পাঠ ৯৫
তেওঁলোকে প্ৰচাৰ কৰি থাকিল
এজন খোজকাঢ়িব নোৱাৰা মানুহে প্ৰতিদিনে মন্দিৰৰ দুৱাৰ মুখত বহি ভিক্ষা খুজিছিল। এদিন দুপৰীয়া তেওঁ পিতৰ আৰু যোহনক মন্দিৰৰ ভিতৰলৈ যোৱা দেখিলে। তেতিয়া তেওঁ তেওঁলোকক কʼলে, ‘মোক কিবা দিয়ক।’ পিতৰ কʼলে, ‘মোৰ ওচৰত টকা-পইচাতকৈও কিবা উত্তম বস্তু আছে, যি মই তোমাক দিব বিচাৰোঁ। যীচুৰ নামেৰে মই তোমাক কৈছোঁ, থিয় হোৱা আৰু খোজকাঢ়ি ফুৰা।’ পিতৰে তেওঁক উঠালে আৰু সেই মানুহজনে খোজকাঢ়িবলৈ ধৰিলে! লোকসকলে যেতিয়া এই চমৎকাৰ দেখিলে, তেতিয়া তেওঁলোক বহুত আনন্দিত হʼল আৰু বহুতো লোকে যীচুৰ ওপৰত বিশ্বাস কৰিবলৈ ধৰিলে।
কিন্তু পুৰোহিত আৰু চদ্দূকীসকলৰ বহুত খং উঠিল। তেওঁলোকে পাঁচনিসকলক ধৰি আদালতলৈ লৈ গʼল আৰু তেওঁলোকক কঠোৰভাৱে সুধিলে, ‘এই মানুহজনক ভাল কৰিবলৈ কোনে তোমালোকক শক্তি দিলে?’ পিতৰে কʼলে, ‘এই শক্তি আমাক যীচুৱে দিলে, যিজনক তোমালোকে মাৰি পেলালা।‘ ধৰ্মগুৰুসকলে চিঞৰিবলৈ ধৰিলে, ‘যীচুৰ নামেৰে কথা কʼবলৈ বন্ধ কৰা!’ কিন্তু পাঁচনিসকলে কʼলে, ‘আমি তেওঁৰ বিষয়ে কথা কʼবই লাগিব। আমি এইদৰে কৰিবলৈ নেৰোঁ।’
তাৰ পাছত পিতৰ আৰু যোহনক এৰি দিয়া হʼল। তেওঁলোকে লগে লগে আন শিষ্যসকলৰ ওচৰলৈ গʼল আৰু কি হʼল, সেয়া তেওঁলোকক কʼলে। তেওঁলোকে মিলি প্ৰাৰ্থনা কৰিলে, ‘হে যিহোৱা, আমাক সাহস দিয়া যাতে আমি তোমাৰ কাম কৰি থাকিব পাৰোঁ।’ যিহোৱাই তেওঁলোকক পবিত্ৰ শক্তি দিলে; তেওঁলোকে প্ৰচাৰ কৰি থাকিলে আৰু বেমাৰী লোকসকলক সুস্থ কৰি থাকিল। বহুতো লোকে যীচুৰ ওপৰত বিশ্বাস কৰিবলৈ ধৰিলে। এয়া দেখি চদ্দূকীসকলে ইমানেই ঈৰ্ষা কৰিবলৈ ধৰিলে যে তেওঁলোকে পাঁচনিসকলক গ্ৰেপ্তাৰ কৰি জেলত বন্দী কৰিলে। কিন্তু যিহোৱাই ৰাতি এজন স্বৰ্গদূতক পঠিয়ালে। স্বৰ্গদূতে জেলৰ দুৱাৰখন খুলি দিলে আৰু পাঁচনিসকলক কʼলে, ‘তোমালোকে আকৌ মন্দিৰলৈ যোৱা আৰু তাত লোকসকলক শিকোৱা।’
পাছদিনাখন মহা-সভা অৰ্থাৎ ধৰ্মগুৰুসকলৰ আদালতত এই খবৰ দিয়া হয়, ‘জেলৰ দুৱাৰ বন্ধ আছে, কিন্তু যি লোকসকলক তোমালোকে গ্ৰেপ্তাৰ কৰিছিলা, তেওঁলোক জেলত নাই! তেওঁলোকে মন্দিৰত লোকসকলক শিকাই আছিল।’ পাঁচনিসকলক আকৌ গ্ৰেপ্তাৰ কৰা হʼল আৰু মহা-সভালৈ লৈ অহা হʼল। মহা-পুৰোহিতে তেওঁলোকক কʼলে, ‘আমি তোমালোকক যীচুৰ বিষয়ে কথা নাপাতিবলৈ আদেশ দিছিলোঁ!’ তেতিয়া পিতৰে কʼলে, “আমি মানুহতকৈ ঈশ্বৰৰ আজ্ঞা মানিব লাগে।”
ধৰ্মগুৰুসকলৰ ইমানেই খং উঠিল যে তেওঁলোকে পাঁচনিসকলক মাৰি পেলাব বিচাৰিছিল। কিন্তু গমলীয়েল নামৰ এজন ফৰীচীয়ে থিয় হৈ কʼলে, ‘ভালদৰে চিন্তা কৰি লওক, হয়তো ঈশ্বৰ এই লোকসকলৰ লগত আছে। তোমালোকে ঈশ্বৰৰ বিৰুদ্ধে যুঁজ কৰিব বিচাৰিছা নে? তেতিয়া তেওঁলোকে তেওঁৰ কথা মানি লʼলে। তেওঁলোকে এইবাৰ পাঁচনিসকলক কোবোৱালে আৰু প্ৰচাৰ কাম বন্ধ কৰিবলৈ আদেশ দি এৰি দিলে। কিন্তু পাঁচনিসকলে প্ৰচাৰ কৰিবলৈ বন্ধ নকৰিলে। তেওঁলোকে সাহসেৰে মন্দিৰত আৰু ঘৰে ঘৰে গৈ লোকসকলক শুভবাৰ্তা শুনাই থাকিল।
“আমি মানুহতকৈ ঈশ্বৰৰ আজ্ঞা মানিব লাগে।”—পাঁচনিৰ কৰ্ম্ম ৫:২৯