পাঠ ৭৭
নাদৰ ওচৰত এগৰাকী তিৰোতা
নিস্তাৰ-পৰ্বৰ পাছত যীচু আৰু তেওঁৰ শিষ্যসকলে চমৰীয়াৰ ফালেদি গালীললৈ গৈ আছিল। তাত চুখৰ নামৰ চহৰৰ ওচৰত এখন ঠাই আছিল, সেই ঠাইখনক যাকোবৰ নাদ বুলি কোৱা হৈছিল। তাত যীচুৱে অলপ আৰাম কৰিলে আৰু তেওঁৰ শিষ্যসকলে খোৱা বস্তু কিনিবলৈ চহৰলৈ গʼল।
এগৰাকী তিৰোতাই পানী তুলিবলৈ সেই নাদৰ ওচৰলৈ আহিলে। যীচুৱে তেওঁক কʼলে, “মোক অলপ পানী খাবলৈ দিয়াচোন।” তিৰোতাগৰাকীয়ে কʼলে, ‘আপুনি মোৰ লগত কিয় কথা পাতিছে? মইতো চমৰীয়া তিৰোতা আৰু যিহূদীসকলে চমৰীয়া লোকসকলৰ লগত কথা নাপাতে।’ যীচুৱে তেওঁক কʼলে, ‘মই কোন হওঁ, তুমি জনা হʼলে মোক পানী খুজিলাহেঁতেন আৰু মই তোমাক জীৱন দিয়া পানী দিলোঁহেঁতেন।’ তিৰোতাগৰাকীয়ে কʼলে, ‘আপুনি মোক কেনেকৈ পানী দিব পাৰে? আপোনাৰ ওচৰত পানী তুলিবলৈ কোনো পাত্ৰও নাই।’ যীচুৱে কʼলে, ‘যি কোনোৱে মই দিয়া পানী খাব, তেওঁৰ আৰু কেতিয়াও পিয়াহ নালাগিব।’ তিৰোতাগৰাকীয়ে কʼলে, “মোক সেই পানী দিয়ক।”
যীচুৱে তেওঁক কʼলে, “যোৱা আৰু নিজৰ স্বামীক ইয়ালৈ লৈ আহা।” তেওঁ কʼলে, “মোৰ কোনো স্বামী নাই।” যীচুৱে কʼলে, ‘তুমি ঠিকেই কৈছা। কিয়নো তোমাৰ পাঁচবাৰ বিয়া হৈছিল আৰু এতিয়া তুমি যিজন ব্যক্তিৰ লগত থাকা, তেওঁৰ লগত তোমাৰ বিয়া হোৱা নাই।’ তিৰোতাগৰাকীয়ে কʼলে, ‘এতিয়া মই বুজি পালোঁ যে আপুনি নিশ্চয় এজন ভৱিষ্যবক্তা। আমাৰ লোকসকলে বিশ্বাস কৰে যে আমি এই পাহাৰত ঈশ্বৰৰ উপাসনা কৰিব পাৰোঁ। কিন্তু যিহূদীসকলে কয় যে আমি কেৱল যিৰূচালেমত উপাসনা কৰিব পাৰোঁ। মই বিশ্বাস কৰোঁ যেতিয়া মচীহ আহিব, তেতিয়া আমাক শিকাব যে আমি কেনেকৈ উপাসনা কৰা উচিত।’ তেতিয়া যীচুৱে এনে কথা কʼলে যি তেওঁ আগতে কাকো জনোৱা নাছিল। তেওঁ কʼলে, ‘মই মচীহ হওঁ।’
সেই তিৰোতাগৰাকীয়ে দৌৰি দৌৰি নিজৰ চহৰলৈ গৈ চমৰীয়া লোকসকলক জনালে, ‘মই এজন ব্যক্তিক লগ পালোঁ। মই ভাবোঁ তেৱেঁই মচীহ হয়। মোৰ বিষয়ে তেওঁ সকলো কথা জানে। তোমালোকে নিজে আহি চোৱাহি!’ তেতিয়া সকলোৱে তেওঁৰ লগত নাদৰ ওচৰলৈ গʼল আৰু তেওঁলোকে যীচুৰ কথা শুনিলে।
চমৰীয়াৰ লোকসকলে যীচুক তেওঁলোকৰ চহৰত থাকিবলৈ কʼলে। যীচুৱে তাত দুদিন থাকি লোকসকলক শিকালে আৰু বহুতো লোকে তেওঁৰ ওপৰত বিশ্বাস কৰিলে। তেওঁলোকে চমৰীয়া তিৰোতাক কʼলে, ‘এই মানুহজনৰ কথা শুনি আমি বুজিব পাৰিছোঁ যে এই মানুহজনেই জগতৰ উদ্ধাৰকৰ্তা হয়।’
“‘আহা!’ আৰু যিজন পিয়াহত আছে, তেওঁ আহক। যিজনে ইচ্ছা কৰে, তেওঁ বিনামূল্যে জীৱনৰ পানী লওক।”—প্ৰকাশিত বাক্য ২২:১৭