যিহোৱাৰ ক্ৰোধৰ দিন উপস্থিত হোৱাৰ আগেয়ে তেওঁক বিচাৰা
‘যিহোৱাক বিচাৰা, ধাৰ্ম্মিকতা বিচাৰা, নম্ৰতা বিচাৰা, কিজানি যিহোৱাৰ ক্ৰোধৰ দিনা তোমালোকে লুকাই থাকিবলৈ পাবা।’—চফনিয়া ২:৩.
১. যেতিয়া চফনিয়াই ঈশ্বৰৰ ভৱিষ্যতবাণীবোৰ লিপিবদ্ধ কৰিছিল, তেতিয়া যিহূদাৰ আধ্যাত্মিক অৱস্থা কেনে আছিল?
ইতিহাসে প্ৰমাণ দিছে যে যিহূদাত এনে এক সংকটকালীন পৰিস্থিতিৰ দ্বাৰাই চফনিয়াৰ ভৱিষ্যতবাণী পূৰ্ণ হʼল। যিহেতু তেওঁলোকৰ আধ্যাত্মিক অৱস্থা একেবাৰে বেয়ালৈ গতি কৰিছিল। তেওঁলোকে যিহোৱাৰ নিৰ্দ্দেশনাত ভৰসা কৰাৰ পৰিৱৰ্ত্তে মিছা ধৰ্ম্মৰ পুৰোহিত আৰু জ্যোতিষীসকলক ভৰসা কৰিছিল। গোটেই দেশখন কানানীয়াবিলাকৰ উৰ্বৰতা বৃদ্ধি কৰা বাল দেৱতাৰ উপাসনাৰে ভৰি পৰিছিল। স্থানীয় মুখ্যপাত্ৰসকল অৰ্থাত ৰাজকুমাৰ, ৰজা-ঘৰীয়া ব্যক্তি আৰু বিচাৰকৰ্ত্তাসকলে তেনে উপাসনাক অধিক মান্যতা দিছিল। (চফনিয়া ১:৯; ৩:৩) এতেকে যিহোৱাই যিহূদা আৰু যিৰূচালেমত থকা নিবাসীৰ বিৰোদ্ধে ‘নিজৰ হাত মেলাতো’ কোনো আঁচৰিত কথা নহয়!—চফনিয়া ১:৪.
২. যিহূদাত থকা যিহোৱাৰ বিশ্বাসী লোকসকলৰ বাবে কেনে আশাৰ ৰেঙণি দেখা গৈছিল?
২ যিহূদাত আটাইতকৈ বেয়া অৱস্থা হোৱাৰ স্বত্ত্বেও এক আশাৰ ৰেঙণি দেখা গʼল। আমোনৰ পুত্ৰ যোচিয়া অতি কম বয়সতে ৰজা হʼল। যদিও তেওঁ বয়সত অতি সৰু আছিল, কিন্তু যিহোৱাক তেওঁ অন্তৰৰে সৈতে প্ৰেম কৰিছিল। যিহূদাত যদি এই নতুন ৰজাজনে শুদ্ধ উপাসনাক পুনঃস্থাপন কৰা হʼলে যিহোৱাৰ সেই বিশ্বাসী লোকসকলৰ বাবে কিমান যে এক উৎসাজনক বিষয় আছিল! আনসকলেও যিহোৱাৰ ক্ৰোধৰ পৰা ৰক্ষা পাবৰ বাবে সেই বিশ্বাসী উপাসকসকল সৈতে যোগ দিলেহেঁতেঁন।
শুদ্ধ উপাসনাক সংৰক্ষণ কৰাৰ আৱশ্যকসমূহ
৩, ৪. “যিহোৱাৰ ক্ৰোধৰ দিনা” এজন ব্যক্তিয়ে ৰক্ষা পাবলৈ কোন তিনিটা আৱশ্যকতাক পূৰণ কৰা আৱশ্যক?
৩ যিহোৱাৰ ক্ৰোধৰ পৰা সঁচাকৈ কিছুমান লোকে ৰক্ষা পাব পাৰিলেহেঁতেঁন নে? অৱশ্যেই ৰক্ষা পাব পাৰিলেহেঁতেঁন, কিয়নো চফনিয়া ২:২, ৩ পদত তেওঁলোকে ৰক্ষা পাবলৈ, পালন কৰিবলগীয়া কিছুমান আৱশ্যকতাক দিয়া হৈছিল। আঁহক আমি এই পদসমূহ পঢ়ি আৰু তাত উল্লেখ কৰা আৱশ্যকতাসমূহ বিশেষভাৱে মনোযোগ দিওঁহঁক। চফনিয়া পুস্তকত এইদৰে লিখা হৈছে: “তোমালোক গোট খোৱা, একেলগ হোৱা। যিহোৱাৰ শাসন-প্ৰণালী পালন কৰোঁতা হে পৃথিবীৰ আটাই নম্ৰ লোকবিলাক, তেওঁক বিচাৰা, ধাৰ্ম্মিকতা বিচাৰা, নম্ৰতা বিচাৰা; কিজানি যিহোৱাৰ ক্ৰোধৰ দিনা তোমালোকে লুকাই থাকিবলৈ পাবা।”
৪ এজন ব্যক্তিয়ে ৰক্ষা পাবলৈ উল্লেখ কৰা আৱশ্যকতাসমূহ হৈছে (১) যিহোৱাক বিচাৰা, (২) ধাৰ্ম্মিকতা বিচাৰা আৰু (৩) নম্ৰতা বিচাৰা। বৰ্তমান আমাৰ দিনত এই আৱশ্যকতাসমূহে গভীৰ অৰ্থ ৰাখে। কিয় গভীৰ অৰ্থ ৰাখে? কিয়নো সপ্তম শতাব্দীত যিদৰে যিহূদা আৰু যিৰূচালেমে যিহোৱাৰ মহাদিনৰ ক্ৰোধৰ সন্মূখীন হৈছিল, তেনেকৈ খ্ৰীষ্টীয়জগত, সকলো দুষ্ট ব্যক্তিসকলে ঈশ্বৰে অনা ‘মহাক্লেশৰ’ সন্মূখীন হʼব লাগিব। (মথি ২৪:২১) এতেকে যিসকলে সেই ধ্বংসৰ পৰা ৰক্ষা পাব বিচাৰে, তেওঁলোকে কোনো পলম নকৰাকৈ এতিয়াই সঠিক পদক্ষেপ লোৱা উচিত। তেওঁলোকে কেনেকৈ এই পদক্ষেপ লʼব পাৰিব? তেওঁলোকে পলম নকৰাকৈ যিহোৱাক বিচাৰা, ধাৰ্ম্মিকতাক বিচাৰা আৰু নম্ৰতাক বিচাৰাৰ আৱশ্যক!
৫. বৰ্তমান সময়ত ‘যিহোৱাক বিচাৰা’ কাৰ্য্যত কি কি জড়িত হৈ আছে?
৫ আপুনি হয়তো কʼব পাৰে: ‘মই নিজেই এজন বাপ্তিষ্মা প্ৰাপ্ত যিহোৱাৰ সাক্ষী হওঁ। মই এই তিনিটা আৱশ্যকতাক পূৰণ কৰা নাইনে বাৰু?’ আচলতে যিহোৱাক নিজকে সমৰ্পিত কৰি বাপ্তিষ্মা লোৱাটেই যথেষ্ট নহয়, ইয়াত আৰু বহুতো কাৰ্য্য জড়িত আছে। উদাহৰণস্বৰূপে প্ৰাচীন যিহূদীসকলেও সমৰ্পিত জাতি আছিল কিন্তু তেওঁলোকে ইয়াৰ অনুসাৰে কাৰ্য্য কৰাত বিফল হʼল। ফলস্বৰূপে তেওঁলোকে ঈশ্বৰৰ দণ্ডৰ পাত্ৰ হʼল। বৰ্তমান সময়ত ‘যিহোৱাক বিচাৰা’ অৰ্থ হৈছে তেওঁৰ পাৰ্থিৱ সংগঠনৰ সৈতে নিবিড়সম্পৰ্ক ৰাখি যিহোৱাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰখা। ইয়াৰ অৰ্থ এইটোও হৈছে বিষয়সমূহৰ ওপৰত যিহোৱাৰ দৃষ্টিভঙ্গীৰ বিষয়ে জানি তেওঁৰ সম্পৰ্কে অধিক ভালকৈ জনা। আমি যিহোৱাৰ বাক্যক মনোযোগেৰে অধ্যয়ন কৰি সেইবোৰৰ ওপৰত ধ্যান কৰা আৰু সেই পৰামৰ্শসমূহক নিজৰ জীৱনত পালন কৰাৰ দ্বাৰাই আমি যিহোৱাক বিচাৰোঁ। আমি যেনেকৈ প্ৰাৰ্থনাৰ দ্বাৰাই যিহোৱাৰ পথ-প্ৰদৰ্শন বিচাৰোঁ, তেওঁৰ পবিত্ৰ আত্মাই আমাৰ মাৰ্গ-দৰ্শন কৰে। আমি তেওঁত নিৰ্ভৰ কৰোঁ আৰু তেওঁক ‘আমি আমাৰ সকলো মন, সকলো প্ৰাণ, আৰু সকলো শক্তিৰে’ সেৱা কৰিবলৈ প্ৰেৰিত হওঁ।—দ্বিতীয় বিবৰণ ৬:৫; গালাতীয়া ৫:২২-২৫; ফিলিপীয়া ৪:৬, ৭; প্ৰকাশিত বাক্য ৪:১১.
৬. আমি কেনেকৈ ‘ধাৰ্ম্মিকতাক বিচাৰিব’ পাৰোঁ আৰু কিয় ইয়াক বিচাৰাতো ইমান সহজ নহয়?
৬ চফনিয়া ২:৩ পদত উল্লেখ কৰা দ্বিতীয়টো আৱশ্যকতা হৈছে ‘ধাৰ্ম্মিকতাক বিচাৰা।’ আমাৰ বহুতে নিজৰ জীৱনত গুৰুত্বপূৰ্ণ সাল-সলনি কৰি খ্ৰীষ্টান বাপ্তিষ্মাৰ বাবে উপযুক্ত হৈছে, কিন্তু ইয়াৰ মানে এইটো নহয় যে তেওঁলোকে মাত্ৰ বাপ্তিষ্মা লোৱা লৈকেহে আধ্যাত্মিকত উন্নতি কৰিব। আচলতে তেওঁলোকে নিজৰ গোটেই জীৱনকাল যিহোৱাৰ নিয়ম প্ৰণালীৰ অনুসাৰে কাৰ্য্য কৰাটো অতি আৱশ্যক। কিন্তু দুখৰ বিষয়ে হৈছে আমাৰ বহুতে প্ৰথমতে সম্পূৰ্ণ উৎসাহেৰে কাৰ্য্য কৰিছিল যদিও পাছলৈ জগতৰ বিষয়বোৰত জড়িত হৈ পৰিছিল। এইটো সঁচা যে আমাৰ চাৰিওফালে থকা অনৈতিকতাৰ কাৰ্য্য, মিছা কোৱা আৰু আন পাপ কাৰ্য্যবোৰৰ বাবে ধাৰ্ম্মিকতাক বজাই ৰখাটো ইমান সহজ নহয়। তথাপিও আমি যিহোৱাৰ মন আনন্দিত কৰাৰ বাবে দৃঢ় পদক্ষেপ লৈ এই জগতৰ অভিলাষবোৰত বিজয়ী হʼব পাৰিম। সেই একেই কাৰণৰ বাবে যিহূদাৰ লোকসকলে তেওঁলোকৰ চুবুৰীয়া জাতিৰ অঈশ্বৰীয় কাৰ্য্যক অনুকৰণ কৰাৰ বাবে ঈশ্বৰৰ অনুগ্ৰহৰ পৰা বঞ্চিত হৈছিল। এতেকে আঁহক আমি এই জগতক অনুকৰণ কৰাৰ পৰিৱৰ্ত্তে “ঈশ্বৰৰ অনুকাৰী” হৈ ঈশ্বৰৰ প্ৰতি ধাৰ্ম্মিকতা আৰু অনুগত্য বজাই ৰখাৰ বাবে “নতুন পুৰুষক” ধাৰণ কৰোঁহঁক।—ইফিচীয়া ৪:২৪; ৫:১.
৭. আমি কেনেকৈ ‘নম্ৰতাক বিচাৰিব’ পাৰোঁ?
৭ চফনিয়া ২:৩ পদত উল্লেখ কৰা তৃতীয়টো বিষয় হৈছে যিহোৱাৰ ক্ৰোধৰ পৰা নিজকে লুকাবলৈ “নম্ৰতাক বিচাৰা” আৱশ্যক। প্ৰত্যেক দিনা আমি নম্ৰতা গুণ নথকা পুৰুষ, স্ত্ৰী, ডেকা, বুঢ়া ব্যক্তিসকলৰ সৈতে সঙ্গতি কৰোঁ। তেওঁলোকে নম্ৰতা গুণক এক ক্ৰটি হিচাপে দৃষ্টি কৰে। কোনো এজনৰ অধীন হোৱা কাৰ্য্যক, তেওঁলোকে এক মাৰাত্মাক দুৰ্ব্বলতা বুলি মানে। তেওঁলোকে দাবী কৰা, স্বাৰ্থপৰ হোৱা, আৰু মাত্ৰ নিজৰ অভিমতক মান্যতা দিয়া কাৰ্য্যক ব্যক্তিগত “অধিকাৰ” আৰু তেনে কৰিলেহে সকলোবোৰ ক্ষেত্ৰত সুবিধা আদায় কৰিব পাৰি বুলি বিশ্বাস কৰে। তেনেধৰণৰ বেয়া গুণসমূহত আমাৰ মাজত দেখা দিয়াটো কিমান যে দুখৰ বিষয়! সেইবাবে ‘ধাৰ্ম্মিকতাক বিচাৰাৰ’ এইটোৱেই সেই সময়। কেনেকৈ আমি ধাৰ্ম্মিকতা বিচাৰিব পাৰোঁ? ইয়াৰ বাবে আমি যিহোৱাৰ অধীনস্থ স্বীকাৰ কৰা, তেওঁৰ অনুশাসনবোৰক নম্ৰতাৰে গ্ৰহণ কৰা আৰু তেওঁৰ ইচ্ছাক পালন কৰা আৱশ্যক।
“কিজানি” ক্ৰোধৰ দিনা কিয় লুকাই থাকিব পাৰিম?
৮. চফনিয়া ২:৩ পদত উল্লেখ কৰা “কিজানি” শব্দৰ সাৰাংশ কি?
৮ চফনিয়া ২:৩ পদত কোৱা বাক্যশাৰীক মন দিয়ক। তাত কোৱা হৈছে: “কিজানি যিহোৱাৰ ক্ৰোধৰ দিনা তোমালোকে লুকাই থাকিবলৈ পাবা।” ইয়াত নম্ৰসকলৰ উদ্দেশ্যে কোৱা কথাষাৰত কিয় “কিজানি” বুলি উল্লেখ কৰা হৈছে? এই কথাষাৰ সেই নম্ৰসকলক বুজোৱা হৈছে যিসকলে এসময়ত সঠিক পদক্ষেপ লোৱাৰ পাছত, ঈশ্বৰৰ প্ৰতি নিজৰ আত্মা-বিশ্বাস হেৰুৱাই পেলাইছে। তেওঁলোকে শেষৰলৈকে যিহোৱাৰ প্ৰতি বিশ্বাসী হৈ থাকিব নোৱাৰিলে। এইটো ধাৰণা কৰিব পৰা গৈছিল যে নম্ৰবিলাকৰ কিছুমানে হয়তো পাপত পৰিব পাৰে। আমাৰ সময়তো সেই একেইদৰে ঘটিব পাৰে। এই বিষয়ে যীচুৱে এইদৰে কৈছিল: “যি জনে শেষলৈকে সহি থাকে সেই জনেই পৰিত্ৰাণ পাব।” (মথি ২৪:১৩) এতেকে যিসকলে ঈশ্বৰৰ দৃষ্টিত যি সঠিক সেই অনুসাৰে একেৰাহে কাৰ্য্য কৰি থাকে, তেওঁলোকেহে যিহোৱাৰ ক্ৰোধৰ পৰা ৰক্ষা পাব পাৰিব। আপুনিও তেনে নিৰ্ণয় লৈছেনে?
৯. ৰজা যোচিয়া কম বয়সীয়া হোৱাৰ স্বত্ত্বেও কেনে ধাৰ্ম্মিক পদক্ষেপ লৈছিল?
৯ বাস্তৱতে চফনিয়াৰ বাক্যৰ অনুসাৰে ৰজা যোচিয়াই ‘যিহোৱাক বিচাৰাৰ’ বাবে প্ৰেৰিত হৈছিল। তেওঁৰ বিষয়ে শাস্ত্ৰ পদত এইদৰে কোৱা হৈছে: “[যোচিয়াৰ] ৰাজত্বৰ অষ্টম বছৰত তেওঁ অলপ বয়সীয়া [প্ৰায় ১৬ বছৰীয়া] হৈয়ো, তেওঁৰ ওপৰ-পিতৃ দায়ূদৰ ঈশ্বৰক বিচাৰিবলৈ ধৰিলে।” ৰজা যোচিয়াই ‘ধাৰ্ম্মিকতাকো বিচাৰিছিল,’ যেনেকৈ আমি আগলৈ এইদৰে পঢ়িবলৈ পাওঁ: “দ্বাদশ বছৰত [তেতিয়া ৰজা যোচিয়াৰ বয়স আছিল প্ৰায় ২০ বছৰ] ওখ ঠাইবোৰ, আচেৰা মূৰ্ত্তিবোৰ, আৰু কটা ও সাঁচত ঢলা প্ৰতিমাবোৰ গুচাই যিহূদা আৰু যিৰূচালেম শুচি কৰিবলৈ ধৰিলে। আৰু তেওঁৰ সাক্ষাতে লোকবিলাকে বাল দেৱতাবোৰৰ যজ্ঞ-বেদিবোৰ ভাঙি পেলালে।” (২ বংশাৱলি ৩৪:৩, ৪) ইয়াৰ ওপৰিও ৰজা যোচিয়াই যিহোৱা ঈশ্বৰক আনন্দিত কৰিবলৈ নিজকে দীন কৰি দেশৰ পৰা সকলো প্ৰকাৰৰ মুৰ্ত্তি আৰু আন মিছা উপাসনাক দূৰ কৰি ‘নম্ৰতা বিচাৰিছিল।’ তাত থকা নম্ৰ ব্যক্তিসকলে তেওঁৰ এনে কাৰ্য্যত কিমান যে সুখী হৈছিল!
১০. সা.যু.পূ. ৬০৭ চনত কি ঘটিল, কিন্তু কোনসকলে ৰক্ষা পালে?
১০ ৰজা যোচিয়াৰ সময়ত বহুতো যিহূদী লোকে যিহোৱাৰ উপাসনা কৰিবলৈ আকৌ ঘূৰি আহিছিল। কিন্তু ৰজা যোচিয়াৰ মৃত্যুৰ পাছত, তেওঁলোকৰ বহুতে যিহোৱাৰ দৃষ্টিত যি ঘৃণনীয় সেই মিছা ধৰ্ম্মক পুনৰ পালন কৰিব ধৰিলে। ইয়াৰ ফলস্বৰূপে যিহোৱাই বাবিলীয়া লোকসকলৰ দ্বাৰাই সা.যু.পূ. ৬০৭ চনত যিহূদা আৰু যিৰূচালেম ধ্বংস কৰিলে। সেই ধ্বংসত সকলোৱে যে ধ্বংস হʼল এনে নহয়, কিয়নো বাইবেলে কৈছে যে সেই সময়ত যিৰূচালেমত ঈশ্বৰৰ বিশ্বাসী ভৱিষ্যতবক্তা যিৰিমিয়া, কুচীয়া এবদমেলক, যোনাদাব বংশৰ লোক আৰু আন আন বিশ্বাসী লোকেও যিহোৱাই ক্ৰোধৰ পৰা ৰক্ষা পাইছিল।—যিৰিমিয়া ৩৫:১৮, ১৯; ৩৯:১১, ১২, ১৫-১৮.
ঈশ্বৰে নিজ শত্ৰুবোৰক লক্ষ্য কৰিলে!
১১. বৰ্তমান সময়ত যিহোৱালৈ বিশ্বাসী হৈ থকাৰ বাবে আমি কিয় কঠিন পৰিস্থিতিসমূহৰ সন্মূখীন হওঁ, কিন্তু ঈশ্বৰৰ শত্ৰুসকলৰ বিষয়ে কি বিবেচনা কৰাটো উত্তম হʼব?
১১ যিহোৱাৰ ক্ৰোধৰ দিনলৈ অপেক্ষা কৰি থকা বৰ্তমান সময়ছোৱাত আমি এই দুষ্ট জগতখনত “নানাবিধ পৰীক্ষাত” পৰিব পাৰোঁ। (যাকোব ১:২) বিভিন্ন দেশত স্বাধীনভাৱে সত্য উপাসনা কৰা হৈছে, কিন্তু ঈশ্বৰৰ লোকসকলক বিভিন্ন প্ৰকাৰে অত্যাচাৰ কৰিবলৈ পাদুৰীবৰ্গৰ লোকসকলে ৰাজনৈতিক বিষয়াসকলক উচটাইছে। এই ধৰণৰ প্ৰবঞ্চক ব্যক্তিসকলে যিহোৱাৰ সাক্ষীসকলক “এক বিপদজনক পন্থা” বুলি মিছা অপবাদ দিয়ে। ঈশ্বৰে তেওঁলোকৰ সকলো কাৰ্য্যক লক্ষ্য কৰিছে আৰু তেওঁলোকে নিশ্চয়ে ঈশ্বৰৰ দণ্ডৰ পৰা হাত হাৰিব নোৱাৰে। এই সংক্ৰান্তত যিহোৱা ঈশ্বৰৰ শত্ৰু প্ৰাচীন পেলেষ্টীয়ানসকলৰ বিষয়ে বিবেচনা কৰিব পৰা যায়। ভৱিষ্যতবাণীত এইদৰে কোৱা হৈছিল: “কিয়নো ঘচা পৰিত্যক্ত আৰু অস্কিলন ধ্বংস্থান হব; অচ্দোদৰ মানুহবিলাকক দুপৰ বেলা খেদাই দিয়া হব, আৰু ইক্ৰোণক উঘলা হব।” আচলতে পেলেষ্টাইনত থকা ঘচা, অস্কিলোন, অচ্দোদ আৰু ইক্ৰোণ নামৰ চহৰবোৰ ধ্বংস হʼব আছিল।—চফনিয়া ২:৪-৭.
১২. পেলেষ্টীয়া, মোৱাব আৰু অম্মোনৰ বাসিন্দাসকললৈ কি ঘটিল?
১২ সেই ভৱিষ্যতবাণীত আগলৈ এইদৰে কৈছে: “মোৱাবে যি ধিক্কাৰেৰে, আৰু অম্মোনৰ সন্তানবোৰে যি ভৰ্ৎসনাৰে মোৰ প্ৰজাবিলাকক তিৰস্কাৰ কৰিলে, আৰু তেওঁবিলাকৰ অঞ্চল অহঙ্কাৰেৰে আক্ৰমণ কৰিলে, মোৱাবৰ সেই ধিক্কাৰ আৰু অম্মোনৰ সন্তানবোৰৰ সেই ভৰ্ৎসনা মই শুনিলোঁ।” (চফনিয়া ২:৮) সঁচাকৈ ইজিপ্ত আৰু ইথোপীয়া বাসীসকলে বাবিলৰ আক্ৰমণকাৰীৰ হাতত অত্যাচাৰ ভোগীবলগীয়া হʼল। কিন্তু মোৱাব আৰু অম্মোনত থকা জাতি অৰ্থাত আব্ৰাহামৰ ভাগিনীয়েক লোটৰ বংশধৰসকলক যিহোৱাই কেনেকৈ ন্যায় বিচাৰ কৰিলে? এই বিষয়ে যিহোৱাই এইদৰে কৈছিল: “মোৱাব নিশ্চয়ে চদোমৰ নিচিনা, আৰু অম্মোনৰ সন্তানবোৰ ঘমোৰৰ নিচিনা হব।” প্ৰাচীন সময়ত লোটৰ দুজনী জীয়েক চদোম আৰু ঘমোৰা ধ্বংস যেনেকৈ ৰক্ষা পাইছিল, কিন্তু তেওঁলোকৰ বংশধৰ অহঙ্কাৰী মোৱাব আৰু অম্মোনৰ কোনেও যিহোৱাৰ ধ্বংসৰ পৰা ৰক্ষা নাপালে। (চফনিয়া ২:৯-১২; আদিপুস্তক ১৯:১৬, ২৩-২৬, ৩৬-৩৮) বৰ্তমান সময়ত পেলেষ্টীয়া বাসিন্দা আৰু তেওঁলোকৰ চহৰ অস্থিত্বত আছেনে? অহঙ্কাৰী মোৱাব আৰু অম্মোনো অস্থিত্বত আছেনে? আপুনি তন্ন-তন্নকৈ বিচাৰিলেও তেওঁলোকক বিচাৰি নাপাব।
১৩. পুৰাতত্ত্ববিদসকলে নীনবিৰ সম্পৰ্কে কি তথ্য উদ্ধাৰ কৰিছে?
১৩ শক্তিশালী অচূৰৰ সম্ৰাটে চফনিয়াৰ সময়ত ৰাজত্ব কৰিছিল। এই সন্দৰ্ভত অচটেন লয়াৰ্ড নামৰ এজন পুৰাতত্ত্ববিদে সেই ৰাজ্যৰ ৰাজধানী নীনবিত থকা ৰাজগৃহৰ একাংশ উদ্ধাৰ কৰে। তেওঁ উদ্ধাৰ কৰা ৰাজধানীৰ সম্পৰ্কে এইদৰে লিখে: “ৰাজগৃহৰ মুধচখন দুটা সমকোণীত ভাগ কৰা আছে, মুধচখনত ফুল বা জীৱ-জন্তুৰ ছবি আঁকি থোৱা আছে। কিছুমান ছবিত হাতীৰ দাঁত লগোৱা আছে, প্ৰত্যেকটো খণ্ডক সুন্দৰ পাৰিৰে আগুৰি থোৱা আছে। তাৰ স্তম্ভ আৰু কোঠালীবোৰৰ চুকত হয়তো হাতৰ সুন্দৰ কাৰুকাৰ্য্য, সোণ আৰু ৰূপৰ পাতা মৰা হৈছিল; ইয়াত চীডাৰ গছৰ কাঠৰে তৈয়াৰ কৰা বস্তুসমূহ বিশেষকৈ চাবলগীয়া আছিল।” এতেকে চফনিয়াই অচূৰ দেশ আৰু ইয়াৰ ৰাজধানী নীনবিৰ ধ্বংসৰ সম্পৰ্কে যেনেকৈ ভৱিষ্যতবাণী কৰা হৈছিল, তেনেকৈ ই “ধ্বংসস্থান আৰু অৰণ্যৰ নিচিনা শুকান ভূমি” হৈ পৰিল।—চফনিয়া ২:১৩.
১৪. নীনবি সম্পৰ্কে কৰা চফনিয়াৰ ভৱিষ্যতবাণী কেনেকৈ পূৰ্ণ হʼল?
১৪ চফনিয়াই শক্তিশালী নীনবিৰ অহিতে কৰা ভৱিষ্যতবাণী ঠিক ১৫ বছৰ পাছত ইয়াৰ পূৰ্ণতা হৈছিল আৰু সেই ৰাজগৃহ সম্পূৰ্ণকৈ ধ্বংস কৰা হয়। তদুপৰি এই চহৰখনৰ ধ্বংস এনেদৰে হৈছিল যে ইয়াৰ কোনো চিন-চাব আৰু নাথাকিল। এনে ধ্বংসৰ বিষয়ে ভৱিষ্যতবাণীত এইদৰে কোৱা হৈছিল: “ঢেঁৰা চৰাই আৰু কেঁটেলা পহুৱে তাৰ মাথ্লাবোৰত ৰাতি কটাব, আৰু খিড়িকীত গান কৰা শব্দ শুনা যাব, দুৱাৰডলিবোৰৰ ধ্বংস-অৱস্থা হব।” (চফনিয়া ২:১৪, ১৫) গতিকে সেই ভৱিষ্যতবাণী অনুযায়ী নীনবি নগৰৰ বৃহত অট্টালিকাবোৰত কেটেলা পহু আৰু ঢেঁৰা চৰাই বাস কৰা স্থান হৈছিল। তাৰ বাট-পথত ব্যৱসায়ী, যুদ্ধাসকলৰ চিঞৰ-বাখৰ আৰু পুৰোহিতসকলৰ কোনো যশোকীৰ্তন শুনা নগʼল। ইয়াৰ পৰিৱৰ্তে ৰাস্তা, খিড়কীবোৰত চৰাইৰ গান আৰু বতাহৰ শব্দ শুনা গৈছিল। ঠিক তেনেদৰে ঈশ্বৰৰ শত্ৰুসকলৰো অৱস্থা হʼব!
১৫. পলেষ্টিয়া, মোৱাব, অম্মোন আৰু অচূৰৰ সৈতে যি ঘটিল, তাৰ পৰা আমি কি শিকিব পাৰোঁ?
১৫ এতেকে পলেষ্টিয়া, মোৱাব, অম্মোন আৰু অচূৰৰ সৈতে যি ঘটিল, তাৰ পৰা আমি কি শিকিব পাৰোঁ? ইয়াৰ পৰা এইটো শিকিব পাৰোঁ যে আমি যিহোৱাৰ সেৱক হোৱা হেতুকে কোনো শত্ৰুলৈ ভয় কৰা উচিত নহব। কিয়নো তেওঁলোকে আমালৈ যেনে আচৰণ কৰে, সেই সকলোকে ঈশ্বৰে লক্ষ্য কৰে। যেনেকৈ প্ৰাচীন সময়ত যিহোৱাই তেওঁৰ শত্ৰুবিলাকৰ বিৰোদ্ধে কাৰ্য্য কৰিছিল, ঠিক তেনেকৈ এই বৰ্তমান জগতত থকা শত্ৰুবিলাকৰ ওপৰতো তেওঁ ন্যায় কৰিব। অৱশ্যেই ইয়াত ‘সকলো জাতিৰ পৰা অহা এক বৰ লোকসমূহে’ এই সোধ-বিচাৰৰ সন্মুখীন নহব। (প্ৰকাশিত বাক্য ৭:৯) যদি আপুনি একেৰাহে যিহোৱাক বিচাৰে, ধৰ্ম্মিকতাক বিচাৰে আৰু নম্ৰতাক বিচাৰে, তেনেহʼলে আপুনিও বৰ লোকসমূহৰ মাজৰ এজন হৈ উত্তৰজীৱী হʼব পাৰিব।
স্বইচ্ছাৰে পাপ কৰা ব্যক্তিসকলৰ সন্তাপ হʼব!
১৬. চফনিয়াৰ ভৱিষ্যতবাণীত যিহূদাত থকা ৰাজকুমাৰ আৰু ধৰ্ম্মীয় নেতাসকলৰ বিষয়ে কি কৈছে আৰু সেই বাক্য বৰ্তমান সময়ত থকা খ্ৰীষ্টীয়জগতৰ সৈতে কিয় মিল খাই?
১৬ চফনিয়াৰ ভৱিষ্যতবাণীয়ে আকৌ এবাৰ যিহূদা আৰু যিৰূচালেমৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰে। চফনিয়া ৩:১, ২ পদত এইদৰে কৈছে: “বিদ্ৰোহিনী আৰু ভ্ৰষ্টাজনীৰ সন্তাপ হব, অত্যাচাৰকাৰিণী নগৰীৰ সন্তাপ হব। তাই কথা নুশুনিলে, শিকনি গ্ৰহণ নকৰিলে, যিহোৱাত নিৰ্ভৰ নকৰিলে, আৰু নিজ ঈশ্বৰৰ ওচৰ নাচাপিল।” লোকবিলাকে যিহোৱাৰ অনুশাসনক হেয়জ্ঞান কৰি, কিমান যে গম্ভীৰ অপৰাধ কৰিলে! তাত থকা ৰাজকুমাৰ, ৰজাঘৰীয়া ব্যক্তিসকল আৰু বিচাৰকসকলে অৱশ্যেই গৰ্হিত কাৰ্য্য কৰিছিল। চফনিয়াই যিহূদাত থকা ধৰ্ম্মীয় নেতাসকলৰ জঘন্য কাৰ্য্যবোৰক উল্লেখ কৰি এইদৰে কৈছিল: “তাইৰ ভাববাদীবোৰ গৰ্ব্বী আৰু বিশ্বাস-ঘাতক; তাইৰ পুৰোহিতবোৰে ধৰ্ম্মধাম অপবিত্ৰ কৰিলে, আৰু ব্যৱস্থাৰ বিৰুদ্ধে অত্যাচাৰ কৰিলে।” (চফনিয়া ৩:৩, ৪) ইয়াত উল্লেখ কৰা পৰিস্থিতবোৰ বৰ্তমান সময়ৰ খ্ৰীষ্টীয়জগতৰ পাদুৰী আৰু যাজক শ্ৰেণীৰ সৈতে কিমান যে মিল খাইছে! কিয়নো তেওঁলোকে অহঙ্কাৰী হোৱাৰ বাবে বাইবেলক অনুবাদ কৰাৰ সময়ত যিহোৱাৰ নাম আঁতৰাই পেলাইছে আৰু নিজে বনোৱা উপদেশবোৰৰ শিক্ষা দিয়ে আৰু নিজকে সত্য ধৰ্ম্মৰ উপাসক বুলি দাবী কৰে।
১৭. যদিও লোকসকলে আমাৰ বাৰ্ত্তাৰ প্ৰতি সঠিক প্ৰত্যুত্তৰ নিদিয়ে, তেতিয়াও আমি কিয় অবিৰামভাৱে প্ৰচাৰ কাৰ্য্য কৰা আৱশ্যক?
১৭ প্ৰাচীন সময়ত যিহোৱাই তেওঁৰ লোকসকলৰ কথা মনত ৰাখি, তেওঁ আনিবলগীয়া ধ্বংসৰ বিষয়ে সকলোকে সতৰ্ক কৰিছিল। সেইবাবে তেওঁ চফনিয়া, যিৰিমিয়া আৰু আন-আন ভৱিষ্যতবক্তাৰ যোগেদি তেওঁৰ লোকসকলক তেওঁলোকে কৰা পাপ কাৰ্য্যৰ বাবে অনুতাপ কৰি মন পৰিৱৰ্তন কৰিবলৈ কৈছিল। কিয়নো “যিহোৱা . . . অন্যায় নকৰে, প্ৰতি ৰাতিপুৱাতে তেওঁ নিজৰ ন্যায় বিচাৰ পোহৰলৈ আনে, ক্ৰটি নকৰে।” কিন্তু যিহূদাত থকা লোকসকলে কেনে প্ৰত্যুত্তৰ দিছিল? তেওঁলোকৰ বিষয়ে চফনিয়াই এইদৰে কৈছিল, “কিন্তু অন্যায়-আচৰণ কৰোঁতা লোকে লজ্জাবোধ নকৰে।” (চফনিয়া ৩:৫) একেইদৰে আজিৰ সময়তো সতৰ্কবাণী দিয়া হৈছে। যদি আপুনি এজন শুভবাৰ্ত্তাৰ প্ৰচাৰক, তেনেহʼলে আপুনিও এই সতৰ্ক বাণীৰ প্ৰচাৰ কৰিছে। সেয়েহে কোনো অৱেহেলা নকৰাকৈ শুভবাৰ্ত্তাৰ প্ৰচাৰ কৰক! যদিও লোকসকলে আপোনাৰ বাৰ্ত্তাৰ প্ৰতি সঠিক সঁহাৰি নিদিয়ে, আপুনি কেতিয়াও এনে নাভাবিব যে আপোনাৰ প্ৰচাৰ কাৰ্য্য অথলে গৈছে। কিয়নো যিহোৱাৰ দৃষ্টিত আপুনি যি কৰিছে সেয়া কেতিয়াও অথলৈ নাযায়। সেয়েহে আপুনি এই কাৰ্য্যক সম্পূৰ্ণ হৃদয়েৰে কৰিবলৈ কেতিয়াও অপমানিত বোধ নকৰিব।
১৮. চফনিয়া ৩:৬ পদত কোৱা ভৱিষ্যতবাণী কেনেকৈ পূৰ্ণ হʼল?
১৮ যিহোৱাৰ সেই মহান ন্যায় মাত্ৰ খ্ৰীষ্টীয় জগতৰ ওপৰত আহিব এনে নহয়। কিয়নো যিহোৱাই সকলো জাতিকে ন্যায় কৰিব, সেয়েহে তেওঁ এইদৰে কৈছে: “মই জাতিবোৰক উচ্ছন্ন কৰিলোঁ, সিহঁতৰ কোঁঠবোৰ ধ্বংস কৰা হল; মই সিহঁতৰ আলিবোৰ এনেকৈ শূন্য কৰিলোঁ, যে, কোনেও সেইবোৰেদি অহা-যোৱা নকৰে, সিহঁতৰ নগৰবোৰ এনেকৈ নষ্ট হল।” (চফনিয়া ৩:৬) যিহোৱাই কোৱা সেই বাক্যবোৰ কিমান যে সঁচা আছিল, যেনেকৈ তেওঁ কৈছিল তেনেকৈ সকলোবোৰ সম্পূৰ্ণ হʼল। পলেষ্টিয়া, মোৱাব আৰু অম্মোনীয়া সকলৰ নগৰবোৰৰ কেনে অৱস্থা হʼল? অচূৰীয়াসকলৰ ৰাজধানী নীনবিৰ কি অৱস্থা হʼল? তেওঁলোকৰ ধ্বংসই হৈছে আজি আমাৰ দিনত থকা সকলো জাতিৰ বাবে এক সতৰ্কবাণী। কিয়নো যিহোৱাক অৱজ্ঞা কৰিব পৰা নাযায়।
একেৰাহে যিহোৱাক বিচাৰা
১৯. আমি কেনে গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ সোধা আৱশ্যক?
১৯ চফনিয়াৰ সময়ত থকা অধাৰ্ম্মিকসকলে যিহোৱাক ক্ৰোধৰ পৰা ৰক্ষা নাপালে, কিয়নো তেওঁলোকৰ “সকলো কাৰ্য্য ভ্ৰষ্ট কৰিলে।” (চফনিয়া ৩:৭) বৰ্তমান সময়টো সেই একেইদৰে ঘটিব। আপুনি যিহোৱাৰ ক্ৰোধৰ দিন একেবাৰে কাষ চপা কোনো প্ৰমাণ দেখিবলৈ পাইছেনে? আপুনি ঈশ্বৰৰ বাক্যক প্ৰতিদিনে অধ্যয়ন কৰাৰ দ্বাৰা ‘যিহোৱাক বিচাৰে’ নে? আপুনি যিহোৱাৰ ইচ্ছাৰ অনুসাৰে জীৱন-যাপন কৰি নৈতিক শুদ্ধতা বজাই ৰাখি ‘ধাৰ্ম্মিকতাক বিচাৰিছে’ নে? তদুপৰি আপুনি উদ্ধাৰ পাবলৈ নম্ৰভাৱে যিহোৱা আৰু তেওঁৰ ব্যৱস্থাবোৰৰ অধীনস্থ হৈ ‘নম্ৰতাক বিচাৰিছে’ নে?
২০. চফনিয়া ভৱিষ্যতবাণীৰ সম্পৰ্কে বুজাই দিয়া শেষৰ লেখত কেনে প্ৰশ্নসমূহৰ আলোচনা কৰা হʼব?
২০ যদি আমি একেৰাহে যিহোৱা, ধাৰ্ম্মিকতা আৰু নম্ৰতাক বিচাৰোঁ, তেনেহʼলে আমি এতিয়াই যিহোৱাৰ আশীৰ্ব্বাদসমূহ লাভ কৰিব পাৰিম আৰু এই “শেষ-কালত” সন্মূখীন হোৱাৰ সকলো প্ৰকাৰৰ পৰীক্ষাক সফলতাৰে সন্মূখীন হʼব পাৰিম। (২ তীমথিয় ৩:১-৫; হিতোপদেশ ১০:২২) এতেকে আমি নিশ্চয়ে নিজকে প্ৰশ্ন কৰাটো উত্তম হʼব যে ‘বৰ্তমান সময়ত যিহোৱাৰ সেৱক হোৱাৰ বাবে আমি কেনেকৈ আশীৰ্ব্বাদসমূহ লাভ কৰিছোঁ? আৰু যিসকলে চফনিয়া ভৱিষ্যতবাণীত উল্লেখ কৰা যিহোৱাৰ ক্ৰোধৰ দিনত ৰক্ষা পাব, তেওঁলোকৰ ভৱিষ্যত কেনে হʼব?’ (w01 2/15)
আপুনি কেনেদৰে উত্তৰ দিব?
•লোকসকলে কেনেকৈ ‘যিহোৱাক বিচাৰিব’ পাৰে?
•‘নম্ৰতা বিচাৰা’ কাৰ্য্যত কি কি জড়িত আছে?
•আপুনি কেনেকৈ ‘ধাৰ্ম্মিকতা বিচাৰিব’ পাৰে?
•আমি কিয় একেৰাহে যিহোৱা, ধাৰ্ম্মিকতা আৰু নম্ৰতাক বিচাৰা উচিত?
[২৫ পৃষ্ঠাৰ ছবি]
একেৰাহে যিহোৱাক বিচাৰাৰ বাবে যিহোৱাৰ ক্ৰোধৰ দিনত বৰ লোকসমূহে উদ্ধাৰ পাব