পাঠ ২১
দশম বিপত্তি
মোচিয়ে ফৰৌণক কথা দিলে যে তেওঁ ফৰৌণৰ ওচৰলৈ আকৌ কেতিয়াও নাযাব। কিন্তু মোচিয়ে ফৰৌণৰ ওচৰৰ পৰা যোৱাৰ আগতে তেওঁ এইদৰে কʼলে, ‘আজি মাজৰাতি মিচৰৰ সকলো পৰিয়ালৰ প্ৰথম লʼৰা মৰি যাব। ফৰৌণৰ লʼৰাৰ পৰা লৈ দাসবিলাকৰ লʼৰাও মৰি যাব।’
যিহোৱাই ইস্ৰায়েলীসকলক এক বিশেষ ধৰণৰ আহাৰ খাবলৈ কʼলে। তেওঁ কʼলে, ‘এবছৰীয়া মতা ভেড়া পোৱালি বা এবছৰীয়া ছাগলী কাটিবা আৰু তাৰ তেজ ঘৰৰ চৌকাঠত লগাবা। তাৰ মাংস ভাজি খমিৰ নোহোৱা ৰুটিৰ লগত খাবা। তোমালোকে কাপোৰ আৰু জোতা পিন্ধি সাজু হৈ থাকিবা। আজি ৰাতি মই তোমালোকক মুকলি কৰিম।’ ভাবাচোন, ইস্ৰায়েলীসকলে এই কথা শুনি কিমান আনন্দিত হৈছিল!
মাজৰাতি মিচৰীয়াসকলৰ সকলো ঘৰৰ ওচৰত যিহোৱাৰ এজন স্বৰ্গদূত আহিল আৰু যিবোৰ ঘৰৰ চৌকাঠত তেজ লগোৱা নাছিল, সেইবোৰ ঘৰৰ প্ৰথম লʼৰাটোক স্বৰ্গদূতজনে মাৰি পেলালে। কিন্তু যিবোৰ ঘৰৰ চৌকাঠত তেজ লগোৱা আছিল, সেই পৰিয়ালক স্বৰ্গদূতে একো নকৰিলে। মিচৰীয়াসকলৰ ধনী-দুখীয়া সকলো পৰিয়ালৰ এটাকৈ লʼৰা মৰি গʼল। কিন্তু ইস্ৰায়েলীসকলৰ এটাও লʼৰা নমৰিল।
আনকি ফৰৌণৰ লʼৰাটোও মৰি গʼল। ইয়াৰ পাছত ফৰৌণে মানি লʼলে আৰু তেওঁ লগে লগে মোচি আৰু হাৰোণক কʼলে, ‘তোমালোকে ইয়াৰ পৰা গুচি যোৱা আৰু গৈ নিজৰ ঈশ্বৰৰ উপাসনা কৰা। লগতে নিজৰ জীৱ-জন্তুবোৰকো লৈ যোৱা!’
সেই ৰাতি জোন সম্পূৰ্ণৰূপে ওলাইছিল। তাৰ পোহৰত ইস্ৰায়েলীসকলে মিচৰৰ পৰা ওলাই গʼল। তেওঁলোকে ভাল ব্যৱস্থা কৰিছিল। তেওঁলোক সকলোৱে নিজৰ নিজৰ পৰিয়াল আৰু গোষ্ঠী অৰ্থাৎ সম্বন্ধীয় লোকসকলৰ লগত দল হৈ তাৰ পৰা ওলাই গʼল। ইস্ৰায়েলী পুৰুষসকলৰ সংখ্যা আছিল ৬ লাখ। ইয়াৰ উপৰিও, বহুতো তিৰোতা আৰু লʼৰা-ছোৱালী আছিল। ইস্ৰায়েলীসকলৰ লগত আন বহুতো লোকো গʼল, কিয়নো তেওঁলোকেও যিহোৱাৰ উপাসনা কৰিব বিচাৰিছিল। এইদৰে ইস্ৰায়েলীসকল মুকলি হʼল!
ইস্ৰায়েলীসকলে বছৰত এদিন সেই বিশেষ ধৰণৰ আহাৰ খাইছিল যাতে তেওঁলোকে মনত পেলাব পাৰে যে যিহোৱাই তেওঁলোকক কেনেকৈ বচাইছিল। সেই আহাৰক নিস্তাৰ-পৰ্বৰ আহাৰ বুলি কোৱা হৈছিল।
“মই নিজৰ শক্তি দেখুৱাবলৈ আৰু গোটেই পৃথিৱীত নিজৰ নাম ঘোষণা কৰিবলৈ তোমাক আজিলৈকে জীয়াই ৰাখিছোঁ।”—ৰোমীয়া ৯:১৭