পাঠ ৯
দীঘলীয়া সময়ৰ পাছত এটি লʼৰা জন্ম হʼল
অব্ৰাহাম আৰু চাৰাৰ বিয়া হোৱা বহু বছৰ হৈ গৈছিল। তেওঁলোকে ঊৰ চহৰত থকা নিজৰ ঘৰ এৰি দিছিল, যʼত তেওঁলোকে আৰামেৰে আছিল। কিন্তু এতিয়া তেওঁলোকে তম্বুত থাকিবলৈ আৰম্ভ কৰিছিল। তথাপিও চাৰাই এটাও মাত নামাতিলে, কিয়নো তেওঁ যিহোৱাৰ ওপৰত ভৰসা কৰিছিল।
চাৰাৰ এটি সন্তান হোৱাটো তেওঁৰ বহুত ইচ্ছা আছিল। সেইবাবে, তেওঁ অব্ৰাহামক কʼলে, ‘যদি মোৰ দাসী হাগাৰৰ এটি সন্তান হয়, তেনেহʼলে সি মোৰ সন্তানৰ দৰেই হʼব।’ কিছু সময়ৰ পাছত হাগাৰৰ এটি লʼৰা জন্ম হʼল। তাৰ নাম ইশ্মায়েল আছিল।
বহু বছৰৰ পাছত অব্ৰাহামৰ বয়স ৯৯ আৰু চাৰাৰ বয়স ৮৯ আছিল। তেতিয়া তেওঁলোকৰ তাত তিনিজন আলহী আহিল। অব্ৰাহামে তেওঁলোকক গছৰ তলত আৰাম কৰিবলৈ আৰু আহাৰ খাবলৈ কʼলে। জানা নে সেই তিনিজন আলহী কোন আছিল? তেওঁলোক স্বৰ্গদূত আছিল! তেওঁলোকে অব্ৰাহামক কʼলে, ‘অহা বছৰ এই সময়তে তোমাৰ পত্নী চাৰাৰ এটা লʼৰা জন্ম হʼব।’ চাৰাই তম্বুৰ ভিতৰৰ পৰা এই কথা শুনি আছিল। তেওঁ এয়া ভাবি হাঁহিবলৈ ধৰিলে, ‘মইতো ইমান বুঢ়ী হৈ গৈছোঁ, মোৰ কেনেকৈ সন্তান হʼব পাৰে?’
যিহোৱাৰ স্বৰ্গদূতে যিদৰে প্ৰতিজ্ঞা কৰিছিল, ঠিক সেইদৰে তাৰ পিছৰ বছৰত চাৰাই এটি লʼৰা জন্ম দিলে। অব্ৰাহামে তাৰ নাম ইচহাক ৰাখিলে, যাৰ অৰ্থ হৈছে ‘হাঁহি।’
যেতিয়া ইচহাক প্ৰায় ৫ বছৰৰ আছিল, তেতিয়া ইশ্মায়েলে ইচহাকক ঠাট্টা কৰি থকা চাৰাই প্ৰায়েই দেখিছিল। তেওঁ নিজৰ লʼৰাক বচাব বিচাৰিছিল। সেইবাবে, তেওঁ হাগাৰ আৰু ইশ্মায়েলক ঘৰৰ পৰা দূৰলৈ পঠিয়াই দিবলৈ অব্ৰাহামক কৈছিল। অব্ৰাহামে এইদৰে কৰিব বিচৰা নাছিল। কিন্তু যিহোৱাও ইচহাকক বচাব বিচাৰিছিল। সেইবাবে, তেওঁ অব্ৰাহামক কʼলে, ‘চাৰাৰ কথা শুনা, কিয়নো ইচহাকৰ যোগেদিয়েই মোৰ প্ৰতিজ্ঞা পূৰ হʼব। তুমি ইশ্মায়েলৰ বিষয়ে চিন্তা নকৰিবা। মই তাৰ চোৱা-চিতা কৰিম।’
“বিশ্বাসৰ কাৰণেই তেওঁ [চাৰাই] গৰ্ভধাৰণ কৰাৰ শক্তি পালে, কিয়নো তেওঁ বিশ্বাস কৰিছিল যে যিজন ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে, তেওঁ বিশ্বাসযোগ্য হয়।”—ইব্ৰী ১১:১১