পাঠ ৫২
যিহোৱাৰ ডাঙৰ সেনা-বাহিনী
চিৰিয়াৰ ৰজা বিন-হদদে ইস্ৰায়েলীসকলৰ ওপৰত বাৰে বাৰে আক্ৰমণ কৰি থাকিল। কিন্তু ভৱিষ্যবক্তা ইলীচাই প্ৰতিবাৰে ইস্ৰায়েলৰ ৰজাক আগতীয়াকৈ কৈছিল যে আক্ৰমণ হʼবলগীয়া আছে আৰু এইদৰে ইস্ৰায়েলৰ ৰজা বাচি গৈছিল। সেইবাবে, বিন-হদদে ইলীচাক উঠাই লৈ যাবলৈ নিৰ্ণয় লʼলে। তেওঁ গʼম পালে যে ইলীচা দোথানত আছে। সেইবাবে, তেওঁ নিজৰ সেনাসকলক তালৈ পঠালে যাতে তেওঁলোকে ইলীচাক ধৰি লৈ আহিব পাৰে।
চিৰিয়াৰ সেনাবিলাকে ৰাতি দোথান পালেগৈ। পাছ দিনাখন ৰাতিপুৱা যেতিয়া ইলীচাৰ সেৱকে বাহিৰলৈ ওলালে, তেতিয়া তেওঁ দেখিলে যে এটা ডাঙৰ সেনাই চহৰখনক আৱৰি ধৰিছে। তেতিয়া তেওঁ বহুত ভয় খালে আৰু চিঞৰি কʼলে, ‘ইলীচা, এতিয়া আমি কি কৰিম?’ ইলীচাই তেওঁক কʼলে, ‘তেওঁলোকৰ লগত যিমান আছে, তাতকৈ বহু বেছি আমাৰ লগত আছে।’ সেই সময়তে যিহোৱাই এনে কিবা কৰিলে, যাৰ কাৰণে ইলীচাৰ সেৱকে চহৰৰ চাৰিওফালে থকা পাহাৰৰ ওপৰত জুইৰ নিচিনা বহুতো ঘোঁৰা আৰু যুদ্ধৰথ দেখিবলৈ পালে।
যেতিয়া চিৰিয়াৰ সেনাবিলাকে ইলীচাক ধৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া তেওঁ যিহোৱালৈ প্ৰাৰ্থনা কৰিলে, ‘হে যিহোৱা, এওঁলোকক অন্ধ কৰি দিয়া।’ তেতিয়া হঠাতে এনেদৰে হʼল যেন তেওঁলোকে চাব পাৰিছিল, কিন্তু তেওঁলোকে কʼত আছে, সেয়া বুজিব পৰা নাছিল। ইলীচাই তেওঁলোকক কʼলে, ‘আপোনালোকে বেলেগ এখন চহৰলৈ আহিছে। আপোনালোকে মোৰ লগত বʼলক, আপোনালোকে যিজন ব্যক্তিক বিচাৰি আছে, মই তেওঁৰ ওচৰলৈ লৈ যাম।’ তেওঁলোকে ইলীচাৰ পিছে পিছে গৈ চমৰীয়া পালেগৈ, যʼত ইস্ৰায়েলৰ ৰজা থাকিছিল।
এতিয়া গৈ চিৰিয়াৰ সেনাবিলাকে বুজি পালে যে তেওঁলোকে কʼত আছে, কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈ গৈছিল। ইস্ৰায়েলৰ ৰজাই ইলীচাক সুধিলে, ‘মই সিহঁতক হত্যা কৰিম নে?’ ইলীচাই এইদৰে ভাবিছিল নে যে যিসকলে তেওঁলোকক আক্ৰমণ কৰিবলৈ আহিছিল, তেওঁলোকক হত্যা কৰাৰ এয়া ভাল সুযোগ হয়? ইলীচাই এইদৰে ভবা নাছিল। তেওঁ ৰজাক কʼলে, ‘তেওঁলোকক হত্যা নকৰিব। তেওঁলোকক খোৱাই-বোৱাই ঘৰলৈ পঠাই দিয়ক।’ তেতিয়া যিহোৱাই সেই লোকসকলৰ কাৰণে ডাঙৰ ভোজৰ ব্যৱস্থা কৰিলে আৰু তেওঁলোকক ঘৰলৈ পঠাই দিলে।
“ঈশ্বৰৰ ওপৰত আমাৰ ভৰসা আছে যে আমি তেওঁৰ ইচ্ছাৰ অনুসৰি যিয়েই খোজোঁ, তেওঁ আমাৰ শুনে।”—১ যোহন ৫:১৪