ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • jl পাঠ ২৮
  • আমাৰ ৱেবছাইটত কি কি আছে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমাৰ ৱেবছাইটত কি কি আছে?
  • বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
  • মিল থকা বিষয়
  • জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ কʼত বিচাৰি পাম?
    জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ আমি কʼত বিচাৰি পাম?
  • আপুনি কেতিয়াবা চিন্তা কৰিছেনে?
    সচেতন থাকক!—২০১৯
  • JW.ORG-ৰ মূখ্য পেজ ব্যৱহাৰ কৰি আনক প্ৰচাৰ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
আৰু চাওক
বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
jl পাঠ ২৮

পাঠ ২৮

আমাৰ ৱেবছাইটত কি কি আছে?

এগৰাকী মহিলাই তাইৰ লেপট’পত অনুসধান কৰিছ

ফ্ৰান্স

এটা পৰিয়ালে কপউটাৰ ব্যৱহাৰ কৰিছ

পোলেণ্ড

এগৰাকী মহিলাই সকতিক ভাষাৰ ভিডিঅ’ অনলাইনত চাইছ

ৰাছিয়া

যীচু খ্ৰীষ্টই তেওঁৰ শিষ্যসকলক কৈছিল: “এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক; তাতে তেওঁবিলাকে তোমালোকৰ ভাল কৰ্ম্ম দেখি, স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব।” (মথি ৫:১৬) বৰ্তমান সময়ত, আমি আধুনিক প্ৰযুক্তিবোৰ ভালদৰে ব্যৱহাৰ কৰিছোঁ। ইয়াৰ ভিতৰত এটা হৈছে ইণ্টাৰনেট। আমাৰ অফিচিয়েল ৱেবছাইটতো হৈছে jw.org আৰু ইয়াত যিহোৱাৰ সাক্ষীসকলৰ বিশ্বাস আৰু কাৰ্য্যবোৰৰ বিষয়ে বৰ্ণনা আছে। এই ৱেবছাইটত আপুনি কি কি দেখিবলৈ পাব?

প্ৰশ্নবোৰৰ উত্তৰ বাইবেলৰপৰা দিয়া হয়। সাধাৰণতে লোকসকলে সোধা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আপুনি বিচাৰি পাব। উদাহৰণস্বৰূপে, দুখ-কষ্টৰ অন্ত হʼবনে? আৰু মৃত লোকসকল পুনৰ জীৱিত হʼবনে? এই ট্ৰেক্ট কেইখন ৬০০ তকৈ বেছি ভাষাত অনলাইনত উপলব্ধ আছে। এই ৱেবছাইটত ১৩০ তকৈ বেছি ভাষাত নতুন পৃথিৱী অনুবাদ নামৰ বাইবেলখন উপলদ্ধ আছে। ইয়াৰ উপৰিও, বাইবেল অধ্যয়নৰ বাবে বহুতো কিতাপ আৰু আলোচনী পোৱা যায়। উদাহৰণস্বৰূপে, বাইবেলে প্ৰকৃততে কি শিকায়? নামৰ কিতাপ, প্ৰহৰীবুৰুজ আৰু সচেতন থাকক! নামৰ আলোচনী আদি আপুনি বিচাৰি পাব। ইয়াৰে বহুতো প্ৰকাশন অনলাইনত পঢ়িব বা শুনিব পাৰে বা MP3, PDF বা EPUB ফৰমেট্‌ত ডাউনলʼড কৰিব পাৰে। আনকি আপুনি কোনো আগ্ৰহী ব্যক্তিক তেওঁ জনা ভাষাত কিছু আলোচনী প্ৰিন্ট কৰি দিব পাৰে। বিভিন্ন সংকেতিক ভাষাত আমাৰ বহুতো ভিডিঅ’ আছে। নাটকৰ আকাৰত বাইবেল পঢ়া, বাইবেলৰ আধাৰত নাটক আৰু বহুতো সঙ্গীত এই ৱেবছাইটৰপৰা ডাউনলʼড কৰিব পাৰে।

যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সত্য খবৰ। পৃথিৱীজুৰি হৈ থকা আমাৰ কাৰ্য্যবোৰৰ ভিডিঅ’ আৰু যিহোৱাৰ সাক্ষীসকলৰ লগত জড়িত ঘটনা, আমি কৰা উদ্ধাৰৰ কাৰ্য্য আৰু শেহতীয়া খবৰবোৰ এই ৱেবছাইটৰ যোগেদি প্ৰকাশ কৰা হয়। হʼবলগীয়া অধিৱেশন আৰু বিভিন্ন দেশৰ শাখা কাৰ্য্যালয়বোৰৰ যোগাযোগৰ ঠিকনা থাকে।

এই মাধ্যমৰ যোগেদি আমি সত্যৰ বিষয়ে পৃথিৱীৰ চুকে-কোনে জনাবলৈ সক্ষম হৈছোঁ। সকলো মহাদেশৰ লগতে এণ্টাৰ্কটিকাৰ লোকসকলেও এই ৱেবছাইটৰপৰা লাভৱান হৈছে। আমি প্ৰাৰ্থনা কৰোঁ যে ঈশ্বৰৰ বাক্য ‘দ্ৰুতগতিৰে’ তেওঁৰ মহিমাৰ বাবে পৃথিৱীৰ চাৰিওফালে বিয়পি পৰক।—২ থিচলনীকীয়া ৩:১.

  • কেনেকৈ jw.org ৱেবছাইটে লোকসকলক বাইবেলৰ সত্য শিকিবলৈ সহায় কৰিছে?

  • আমাৰ ৱেবছাইটত আপুনি কি বিচাৰিবলৈ ইচ্ছা কৰে?

কিন্তু সাৱধান হʼব:

কিছুমান ৱেবছাইটে আমাৰ সংগঠনৰ বিষয়ে মিছা তথ্য প্ৰকাশ কৰে। তেওঁলোকৰ উদ্দেশ্য হৈছে লোকসকলক যিহোৱা ঈশ্বৰক উপাসনা কৰাৰপৰা দূৰ কৰা। এনে ৱেবছাইটবোৰৰপৰা আমি আঁতৰি থকা উচিত।—গীতমালা ১:১; ২৬:৪; ৰোমীয়া ১৬:১৭.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক