যিহোৱাই গোটেই পৃথিৱীত তেওঁৰ মহিমাৰ বাবে লোকসকলক গোট খুৱাইছে
“কিয়নো, আটাই জাতিয়ে যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিবৰ নিমিত্তে, . . . মই সেই সময়ত সিহঁতক শুদ্ধ ওঁঠ [শুদ্ধ ভাষা NW] দিম।”—চফনিয়া ৩:৯.
১. কেনেধৰণৰ শক্তিশালী ন্যায়ৰ বিষয়ে ঘোষণা কৰিবলৈ যিহোৱাই চফনিয়াক প্ৰেৰিত কৰিলে?
কেনেধৰণৰ শক্তিশালী ন্যায়ৰ বিষয়ে ঘোষণা কৰিবলৈ যিহোৱাই চফনিয়াক প্ৰেৰিত কৰিলে! সেই ভয়ানক বাক্যবোৰ পূৰ্ণতা যিহূদা ৰাষ্ট্ৰ আৰু তাৰ ৰাজধানী যিৰূচালেমৰ ওপৰত হৈছিল। যিহেতু তাত থকা নেতা আৰু সকলো নিবাসীয়ে ঈশ্বৰৰ ইচ্ছা অনুসাৰে চলিবলৈ ত্যাগ দিছিল। গতিকে সেই ভয়ানক বাক্যৰ পৰিণাম তাৰ ওচৰে-পাজৰে থকা ৰাজ্যবোৰ, যেনে, পলেষ্টীয়া, মোৱাব আৰু অম্মোনৰ দৰে লোকসকলৰ ওপৰত ভোগীবলগীয়া আছিল। কিয়নো এওঁবিলাকে বহু বছৰ ধৰি যিহোৱাৰ লোকসকলৰ ওপৰত অত্যাচাৰ চলাই আহিছিল। সেই একেই দোষ আৰমীয়া জাতিৰ ওপৰত পোৱাৰ বাবে যিহোৱাৰ ধ্বংস তেওঁলোকৰ ওপৰত আছিল আৰু সেই নগৰ কেতিয়াও পুনৰ নিৰ্ম্মাণ কৰা নহব।
২. চফনিয়া ৩:৮ পদত স্পষ্টৰূপে কাৰ বিষয়ে কোৱা হৈছিল?
২ তথাপিও, সেই জাতিৰ মাজত এনে কিছুমান ব্যক্তিও আছিল যিসকলে ঈশ্বৰৰ ইচ্ছা অনুসাৰে চলিছিল। তেওঁলোকে ঈশ্বৰৰ ন্যায়ৰ দিনৰ বাবে বাট চাই আছিল যাতে দুষ্টসকলৰ ধ্বংস হওঁক আৰু লগতে সেইবিলাকৰো বিষয়ে বাইবেলত এইদৰে কৈছিল: “এই কাৰণে যিহোৱাই কৈছে, মই চিকাৰ ধৰিবলৈ নুঠা দিনলৈকে তোমালোকে মোলৈ বাট চাই থাকা; কিয়নো মোৰ মনস্থ এই, যে, জাতিবোৰক চপাই আৰু ৰাজ্যবোৰ একে লগ কৰি সিহঁতৰ ওপৰত মোৰ ক্ৰোধ, এনে কি, মোৰ প্ৰচণ্ড কোপ বৰ্ষাম; কাৰণ মোৰ অন্তজ্বালাৰ অগ্নিৰে গোটেই পৃথিবী গ্ৰাসিত হব।”—চফনিয়া ৩:৮.
কোনসকলৰ বাবে ‘এক শুদ্ধ ভাষা?’
৩. কেনে এক উজ্জ্বল আশাৰ বিষয়ে চফনিয়াই ঘোষণা কৰিবলৈ আনন্দিত হৈছিল?
৩ সঁচাকৈ, ভৱিষ্যতবক্তা চফনিয়াই ঘোষণা কৰা যিহোৱাৰ বাক্য ভয়াবহ আছিল। তেওঁ কেৱল সেই আহিবলগীয়া ভয়ানক দিনৰ বিষয়ে কৈ সমাপ্ত কৰা নাছিল কিন্তু এনে এক উজ্জ্বল আশাৰ বিষয়েও কৈছিল যি বিশ্বাসী ব্যক্তিসকলৰ বাবে উৎসাহজনক আছিল। যেনেকৈ যিহোৱা ঈশ্বৰে চফনিয়া ৩:৯ পদত কৈছিল: “কিয়নো, আটাই জাতিয়ে যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিবৰ নিমিত্তে, আৰু সিহঁত আটাইবোৰে একে মনেৰে তেওঁৰ আৰাধনা কৰিবৰ নিমিত্তে, মই সেই সময়ত সিহঁতক শুদ্ধ ওঁঠ [ভাষা NW] দিম।”
৪, ৫. (ক)অধাৰ্ম্মিকসকলৰ কি অৱস্থা হʼব? (খ) কোনবিলাকে ইয়াৰ দ্বাৰা লাভৱান হʼব আৰু কিয়?
৪ এনে এক লোকক যিসকলক শুদ্ধ ভাষাৰ জ্ঞান দিয়া নাযাব। মন কৰিবলগীয়া এই যে ভৱিষ্যতবাণীয়ে সেই বিষয়ে এইদৰে কৈছে: “কিয়নো মই সেই দিনা গৰ্ব্বেৰে উল্লাস কৰোঁতা তোমাৰ লোকবিলাকক তোমাৰ মাজৰ পৰা দূৰ কৰিম।” (চফনিয়া ৩:১১) গতিকে গৰ্ব্বেৰে উল্লাস কৰোঁতা লোক যিসকলে ঈশ্বৰৰ ব্যৱস্থা উলঙ্ঘন আৰু অধাৰ্ম্মিকতাৰ আচৰণ কৰে, দূৰ কৰা যাব। কিন্তু কোনবিলাকে ইয়াৰ দ্বাৰা লাভৱান হʼব? চফনিয়া ৩:১২, ১৩ পদত কৈছে: “কিন্তু মই তোমাৰ মাজত দুখী দৰিদ্ৰ এক জাতিক অৱশিষ্ট ৰাখিম; তেওঁবিলাকে যিহোৱাৰ নামত নিৰ্ভৰ কৰিব। ইস্ৰায়েলৰ অৱশিষ্ট ভাগে অপৰাধ নকৰিব, বা মিছা কথা নকব, নাইবা তেওঁবিলাকৰ মুখত প্ৰবঞ্চক জিবা পোৱা নাযাব; কিয়নো তেওঁবিলাক চৰিব আৰু শুব, তেওঁবিলাকক ভয় লগাবলৈ কোনো নাথাকিব।”
৫ যিহূদাত থকা বিশ্বাসী অৱশিষ্টবৰ্গৰ বাবে লাভজনক আছিল। কিয়? কিয়নো তেওঁলোকে ঈশ্বৰৰ এই বাক্যবোৰৰ অনুসাৰে চলিছিল যʼত কৈছে: “যিহোৱাৰ শাসন-প্ৰণালী পালন কৰোঁতা হে পৃথিবীৰ আটাই নম্ৰ লোকবিলাক, তেওঁক বিচাৰা, ধাৰ্ম্মিকতা বিচাৰা, নম্ৰতা বিচাৰা; কিজানি যিহোৱাৰ ক্ৰোধৰ দিনা তোমালোকে লুকাই থাকিবলৈ পাবা।”—চফনিয়া ২:৩.
৬. চফনিয়া ভৱিষ্যতবাণীৰ প্ৰথম পূৰ্ণতাত কি ঘটা দেখা গল?
৬ গতিকে সেই ভৱিষ্যতবাণীৰ প্ৰথম পূৰ্ণতা অবিশ্বাসীসকলৰ ওপৰত হল। সা.যু.পূ. ৬০৭ চনত যেতিয়া যিহোৱাই বিশ্ব শক্তি বাবিলক যিহূদীজাতিক বন্দী কৰি নিবলৈ অনুমতি দিয়ে। ইয়াৰে ভিতৰত যিৰিমিয়া আৰু আন কিছুমান ব্যক্তিক যিহোৱাই ৰক্ষা কৰে আৰু অন্যসকলে বন্দী হৈ থকা স্বত্ত্বেও বিশ্বাসী হৈ থাকে। কিন্তু সা.যু.পূ. ৫৩৯ চনত ৰজা কোৰচৰ অধীনত মাদী আৰু পাৰচীসকলে বিশ্ব শক্তি বাবিলক পৰাস্ত কৰে। প্ৰায় দুই বছৰৰ পিছত ৰজা কোৰচে এখন আজ্ঞা পত্ৰ জাৰি কৰে যাতে বন্দী যিহূদীসকলে পুনৰায় স্বদেশলৈ উভটি যাব পাৰে। গতিকে, বিশ্বাসী যিহূদীসকলে পুনৰায় স্বদেশলৈ গৈ যিহোৱাৰ বাবে এটা উপাসনা ঘৰ নিৰ্ম্মাণ কৰা লগে লগে পুৰোহিতবৰ্গৰও স্থাপনা হয় যাতে তেওঁলোকে পুনৰায় লোকসকলক ব্যৱস্থাৰ জ্ঞানৰ শিক্ষা দিব পাৰে। (মলাখী ২:৭) সেইবাবে, আকৌ এবাৰ যিহোৱাৰ আশীৰ্ব্বাদ তেওঁলোকৰ নিষ্ঠাৱান হোৱাৰ ওপৰত নিৰ্ভৰ কৰিছিল।
৭, ৮. চফনিয়া ৩:১৪-১৭ পদত উল্লেখ কৰা ভৱিষ্যতবাণীৰ বাক্যশাৰীবোৰ কাৰ বাবে আছিল আৰু কিয় আপুনি তেনেদৰে কʼব পাৰে?
৭ এই সন্দৰ্ভত কোনে পুনঃস্থাপনৰ আনন্দ উপভোগ কৰিব, তাকে ভৱিষ্যতবক্তা চফনিয়াই এইদৰে ভৱিষ্যতবাণী কৰিছিল: “হে চিয়োন-জীয়াৰী, গান কৰা, হে ইস্ৰায়েল, জয়-ধ্বনি কৰা; হে যিৰূচালেম-জীয়াৰী সমস্ত মনেৰে আনন্দ আৰু উল্লাস কৰা। যিহোৱাই তোমাৰ দণ্ডবোৰ দূৰ কৰিলে, তোমাৰ শত্ৰুক খেদি দিলে; ইস্ৰায়েলৰ ৰজা যিহোৱা তোমাৰ মাজত আছে; তুমি আৰু অমঙ্গললৈ ভয় নকৰিবা। সেই দিনা যিৰূচালেমক এই কথা কোৱা যাব, তুমি ভয় নকৰিবা; হে চিয়োন, তোমাৰ হাত ঢিলা নহওক। তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ মাজত আছে, তেওঁ ত্ৰাণকৰ্ত্তা বীৰ; তেওঁ আনন্দেৰে তোমাৰ বিষয়ে উল্লাস কৰিব, নিজ স্নেহত মনে মনে থাকিব, আৰু গান গাই তোমাৰ বিষয়ে আনন্দ কৰিব।”—চফনিয়া ৩:১৪-১৭.
৮ সেই ভৱিষ্যতবাণীৰ বাক্যবোৰৰ পূৰ্ণতা কেৱল এই বিশ্বাসী অৱশিষ্টবৰ্গৰ বাবে আছিল যিসকলে বন্দীৰ পৰা মুক্ত হৈ পুনৰায় নিজৰ মাতৃভূমিলৈ উভটি গৈছিল। এই সন্দৰ্ভত চফনিয়া ৩:১৮-২০ পদত কৈছে: “তোমাৰ পৰা উৎপন্ন হোৱা যি লোকবিলাকে পবিত্ৰ সভাৰ নিমিত্তে শোক কৰে, আৰু ধিক্কাৰত ভাৰগ্ৰস্ত হয়, সেই লোকবিলাকক মই গোটাম। চোৱা, সেই সময়ত, তোমাক দুখ দিয়া আটাইবোৰলৈ যি কৰিব লগীয়া, তাকে মই কৰিম; মই লেঙেৰীজনীক ৰক্ষা কৰিম, আৰু খেদি দিয়া জনীক গোটাম; আৰু যিবিলাকৰ লাজ গোটেই পৃথিবীত ব্যাপিছে, তেওঁবিলাকক মই প্ৰশংসা আৰু সুখ্যাতিৰ বিষয় কৰিম। সেই সময়ত মই তোমালোকক আনিম আৰু সেই সময়ত মই তোমালোকক গোটাম; কিয়নো, যিহোৱাই কৈছে, যেতিয়া মই তোমালোকৰ সাক্ষাতে তোমালোকৰ বন্দী অৱস্থা পৰিবৰ্ত্তন কৰিম, তেতিয়া পৃথিবীৰ আটাই জাতিৰ আগত মই তোমালোকক সুখ্যাতি আৰু প্ৰশংসাৰ বিষয় কৰিম।”
৯. যিহূদাৰ সৈতে যিহোৱাই নিজৰ নামৰ গৌৰৱ কেনেকৈ বঢ়ালে?
৯ আপুনি কল্পনা কৰিব পাৰে যে তেওঁলোকৰ ওচৰে-পাজৰে থকা জাতিসকলৰ বাবে কি যে এক ভয়ভীত সংবাদ আছিল! যিহেতু বিশ্বশক্তি বাবিল যিহূদাৰ নিবাসীসকলক বন্দী কৰি থৈছিল আৰু ভৱিষ্যতে তেওঁলোকে স্বাধীন হʼব তাৰ কোনো আশা নাছিল। তদুপৰি, তেওঁলোকৰ মাতৃভূমি উচ্ছন্ন হৈ পৰি আছিল। কিন্তু, ঠিক ৭০ বছৰৰ পাছত যিহোৱাৰ পৰাক্ৰমৰ দ্বাৰা তেওঁলোকে পুনৰায় নিজৰ মাতৃভূমিক দেখিবলৈ পালে আৰু তেতিয়া যিহোৱাৰ প্ৰকোপ কেৱল তেওঁলোকৰ শত্ৰুবিলাকৰ ওপৰতেহে আছিল। সেই বিশ্বাসী অৱশিষ্টবৰ্গক পুনৰায় লৈ আনি যিহোৱাই কি যে এক মহান নামৰ পৰিচয় দিলে। যিহোৱাই সকলো জাতিৰ ভিতৰত তেওঁলোকৰ কীৰ্তি আৰু গৌৰৱ বঢ়ালে। যিহূদীসকলক পুনৰ মাতৃভূমিলৈ উভতাই আনাৰ যোগেদি যিহোৱা আৰু তেওঁৰ নাম ধাৰণ কৰা লোকৰ কিমান যে গৌৰৱম্বিত হʼল!
যিহোৱাৰ উপাসনাক মহিমান্বিত কৰা হʼল
১০, ১১. চফনিয়াত উল্লেখ কৰা সৰহভাগ ভৱিষ্যতবাণীৰ পূৰ্ণতা কেতিয়া হʼব আৰু ইয়াৰ বিষয়ে আমি কেনেকৈ জানিব পাৰোঁ?
১০ প্ৰথম শতাব্দীতো এনে একে পুনঃস্থাপন কৰা হৈছিল যেতিয়া যীচু খ্ৰীষ্টয়ে সত্য উপাসনাৰ হেতুকে যিহূদা বংশৰ পৰা এক অৱশিষ্টবৰ্গক বাছনি কৰে। যিহেতু, এইটো কেৱল এক প্ৰত্যাশা আছিল কিয়নো ইয়াৰ সৰহভাগৰ পূৰ্ণতা ভৱিষ্যততে হবলগীয়া আছিল। এই সম্পৰ্কে মীখা ভৱিষ্যতবক্তাই এই ভৱিষ্যতবাণী কৰিছিল: “কিন্তু অন্তিম কালত এইৰূপ ঘটিব যে, যিহোৱাৰ গৃহৰ পৰ্ব্বতখন পৰ্ব্বতবোৰতকৈয়ো ওখত স্থাপন কৰা হব, আৰু গিৰিবোৰতকৈয়ো ওখ কৰা হব; তাতে জাতিবোৰে সোঁত বোৱাৰ দৰে তালৈ বৈ যাব।”—মীখা ৪:১.
১১ কেতিয়া এই ভৱিষ্যতবাণী পূৰ্ণ হʼবলগীয়া আছিল? যেনেকৈ ভৱিষ্যতবাণীত কৈছিল: “অন্তিম কালত,” যাৰ অৰ্থ হৈছে, এই “শেষ কালতেই” হব। অন্য জাতিসকলে মিছা দেৱতাৰ উপাসনা কৰি থকা সময়ত আৰু এই দুষ্ট জগতৰ পৰিস্থিতিৰ শেষ হোৱাৰ আগতেই ইয়াৰ পূৰ্ণতা হʼব। ইয়াৰ বিষয়ে মীখা ৪:৫ পদত কৈছিল: “যদিও আটাই জাতিয়ে নিজ নিজ দেৱতাৰ নামেৰে চলে, তথাপি আমি হলে যুগে যুগে চিৰকাললৈকে আমাৰ ঈশ্বৰ যিহোৱাৰ নামেৰেহে চলিম।” কিন্তু সত্য উপাসকবিলাকৰ বাবে কি আশা আছে? এই সন্দৰ্ভত মীখা ভৱিষ্যতবক্তাই এইদৰে লিখিলে: “তথাপি আমি হলে যুগে যুগে চিৰকাললৈকে আমাৰ ঈশ্বৰ যিহোৱাৰ নামেৰেহে চলিম।”
১২. এই শেষ-কালত কেনেকৈ সত্য উপাসনাক মহিমান্বিত কৰা হৈছে?
১২ অন্তিম কালত এইদৰে ঘটিব, “যিহোৱাৰ গৃহৰ পৰ্ব্বতটি পৰ্ব্বতবোৰতকৈয়ো ওখত স্থাপন কৰা হব।” যিহেতু যিহোৱাৰ সত্য উপাসনাক সকলোতকৈ উচ্চ কৰা হৈছে আৰু আন সকলো ধৰ্ম্মতকৈ ইয়াক গৌৰৱাম্বিত কৰা হৈছে। যেনেকৈ মীখা ভৱিষ্যতবাণীত উল্লেখ কৰিছিল: “তাতে জাতিবোৰে সোঁত বোৱাৰ দৰে তালৈ বৈ যাব।” যিসকলে সত্য উপাসনাৰ অনুসাৰে চলে, “তেওঁলোকে হলে যুগে যুগে চিৰকাললৈকে যিহোৱাৰ নামেৰেহে চলিব।”
১৩, ১৪. কেতিয়া এই জগতে “শেষ-কালত” ভৰি দিলে আৰু তেতিয়াৰ পৰা সত্য উপাসনাৰ ৰূপ-ৰেখা কেনে হৈ আহিছে?
১৩ বাইবেলত ১৯১৪ চনৰ বিষয়ে উল্লেখ কৰা ঘটনাসমূহৰ পূৰ্ণতাই দেখুৱাইছে যে এই জগতে “শেষ-কালত” ভৰি দিলে। “এইবোৰ কেতিয়া ঘটিব? আৰু এই সকলো সিদ্ধ হবলৈ উদ্যত হোৱাৰ চিন কি? তাক আমাক কওক। তেতিয়া যীচুৱে তেওঁলোকক কব ধৰিলে, কোনেও যেন তোমালোকক নুভুলায়, এই নিমিত্তে সাৱধান হোৱা। অনেকে মোৰ নামেৰে আহি, মই সেই জন বুলি অনেকক ভুলাব। কিন্তু তোমালোকে ৰণৰ কথা, আৰু যুদ্ধ হবৰ সম্ভৱনাৰ বাতৰি শুনিলে ব্যাকুল নহবা; এইবোৰ ঘটিব লাগে; কিন্তু তেতিয়াও শেষ নৌ হয়। কিয়নো জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব; ঠায়ে ঠায়ে ভূমিকম্প হব, আকালো হব; এইবোৰ যাতনাৰ আৰম্ভণ। কিন্তু তোমালোকে নিজলৈ সাৱধান হোৱা; কিয়নো মানুহবিলাকে তোমালোকক বিচাৰ-সভাত শোধাই দিব; তাত বাজে নাম-ঘৰত তোমালোকে কোব খাবা; আৰু মোৰ নিমিত্তে দেশাধিপতি আৰু ৰজাসকলক সাক্ষ্য দিবলৈ তেওঁবিলাকৰ আগত তোমালোক থিয় হবা। আৰু প্ৰথমে সকলো জাতিৰ আগত শুভবাৰ্ত্তা প্ৰচাৰিত হব লাগে।” (মাৰ্ক ১৩:৪-১০) ইতিহাসে প্ৰমাণ কৰিছে যে যিহোৱাই স্বৰ্গীয় আশাৰ বাবে অৱশিষ্টবৰ্গক গোটাবলৈ আৰম্ভ কৰিলে। ইয়াৰ পাছত, ‘সকলো জাতি, ফৈদ, লোক, আৰু ভাষাৰ, বগা বস্ত্ৰ পিন্ধা, কোনেও গণিব নোৱাৰা এক বৰ লোকসমূহ,’ যিসকলে এই পৃথিবীত চিৰকাললৈকে জীয়াই থকা আশা বজাই ৰাখিছে।—প্ৰকাশিত বাক্য ৭:৯.
১৪ প্ৰথম বিশ্ব যুদ্ধৰ পৰা লৈ বৰ্তমান দিনলৈকে যিহোৱাৰ নাম ধাৰণ কৰা লোকসকলে যিহোৱাৰ উপাসনা অতি উৎসাহেৰে কৰি আহিছে আৰু যিহোৱাই নিজে তেওঁলোকক নিৰ্দ্দেশনা দিছে। প্ৰথম বিশ্ব যুদ্ধৰ সময়ত যিহোৱাৰ উপাসকৰ সংখ্যা কেৱল কেই হাজাৰমানহে আছিল, কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ সংখ্যা হৈছে প্ৰায় ৬০ লাখ জন। এই লোকসকলক প্ৰায় ২৩৫ দেশত পোৱা যায় আৰু তেওঁলোকৰ প্ৰায় ৯১, ০০০ মণ্ডলী আছে। প্ৰত্যেক বছৰে এই ৰাজ্য প্ৰচাৰকসকলে ১০০ কোটিতকৈ অধিক সময় যিহোৱাৰ নাম সকলোকে জনাবলৈ ব্যয় কৰিছে। এইটো স্পষ্টকৈ দেখা গৈছে যে সেই যিহোৱাৰ সাক্ষীসকলে যীচুৱে কোৱা এই ভৱিষ্যতবাণীৰ পূৰ্ণতা কৰিছে: “সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব; তেতিয়াহে শেষ হব।”—মথি ২৪:১৪.
১৫. চফনিয়া ২:৩ পদত উল্লেখ কৰা ভৱিষ্যতবাণীৰ কেনেকৈ পূৰ্ণ হʼল?
১৫ চফনিয়া ৩:১৭ পদত কৈছে “তোমাৰ ঈশ্বৰ যিহোৱা তোমাৰ মাজত আছে, তেওঁ ত্ৰাণকৰ্ত্তা বীৰ।” আজি যিহোৱাৰ সেৱকসকলে কিয় ইমানকৈ আধ্যাত্মিকৰূপে উন্নতি কৰিছে, কিয়নো “তেওঁলোকৰ মাজত ত্ৰাণকৰ্তা বীৰ যিহোৱা” ঈশ্বৰ আছে। যেনেকৈ সা.যু.পূ. ৫৩৯ চনত যিহূদা সমাজৰ পুনঃস্থাপনা কৰা সময়ত “তেওঁলোকৰ মাজত যিহোৱা” আছিল আজিও এইটো একেবাৰে সত্য হোৱাটো দেখা গৈছে। গতিকে আমি জানিব পাৰিছোঁ যে কেনেকৈ চফনিয়া ২:৩ পদত উল্লেখ কৰা সৰহভাগৰ পূৰ্ণতা হৈছে যʼত কৈছে “যিহোৱাৰ শাসন-প্ৰণালী পালন কৰোঁতা হে পৃথিবীৰ আটাই নম্ৰ লোকবিলাক, তেওঁক বিচাৰা, ধাৰ্ম্মিকতা বিচাৰা, নম্ৰতা বিচাৰা।” সা.যু.পূ. ৫৩৭ চনত “সকলো” যাৰ অৰ্থ হৈছে সেই যিহূদীসকল, যিসকলে বাবিলৰ বন্দীত্বৰ পৰা মুক্ত হৈ নিজৰ স্বদেশলৈ উভটি আহিছিল। কিন্তু, আজিৰ সময়ত যিসকলে শুভবাৰ্ত্তাৰ প্ৰতি সঠিক মনোবৃত্তি দেখুৱাইছে আৰু যিসকলে “যিহোৱাৰ গৃহ পৰ্ব্বতলৈ” নদীৰ সোঁত বোৱাৰ দৰে বৈ আহিছে, তেওঁলোকক পৃথিৱীৰ চাৰিওফালে থকা জাতিবিলাকৰ পৰা অহা নম্ৰজন হিচাপে চিনাক্ত কৰা হৈছে।
সত্য উপাসনা সমৃদ্ধিশালী হোৱা
১৬. আজি আধুনিক দিনত হোৱা যিহোৱাৰ সেৱকসকলৰ উন্নতিৰ প্ৰতি আমাৰ শত্ৰুবিলাকে কেনে প্ৰতিক্ৰিয়া দেখুৱায়?
১৬ সা.যু.পূ. ৫৩৭ চনৰ পাছত, যেতিয়া যিহোৱাই তেওঁৰ সেৱকসকলৰ মাতৃভূমিত সত্য উপাসনাৰ পুনঃস্থাপনা কৰিলে, তেতিয়া তাৰ ওচৰে-পাজৰে থকা বহুতো ৰাষ্ট্ৰই ইয়াকে দেখি আচৰিত মানিলে। যিহেতু সেই পুনঃস্থাপনা বিস্তৃতৰূপে হোৱা নাছিল। আপুনি কল্পনা কৰিব পাৰেনে যে ঈশ্বৰৰ কিছুমান বিৰোধী ব্যক্তিয়ে কেনে অভিপ্ৰায় দিছে, তেওঁলোকে কৈছে: এতিয়া তেওঁলোকৰ বৃদ্ধি আচৰিতৰূপে হৈছে আৰু আজি আধুনিক দিনত তেওঁলোকৰ কাৰ্য্য-প্ৰণালীবোৰ অত্যাধিকভাৱে আগবাঢ়িছে। কিছুমান বিৰোধীয়ে আকৌ ঠিক তেনেদৰে মনোবৃত্তি দেখুৱাই যেনেকৈ প্ৰথম শতাব্দীত ফৰাচীসকলে যীচুৰ কাষ চপা লোকসকলৰ ওপৰত ৰাখিছিল: “চোৱা, জগতখনেই তেওঁৰ পাছত গল।”—যোহন ১২:১৯.
১৭. এজন লিখকে যিহোৱাৰ সাক্ষীসকলৰ প্ৰতি কি অভিপ্ৰায় দিছিল আৰু আজি তেওঁলোকে কেনে বৃদ্ধিৰ অনুভৱ কৰিছে?
১৭ প্ৰফেচাৰ চাৰ্লচ এচ. ব্ৰাডেনে লিখা এইটো বিশ্বাস কৰা নামৰ কিতাপখনত, তেওঁ এইদৰে কৈছিল: “যিহোৱাৰ সাক্ষীসকলে পৃথিৱীৰ সকলো ঠাইতে গৈ প্ৰচাৰ কৰিছে। এইটো সকলোৱে স্বীকাৰ কৰিব লাগিব যে তেওঁলোকৰ দৰে কোনো ধৰ্ম্মৰ গ্ৰুপে গৈ অতি উৎসাহেৰে শুভবাৰ্ত্তা প্ৰচাৰ কৰা নাই। তেওঁলোকৰ এই কাৰ্য্য দিন-দিনে বৃদ্ধি পাইছে।” এই বিষয়ে তেওঁৰ ধাৰণা কিমান যে সত্য আছিল! আজি ৫০ বছৰৰ আগতেই তেওঁ সেই মন্তব্য দিছিল যেতিয়া যিহোৱাৰ সাক্ষীসকলৰ সংখ্যা গোটেই পৃথিৱীত মাত্ৰ ৩, ০০, ০০০ জন আছিল। কিন্তু আজিৰ সংখ্যাৰ বিষয়ে তেওঁৰ মত কি? যিহেতু এই সংখ্যা ২০ গুণতকৈ অধিক বৃদ্ধি পাইছে, যাৰ অৰ্থ হৈছে প্ৰায় ৬০ লাখ জন।
১৮. শুদ্ধ ভাষা মানে কি বুজাই আৰু ইয়াক কোন লোকসকলক দিয়া হৈছে?
১৮ যিহোৱাই তেওঁৰ ভৱিষ্যতবক্তাৰ দ্বাৰা প্ৰতিজ্ঞা কৰিছিল: “সিহঁত আটাইবোৰে একে মনেৰে তেওঁৰ আৰাধনা কৰিবৰ নিমিত্তে, মই সেই সময়ত সিহঁতক শুদ্ধ [ভাষা NW] দিম।” (চফনিয়া ৩:৯) গতিকে এই শেষ-কালত কেৱল যিহোৱাৰ সাক্ষীসকলে যিহোৱাৰ নাম লয় আৰু প্ৰেমৰ অটুট বান্ধোনৰ সৈতে ঐক্যতাৰে অৰ্থাত “পৰস্পৰে” তেওঁৰ সেৱা সম্পন্ন কৰে। এওঁলোক হৈছে সেই জাতি যাক শুদ্ধ ভাষাৰ জ্ঞান দিয়া হৈছে। সেই শুদ্ধ ভাষাৰ জ্ঞানত ঈশ্বৰ আৰু তেওঁৰ উদ্দেশ্যৰ সঠিক বুজ দিয়া আছে। কেৱল যিহোৱাই পবিত্ৰ আত্মাৰ যোগেদি সেই জ্ঞানৰ বুজনি দিয়ে। এই সুযোগ কেৱল “তেওঁৰ আজ্ঞা মনাবিলাকে” পাইছে। কেৱল যিহোৱাৰ সাক্ষীসকলে যিহোৱাক নিজৰ শাসনকৰ্ত্তা স্বীকাৰ কৰিছে। সেইহেতুকে, তেওঁলোকে ঈশ্বৰৰ আত্মা পাওঁতা আৰু শুদ্ধ ভাষাৰ জ্ঞান অৰ্থাৎ যিহোৱা আৰু তেওঁৰ আচৰিত উদ্দেশ্যৰ বিষয়ে বুজি পোৱাসকল। তেওঁলোকে এই শুদ্ধ ভাষাৰ জ্ঞান গোটেই বিশ্ব জুৰি বিতৰণ কৰিবলৈ ব্যৱহাৰ কৰে।
১৯. শুদ্ধ ভাষাৰ জ্ঞান লোৱাৰ সৈতে আৰু কি সন্মিলিত আছে?
১৯ শুদ্ধ ভাষাৰ জ্ঞান প্ৰাপ্ত কৰা অৰ্থ কেৱল সত্যৰ প্ৰতি বিশ্বাস থকা আৰু অন্যক ইয়াৰ বিষয়ে শিকোৱাটোৱেই যথেষ্ট নহয়, তদুপৰি এজনৰ আচৰণ ঈশ্বৰৰ ব্যৱস্থা আৰু সিদ্ধান্তবোৰৰ সামঞ্জস্যত হোৱা উচিত। অৱশিষ্টবৰ্গক যিহোৱাক অনুসন্ধান কৰা আৰু শুদ্ধ ভাষাৰ জ্ঞান পৰিচালনা কৰাৰ দায়িত্বভাৰ বহন কৰিছে। তেওঁলোকে সম্পন্ন কৰা কাৰ্য্যৰ বিষয়ে বিবেচনা কৰি চাওঁক! যদিও অৱশিষ্টবৰ্গক সংখ্যা কমি গৈ ৮, ৭০০ জনতকৈ কম হৈছে, কিন্তু প্ৰায় ৬০ লাখ জনে যিহোৱাৰ অনুসন্ধান কৰি আৰু তেওঁৰ শুদ্ধ ভাষাৰ জ্ঞান লৈ অৱিশিষ্ট বৰ্গয়ে প্ৰস্তুত কৰা আৰ্হিক অনুকৰণ কৰিছে। এওঁলোকে হৈছে এক বৰ লোকৰ বৃদ্ধি প্ৰাপ্ত সংখ্যা যাক সকলো জাতিৰ পৰা লোৱা হৈছে আৰু তেওঁলোকে যীচুৰ মুক্তিপণ বলিদান ওপৰত বিশ্বাস কৰি দিনে-ৰাতিয়ে যিহোৱাৰ আধ্যাত্মিক মন্দিৰৰ বাহিৰ কোঠাত তেওঁৰ সেৱা কৰিছে। এওঁলোকে মহা-ক্লেশৰ পৰা ৰক্ষা পোৱা লোক যি এই দুষ্ট সংসাৰৰ ওপৰত আহিবলগীয়া আছে।—প্ৰকাশিত বাক্য ৭:৯, ১৪, ১৫.
২০. ভৱিষ্যততে অৱিশিষ্টবৰ্গ আৰু এক বৰ লোকেৰে গঠিত সমূহৰ বাবে কি আশা আছে?
২০ এই বৰ লোকে ঈশ্বৰে স্থাপিত কৰা এই ধাৰ্ম্মিকতা পৃথিৱীৰ অধিকাৰী হব। (২ পিতৰ ৩:১৩) সেই সময়ত যীচু আৰু স্বৰ্গীয় আশাৰ বাবে পুনৰুত্থান কৰা ১, ৪৪, ০০০ জন অৰ্থাৎ অৱিশিষ্ট লোকসকলে, ৰজা, পুৰোহিত হৈ তেওঁৰ সৈতে শাসন কৰিব। (ৰোমীয়া ৮:১৬, ১৭; প্ৰকাশিত বাক্য ৭:৪; ২০:৬) সেই মহা-ক্লেশৰ পৰা উত্তৰজীৱীসকলে এই পৃথিৱীক পৰমদেশলৈ পৰিণত কৰিবলৈ কাৰ্য্য কৰিব আৰু সদায়ে শুদ্ধ ভাষা জ্ঞানৰ বিষয়ে আলোচনা কৰিব। যেনেকৈ বাইবেলক কৈছে: “আৰু তোমাৰ সন্তানবিলাক যিহোৱাৰ দ্বাৰাই শিক্ষিত হব, আৰু তোমাৰ সন্তানবিলাকৰ পৰমশান্তি হব। ধাৰ্ম্মিকতাত তুমি স্থাপিত হবা; তুমি উপদ্ৰৱৰ পৰা দূৰে থাকিবা, কিয়নো তোমাৰ ভয় নহব; আৰু ত্ৰাসৰ পৰা আঁতৰে থাকিবা, কাৰণ সেয়ে তোমাৰ ওচৰলৈ নাহিব।”—যিচয়া ৫৪:১৩, ১৪.
মানৱ ইতিহাসত সকলোতকৈ মহান শৈক্ষিক কাৰ্য্য
২১, ২২. (ক)পাঁচনিৰ কৰ্ম্ম ২৪:১৫ পদত উল্লেখ কৰা অনুসাৰে কোনসকলক শুদ্ধ ভাষাৰ জ্ঞান দিয়া হʼব? (খ) যীচুৰ শাসনকালৰ অধীনত কেনে এক অসাধাৰণ শৈক্ষিক কাৰ্য্যক্ৰমৰ অভিযান চলোৱা হʼব?
২১ এনে এক বৰ সমূহৰ লোক যাক আহিবলগীয়া নতুন পৃথিৱীত এক শুদ্ধ ভাষা শিকিবলৈ জ্ঞান দিয়া হব, যাৰ বিষয়ে পাঁচনিৰ কৰ্ম্ম ২৪:১৫ পদত কৈছে: “ধাৰ্ম্মিক অধাৰ্ম্মিক, এই দুবিধ লোকৰ পুনৰুস্থান হব বুলি তেওঁবিলাকে যি আশাৰে বাট চাইছে ঈশ্বৰত ময়ো সেই আশা কৰোঁ।” যিহেতু অতীততে এনে বহুতো লোকে যিহোৱাৰ সঠিক জ্ঞানৰ বিষয়ে নজানাকৈ মৃত্যু হʼল। যিহোৱাই তেওঁলোককো পুনৰ জীৱিত কৰিব যাতে শুদ্ধ ভাষাৰ জ্ঞান শিকিব পাৰে।
২২ সেই শিক্ষাৰ কাৰ্য্যক্ৰমত ভাগ লোৱা কি যে এক বিশেষ অধিকাৰ হব! মানৱ ইতিহাসত প্ৰথম বাৰৰ বাবে এই মহান শিক্ষাৰ কাৰ্য্যক্ৰমৰ চলোৱা হʼব। সকলোবোৰ কাৰ্য্য যীচুৰ সেই মঙ্গলময় শাসনৰ অধীনত সম্পন্ন কৰা হʼব। যিচয়া ১১:৯ পদত উল্লেখ হোৱা এই ভৱিষ্যতবাণীৰ পৰিণাম সকলো মানৱজাতিয়ে অনুভৱ কৰিব যʼত কোৱা হৈছে: “মোৰ গোটেই পবিত্ৰ পৰ্ব্বতত কোনেও কাকো হিংসা বা বিনষ্ট নকৰিব; কিয়নো সমুদ্ৰ যেনেকৈ পানীৰে ঢকা, তেনেকৈ পৃথিবী যিহোৱা বিষয়ক জ্ঞানেৰে পৰিপূৰ্ণ হব।”
২৩. কিয় এইটো কোৱা উচিত যে আমি যিহোৱাৰ লোক হোৱাৰ বাবে মহান?
২৩ যিহোৱাই এই পৃথিৱীখনক তেওঁৰ জ্ঞানৰে পূৰ কৰিব। গতিকে এই শেষকালত আমি নিজকে সেই আচৰিত সময়ৰ বাবে প্ৰস্তুত কৰাটো আমাৰ বাবে কি যে এক বিশেষ অধিকাৰ! তদুপৰি, বৰ্তমান সময়ত যিহোৱাৰ সেৱক হোৱা আৰু চফনিয়া ৩:২০ পদত উল্লেখ কৰা ভৱিষ্যতবাণীৰ পূৰ্ণতাক জানিব পৰাটো আমাৰ বাবে কি যে এক বিশেষ অধিকাৰ! ইয়াত আমি যিহোৱাৰ প্ৰতিজ্ঞাসমূহ পাওঁ যʼত কোৱা হৈছে: “তেতিয়া পৃথিবীৰ আটাই জাতিৰ আগত মই তোমালোকক সুখ্যাতি আৰু প্ৰশংসাৰ বিষয় কৰিম।” (w01 2/15)
আপুনি কেনেকৈ উত্তৰ দিব?
•চফনিয়াত উল্লেখ কৰা পুনঃস্থাপনৰ ভৱিষ্যতবাণীত কিহৰ পূৰ্ণতা আছিল?
•আজি শেষকালত কেনেকৈ সত্য উপাসনাক উন্নত কৰা হৈছে?
•আহিবলগীয়া নতুন পৃথিৱীত কি মহান শিক্ষাৰ কাৰ্য্যক্ৰম চলোৱা হʼব?
[৩২ পৃষ্ঠাৰ ছবি]
যিহোৱাৰ সাক্ষীসকলে “শুদ্ধ ভাষা” কোৱাৰ দ্বাৰা লোকসকলক বাইবেল সত্যৰ উৎসাহজনক সংবাদ জনাইছে