ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lmd পাঠ ১০
  • সম্পূৰ্ণৰূপে চেষ্টা কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সম্পূৰ্ণৰূপে চেষ্টা কৰক
  • লোকসকলক প্ৰেম কৰক আৰু শিকাওক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যীচুৱে কি কৰিলে?
  • যীচুৰ পৰা আমি কি শিকিব পাৰোঁ?
  • যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?
  • যিহোৱাৰ সেৱক হোৱাৰ নিৰ্ণয় লʼবলৈ বিদ্যাৰ্থীক সহায় কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • বাপ্তিষ্মাৰ বাবে যোগ্য হʼবলৈ বাইবেল বিদ্যাৰ্থীক সহায় কৰক—ভাগ ১
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • ‘যোৱা আৰু সকলোকে শিষ্য হ’বলৈ শিক্ষা দিয়া’
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • আপোনাৰ বিদ্যাৰ্থীক বাপ্তিষ্মা লʼবলৈ সহায় কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
আৰু চাওক
লোকসকলক প্ৰেম কৰক আৰু শিকাওক
lmd পাঠ ১০

বাইবেল অধ্যয়ন কৰাৰ সময়ত

যীচু আৰু নীকদীমে ৰাতি কথা পাতি আছে।

যোহ. ৩:১, ২

পাঠ ১০

সম্পূৰ্ণৰূপে চেষ্টা কৰক

সিদ্ধান্ত: “কেৱল ঈশ্বৰৰ শুভবাৰ্ত্তা নহয়, তোমালোক আমাৰ প্ৰিয়-পাত্ৰ হোৱাত, আমি নিজ নিজ প্ৰানো তোমালোকক দিবলৈ সন্তুষ্ট আছিলোঁ।”—১ থিচ. ২:৮.

যীচুৱে কি কৰিলে?

যীচু আৰু নীকদীমে ৰাতি কথা পাতি আছে।

ভিডিঅʼ: যীচুৱে নীকদীমক শিকালে

১. ভিডিঅʼখন চাওক বা যোহন ৩:১, ২ পঢ়ক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ বিষয়ে চিন্তা কৰক:

  1. ক. নীকদীমে যীচুক কিয় ৰাতি লগ কৰিবলৈ আহিছিল? —যোহন ১২:৪২, ৪৩ চাওক।

  2. খ. যীচুৱে নীকদীমক ৰাতি লগ কৰাৰ যোগেদি কেনেকৈ দেখুৱালে যে তেওঁ শিষ্য বনাবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিছিল?

যীচুৰ পৰা আমি কি শিকিব পাৰোঁ?

২. লোকসকলৰ প্ৰতি প্ৰেম থাকিলে, আমি তেওঁলোকক শিকাবলৈ কঠিন পৰিশ্ৰম আৰু সম্পূৰ্ণৰূপে চেষ্টা কৰিম।

যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?

৩. আপোনাৰ বাইবেল বিদ্যাৰ্থীৰ সুবিধা অনুসৰি সময় আৰু ঠাই বাছনি কৰক। নিজৰ বিদ্যাৰ্থীক সোধক, তেওঁ সপ্তাহৰ কোনটো দিন আৰু কেতিয়া অধ্যয়ন কৰিব বিচাৰে? তেওঁৰ কাৰণে হয়তো ঘৰত বা ৰাজহুৱা ঠাইত অধ্যয়ন কৰিবলৈ সুবিধাজনক হʼব পাৰে। যদি সম্ভৱ হয়, তেনেহʼলে নিজৰ তালিকাত সাল-সলনি কৰক, যাতে বিদ্যাৰ্থীৰ সময় আৰু সুবিধা অনুসৰি অধ্যয়ন কৰিব পাৰে।

৪. নিয়মীয়াকৈ অধ্যয়ন কৰক। যদি আপুনি ব্যস্ত আছে বা সেই দিনাখন অধ্যয়ন কৰাব নোৱাৰে, তেনেহʼলে চিন্তা কৰক:

  1. ক. সেই সপ্তাহৰ কোনো বেলেগ দিনত অধ্যয়ন কৰিব পাৰেনে?

  2. খ. ফোন বা ভিডিঅʼ কনফাৰেন্সিঙৰ যোগেদি অধ্যয়ন কৰিব পাৰেনে?

  3. গ. আন ভাই বা ভনীক অধ্যয়ন কৰিবলৈ কʼব পাৰেনে?

৫. সঠিক মনোবৃত্তি বজাই ৰাখিবলৈ প্ৰাৰ্থনা কৰক। যদি আপোনাৰ বাইবেল বিদ্যাৰ্থীয়ে নিয়মীয়াকৈ অধ্যয়ন নকৰে বা শিকা কথাবোৰ পালন কৰিবলৈ কঠিন হয়, তেনেহʼলে সঠিক মনোবৃত্তি বজাই ৰাখিবলৈ যিহোৱালৈ প্ৰাৰ্থনা কৰক। (ফিলি. ২:১৩) লগতে তেওঁৰ ভাল গুণবোৰলৈ ধ্যান দিবলৈও যিহোৱালৈ প্ৰাৰ্থনা কৰক।

এয়াও চাওক

হিতো. ৩:২৭; পাঁচ. ২০:৩৫; ২ কৰি. ১২:১৫

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক