ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০১ ২/১ পৃষ্ঠা ১৮-২২
  • অতি সোনকালে যিহোৱাই এই জগতখনৰ ন্যায় কৰিব!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অতি সোনকালে যিহোৱাই এই জগতখনৰ ন্যায় কৰিব!
  • ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যিহোৱাই নিজৰ হাত মেলিলে
  • খ্ৰীষ্টীয় জগতৰ অন্ত একেবাৰে কাষ চাপিলহি!
  • অতি শীঘ্ৰেই এক ভয়ানক আৰ্তনাদ শুনা যাব!
  • ‘যিহোৱাৰ মহাদিন ওচৰ চাপিলহি’
  • যিহোৱাৰ ক্ৰোধৰ দিন উপস্থিত হোৱাৰ আগেয়ে তেওঁক বিচাৰা
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যিহোৱাই গোটেই পৃথিৱীত তেওঁৰ মহিমাৰ বাবে লোকসকলক গোট খুৱাইছে
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০১ ২/১ পৃষ্ঠা ১৮-২২

অতি সোনকালে যিহোৱাই এই জগতখনৰ ন্যায় কৰিব!

“যিহোৱাৰ মহাদিন ওচৰ, সেয়ে ওচৰ, অতি বেগেৰে আহিছে।”—চফনিয়া ১:১৪.

১. যিহোৱাই ভৱিষ্যতবক্তা চফনিয়াৰ যোগেদি কি সতৰ্কবাণী দিছিল?

যিহোৱা ঈশ্বৰে অতি সোনকালে এই দুষ্ট জগতখনৰ বিৰুদ্ধে কাৰ্য্য কৰিব। গতিকে তেওঁৰ সতৰ্কবাণী শুনক! তেওঁ এইদৰে কৈছে: ‘মই মানুহক সংহাৰ কৰিম; . . . মই পৃথিৱীৰ পৰা মানুহক উচ্ছন্ন কৰিম।’ (চফনিয়া ১:৩) সম্ভৱতঃ এই ভৱিষ্যতবাণীৰ বিষয়ে যিহোৱাই নিজে, বিশ্বাসী ৰজা হিষ্কিয়াৰ নাতি ভৱিষ্যতবক্তা চফনিয়াৰ যোগেদি ঘোষণা কৰিছিল। যিহোৱাই এই ভৱিষ্যতবাণীৰ ঘোষণা ৰজা যোচিয়াৰ সময়ত কৰিছিল যে কেনেকৈ সেই দেশত থকা দুষ্ট যিহূদীসকলৰ বিনাশ হʼব আৰু ইয়াৰ পৰিণাম যে অতি ভয়ানক হʼব তাকো কৈছিল।

২. ৰজা যোচিয়াই কিয় যিহোৱাৰ ন্যায়ৰ দিনৰ পৰা দেশখন ৰক্ষা কৰিব নোৱাৰিলে?

২ ইয়াত কোনো সন্দেহ নাই যে সেই সময়ত চলি থকা মিছা উপাসনাক দূৰ কৰিবলৈ ৰজা যোচিয়াক সেই ভৱিষ্যতবাণীৰ দ্বাৰাই সতৰ্ক কৰা হৈছিল। কিয়নো সেই সময়ত দেশখনৰ চাৰিওফালে মিছা দেৱ-দেৱীৰ উপাসনাৰে ভৰি আছিল। কিন্তু ৰজা যোচিয়াৰ এই কাৰ্য্যই লোকসকলৰ মনৰ পৰা দুষ্টতা বা তেওঁৰ ককাদেউতাক মনচি ৰজাই কৰা পাপৰ পৰা মুক্ত কৰিব নোৱাৰিলে। বাইবেলত মনচিৰ বিষয়ে উল্লেখ কৰিছে যে তেওঁ “নিৰ্দ্দোষী লোকবিলাকৰ তেজেৰে যিৰূচালেম পৰিপূৰ্ণ কৰিছিল।” (২ ৰাজাৱলি ২৪:৩, ৪; ২ বংশাৱলি ৩৪:৩) এতেকে যিহোৱাৰ ন্যায় তেওঁলোকলৈ অহাটো নিশ্চিত আছিল।

৩. আমি কেনেকৈ নিশ্চিত হʼব পাৰোঁ যে “যিহোৱাৰ ক্ৰোধৰ” দিনতো কিছুমান লোকে ৰক্ষা পাব?

৩ অৱশ্যেই সেই ভয়ানক দিনৰ পৰা কেৱল কিছুমান লোকেহে উত্তৰজীৱী হʼব পাৰিলে। সেইবাবে ঈশ্বৰৰ ভৱিষ্যতবক্তাই তেওঁলোকৰ বিষয়ে এইদৰে কৈছিল: “দিন তুঁহৰ দৰে উড়ি নৌ যাওঁতেই, যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ তোমালোকৰ ওপৰত নৌ পৰোঁতেই, যিহোৱাৰ ক্ৰোধৰ দিন তোমালোকলৈ নৌ আহোঁতেই, তোমালোক গোট খোৱা, একেলগ হোৱা। যিহোৱাৰ শাসন-প্ৰণালী পালন কৰোঁতা হে পৃথিৱীৰ আটাই নম্ৰ লোকবিলাক, তেওঁক বিচাৰা, ধাৰ্ম্মিকতা বিচৰা, নম্ৰতা বিচাৰ; কিজানি যিহোৱাৰ ক্ৰোধৰ দিনা তোমালোকে লুকাই থাকিবলৈ পাবা।” (চফনিয়া ২:১-৩) গতিকে যিহোৱাৰ সেই বিচাৰৰ দিনত ৰক্ষা পোৱাৰ কথা মনত ৰাখি, আঁহক আমি বাইবেলৰ চফনিয়া নামৰ কিতাপখনক চালি-জাৰি চাওঁহঁক। এই কিতাপখন সা.যু.পূ. ৬৪৮ চনত যিহূদা দেশত লিখা হৈছিল। এই কিতাপখনত ঈশ্বৰৰ “ভাববাদীসকলৰ বাক্য” দিয়া হৈছে যʼত আমি সকলোৱে সম্পূৰ্ণ হৃদয়েৰে মনোযোগ দিয়া উচিত।—২ পিতৰ ১:১৯.

যিহোৱাই নিজৰ হাত মেলিলে

৪, ৫. যিহূদাত থকা দুষ্ট লোকসকলৰ বাবে চফনিয়া ১:১-৩ পদটো কেনেকৈ পূৰ্ণ হʼল?

৪ ভৱিষ্যতবক্তা চফনিয়াক দিয়া “যিহোৱাৰ বাক্য” সতৰ্কবাণীৰ সৈতে আৰম্ভ কৰা হৈছে। ইয়াত ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: “মই পৃথিৱীৰ পৰা সকলোকে নিঃশেষে সংহাৰ কৰিম। মই মানুহ আৰু জন্তুক সংহাৰ কৰিম; মই আকাশৰ পক্ষী, সমুদ্ৰৰ মাছ, আৰু দুষ্টবোৰে সৈতে উজুটি খোৱা মুড়াবোৰ সংহাৰ কৰিম; হয়, যিহোৱাই কৈছে, মই পৃথিৱীৰ পৰা মানুহক উচ্ছন্ন কৰিম।”—চফনিয়া ১:১-৩.

৫ যিহেতু এই ভৱিষ্যতবাণী, সা.যু.পূ. ৬৫৯ চনত ৰজা যোচিয়াৰ ৰাজত্ব আৰম্ভ হোৱাৰ পূৰ্বেই কৰা হৈছিল। বাস্তৱতে যিহোৱাই যিহূদা দেশৰ পৰা দুষ্ট লোকসকলক সংহাৰ কৰিছিল। আপুনি জানেনে, সেই সময়ত যিহোৱাই “পৃথিৱীৰ পৰা সকলোকে নিঃশেষে সংহাৰ” কৰিবলৈ অস্ত্ৰ হিচাবে কাক ব্যৱহাৰ কৰিলে? যিহোৱাই বিশ্ব-শক্তি বাবিলক ব্যৱহাৰ কৰিলে। সা.যু.পূ. ৬০৭ চনত সেই ভৱিষ্যতবাণীৰ অনুসৰি যিহূদা আৰু ইয়াৰ ৰাজধানী যিৰূচালেম চহৰক ধ্বংস কৰা হয়। ইয়াৰ ওপৰিও তাত থকা সকলোকে বন্দী কৰি বাবিললৈ নিয়া হʼল। এতেকে সেই সময়ত যিহূদাত বাস কৰা দুষ্টলোকৰ ‘সকলোকে নিঃশেষে সংহাৰ কৰিলে।’

৬-৮. চফনিয়া ১:৪-৬ পদত কিহৰ বিষয়ে ভৱিষ্যতবাণী কৰা হৈছিল আৰু প্ৰাচীন যিহূদাত এই ভৱিষ্যতবাণী কেনেকৈ পূৰ্ণ হৈছিল?

৬ গতিকে ঈশ্বৰ যিহোৱাই দুষ্টলোকৰ অহিতে কাৰ্য্য কৰিবলৈ কৰা ভৱিষ্যতবাণী অৰ্থাৎ চফনিয়া ১:৪-৬ পদত এইদৰে কৈছিল: “মই যিহূদাৰ আৰু যিৰূচালেম-নিবাসীবিলাকৰ বিৰুদ্ধে মোৰ হাত মেলিম, আৰু এই ঠাইৰ পৰা বালৰ অৱশিষ্ট ভাগ, আৰু পুৰহিতবোৰে সৈতে দেৱদেৱীৰ পুৰহিতবোৰৰ নাম লুপ্ত কৰিম; আৰু যিবোৰে ঘৰৰ চালৰ ওপৰত আকাশৰ বাহিনীবিলাকৰ আগত প্ৰণিপাত কৰে, আৰু প্ৰণিপাতকাৰীবোৰে যিহোৱাৰ আগত শপত খায়, আৰু মল্‌কমৰ নামেৰেও শপত খায়, যিবোৰে যিহোৱাৰ পাছত চলাৰ পৰা বিমুখ হয়, আৰু যিবোৰে যিহোৱাক বিচৰা নাই, বা তেওঁৰ অনুসন্ধান লোৱা নাই, সেই আটাইবোৰক মই উচ্ছন্ন কৰিম।”

৭ যিহোৱা ঈশ্বৰে যিহূদা আৰু যিৰূচালেমত থকা লোকসকলৰ বিৰুদ্ধে নিজৰ হাত মেলিছিল। তেওঁ কানানীয়াবিলাকৰ উৰ্বৰতা বৃদ্ধি কৰা দেৱতা বালৰ উপাসকসকলক মৃত্যুদণ্ড দিবলৈ ঠিৰাং কৰিলে। সেই সময়ত স্থানীয় দেৱ-দেৱীকো বালচ্‌ বুলি কোৱা হৈছিল, কিয়নো ইয়াৰ উপাসকসকলক বিশেষ কিছুমান স্থানত মালিকত্ব আৰু তেওঁলোকৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ শিকোৱা হৈছিল। উদাহৰণস্বৰূপে, পিয়োৰ পৰ্ব্বতত থকা বালৰ উপাসনা কৰা মোৱাব আৰু মিদিয়নী বিষয়ে বিবেচনা কৰক। (গণনা পুস্তক ২৫:১, ৩, ৬) গোটেই যিহূদাতে অবিশ্বাসী লেবীয়া পুৰোহিতসকলৰে ভৰি আছিল, যিসকলে নিজেই ঈশ্বৰৰ ব্যৱস্থা ভঙ্গ কৰিছিল আৰু আনকো তেনেদৰে কৰিবলৈ শিকাইছিল। সেইবাবে যিহোৱাৰ প্ৰকোপ তেওঁলোকৰ ওপৰত আহিল।—যাত্ৰাপুস্তক ২০:২, ৩.

৮ ‘আকাশৰ বাহিনীবিলাকৰ’ আগত প্ৰণিপাত, জ্যোতিষি বিদ্যা অভ্যাস আৰু সূৰ্য্য দেৱতাক উপাসনা কৰা লোকসকলেও যিহোৱাৰ প্ৰকোপৰ পৰা ৰক্ষা নাপালে। (২ ৰাজাৱলি ২৩:১১; যিৰিমিয়া ১৯:১৩; ৩২:২৯) ইয়াৰ ওপৰিও যিসকলে ‘মল্‌কমৰ যোগদি যিহোৱাৰ নামেৰে শপত খাই’ সত্য উপাসনাক মিছা ধৰ্ম্মৰ সৈতে সংমিশ্ৰিত কৰিবলৈ বিচাৰিছিল, তেওঁলোকৰ ওপৰত যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হৈছিল। ইয়াত উল্লেখ কৰা মল্‌কম হৈছে অম্মোনীয়াবিলাকৰ প্ৰধান দেৱতা, যাক মোলক নামেৰেও জনা যায়। এই মোলকৰ উপাসনাত কণ-কণ লʼৰা-ছোৱালীক বলি দিয়াৰ দৰে ঘিণলগীয়া কাৰ্য্যবোৰও জড়িত আছিল।—১ ৰাজাৱলি ১১:৫; যিৰিমিয়া ৩২:৩৫.

খ্ৰীষ্টীয় জগতৰ অন্ত একেবাৰে কাষ চাপিলহি!

৯. (ক)খ্ৰীষ্টীয়জগতে কি ভুল কাৰ্য্য কৰিছে? (খ) আমি অবিশ্বাসী যিহূদাবাসীৰ দৰে নকৰিবলৈ, কি নিশ্চিত সিদ্ধান্ত লোৱা আৱশ্যক?

৯ ওপৰত উল্লেখ কৰা প্ৰাচীন সময়ত ঘটা ঘটনাসমূহে আমাক বৰ্তমান সময়ৰ খ্ৰীষ্টীয় জগতৰ বিষয়ে স্মৰণ কৰায়। কিয়নো তেওঁলোকেই মিছা উপাসনাত আৰু জ্যোতিষ বিদ্যাত সোমাই আছে। ইয়াৰ ওপৰিও খ্ৰীষ্টীয়জগতৰ পাদুৰীবৰ্গই যুদ্ধবোৰত সাহাৰ্য্য আগবঢ়াই যুদ্ধৰ বেদীত কোটি কোটি লোকৰ বলি দিয়ালে। এতেকে আমি, অবিশ্বাসী যিহূদা বাসীয়ে যিহোৱাক উপাসনা কৰাৰ পৰা আঁতৰি থকা আৰু তেওঁৰ পথ-প্ৰদৰ্শনক ত্যাগ কৰা দৰে কাৰ্য্য নকৰিবলৈ সকলোৱে প্ৰচেষ্ঠা কৰোঁহঁক। আন অৰ্থত কবলৈ গʼলে আঁহক আমি সকলোৱে যিহোৱাৰ প্ৰতি অখণ্ডতা বজাই ৰাখোঁহঁক।

১০. চফনিয়া ১:৭ পদত দিয়া ভৱিষ্যতবাণীৰ বিৱৰণিক আপুনি কেনেকৈ বৰ্ণনা কৰিব?

১০ যিহেতু ভৱিষ্যতবক্তাজনে কোৱা বাক্যশাৰী যিহূদাৰ সময়ত আৰু আমাৰ সময়তো প্ৰজোয্য হয়। সেয়েহে চফনিয়া ১:৭ পদত এইদৰে কৈছে: “তুমি প্ৰভু যিহোৱাৰ আগত মনে মনে থাকা; কিয়নো যিহোৱাৰ দিন ওচৰ; কাৰণ যিহোৱাই এক যজ্ঞ আয়োজন কৰি নিজৰ নিমন্ত্ৰিত লোকবিলাকক পবিত্ৰ কৰিলে।” ইয়াত উল্লেখ কৰা “নিমন্ত্ৰিত লোকবিলাকক,” যিহূদা দেশখন ধ্বংস কৰিবলৈ অহা কলদীয়াসকল বুলি চিনাক্ত কৰা হৈছে। “যজ্ঞ” যিহূদা আৰু ইয়াৰ ৰাজধানী যিৰূচালেমক নিৰ্দ্দেশিত কৰিছে। এইদৰে চফনিয়াৰ ভৱিষ্যতবাণীত যিহোৱাই যিৰূচালেমক ধ্বংস কৰা কাৰণসমূহে দৰ্শাইছে আৰু সেই সকলোবোৰে বৰ্তমান সময়ৰ খ্ৰীষ্টীয়জগতৰ ধ্বংসকো নিৰ্দ্দেশিত কৰে। আচলতে বৰ্তমান জগতৰ বিচাৰ কৰাৰ দিন একেবাৰে কাষ চাপিলহি। সেইবাবে এই জগতখন ‘মহান সৰ্বশক্তিমান প্ৰভু যিহোৱাৰ আগত মনে মনে আছে।’ যীচুৰ অভিষিক্ত অনুগামী অৰ্থাৎ ‘তাকৰ জাগটিয়ে’ আৰু ‘অন্য মেৰ’ শ্ৰেণীৰ লোকে, যিহোৱাই যি কৈছে তাক মনোযোগেৰে শুনিছে। (লূক ১২:৩২; যোহন ১০:১৬) যিসকলে শুনিবলৈ অস্বীকাৰ আৰু ঈশ্বৰৰ ৰাজ্যক বিৰোধ কৰিছে, তেওঁলোকলৈ ধ্বংস অপেক্ষা কৰি আছে।—গীতমালা ২:১, ২.

অতি শীঘ্ৰেই এক ভয়ানক আৰ্তনাদ শুনা যাব!

১১. চফনিয়া ১:৮-১১ পদত উল্লেখ বৃত্তান্তৰ সাৰাংশ কি?

১১ চফনিয়া ১:৮-১১ পদত যিহোৱাৰ সেই দিনৰ বিষয়ে এইদৰেও কৈছে: “যিহোৱাৰ সেই যজ্ঞৰ দিনা মই প্ৰধান লোকবিলাকক, ৰাজকোঁৱৰবিলাকক, আৰু বিদেশী সাজ পিন্ধা আটাইবোৰক দণ্ড দিম। আৰু দুৱাৰডলি ওপৰেদি জাঁপ মৰা আটাইবোৰক, অত্যাচাৰ আৰু প্ৰবঞ্চনাৰ ফলেৰে নিজৰ প্ৰভুৰ ঘৰ পূৰ কৰাবোৰক সেই দিনা মই দণ্ড দিম। যিহোৱাই কৈছে, সেই দিনা মৎস্য-দুৱাৰৰ পৰা চিঞৰ কন্দাৰ শব্দ, আৰু দ্বিতীয় খণ্ডৰ পৰা হাহাকাৰৰ, আৰু পৰ্ব্বতবোৰৰ পৰা মহাভাঙৰ শব্দ হব। হে মক্‌টেচ্‌-নিবাসীবিলাক, তোমালোকে হাহাকাৰ কৰা; কিয়নো আটাই কনানীয়া জাতি নষ্ট হল, ৰূপ বৈ অনা আটিইবোৰ উচ্ছন্ন হল।”

১২. কিছুমান ভাই-ভনীয়ে কেনেকৈ “বিদেশী সাজ” পৰিধান কৰিছে?

১২ ৰজা যোচিয়াৰ পাছত যিহোৱাহজ, যিহোয়াকীম আৰু যিহোয়াখীন ৰজা হৈছিল। তাৰ পাছত চিদিকিয়া ৰজা হয়। তেওঁৰ ৰাজত্ব কালত যিৰূচালেমৰ ধ্বংস হয়। যিহেতু যদিও তেওঁলোক ধ্বংসৰ সন্মূখীন হৈছিল, তথাপিও তেওঁলোকৰ কিছুমানে “বিদেশী সাজ” পৰিধান কৰি চুবুৰীয়া ৰাজ্যৰ অনুমোদন বিচাৰিছিল। বৰ্তমান সময়তো বহুতো ভাই-ভনীয়ে জগতৰ ৰীতি-নীতিৰ অনুসাৰে চলি এইটো প্ৰমাণ দিছে যে তেওঁলোকে যিহোৱাৰ সংগঠনৰ সৈতে কোনো সম্পৰ্ক ৰাখিব নিবিচাৰে। গতিকে তেওঁলোকেও চয়তানৰ সংগঠনৰ সৈতে ধ্বংসৰ সন্মূখীন হʼব।

১৩. চফনিয়া ভৱিষ্যতবাণীৰ অনুসাৰে বাবিলীয়াসকলে যিৰূচালেম আক্ৰমণ কৰাৰ সময়ত কি ঘটিছিল?

১৩ “সেই দিনা” যিহোৱাই যিহূদাত থকা তেওঁৰ শত্ৰুবিলাকৰ ওপৰত ন্যায় আনি সকলোকে সংহাৰ কৰিলে, এইদৰে যিহোৱাই দুষ্টতাক শেষ কৰি নিজৰ অধিপত্যৰ প্ৰমাণ দিলে। এতেকে যেনেকৈ বাবিলীয়াবিলাকে যিৰূচালেম আক্ৰমণ কৰাত মৎস্য-দুৱাৰৰ পৰা চিঞৰি কন্দাৰ শব্দ শুনা গʼল। ইয়াত উল্লেখ কৰা মৎস্য-দুৱাৰ বুলি এই বাবে কোৱা হৈছে, সম্ভৱতঃ সেই ঠাই ডোখৰ মাছ বজাৰৰ কাষত আছিল। (নহিমিয়া ১৩:১৬) বাবিলীয়াবিলাকে যি স্থানেদি প্ৰৱেশ কৰিছিল তাক দ্বিতীয় খণ্ড বুলি কোৱা হৈছে আৰু কলদীয়াসকলে যিৰূচালেম আক্ৰমণ কৰিবলৈ যেনেকৈ কাষ চাপি আহিছিল, সেই কাৰ্য্যৰ সৈতে “পৰ্ব্বতবোৰৰ পৰা মহাভাঙৰ” শব্দক তুলনা কৰা হৈছে। ইয়াত উল্লেখ কৰা “হাহাকাৰ” কৰা মক্‌টেচ-নিবাসীবিলাকক হয়তো ট্ৰাইৰ্‌পয়েন উপত্যকাৰ ওপৰৰ ভাগৰ লোকসকলক বুজাইছে। তেওঁলোকে কিয় হাহাকাৰ কৰিছিল? কিয়নো ব্যৱসায়ৰ বাবে “ৰূপ বৈ অনা আটাইবোৰ উচ্ছন্ন হল।”

১৪. যিহোৱাৰ সেৱা কৰা বুলি দাবী কৰা উপাসকসকলক নিৰীক্ষণ কৰা কাৰ্য্যত কিমানলৈকে আগবাঢ়িছে?

১৪ যিহোৱাই, তেওঁক সেৱা কৰা বুলি দাবী কৰা উপাসকসকলক নিৰীক্ষণ কৰা কাৰ্য্যত কিমানলৈকে আগবাঢ়িছে? এই বিষয়ে সেই ভৱিষ্যতবাণীত এইদৰে কোৱা হৈছে: “সেই সময়ত মই চাকি লগাই যিৰূচালেমক বিচাৰিম, আৰু নিজৰ গেদৰ ওপৰত সুস্থিৰে থকা মানুহবোৰক, যিহোৱাই ভাল কি বেয়াও নকৰিব বুলি মনতে কোৱাবোৰক দণ্ড দিম। সিহঁতৰ ধন-সম্পত্তি লুট কৰা হব, আৰু সিহঁতৰ ঘৰবোৰ ধ্বংসস্থান হব; এনে কি, সিহঁতে ঘৰ সাজিব কিন্তু তাত বাস কৰিবলৈ নাপাব, দ্ৰাক্ষাবাৰী পাতিব, কিন্তু তাৰ দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাব।”—চফনিয়া ১:১২, ১৩.

১৫. (ক) যিৰূচালেমত থকা ধৰ্ম্মত্যাগী পুৰোহিতসকললৈ কি ঘটিছিল? (খ) বৰ্তমান সময়ত যিসকলে মিছা ধৰ্ম্মত আছে, তেওঁলোকলৈ কি সাঁচি থোৱা হৈছে?

১৫ প্ৰাচীন সময়ত যিৰূচালেমত ধৰ্মত্যাগী পুৰোহিতসকলে যিহোৱাৰ শুদ্ধ উপাসনাক মিছা ধৰ্ম্মৰ সৈতে সংমিশ্ৰিত কৰিছিল। যদিও তেওঁলোকে এনে কাৰ্য্য কৰি নিজকে আধ্যাত্মিক আন্ধাৰৰ মাজত সুৰক্ষিত অনুভৱ কৰিছিল, কিন্তু যিহোৱাৰ উজ্জ্বল চাকিৰ পোহৰত লুকাই থাকিব নোৱাৰিলে। তেওঁলোকৰ কোনেও যিহোৱাৰ ন্যায়ৰ পৰা হাত হাৰিব নোৱাৰিলে। সেই ধৰ্মত্যাগীসকল দ্ৰাক্ষাৰস ৰখা পাত্ৰৰ তলিত গেদ পৰাৰ দৰে অৱস্থা অৰ্থাৎ তেওঁলোকে অটল অৱস্থাত আছিল। সেইবাবে তেওঁলোকে ঈশ্বৰৰ হস্তক্ষেপে তেওঁলোকক আমনি দিয়াটো ইচ্ছা কৰা নাছিল, কিন্তু তেওঁলোকে ঈশ্বৰীয় দণ্ডৰ পৰা ৰক্ষা পাব নোৱাৰিলে। ঠিক একেইদৰে বৰ্তমান সময়তো খ্ৰীষ্টীয়জগতৰ সদস্যসকলে মিছা ধৰ্ম পালন কৰিছে আৰু যিসকলে যিহোৱাৰ সত্য ধৰ্ম্মক ত্যাগ কৰি ধৰ্ম্মত্যাগী হৈছে, তেওঁলোকে নিশ্চয়ে যিহোৱাৰ প্ৰকোপৰ সন্মূখীন হʼব। তেওঁলোকে নিজ হৃদয়েৰে কয় যে এয়া “শেষ-কাল” নহয় আৰু ইয়াৰ ওপৰিও তেওঁলোক কয় যে “যিহোৱাই কোনো উপকাৰ বা অপকাৰ নকৰে।” তেওঁলোকে এনে বিবেচনা কৰি কিমান যে ভুল কৰিছে!—২ তীমথিয় ৩:১-৫; ২ পিতৰ ৩:৩, ৪, ১০.

১৬. যিহূদাক যেতিয়া যিহোৱাই ন্যায় কৰিলে তেতিয়া তাত কি ঘটিল আৰু তাৰ পৰা আমি কি শিকিব পাৰোঁ?

১৬ যিহূদাত থকা ধৰ্ম্মত্যাগীসকলক সতৰ্ক কৰি কোৱা হৈছিল যে কলদীয়াসকলে তেওঁলোকৰ ধন-সম্পত্তি লুট কৰিব, তেওঁলোকৰ ঘৰ-দুৱাৰ ধ্বংস কৰিব আৰু তেওঁলোকৰ দ্ৰক্ষাবাৰীৰ সকলোবোৰ ফল লৈ যাব। বাস্তৱতে যিহূদাত ঈশ্বৰে ন্যায় অনাত তেওঁলোকৰ সকলোবোৰ ভৌতিক বস্তুবোৰৰ কোনো মূল্য নোহোৱা হʼল। এতেকে যেতিয়া যিহোৱাই বৰ্তমান জগতৰ ওপৰত ধ্বংস আনিব, তেওঁলোকৰ অৱস্থাও প্ৰাচীন যিহূদাৰ দৰে হʼব। সেইবাবে আমি আধ্যাত্মিক দৃষ্টিভঙ্গী ৰাখি ‘যিহোৱাৰ কাৰ্য্যক আমাৰ জীৱনত প্ৰথম স্থান দি, স্বৰ্গত আমাৰ আধ্যাত্মিক ধন সঞ্চয়’ কৰোঁহঁক!—মথি ৬:১৯-২১, ৩৩.

‘যিহোৱাৰ মহাদিন ওচৰ চাপিলহি’

১৭. চফনিয়া ১:১৪-১৬ পদৰ অনুসাৰে যিহোৱাৰ মহাদিন কিমান কাষত আছে?

১৭ যিহোৱাৰ বিচাৰৰ দিন কিমান কাষ পালেহি? চফনিয়া ১:১৪-১৬ পদত যিহোৱাই এইদৰে কৈছে: “যিহোৱাৰ মহাদিন ওচৰ, সেয়ে ওচৰ, অতি বেগেৰে আহিছে; শুনা, সেইয়া যিহোৱাৰ দিনৰ শব্দ; সৌৱা, বীৰে মনৰ বেজাৰত চিঞৰি কান্দিছে। সেই দিন ক্ৰোধৰ দিন, সঙ্কট আৰু ক্লেশৰ দিন, উচ্ছন্ন আৰু ধ্বংসৰ দিন, আন্ধাৰ আৰু ঘোৰ অন্ধকাৰৰ দিন, ডাৱৰীয়া আৰু ঘন মেঘৰ দিন, শিঙা-ধ্বনি আৰু সিংহনাদৰ দিন, আৰু গড়েৰে আবৃত নগৰবোৰৰ আৰু ওখ কোঁঠবোৰৰ বিপক্ষৰ দিন হব।”

১৮. যিহোৱাৰ দিনলৈ যে এতিয়াও বহুত সময় আছে বুলি ভাবি আমি কিয় তেনে সিদ্ধান্ত উপনীত হোৱা উচিত নহয়?

১৮ যিহূদাত থকা ভ্ৰষ্টাচাৰী পুৰোহিত, ৰাজকুমাৰ আৰু তাৰ নিবাসীসকলক সতৰ্ক কৰি দিয়া হৈছিল যে ‘যিহোৱাৰ মহাদিন একেবাৰে কাষ’ চাপিলহি। যিহূদাৰ বাবে ‘যিহোৱাৰ দিন অতি বেগেৰে আহিছিল।’ একেইদৰে আজিও যেতিয়া লোকসকলে যিহোৱাৰ ন্যায়ৰ বাবে কোনো চিন্তাই নকৰিব, তেতিয়া হঠাতে যিহোৱাৰ প্ৰকোপ তেওঁলোকৰ ওপৰত আহি পৰিব। যিহূদাৰ দিনত যেনেকৈ যিহোৱাই অতি বেগেৰে নিজৰ ন্যায় আনিছিল ঠিক তেনেকৈ আজিও তেওঁৰ দিন ‘অতি বেগেৰে’ আহিব। (প্ৰকাশিত বাক্য ১৬:১৪, ১৬) সেয়েহে যিসকলে যিহোৱাৰ সাক্ষীসকলৰ বাৰ্ত্তাক গ্ৰহণ কৰি যিহোৱা ঈশ্বৰক উপাসনা নকৰে, তেওঁলোকৰ বাবে সেই দিন কিমান যে ভয়ঙ্কৰ হʼব!

১৯, ২০. (ক) যিহোৱাৰ ক্ৰোধৰ দিনা যিহূদা আৰু যিৰূচালেমত কেনে পৰিস্থিতি হৈছিল? (খ) এই দুষ্ট জগতখনৰ ধ্বংসৰ কথা মনত ৰাখি, আমাৰ মনত কেনেধৰণৰ প্ৰশ্নসমূহ জাগি উঠে?

১৯ যিহূদা আৰু যিৰূচালেমৰ বাবে যিহোৱাৰ ক্ৰোধ “সঙ্কট আৰু ক্লেশৰ দিন” আছিল। বাবিলীয়াসকলে কৰা আক্ৰমণত যিহূদাত থকা নিবাসীসকলে জিয়াতু ভূগিছিল, তেওঁলোকে ধ্বংস, মৃত্যুৰ সন্মূখীন হৈ মানসিক সঙ্কটত আৰু ক্লেশত পৰিছিল। ইয়াত উল্লেখ কৰা “উচ্ছন্ন আৰু ধ্বংসৰ” দিনো লাক্ষণিক নাছিল, কিন্তু বাস্তৱতে চাৰিওফালে ঘোৰ অন্ধকাৰৰ, ঘন মেঘ, ধূঁৱলী-কুঁৱলী আৰু সংহাৰ কৰা কাৰ্য্যৰে আগুৰি ধৰিছিল। সেই দিনা “শিঙা-ধ্বনি আৰু সিংহনাদৰ” দিনৰ সম্পৰ্কে সতৰ্ক কৰাৰ স্বত্ত্বেও কোনেও তালৈ কাণ দিয়া নাছিল।

২০ যেনেকৈ কলদীয়াসকলে “ওখ কোঁঠবোৰৰ” বিপক্ষে আক্ৰমণ কৰিছিল, তেতিয়া যিৰূচালেমত ওখ গড়ত থকা প্ৰহৰীসকলে অসহায় হৈ পৰিছিল। প্ৰাচীন সময়ত যিহোৱাই ধ্বংসৰ বাবে যেনেকৈ অস্ত্ৰ হিচাপে কচদীয়াসকলক ব্যৱহাৰ কৰিলে, তেনেদৰে এই দুষ্ট জগতখনকো ধ্বংস কৰিবলৈ ঈশ্বৰৰ অস্ত্ৰাগাৰৰ পৰা অস্ত্ৰ বাছি লʼব। আপুনি সেই ধ্বংসৰ পৰা ৰক্ষা পাবলৈ আশা কৰেনে? ‘যিজনে সকলোকে ৰক্ষা কৰে কিন্তু সকলো দুষ্টক বিনষ্ট কৰিব’ আপুনি দৃঢ়ভাৱে তেনে ঈশ্বৰ যিহোৱাৰ পক্ষ লৈছেনে?—গীতমালা ১৪৫:২০.

২১, ২২. আমাৰ সময়ত চফনিয়া ১:১৭, ১৮ পদটো কেনেকৈ পূৰ্ণ হʼব?

২১ চফনিয়া ১:১৭, ১৮ পদত কেনে যে এক ভয়ানক ন্যায়ৰ দিনৰ বিষয়ে ভৱিষ্যতবাণী কৰা হʼল! সেই ভৱিষ্যতবাণীত যিহোৱাই এইদৰে কৈছে, “মানুহবিলাকে যিহোৱাৰ অহিতে পাপ কৰাৰ কাৰণে মই সিহঁতক এনেকৈ ক্লেশ দিম, যে সিহঁতে অন্ধ মানুহৰ নিচিনাকৈ ফুৰিব; আৰু সিহঁতৰ তেজ ধূলিৰ নিচিনাকৈ, আৰু সিহঁতৰ মাংস গোবৰৰ নিচিনাকৈ বাকি পেলোৱা হব। যিহোৱাৰ ক্ৰোধৰ দিনা সিহঁতৰ ৰূপ বা সোণে সিহঁতক উদ্ধাৰ কৰিব নোৱাৰিব, কিন্তু তেওঁৰ অন্তৰ্জ্বালাৰ অগ্নিৰে গোটেই দেশ গ্ৰাসিত হব; কিয়নো তেওঁ দেশ-নিবাসী আটাইবোৰৰ অন্ত কৰিব, এনে কি, বেগেৰে অন্ত কৰিব।”

২২ এতেকে যিসকলে এই সতৰ্কবাণীৰ প্ৰতি কাণ নিদিয়ে তেওঁলোকক যিহোৱাই অতি সোনকালে চফনিয়াৰ দিনত কৰাৰ দৰে “দেশ-নিবাসী আটাইবোৰৰ অন্ত কৰিব।” তেওঁলোকে যিহোৱাৰ অহিতে পাপ কৰাৰ কাৰণে অন্ধ ব্যক্তিৰদৰে অসহায় হৈ চলিব, তেওঁলোকে উদ্ধাৰৰ কোনো পথ বিচাৰি নাপাব। যিহোৱাৰ বিচাৰৰ দিনা সঁচাকৈ তেওঁলোকৰ “তেজ ধূলিৰ নিচিনাকৈ . . . বাকি পেলোৱা হব,” যেনেকৈ কোনো মূল্যহীনবস্তুৰ সৈতে কৰা হয়। বাস্তৱতে সেই ধ্বংসৰ দিন ভয়ঙ্কৰ হʼব, ঈশ্বৰে দুষ্টলোকৰ শৰীৰ “গোবৰৰ নিচিনাকৈ বাকি” পেলাব।

২৩. যিহেতু ভৱিষ্যতবাণীত কোৱাৰ দৰে দুষ্ট লোকসকলে ‘যিহোৱাৰ অন্তৰ্জ্বালাৰ অগ্নিৰ’ পৰা কোনো প্ৰকাৰে ৰক্ষা পাব নোৱাৰে, কিন্তু চফনিয়াত কোৱা সেই ভৱিষ্যতবাণীয়ে আমাৰ বাবে কেনে আশা কঢ়িয়াই আনে?

২৩ যিসকলে ঈশ্বৰ আৰু তেওঁৰ লোকসকলৰ বিৰুদ্ধে যুদ্ধ কৰিব, তেওঁলোকক কোনেও ৰক্ষা কৰিব নোৱাৰিব। যেনেকৈ যিহূদাৰ সময়ত লোকসকলক ৰূপ নতুবা সোণ আৰু তেওঁলোকৰ ধন-সম্পত্তিও ‘যিহোৱাৰ অন্তৰ্জ্বালাৰ অগ্নিৰ’ ৰক্ষা কৰিব নোৱাৰিলে, তেনেদৰে খ্ৰীষ্টীয়জগত আৰু এই জগতৰ দুষ্ট লোককো কোনেও ৰক্ষা কৰিব নোৱাৰিব। সেই দিনা ঈশ্বৰে দুষ্ট লোকক উচ্ছন্ন কৰিবলৈ জুইৰ দ্বাৰাই “গোটেই দেশ গ্ৰাসিত” কৰিব। কিন্তু আমি তেওঁৰ ভৱিষ্যতসূচক বাক্যক ভৰসা কৰাৰ কাৰণে আমি সম্পূৰ্ণকৈ বিশ্বাস কৰিছোঁ যে আমি একেবাৰে ‘শেষকালত’ উপস্থিত হৈছোঁহি। (দানিয়েল ১২:৪) এতেকে যিহোৱাৰ শত্ৰুসকলক ধ্বংস কৰাৰ মহাদিন একেবাৰে দুৱাৰ-দলি পালেহি। যিহেতু চফনিয়াৰ ভৱিষ্যতবাণীয়ে নম্ৰ লোকসকলৰ বাবে এক উদ্ধাৰৰ আশা প্ৰদান কৰে। গতিকে যিহোৱাৰ সেই ক্ৰোধৰ দিনত ৰক্ষা পাবলৈ হʼলে আমি কি কৰা আৱশ্যক? (w01 2/15)

আপুনি কেনেদৰে উত্তৰ দিব?

•যিহূদা আৰু যিৰূচালেমৰ ওপৰত চফনিয়াই কৰা ভৱিষ্যতবাণী কেনেকৈ পূৰ্ণ হʼল?

•বৰ্তমান সময়ত থকা খ্ৰীষ্টীয়জগত আৰু দুষ্ট লোকসকলৰ বাবে কি অপেক্ষা কৰি আছে?

•যিহোৱাৰ ন্যায়ৰ বাবে এতিয়াও বহুত সময় আছে বুলি আমি কিয় তেনেদৰে বিবেচনা কৰা উচিত নহয়?

[২১ পৃষ্ঠাৰ ছবি]

যিহূদা আৰু যিৰূচালেমত সা.যু.পূ. ৬০৭ চনত যিহোৱাৰ সেই মহান ক্ৰোধৰ দিন আহিছিল

[২২ পৃষ্ঠাৰ ছবি]

যিহোৱাই যেতিয়া এই দুষ্টতাক ধ্বংস কৰিব, তেতিয়া আপুনি সেই ধ্বংসৰ পৰা ৰক্ষা পাব বিচাৰেনে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক