ভাগ ৮-ত কি শিকিম
যিহোৱাই চলোমনক বহুত বুদ্ধি দিছিল আৰু তেওঁক মন্দিৰ বনাবলৈ এটা বিশেষ সন্মান দিছিল। কিন্তু তেওঁ লাহে লাহে যিহোৱাক এৰি দিলে। যদি আপোনাৰ লʼৰা-ছোৱালী আছে, তেনেহʼলে সিহঁতক বুজাওক যে মিছা উপাসনা কৰা লোকসকলে কেনেকৈ চলোমনক ঈশ্বৰৰ পৰা দূৰলৈ লৈ গʼল। ইস্ৰায়েল ৰাষ্ট্ৰ দুটা ভাগত ভাগ হʼল। বেয়া ৰজাবিলাকে ইস্ৰায়েল ৰাষ্ট্ৰক যিহোৱাৰ পৰা দূৰ কৰিলে আৰু মূৰ্তিপূজা কৰিবলৈ উৎসাহিত কৰিলে। সেই সময়ছোৱাত যিহোৱাৰ বহুতো বিশ্বাসী ভৱিষ্যবক্তাক অত্যাচাৰ কৰা হʼল আৰু হত্যা কৰা হʼল। ৰাণী ঈজেবলে উত্তৰ ৰাজ্যক সম্পূৰ্ণৰূপে যিহোৱাৰ বিৰুদ্ধে কৰিছিল। ইস্ৰায়েলৰ ইতিহাসত এয়া বহুত বেয়া সময় আছিল। কিন্তু ইস্ৰায়েলীসকলৰ মাজত এতিয়াও এনে বহুতো লোক আছিল, যিসকলে যিহোৱাৰ বিশ্বাসেৰে সেৱা কৰিছিল। যেনে, ৰজা যিহোচাফট আৰু ভৱিষ্যবক্তা এলিয়া।