ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৩ ৯/১ পৃষ্ঠা ৩০-৩১
  • আপুনি বয়সস্থ বিশ্বাসী সঙ্গী ভাই-ভনীসকলক মূল্যাঙ্কন কৰেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি বয়সস্থ বিশ্বাসী সঙ্গী ভাই-ভনীসকলক মূল্যাঙ্কন কৰেনে?
  • ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ইলীচাই তেওঁৰ বয়সস্থ বন্ধুক মূল্যৱানৰূপে জ্ঞান কৰিছিল
  • ‘পিতৃ আৰু মাতৃৰ নিচনাকৈ জ্ঞান কৰা’
  • যিহোৱাই এলিয়াৰ সাহস বঢ়ালে
    বাইবেলৰ পৰা শিকোঁ আহা
  • তুমি কেতিয়াবা অকলশৰীয়া আৰু ভয় অনুভৱ কৰিছানে?
    আপোনাৰ সন্তানক শিক্ষা দিয়ক
  • যিহোৱাৰ ডাঙৰ সেনা-বাহিনী
    বাইবেলৰ পৰা শিকোঁ আহা
২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৩ ৯/১ পৃষ্ঠা ৩০-৩১

আপুনি বয়সস্থ বিশ্বাসী সঙ্গী ভাই-ভনীসকলক মূল্যাঙ্কন কৰেনে?

যিহোৱা ঈশ্বৰে ব্যৱস্থাবদ্ধ প্ৰাচীন ইস্ৰায়েলসকলক এইদৰে আজ্ঞা দিছিল: “তুমি পকামূৰীয়া জনৰ আগত উঠি থিয় হবা, বৃদ্ধ লোকক সমাদৰ কৰিবা, আৰু নিজ ঈশ্বৰলৈ ভয় ৰাখিবা।” (লেবীয়া পুস্তক ১৯:৩২) গতিকে বয়সস্থ লোকক সন্মান কৰাটো এটা পবিত্ৰ কৰ্তব্য, যিটো যিহোৱাৰ অধীন হোৱাৰ সৈতে জড়িত আছিল। বৰ্তমান সময়ত যদিও প্ৰকৃত খ্ৰীষ্টানসকলে মোচিৰ ব্যৱস্থাৰ অধীনত নাই তথাপিও আমাক সোঁৱাৰাই দিছে যে যিহোৱাই তেওঁক উপাসনা কৰা বৃদ্ধসকলক মূল্যৱান আৰু বহুমূলীয়া বুলি জ্ঞান কৰে। (হিতোপদেশ ১৬:৩১; ইব্ৰী ৭:১৮) বয়সস্থ লোকবিলাকক আমিও যিহোৱাৰ দৰে দৃষ্টি কৰোঁনে? আমি বৃদ্ধ খ্ৰীষ্টান ভাই-ভনীক মূল্যৱানৰূপে দৃষ্টি কৰোঁনে?

ইলীচাই তেওঁৰ বয়সস্থ বন্ধুক মূল্যৱানৰূপে জ্ঞান কৰিছিল

বাইবেলৰ এটা বৃতান্তত উল্লেখ কৰা বয়সস্থ লোকৰ প্ৰতি দেখুৱা সন্মানৰ বিষয়ে আমি দ্বিতীয় ৰাজাৱলিত পাব পাৰোঁ। তাত এলিয়া ভৱিষ্যতবক্তাৰ পিছত বয়সত তেওঁতকৈ সৰু ইলীচাই তেওঁৰ স্থানাধিকাৰী হোৱাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। এলিয়া ভৱিষ্যতবক্তাৰ সময়ছোৱাত ইস্ৰায়েল ৰাজ্যৰ দহ জাতিৰ সৈতে কি ঘটিছিল তাৰ বিষয়ে বিবেচনা কৰক।

সেই সময়ত যিহোৱাই বৃদ্ধ ভৱিষ্যতবক্তাক গিল্‌গলৰ পৰা বৈৎএললৈ, বৈৎএলৰ পৰা যিৰীহোলৈ আৰু যিৰীহোৰ পৰা যৰ্দ্দন নদীলৈ যাবলৈ নিৰ্দ্দেশনা দিছিল। (২ ৰাজাৱলি ২:১, ২, ৪, ৬) প্ৰায় ৫০ কিলোমিটাৰ যাত্ৰা কৰাৰ সময়ছোৱাত এলিয়াই তেওঁৰ পাছে পাছে নাহিবলৈ ইলীচাক তিনিবাৰকৈ কৈছিল। যেনেকৈ কেইবা শতাব্দীৰ পূৰ্বেই ৰূথে নয়মীক এৰি যাবলৈ নিবিচাৰাৰ দৰে ইলীচাও বৃদ্ধ ভৱিষ্যতবক্তা এলিয়াক এৰি যাবলৈ অসন্মত হৈছিল। (ৰূথ ১:১৬-১৭) ইলীচাই তিনিবাৰকৈ এইদৰে কৈছিল: “যিহোৱাৰ জীৱনৰ শপত, আৰু আপোনাৰ জীয়া প্ৰাণৰ শপত, মই আপোনাক নেৰোঁ।” (২ ৰাজাৱলি ২:২, ৪, ৬) সেই সময়লৈকে ইলীচাই ইতিমধ্যেই প্ৰায় ছয় বছৰ এলিয়াক সহায় কৰি আহিছিল। গতিকে যিমানলৈকে সম্ভৱ সিমানলৈকে ইলীচাই এলিয়াক সেৱা-শুশ্ৰূষা কৰিবলৈ ইচ্ছা কৰিছিল। সেই বৃতান্তই আগলৈ এইদৰে কৈছে: “তেওঁবিলাকে এইদৰে কথা-বতৰা হৈ গৈ থাকোঁতেই, . . . এলিয়া . . . উঠিল।” (১১ পদ) এলিয়াই তেওঁৰ পৰিচৰ্য্যাৰ শেষ মুহূৰ্ত্তলৈকে ইলীচাৰ সৈতে কথা-বতৰা হৈছিল। সেই ডেকা ভৱিষ্যতবক্তাজনে বয়সস্থ অনুভৱী ভৱিষ্যতবক্তাজনৰ পৰা যিমান সম্ভৱ সিমান নিৰ্দ্দেশনা আৰু উদগণিদায়ক বাক্য শুনিবলৈ আগ্ৰহী হৈছিল। স্পষ্টৰূপে, তেওঁ নিজৰ বৃদ্ধ বয়সৰ বন্ধুজনক মূল্যৱানৰূপে দৃষ্ট কৰিছিল।

‘পিতৃ আৰু মাতৃৰ নিচনাকৈ জ্ঞান কৰা’

ইলীচাই তেওঁৰ বৃদ্ধ ভৱিষ্যতবক্তাজনক প্ৰেম কৰা দেখিবলৈ পোৱাটো কোনো আচৰিত বিষয় নহয়, কিয়নো ইলীচাই এলিয়াক তেওঁৰ বন্ধু অৰ্থাৎ এজন আধ্যাত্মিক পিতৃতুল্যৰূপে জ্ঞান কৰিছিল। (২ ৰাজাৱলি ২:১২) এলিয়াই ইস্ৰায়েলত নিজৰ নিযুক্তিভাৰ শেষ কৰাৰ কিছুসময়ৰ পূৰ্বেই ইলীচাক এইদৰে কৈছিল: “মই তোমালৈ কি কৰিম? তোমাৰ পৰা মোক নিয়াৰ আগেয়ে তাক মোক যাচ্‌না কৰা।” (৯ পদ) সেয়েহে এলিয়াই শেষ পৰ্য্যন্তলৈকে তেওঁৰ স্থানাধিকাৰীজন অৰ্থাৎ ইলীচাৰ আধ্যাত্মিক মঙ্গল আৰু তেওঁ একেৰাহে ঈশ্বৰৰ কাৰ্য্যত লাগি থকাৰ প্ৰতি চিন্তিত আছিল।

বৰ্তমান সময়ত বৃদ্ধ ভাই আৰু ভনীসকলে ডেকাসকলক জ্ঞান আৰু বুদ্ধি প্ৰদান কৰি পিতৃ আৰু মাতৃৰ দৰে চোৱা-চিতা কৰাটো দেখিবলৈ পোৱাটো সঁচাকৈ এটা উৎসাহিতজনক বিষয়। উদাহৰণস্বৰূপে, দীৰ্ঘসময় ধৰি যিহোৱাৰ সাক্ষীসকলৰ শাখা কাৰ্য্যালয়ত স্বইচ্ছাৰে সেৱা কৰা ভাই বা ভনীয়ে নতুনকৈ অহা সদস্যসকলক বেথেলত সেৱা কৰাৰ দক্ষতা বৃদ্ধি কৰিবলৈ সহায় কৰে। একেইদৰে পৰিব্ৰাজক অধ্যক্ষ আৰু তেওঁলোকৰ পত্নীয়ে মণ্ডলীবোৰত বহুসময় ধৰি সাক্ষাৎ কৰি নিজৰ অভিজ্ঞতাৰ ঐশ্বৰ্য্য তেনে ভাই-ভনীসকলৰ সৈতে বিতৰণ কৰিছে যিসকলে পিছলৈ তেওঁলোকৰ দৰে পৰিচৰ্য্যা কৰিবলৈ প্ৰশিক্ষণ পায়। তদুপৰি গোটেই বিশ্বত থকা যিহোৱাৰ সাক্ষীসকলৰ মণ্ডলীত বহুতো বয়সস্থ ভাই আৰু ভনী আছে যিসকলে বিশ্বাসী হৈ বহুসময় ধৰি যিহোৱাৰ সেৱা কৰিছে আৰু তেওঁলোকৰ ব্যৱহাৰিক সুবিবেচনা, অভিজ্ঞতাসমূহ মণ্ডলীৰ নতুন সদস্যসকলৰ সৈতে বিতৰণ কৰিছে।—হিতোপদেশ ২:৭; ফিলিপীয়া ৩:১৭; তীত ২:৩-৫.

প্ৰেমময় খ্ৰীষ্টান বৃদ্ধ ভাই-ভনীসকলে দেখুউৱা তেনে আন্তৰিক চিন্তাধাৰাৰ বাবে তেওঁলোকে বাস্তৱতে আদৰ আৰু সন্মানৰ যোগ্য, তদুপৰি সেইটো সঁচাকৈ এটা আনন্দৰ বিষয়। এই ক্ষেত্ৰত অৱশ্যেই আমি ইলীচাৰ আৰ্হিক অনুকৰণ কৰি আমাৰ বৃদ্ধ ভাই-ভনীসকলক গভীৰভাৱে মূল্যাঙ্কন কৰিব বিচাৰিম। এতেকে আঁহক আমি পাঁচনি পৌলেও আমাক সোঁৱৰাই দিয়াৰ অনুসাৰে “বৃদ্ধলোকক . . . পিতৃৰ নিচিনাকৈ” আৰু বৃদ্ধাবিলাকক মাতৃৰ নিচিনাকৈ” আচৰণ কৰোঁহঁক। (১ তীমথিয় ৫:১, ২) এইদৰে কৰাৰ দ্বাৰা আমি গোটেই বিশ্বত থকা প্ৰকৃত খ্ৰীষ্টান মণ্ডলীক ভালদৰে চলিবলৈ আৰু উন্নতি কৰাত বৃহতমাত্ৰাত অংশ গ্ৰহণ কৰিব পাৰিম। (w03 9/1)

[৩১ পৃষ্ঠাৰ ছবি]

শেষ মুহূৰ্ত্তলৈকে ইলীচাই এলিয়াৰ সেৱা-শুশ্ৰূষা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল

[২০ পৃষ্ঠাৰ ছবিসমূহ]

ডেকাসকলে বয়সস্থ খ্ৰীষ্টান ভাই-ভনীৰ পৰা অধিক লাভৱান হʼব পাৰে

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক