেই দৰে কৰিবলৈ হʼলে, আমি ঈশ্বৰৰ ইচ্ছা কি তাক জানিব লাগিব আৰু সেই অনুসাৰে প্ৰাৰ্থনা কৰা উচিত। প্ৰথম যোহন ৫:১৪ পদত এইদৰে বৰ্ণনা কৰিছে, “আমি যদি তেওঁৰ ইচ্ছাৰ দৰে কিবা যাচ্না কৰোঁ, তেন্তে তেওঁ আমাৰ সেই যাচ্না শুনে।”
গীতমালা ৬৫:২; যোহন ১৪:৬, ১৪; ১ যোহন ৩:২২ চাওক।
মই জীৱনত প্ৰকৃত আনন্দ কেনেকৈ বিচাৰি পাম?
কিয় এই প্ৰশ্নৰ উদয় হয়: বহুতোলোকে বিশ্বাস কৰে যে টকা-পইচা, সুখ্যাতি বা সৌন্দৰ্য্যই তেওঁলোকক প্ৰকৃত আনন্দ দিব পাৰে। কিন্তু যেতিয়া এজন ব্যক্তিৰ জীৱনত এই সকলোবোৰ আহে, তেওঁ অনুভৱ কৰে যে প্ৰকৃত আনন্দ তেওঁ এতিযাও বিচাৰি পোৱা নাই।
বাইবেলে এই বিষয়ে কি শিকায়: যিচুৱে প্ৰকৃত আনন্দৰ মূখ্য কাৰণ উল্লেখ কৰি কৈছিল: ‘ধাৰ্ম্মিকতালৈ ভোক লগাবিলাক ধন্য।’ (মথি ৫:৬) যদিহে আমি আমাৰ মুখ্য প্ৰয়োজনতা পূৰ কৰো তেতিয়াহে আমি প্ৰকৃত আনন্দ বিচাৰি পাম। সেইয়া হৈছে ঈশ্বৰৰ বিষয়ে সত্যতা জনা আৰু মানৱজাতিৰ বাবে ৰখা তেওঁৰ উদ্দেশ্যৰ প্ৰতি হাবিয়াহ থকা। বাইবেলত সেই সত্য বিচাৰি পোৱা যায়। যেতিয়া আমি সত্যতাৰ বিষয়ে জানিম তেতিয়া এই সত্যই আমাৰ জীৱনৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্ণয়বোৰ লবলৈ সহায় কৰিব। বাইবেলৰ সত্যক যেতিয়া আমাৰ নিৰ্ণয়, আচৰণ আৰু পঠ-প্ৰদৰ্শক হিচাপে আমি গ্ৰহণ কৰো তেতিয়া আমাৰ জীৱনত প্ৰকৃত আনন্দ বিচাৰি পাম।—লূক ১১:২৮।
হিতোপদেশ ৩:৫, ৬, ১৩-১৮; ১ তীমথিয় ৬:৯, ১০ চাওক।
এই ছটা প্ৰশ্নৰ উত্তৰ বাইবেলৰ পৰা সংক্ষেপতে দিয়া হৈছে। আপুনি ইয়াতকৈ অধিক জানিব বিচাৰেনে? নিহন্দেহ, আপুনিও ‘ধাৰ্ম্মিকতালৈ ভোক লগাবিলাকৰ’ এজনা। হয়তো আপুনি আৰু অন্য কিছুমান প্ৰশ্নৰ উত্তৰ জানিবলৈ ইচ্ছা কৰিব পাৰে, উদাহৰণচ্বৰূপে: ‘যদি ঈশ্বৰে আমাৰ যত্ন লয়, তেনেহʼলে তেওঁ কিয় গোটেই ইতিহাসজুৰি, দুষ্টতা আৰু দুখকষ্টৰ অনুমতি দিছে? মই মোৰ পাৰিবাৰিক জীৱন সুখি কৰিবলৈ আৰু কি কৰিব পাৰো? ইয়াৰ উপৰিও বাইবেলে এই প্ৰশ্নবোৰৰ লগতে আৰু বহুতো প্ৰশ্নৰ উত্তৰ সন্তোষজনক ভাৱে দিছে।
তথাপিও, আপুনি হয়তো বাইবেলখন কেতিয়াও দেখা নাই বা এইখন এখন ডাঙৰ কিতাপ আৰু বুজিবলৈ কঠিন বুলি ভাবি পঢ়িবলৈ সংকুচ কৰিব পাৰে। কিন্তু আপুনি বাইবেলৰ পৰা এই প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ সহায় বিচাৰেনে? যিহোৱাৰ সাক্ষীসকলে আপোনালৈ দুই প্ৰকাৰে সহায় আগবঢ়াইছে।
প্ৰথমটো হৈছে এখন কিতাপ, বাইবেলে প্ৰকৃততে কি শিকায়? এই কিতাপখন ব্যস্ত লোকসকলৰ বাবে তৈয়াৰ কৰা হৈছে, যাৰ যোগেদি বহুতো গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ বাইবেলৰ পৰা সঠিকৰূপে পাব। দ্বিতীয় ব্যৱষ্ঠাটো হৈছে এক ঘৰুৱা বাইবেল অধ্যয়নৰ কাৰ্য্যসূচী। এজন যিহোৱাৰ সাক্ষীয়ে বিনামূলীয়াকৈ আপোনাৰ সুবিধাজনক সময় অনুসাৰে, প্ৰতি সপ্তাহে আপোনাৰ লগত বাইবেলৰ পৰা অলপ সময় আলোচনা কৰিব। আজি লাখ লাখ লোকে এই কাৰ্য্যসূচীৰ দ্বাৰা লাভৱান হৈছে। বহুতো লোকে ৰোমাঞ্চিত হৈ এই মিমাংখালৈ আহিছে: “মই সত্যক পালো!”
ইয়াতকৈ আৰু অমূল্য ৰত্ন কতো বিচাৰি নাপাব। বাইবেলৰ সত্যই আমাক অন্ধবিশ্বাস, হতবুদ্ধিহোৱা আৰু অস্বাভাৱিক ভয়ৰ পৰা মুক্ত কৰে। এই সত্যই আমাক আশা, জীৱনৰ বাবে এক উদ্দেশ্য আৰু সকলো প্ৰকাৰৰ আনন্দ দিয়ে। যিচুৱে কৈছিল: “তোমালোকে সত্যক জানিবা, আৰু সেই সত্যেই তোমালোকক মুক্ত কৰিব।”—যোহন ৮:৩২।