ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • yc পাঠ ১ পৃষ্ঠা ৪-৫
  • এক গোপন কথা জনাৰ আনন্দ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এক গোপন কথা জনাৰ আনন্দ
  • আপোনাৰ সন্তানক শিক্ষা দিয়ক
  • মিল থকা বিষয়
  • ঈশ্বৰে প্ৰতিজ্ঞা কৰা প্ৰমোদবন
    বাইবেলৰ কাহিনী
  • এই পৃথিবীৰ বাবে ঈশ্বৰৰ উদ্দেৰ্শ্য কি?
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • পৃথিৱীৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি?
    ঈশ্বৰৰপৰা এটা ভাল খবৰ!
  • প্ৰমোদবনত জীৱন কেনে আছিল?
    ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
আপোনাৰ সন্তানক শিক্ষা দিয়ক
yc পাঠ ১ পৃষ্ঠা ৪-৫
যীচুৱে লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে বৰ্ণনা কৰাৰ সময়ত স্বৰ্গদূতসকলে শুনিছ

১

এক গোপন কথা জনাৰ আনন্দ

কেতিয়াবা তোমাক কোনোবাই কিবা গোপন কথা কৈছেনে?—a বাইবেলত এক বিশেষ “নিগূঢ়-তত্ত্ব” অৰ্থাৎ গোপন কথাৰ বিষয়ে উল্লেখ আছে। এই কথা গুৰুত্বপূৰ্ণ, কিয়নো ই ঈশ্বৰৰপৰা হয়। এই বিষয় গোপন, কাৰণ ইয়াৰ বিষয়ে কোনেও নাজানিছিল। আনকি, স্বৰ্গদূতসকলেও এই বিষয়ে জনা নাছিল। তুমি এই গোপন কথাষাৰৰ বিষয়ে জানিব বিচাৰানে?—

স্বৰ্গদূতসকলে কি কৰিছে তুমি জানানে?

বহুবছৰৰ আগতে, ঈশ্বৰে প্ৰথম পুৰুষ আৰু স্ত্ৰীক সৃষ্টি কৰিছিল। পুৰুষজনৰ নাম আদম আৰু স্ত্ৰীৰ নাম হৱা আছিল। ঈশ্বৰে তেওঁলোকক এক সুন্দৰ বাগিচাত থাকিবলৈ দিছিল আৰু সেই বাগিচাখনৰ নাম আছিল এদন। যদি আদম আৰু হৱাই ঈশ্বৰৰ কথা শুনিলেহেঁতেন, তেনেহʼলে তেওঁলোকে গোটেই পৃথিৱীখনক এক সুন্দৰ বাগিচাৰ দৰে কৰিব পাৰিলেহেঁতেন। তেওঁলোকে সেই বাগিচাত চিৰদিনৰ বাবে জীয়াই থাকিব পাৰিলেহেঁতেন। আদম আৰু হৱাই কি কৰিলে তুমি জানানে?—

আদম আৰু হৱাই ঈশ্বৰৰ কথা নুশুনিলে। তেওঁলোকে ঈশ্বৰৰ কথা নুশুনাৰ বাবে আজি আমি এক সুন্দৰ বাগিচাৰ দৰে পৃথিৱীত থাকিবলৈ পোৱা নাই। কিন্তু ঈশ্বৰে কৈছিল যে তেওঁ গোটেই পৃথিৱীখন এক সুন্দৰ বাগিচালৈ পৰিৱৰ্তন কৰিব। ইয়াত লোকসকলে চিৰদিনৰ বাবে জীয়াই থাকিব। ঈশ্বৰে এয়া কেনেকৈ কৰিব? বহুবছৰ ধৰি লোকসকলে ইয়াৰ বিষয়ে জনা নাছিল। কিয় জনা নাছিল বাৰু? কাৰণ এই কথা গোপন হৈ আছিল।

যীচুৱে এই পৃথিৱীত থকাৰ সময়ত, এই গোপন কথাষাৰৰ বিষয়ে লোকসকলক আৰু বেছিকৈ জানিবলৈ সহায় কৰিছিল। সেই কথাষাৰ হৈছে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে। ঈশ্বৰৰ ৰাজ্য অহাৰ বিষয়ে তেওঁ লোকসকলক প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল। এই ঈশ্বৰৰ ৰাজ্যই গোটেই পৃথিৱীখনক এক সুন্দৰ বাগিচালৈ পৰিৱৰ্তন কৰিব।

এই গোপন কথাষাৰ জনাৰ বাবে তুমি আনন্দিত নোহোৱানে?— আমি মনত ৰখা উচিত যে কেৱল যিহোৱা ঈশ্বৰৰ বাক্য পালন কৰা লোকসকলেহে সেই সুন্দৰ বাগিচাখনত থাকিব পাৰিব। যিহোৱা ঈশ্বৰৰ বাক্য পালন কৰা এনে বহুতো পুৰুষ আৰু তিৰোতাৰ নাম বাইবেলত উল্লেখ আছে। তেওঁলোকৰ বিষয়ে তুমি জানিব বিচাৰানে?— আহাঁ, আমি তেওঁলোকৰ মাজৰ কেইজনমানৰ বিষয়ে শিকোঁ আৰু তেওঁলোকৰ দৰে হʼবলৈ চেষ্টা কৰোঁ।

তোমাৰ বাইবেলৰপৰা পঢ়া

  • মাৰ্ক ৪:১১

  • ১ পিতৰ ১:১২

  • আদিপুস্তক ১:২৬-২৮; ২:৮, ৯; ৩:৬, ২৩

  • মথি ৬:৯, ১০

  • গীতমালা ৩৭:১১, ২৯

a এই কাহিনীবোৰত আপোনালোকে কিছুমান প্ৰশ্নৰ পাছত, এনেধৰণৰ (—) চিন দেখিবলৈ পাব। সেই সময়ত আপুনি ক্ষন্তেকৰ বাবে ৰওক আৰু সন্তানক উত্তৰ দিবলৈ সুযোগ দিয়ক।

প্ৰশ্ন:

  • আজি পৃথিৱীখন সুন্দৰ বাগিচাৰ দৰে কিয় হৈ থকা নাই?

  • বাইবেলত কি এক গোপন কথাৰ বিষয়ে উল্লেখ আছে?

  • যীচুৱে এই গোপন কথাৰ বিষয়ে লোকসকলক কি কৈছিল?

  • সুন্দৰ বাগিচাখনত থাকিবলৈ হʼলে তুমি কি কৰিব লাগিব?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক