ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০২ ২/১ পৃষ্ঠা ২৩-২৭
  • ‘শৰীৰত এটা কাঁইটৰূপী’ সমস্যাৰ সম্মুখীন হোৱা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘শৰীৰত এটা কাঁইটৰূপী’ সমস্যাৰ সম্মুখীন হোৱা
  • ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • এটা কাঁইটক কেনেকৈ সহন কৰিব পাৰি
  • যিহোৱাৰ প্ৰবন্ধবোৰ অতি গুৰুত্বপূৰ্ণ
  • কিছুমান বিশ্বাসী ব্যক্তিয়ে কেনেকৈ সফলতাৰে সমস্যাসমূহত সম্মুখীন হʼব পাৰিলে
  • ধৈৰ্য্যই আনন্দ কঢ়িয়াই আনে
  • তেওঁলোকে শৰীৰত থকা কাঁইটৰূপী সমস্যাসমূহৰ সম্মুখীন হ’ল
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • পৌলৰ ‘শৰীৰত এটা কাঁইট’
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • যিহোৱাই আপোনাক শক্তি দিব
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • প্ৰাচীনসকল, পৌলৰ উদাহৰণ অনুকৰণ কৰি থাকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
আৰু চাওক
২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০২ ২/১ পৃষ্ঠা ২৩-২৭

‘শৰীৰত এটা কাঁইটৰূপী’ সমস্যাৰ সম্মুখীন হোৱা

“মোৰ যি অনুগ্ৰহ, সেয়ে তোমালৈ জুৰিব।”—২ কৰিন্থীয়া ১২:৯.

১, ২. (ক) আমি সম্মুখীন হোৱা পৰীক্ষা আৰু সমস্যাবোৰত কিয় বিমোৰ হোৱা উচিত নহয়? (খ) আমি পৰীক্ষাসমূহত সম্মুখীন হৈ কিয় প্ৰত্যয়শীল হʼব পাৰোঁ?

“বাস্তৱিক খ্ৰীষ্ট যীচুত ভক্তিভাৱে জীৱন ধাৰণ কৰিবলৈ ইচ্ছা কৰা সকলোবিলাকে তাড়না পাব।” (২ তীমথিয় ৩:১২) তেওঁলোকে কিয় তাড়ানা পাব? কিয়নো চয়তানে তৰ্ক কৰি কৈছিল যে কোনো মানুহে ঈশ্বৰক বিনা স্বাৰ্থৰে সেৱা নকৰে আৰু তাকে প্ৰমাণ কৰিবলৈ সি উঠি পৰি লাগিছে। যীচুৱে এবাৰ তেওঁৰ বিশ্বাসী পাঁচনিসকলক এইদৰে কৈছিল: “চয়তানে তোমালোকক তাৰ নিজৰ কৰি লব খুজিলে।” (লূক ২২:৩১) যীচুৱে ইয়াক ভালকৈ জানিছিল যে ঈশ্বৰে আমাক পৰীক্ষা কৰিবলৈ চয়তানক কষ্টদায়ক সমস্যাবোৰ আনিবলৈ অনুমতি দিয়ে। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে আমি জীৱনত সম্মুখীন হোৱা সকলোবোৰ সমস্যাৰ মূল হৈছে চয়তান আৰু তাৰ দূতসকল। (উপদেশক ৯:১১) কিন্তু চয়তানে ঈশ্বৰৰ প্ৰতি থকা আমাৰ অখণ্ডতাক ভাঙিবলৈ সকলো প্ৰকাৰৰ সাধন ব্যৱহাৰ কৰে।

২ বাইবেলে আমাক কৈছে যে আমি সমস্যাত পৰি বিমোৰ হোৱা উচিত নহয়। আমালৈ যিয়েই নঘটক কিয়, ই কোনো আচৰিত বা অপ্ৰত্যাশিত বিষয় নহয়। (১ পিতৰ ৪:১২) দৰাচলতে, “সেই একে দুখভোগ, জগতত থকা [আমাৰ] ভাই মাত্ৰতেই সিদ্ধ হৈছে বুলি” জনা আৱশ্যক। (১ পিতৰ ৫:৯) আজি চয়তানে ঈশ্বৰৰ সেৱকসকলৰ ওপৰত অত্যাধিক হেঁচা দিছে। সি আমাৰ ওপৰত বহুতো কাঁইটৰূপী সমস্যাৰ সৃষ্টি কৰি আনন্দিত হৈছে। নিজৰ উদ্দেশ্য পূৰ্ণ কৰিবলৈ সি এই ৰীতি-ব্যৱস্থাক এনেদৰে ব্যৱহাৰ কৰিছে, যাতে ‘আমাৰ শৰীৰত থকা কাঁইটবোৰে’ যেন অধিকৈ আমাক বিন্ধে। (২ কৰিন্থীয়া ১২:৭) যিয়েই নহওঁক, চয়তানৰ পৰা অহা আক্ৰমণে আমাৰ অখণ্ডতাক ভাঙিব নোৱাৰে। ইয়াৰ বাবে যিহোৱাই আমাক পৰীক্ষাবোৰৰ সৈতে “সাৰিবৰ উপায়ো কৰিব” যাতে আমি সেইবোৰত সফলতাৰে সম্মুখীন হʼব পাৰোঁ। ঠিক একেইদৰে তেওঁ আমাৰ শৰীৰত বিন্ধা কাঁইটৰূপী কষ্টবোৰক সহন কৰিবলৈ সহায়ো কৰিব।—১ কৰিন্থীয়া ১০:১৩.

এটা কাঁইটক কেনেকৈ সহন কৰিব পাৰি

৩. পাঁচনি পৌলে তেওঁৰ শৰীৰত থকা কাঁইটৰ পৰা মুক্তি পোৱা উদ্দেশ্যেৰে কৰা নিবেদনৰ প্ৰতি যিহোৱাই কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল?

৩ পাঁচনি পৌলে তেওঁৰ শৰীৰত থকা কাঁইটৰ পৰা মুক্তি পাবলৈ ঈশ্বৰক নিবেদন কৰিছিল। এই সন্দৰ্ভত বাইবেলত এইদৰে কৈছে: “এই নিমিত্তে প্ৰভুৰ আগত তাৰ বিষয়ে মই তিনিবাৰ নিবেদন কৰিলোঁ।” তেওঁ একেৰাহে কৰা নিবেদনৰ প্ৰতি যিহোৱাই কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? আগলৈ এইদৰে কৈছে: “মোৰ যি অনুগ্ৰহ, সেয়ে তোমালৈ জুৰিব; কিয়নো দুৰ্ব্বলতাত মোৰ শক্তি সিদ্ধ হয়।” (২ কৰিন্থীয়া ১২:৮, ৯) আহঁক আমি এই প্ৰত্যুত্তৰটোক বিশ্লেষণ কৰি কাঁইটৰূপী সমস্যাবোৰত কেনেকৈ সহন কৰিব পাৰোঁ, এই বিষয়ে বিবেচনা কৰোঁহঁক।

৪. পাঁচনি পৌলে কেনেকৈ যিহোৱাৰ অনুগ্ৰহৰ পৰা লাভৱান হৈছিল?

৪ লক্ষ্য কৰক যে পাঁচনি পৌলে ইতিমধ্যেই লাভ কৰা যীচুৰ অনুগ্ৰহক মুল্যাঙ্কণ কৰিবলৈ ঈশ্বৰে তেওঁক উৎসাহিত কৰিছিল। অৱশ্যে তেওঁক আন বহুতো প্ৰকাৰেৰে আশীৰ্ব্বাদ কৰা হৈছিল। যদিও এসময়ত তেওঁ যীচুৰ শিষ্যসকলৰ প্ৰধান শত্ৰু আছিল, কিন্তু যিহোৱাই তেওঁক নিজৰ সেৱক হবলৈ বিশেষাধিকাৰ প্ৰদান কৰিছিল। (পাঁচনিৰ কৰ্ম্ম ৭:৫৮; ৮:৩; ৯:১-৪) ইয়াৰ পিছত যিহোৱাই তেওঁক বহুতো ৰোমাঞ্চজনক কাৰ্য্যভাৰ আৰু বিশেষাধিকাৰ প্ৰদান কৰিছিল। স্পষ্টৰূপে, ইয়াৰ পৰা আমি এক শিক্ষা শিকিব পাওঁ। সেয়েহে এই ভয়ঙ্কৰ সময়ছোৱাত বাস কৰাৰ স্বত্বেও আমি বহুতো আশীৰ্ব্বাদ লাভ কৰিছোঁ, যাৰ বাবে আমি কৃতজ্ঞ হোৱা আৱশ্যক। যিহোৱাই আমাক প্ৰচুৰমাত্ৰাত প্ৰদান কৰা তেওঁৰ মঙ্গলময়ক, আমি যেন আমালৈ অহা পৰীক্ষাসমূহৰ বাবে পাহৰি নাযাওঁহঁক।—গীতমালা ৩১:১৯.

৫, ৬. (ক) ঈশ্বৰীয় শক্তিয়ে “দুৰ্ব্বলতাত শক্তি সিদ্ধ” হয় বুলি যিহোৱাই কিদৰে পাঁচনি পৌলক শিকাইছিল? (খ) পাঁচনি পৌলৰ আৰ্হিয়ে কেনেকৈ চয়তানক মিছলীয়া বুলি প্ৰমাণ কৰিলে?

৫ প্ৰচুৰমাত্ৰাত যিহোৱাৰ অনুগ্ৰহৰ প্ৰমাণ অন্য প্ৰকাৰেও পোৱা গৈছে। আমি পৰীক্ষাসমূহক সফলতাৰে সম্মুখীন হʼবলৈ ঈশ্বৰৰ শক্তি লাভ কৰাটোৱে আমাৰ বাবে যথেষ্ট। (ইফিচীয়া ৩:২০) যিহোৱাই পাঁচনি পৌলক শিকাইছিল যে ঈশ্বৰৰ শক্তিয়ে “দুৰ্ব্বলতাত শক্তি সিদ্ধ” কৰে। কেনেকৈ? তেওঁ প্ৰেমেৰে পৌলক পৰীক্ষাসমূহত সফলতাৰে সম্মুখীন হʼবলৈ সকলো প্ৰকাৰৰ শক্তি প্ৰদান কৰিছিল। সেইবাবে পাঁচনি পৌলে ধৰা ধৈৰ্য্য আৰু যিহোৱাত তেওঁৰ দৃঢ় ভাৰসাই ঈশ্বৰৰ শক্তিৰ দ্বাৰাই পাপী মানুহে যে তেওঁলোকৰ দুৰ্ব্বলতাসমূহত বিজয় লাভ কৰিব পাৰে তাৰ বিষয়ে প্ৰমাণ দিছিল। মানুহে ঈশ্বৰক কেৱল আৰামদায়ক আৰু সমস্যাবিহীন পৰিস্থিতিতে সেৱা কৰা বুলি দাবী কৰা চয়তানৰ ওপৰত কেনে প্ৰভাব পৰিলে, তাৰ বিষয়ে বিবেচনা কৰক। পাঁচনি পৌলে বজাই ৰখা অখণ্ডতাই চয়তানক মিছলীয়া বুলি প্ৰমাণ কৰিলে আৰু এই কাৰ্য্যই তাৰ গালত চৰ মৰা দৰে অৱস্থা হʼল।

৬ এসময়ত পাঁচনি পৌলে চয়তানৰ হৈ ঈশ্বৰৰ পক্ষে থিয় হোৱা খ্ৰীষ্টানসকলক তাড়না কৰিছিল। তেওঁ এজন উদ্যমী ফৰীচী আছিল আৰু এটা উচ্চ পৰিয়ালত জন্ম হোৱাৰ বাবে আৰামদায়ক জীৱন-যাপন কৰিছিল। কিন্তু পিছলৈ তেওঁ যিহোৱা আৰু যীচুক সেৱা কৰিবলৈ ধৰিলে আৰু তেওঁক “পাঁচনিবিলাকৰ মাজত সকলোতকৈ সৰু” বুলি গণ্য কৰা হৈছিল। (১ কৰিন্থীয়া ১৫:৯) ইয়াৰ ওপৰিও তেওঁ প্ৰথম শতাব্দীৰ খ্ৰীষ্টান প্ৰশাসন গোষ্ঠীৰ নিৰ্দ্দেশনাক নম্ৰতাৰে গ্ৰহণ কৰে। তদুপৰি, তেওঁৰ শৰীৰত থকা কাঁইটৰূপী সমস্যাৰ স্বত্বেও তেওঁ বিশ্বাসী হৈ ঈশ্বৰৰ সেৱা কৰিলে। চয়তানৰ পৰা অহা কঠিন পৰীক্ষাবোৰে তেওঁৰ উদ্দীপনাক হ্ৰাস কৰিবলৈ নোৱাৰিলে। আনকি যীচুৰ সৈতে স্বৰ্গীয় ৰাজ্যৰ ভাগী হোৱাৰ আশাৰ পৰাও বিচলিত নহʼল। (২ তীমথিয় ২:১২; ৪:১৮) কোনো প্ৰকাৰৰ কষ্টদায়ক কাঁইটৰূপী সমস্যাই তেওঁক নিৰুৎসাহিত কৰিব নোৱাৰিলে। ঠিক তেনেদৰে আমিও নিজৰ উদ্দীপনাক একেৰাহে দৃঢ় কৰা আৱশ্যক। যিহোৱাই আমাক সফলতাৰে পৰীক্ষাৰ সম্মুখীন হʼবলৈ শক্তি প্ৰদান কৰি চয়তানক মিছলীয়া বুলি প্ৰমাণ কৰিবলৈ সহায় কৰে।—হিতোপদেশ ২৭:১১.

যিহোৱাৰ প্ৰবন্ধবোৰ অতি গুৰুত্বপূৰ্ণ

৭, ৮. (ক) বৰ্তমান সময়ত যিহোৱাই তেওঁৰ সেৱকসকলক কেনেকৈ বলৱন্ত কৰিছে? (খ) শৰীৰত বিন্ধা কাঁইটৰূপী সমস্যাবোৰত সহিবলৈ কিয় নিয়মিতৰূপে বাইবেল পঢ়া আৰু অধ্যয়ন কৰা আৱশ্যক?

৭ বৰ্তমান সময়ত যিহোৱাই তেওঁৰ বিশ্বাসী খ্ৰীষ্টানসকলক নিজৰ পবিত্ৰ আত্মা, তেওঁৰ বাক্য আৰু খ্ৰীষ্টান ভাতৃসমাজৰ দ্বাৰা বলৱন্ত কৰিছে। পাঁচনি পৌলৰ দৰে আমিও প্ৰাৰ্থনাৰ যোগেদি নিজৰ ভাৰ যিহোৱাত সমৰ্পণ কৰিব পাৰোঁ। (গীতমালা ৫৫:২২) যদিও ঈশ্বৰে আমালৈ অহা পৰীক্ষাবোৰক আঁতৰ নকৰে, তথাপিও তেওঁ বিশেষকৈ অসহনীয় আৰু কঠিন পৰীক্ষাবোৰত সফলতাৰে সম্মুখীন হʼবলৈ জ্ঞান প্ৰদান কৰিব পাৰে। তদুপৰি, তেওঁ আমাক পৰীক্ষাবোৰত সহন কৰিবলৈ “শক্তিৰ বাহুল্যতা” প্ৰদান কৰিব।—২ কৰিন্থীয়া ৪:৭.

৮ আমি তেনেধৰণৰ সাহায্য কেনেকৈ পাব পাৰোঁ? ইয়াৰ বাবে আমি অতি মনোযোগেৰে ঈশ্বৰৰ বাক্যক অধ্যয়ন কৰা উচিত, তেহে আমি নিশ্চিতভাৱে শান্ত্বনা লাভ কৰিব পাৰিম। (গীতমালা ৯৪:১৯) বাইবেলত আমি ঈশ্বৰৰ সেৱকসকলৰ সম্পৰ্কে হৃদয়স্পৰ্ষ বাক্য পঢ়িবলৈ পাওঁ যিসকলে ঈশ্বৰীয় সহায় বিচাৰি নিবেদন কৰিছিল। যিহোৱাই দিয়া উত্তৰত প্ৰায়ে শান্ত্বনাদায়ক বাক্য থাকে আৰু সেইবোৰ হৈছে আমাৰ বাবে ধ্যান কেন্দ্ৰিত কৰা বিষয়। ঈশ্বৰৰ বাক্যক কৰা অধ্যয়নে, পৰীক্ষাবোৰত সম্মুখীন হʼবলৈ “শক্তিৰ বাহুল্যতা যেন আমাৰ পৰা নহৈ ঈশ্বৰৰ হয়” বুলি বুজিবলৈ আমাক সহায় কৰিব। যিদৰে আমাৰ শৰীৰ শক্তিশালী আৰু পোষকতা হʼবলৈ শাৰীৰিক আহাৰৰ আৱশ্যক, ঠিক তেনেদৰে আধ্যাত্মিকৰূপে শক্তিশালী হবলৈ ঈশ্বৰৰ বাক্যক নিয়মিতৰূপে অধ্যয়ন কৰা আৱশ্যক। আমি তেনেদৰে কৰোঁনে? যদি আমি তেনেদৰে কৰোঁ তেন্তে “শক্তিৰ বাহুল্যতা” অনুভৱ কৰিম আৰু কাঁইটৰূপী সমস্যাবোৰত সহন কৰিবলৈ সক্ষম হʼম।

৯. সমস্যাবোৰত সফলতাৰে সম্মুখীন হʼবলৈ প্ৰাচীনসকলে কেনেকৈ সহায় কৰিব পাৰে?

৯ ঈশ্বৰৰ প্ৰতি ভয় ৰাখা প্ৰাচীনসকলে বিপদৰ সময়ত “বতাহৰ পৰা লুকুৱা ঠাই” আৰু সমস্যাৰ সময়ত “ধুমুহাৰ পৰা আশ্ৰয় লোৱা ঠাই” হোৱা উচিত। যদি প্ৰাচীনসকলে সেই বিবৃতি অনুসাৰে হʼব বিচাৰে, তেন্তে তেওঁলোকে নম্ৰ আৰু নিষ্ঠাৰে যিহোৱালৈ নিবেদন কৰা প্ৰয়োজন, যাতে “শিক্ষিত লোকৰ জীবা” পাই পীড়িতসকলক উচিত শব্দৰে উত্তৰ দিবলৈ শিকিব পাৰে। তেওঁলোকৰ মুখৰ পৰা ওলোৱা বাক্য যেন নিৰ্ম্মল বৰষুণৰ টোপালৰ দৰে হোৱা উচিত, যিয়ে জীৱনত অহা কঠিন পৰিস্থিতিত আমাৰ মনক সুস্থিৰ আৰু শান্ত্বনা দিয়ে। তদুপৰি, তেওঁলোকে কোৱা বাক্যৰে “ক্লান্ত হোৱা লোকক সুস্থিৰ” কৰি কাঁইটৰূপী সমস্যাৰ বাবে চিন্তাত ডুব যোৱা বা মানসিকৰূপে ভাঙি পৰা ভাই-ভনীসকলক সহায় কৰিব পাৰে।—যিচয়া ৩২:২; ৫০:৪; ১ থিচলনীকীয়া ৫:১৪.

১০, ১১. বেদনাদায়ক পৰীক্ষাসমূহত সম্মুখীন হোৱা ব্যক্তিসকলক ঈশ্বৰৰ সেৱকসকলে কেনেকৈ উৎসাহিত কৰিব পাৰে?

১০ যিহোৱাৰ সকলো সেৱক তেওঁৰ যৌথ খ্ৰীষ্টান পৰিয়ালৰ এটা ভাগ। প্ৰকৃততে আমি “প্ৰতিজনে পৰস্পৰ অঙ্গ-প্ৰত্যঙ্গ হৈ আছোঁ” আৰু সেইবাবে “পৰস্পৰে প্ৰেম কৰা উচিত।” (ৰোমীয়া ১২:৫; ১ যোহন ৪:১১) এই বাধ্যতাক আমি কেনেকৈ পূৰ্ণ কৰিম? ১ পিতৰ ৩:৮ পদত উল্লেখ কৰা অনুসাৰে আমি বিশ্বাসী সঙ্গীসকলৰ সৈতে “এক মনৰ লোক, পৰৰ দুখত দুঃখিত, ভ্ৰাতৃপ্ৰেমকাৰী, কোমল চিত্তৰ লোক, আৰু নম্ৰ মনৰ লোক হোৱা” দ্বাৰা আচৰণ কৰিব পাৰোঁ। বিশেষকৈ যিসকল ডেকা বা বৃদ্ধ ব্যক্তিয়ে কাঁইটৰূপী বেদনাদায়ক পৰিস্থতিৰ সম্মুখীন হৈছে, তেওঁলোকক আমি বিশেষভাৱে মনোযোগ দিয়া আৱশ্যক। আমি সেইটো কেনেকৈ কৰিব পাৰোঁ?

১১ আমি তেওঁলোকৰ বেদনাদায়ক অৱস্থাক বুজিবলৈ চেষ্টা কৰা উচিত। যদি আমি তেওঁলোকৰ তেনে অৱস্থাৰ প্ৰতি আন্তৰিকতাহীন বা নিৰ্দ্দয়ী হওঁ, তেনেহʼলে তেওঁলোকৰ অৱস্থা অধিক বেদনাদায়ক হʼব পাৰে। গতিকে তেওঁলোকৰ পৰিস্থিতিৰ প্ৰতি মনত ৰাখি আমি কেনেকৈ ব্যৱহাৰ আৰু কাৰ্য্য কৰিব লাগে তাক বিবেচনা কৰা উচিত। আমাৰ উচিত মনোবৃত্তি আৰু উৎসাহজনক বাক্যই কাঁইটৰূপী সমস্যাই বিন্ধা ব্যক্তিসকলৰ বেদনা হ্ৰাস কৰিব পাৰে। তেনে কৰাৰ দ্বাৰা আমি হয়তো তেওঁলোকৰ বাবে শক্তিৰ উৎস হিচাবে প্ৰমাণিত হʼব পাৰোঁ।—কলচীয়া ৪:১১.

কিছুমান বিশ্বাসী ব্যক্তিয়ে কেনেকৈ সফলতাৰে সমস্যাসমূহত সম্মুখীন হʼব পাৰিলে

১২-১৪. (ক) এগৰাকী খ্ৰীষ্টান ভনীয়ে কেন্সাৰ ৰোগৰ সৈতে যুঁজিবলৈ কি কৰিছিল? (খ) আধ্যাত্মিক ভাই-ভনীসকলে তাইক কেনেকৈ সহায় আৰু উৎসাহিত কৰিছিল?

১২ যেনেকৈ আমি শেষকালৰ চৰম সীমাত উপনীত হৈছোঁ, দিনে-দিনে আমাৰ ‘যাতনাও’ বৃদ্ধি পাইছে। (মথি ২৪:৮) এই পৃথিৱীত থকা প্ৰত্যেকজন, বিশেষকৈ যিহোৱাৰ ইচ্ছাক পূৰ্ণ কৰিব বিচৰা বিশ্বাসী সেৱকসকলে সমস্যাৰ সম্মুখীন হʼবলগীয়া হৈছে। উদাহৰণস্বৰূপে, পূৰ্ণ-সময়ে প্ৰচাৰ কাৰ্য্য কৰা এগৰাকী খ্ৰীষ্টান ভনীৰ বিষয়ে বিবেচনা কৰক। কেন্সাৰ ৰোগৰ বাবে অস্ত্ৰচিকিৎসকে সেই ভনীগৰাকীক তাইৰ লালস্ৰাবী আৰু লসিকা গ্ৰন্থিক অস্ত্ৰচিকিৎসা কৰি আঁতৰ কৰিবলৈ পৰামৰ্শ দিয়ে। যেতিয়া এই বিষয়ে ভনীগৰাকী আৰু তাইৰ স্বামীয়ে জানিব পাৰিলে যে তাইৰ তেনে বেমাৰ আছে, তেতিয়া তেওঁলোকে কোনো পলম নকৰাকৈ যিহোৱালৈ নিৰন্তৰে অনুৰোধ কৰি এক দীঘলীয়া প্ৰাৰ্থনা কৰে। পিছলৈ সেই ভনীগৰাকীয়ে এইদৰে কয় যে, সেই প্ৰাৰ্থনা শেষ কৰাৰ মুহূৰ্ত্তে তেওঁলোকৰ ওপৰত অবিশ্বাসনীয়ভাৱে শান্তি অহা যেন অনুভৱ কৰে। তাই জীৱনলৈ অহা উত্থান-পতন পৰিস্থিতিত, বিশেষকৈ চিকিৎসাৰ দ্বাৰা হোৱা হানিকাৰক পৰিণামত সহন কৰি থাকিল।

১৩ এই পৰিস্থিতিৰ সৈতে যুঁজিবলৈ ভনীগৰাকীয়ে যিমান পাৰে কেন্সাৰ সম্বন্ধীয় জ্ঞান লবলৈ প্ৰচেষ্টা কৰিছিল। তাই নিজৰ ডাক্টৰবিলাকৰ পৰা পৰামৰ্শ লৈছিল। তদুপৰি, এই সম্বন্ধে তাই প্ৰহৰীবুৰুজ, সচেতন! আৰু আন-আন খ্ৰীষ্টান প্ৰকাশনসমূহত দিয়া বিভিন্ন ভাই-ভনীয়ে তেনে পৰিস্থিতিত কেনেকৈ আবেগীকভাৱে এই ৰোগসমূহৰ সম্মুখীন হৈছিল, সেই বিষয়ে পঢ়িছিল। ইয়াৰ ওপৰিও তাই বাইবেলৰ পৃষ্ঠাবোৰৰ যোগেদি যিহোৱাই কেনেকৈ লোকসকলক কষ্টৰ সময়ছোৱাত শক্তি প্ৰদান কৰে এই বিষয়ে ব্যক্তিগতভাৱে শিকিবলৈ পালে।

১৪ এখন আলোচনীৰ প্ৰবন্ধত উদ্ধৃত কৰা এটা জ্ঞানপূৰ্ণ বাক্য পঢ়িবলৈ পাইছিল। যʼত এইদৰে কোৱা হৈছিল: “যি মানুহে নিজকে পৃথক ৰাখে, তেওঁ কেৱল নিজৰ বাঞ্ছাসিদ্ধিৰ চেষ্টা কৰে।” (হিতোপদেশ ১৮:১) সেইবাবে আলোচনীখনত এইদৰে পৰামৰ্শ দিয়া হৈছিল: “পৃথক হোৱাৰ পৰা আতঁৰি থকা আৱশ্যক।”a ভনীগৰাকীয়ে এইদৰে কৈছিল: “বহুতে তাইক কৈছিল যে তেওঁলোকে তাইৰ বাবে প্ৰাৰ্থনা কৰে; আনসকলে মোৰ সৈতে টেলিফোনেৰে কথা পাতিছিল। মোৰ স্বাস্থ্যৰ বিষয়ে জানিবলৈ দুজন প্ৰাচীনে নিয়মীয়াকৈ মোক ফোন কৰিছিল। মই বহুতো ফুল আৰু শুভেচ্ছা কাৰ্ড পাইছিলোঁ। মোৰ বাবে কিছুমান ভাই-ভনীয়ে আহাৰ তৈয়াৰ কৰি আনিছিল। তদুপৰি, বহুতে স্বইচ্ছাৰে চিকিৎসাৰ বাবে মোক ডাক্টৰৰ ওচৰলৈ অনা-নিয়া কৰিছিল।”

১৫-১৭. (ক) এগৰাকী খ্ৰীষ্টান ভনীয়ে দুৰ্ঘটনাগ্ৰস্তৰ ফলত হোৱা তাইৰ শাৰীৰিক কষ্টৰ সৈতে কেনেকৈ সফলতাৰে সম্মুখীন হʼব পাৰিছিল? (খ) মণ্ডলীৰ ভাই-ভনীসকলে কেনেধৰণৰ সহায় আগবঢ়াইছিল?

১৫ এবাৰ আমেৰিকাত থকা নিউ মেক্সিক’ চহৰত বহু সময়ে সেৱা কৰা এগৰাকী ভনীয়ে গাড়ীৰ দ্বাৰা দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত তাই ডিঙি আৰু কান্ধত বেয়াকৈ আঘাত পাই, যাৰ বাবে তাই ২৫ বছৰে সন্ধি প্ৰদাহ ৰোগত পীড়িত হৈছিল। তাই এইদৰে কৈছিল: “ওপৰলৈ মূৰ তুলিবলৈ আৰু দুই কিলোতকৈ অধিক গধুৰৰ যিকোনো বস্তু তুলিবলৈ মোৰ বহু কষ্ট হৈছিল। কিন্তু যিহোৱালৈ কৰা আন্তৰিক প্ৰাৰ্থনাই মোক অনেক শক্তি প্ৰদান কৰিছিল। তদুপৰি, আমি অধ্যয়ন কৰা প্ৰহৰীবুৰুজʼৰ লেখটোত উল্লেখ কৰা মীখা ৬:৮ পদত দিয়া এটা উত্তৰত এইদৰে কোৱা হৈছিল যে বিনম্ৰৰে ঈশ্বৰৰ অনুসাৰে চলাৰ অৰ্থ হৈছে কোনো এজনৰ শাৰীৰিক বা মানসিক সীমাৰ বিষয়ে বুজা। ইয়ে মোক মোৰ তেনে অৱস্থাত থাকি মই বিচৰাৰ অনুসাৰে প্ৰচাৰ কাৰ্য্যত সময় অতিবাহিত কৰিব নোৱাৰাৰ বাবে নিৰুৎসাহিত নহʼবলৈ সহায় কৰিলে। কিয়নো উচিত মনোবৃত্তিৰে কৰা যিহোৱাৰ সেৱা হৈছে অতি গুৰুত্বপূৰ্ণ বিষয়।”

১৬ তদুপৰি, সেই ভনীগৰাকীয়ে এইদৰে কৈছিল: “মই সভা আৰু প্ৰচাৰকাৰ্য্যত উপস্থিত হʼবলৈ কৰা চেষ্টা দেখি প্ৰাচীনসকলে প্ৰায়ে প্ৰশংসা কৰিছিল। কম বয়সীয়া লʼৰা-ছোৱালীবিলাকে মোক সাৱটি ধৰি শুভেচ্ছা জনাইছিল। অগ্ৰগামী ভাই-ভনীসকল ইমানেই সহনশীল আছিল যে তেওঁলোকে মই অসুস্থ হোৱা দিনবোৰত প্ৰচাৰ কাৰ্য্যত ভাগ লʼব নোৱাৰৰ বাবে প্ৰায়ে নিজৰ তালিকাবোৰত সাল-সলনি কৰিছিল। যেতিয়া বতৰ বেয়া থাকে, তেতিয়া তেওঁলোকে মোক পুনৰ সাক্ষাৎ আৰু বাইবেল অধ্যয়নৰ বাবে তেওঁলোকৰ সৈতে যাবলৈ আমন্ত্ৰণ কৰিছিল। যিহেতু মই মোৰ অৱস্থাৰ বাবে প্ৰচাৰকাৰ্য্যৰ বেগ কঢ়িয়াই নিব নোৱাৰিছিলোঁ। মই প্ৰচাৰলৈ যোৱাৰ সময়ত মই মোৰ আলোচনী আৰু সাহিত্যসমূহ আন প্ৰচাৰকসকলৰ বেগত ভৰাই দিছিলোঁ।”

১৭ মন দিয়ক যে কেনেকৈ মণ্ডলীৰ প্ৰাচীন আৰু ভাই-ভনীসকলে সেই দুজনী ভনীক কাঁইটৰূপী সমস্যাৰ সৈতে সফলতাৰে সম্মুখীন হবলৈ সহায় আগবঢ়াইছিল। দৰাচলতে, তেওঁলোকে বিশেষকৈ আধ্যাত্মিক, শাৰীৰিক আৰু মানসিক উন্নতিৰ বাবে ব্যৱহাৰিক সহায় আগবঢ়ায়। গতিকে এই অনুভৱবোৰে আপোনাক সমস্যা সম্মুখীন হোৱা ভাই-ভনীসকলক সহায় কৰিবলৈ প্ৰেৰিত নকৰেনে? কণ-কণ লʼৰা-ছোৱালীবোৰেও কাঁইটৰূপী সমস্যা সম্মুখীন হোৱা সকলৰ বাবে সহায়ক হʼব পাৰে।—হিতোপদেশ ২০:২৯

১৮. প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীত প্ৰকাশ হোৱা জীৱন কাহিনী পঢ়ি আমি কেনেদৰে উৎসাহিত হওঁ?

১৮ প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীবোৰত, বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলৰ বহুতো ভাই-ভনীয়ে তেওঁলোকৰ জীৱনলৈ অহা সমস্যাসমূহৰ সৈতে সফলতাৰে সম্মুখীন হোৱা, তেওঁলোকৰ জীৱন কাহিনী আৰু অনুভৱ দিয়া হৈছে। যদি আমি নিয়মীয়াকৈ সেই লেখবোৰ পঢ়োঁ তেন্তে আমি আমাৰ বহুতো আধ্যাত্মীক ভাই-ভনীৰ বিষয়ে জানিবলৈ পাৰিম, যিসকলে আৰ্থিক সমস্যাত পৰিছে, কোনো দুৰ্যোগত নিজৰ আপোনজনাক হেৰুৱাইছে আৰু ভয়াবহ যুদ্ধৰ সময়ছোৱাত কষ্ট ভূগীবলগীয়া হৈছে। আন কিছুমানে অসহনীয় ৰোগৰ দ্বাৰা পীড়িত হৈছে। বহুতে আকৌ সুস্থ ব্যক্তিৰ দৰে জীৱনত আনন্দ উপভোগ কৰিব নোৱাৰে। অসুস্থ শৰীৰে তেওঁলোকৰ বহুতকে বেয়াকৈ পীড়িত কৰিছে যাৰ বাবে বিশেষকৈ খ্ৰীষ্টান পৰিচৰ্য্যা কাৰ্য্যত তেওঁলোকে ইচ্ছা কৰাৰ অনুসাৰে ভাগ লʼব নোৱাৰে। তেনে ভাই-ভনীয়ে যেতিয়া মণ্ডলীৰ আন সকলো বয়সৰ ভাই-ভনীৰ পৰা সহায় আৰু সহযোগ লাভ কৰে, তেতিয়া তেওঁলোকে কিমান যে কৃতজ্ঞ হয়!

ধৈৰ্য্যই আনন্দ কঢ়িয়াই আনে

১৯. কাঁইটৰূপী পৰীক্ষা আৰু দুৰ্ব্বলতাসমূহৰ সম্মুখীন হোৱাৰ স্বত্বেও পাঁচনি পৌলে কিয় আনন্দিত হʼব পাৰিছিল?

১৯ ঈশ্বৰৰ দ্বাৰা শক্তিশালী হৈ পাঁচনি পৌলে আনন্দিত হৈছিল। এই সন্দৰ্ভত তেওঁ এইদৰে কৈছিল: “মই মহা-আনন্দেৰে মোৰ নানা দুৰ্ব্বলতাত শ্লাঘাহে কৰিম . . . খ্ৰীষ্টৰ নিমিত্তে মই দুৰ্ব্বলতা, অপমান, দৰিদ্ৰতা, তাড়না, সঙ্কট, এইবোৰত সন্তুষ্ট হওঁ; কিয়নো যেতিয়া মই দুৰ্ব্বল, তেতিয়াই বলৱান।” (২ কৰিন্থীয়া ১২:৯, ১০) ব্যক্তিগতভাৱে পাঁচনি পৌলে অভিজ্ঞতা হোৱাৰ বাবে তেওঁ নিশ্চিত হৈ এইদৰে কʼব পাৰিলে: “নাটনিৰ বিষয়ে যে মই এই কথা কৈছোঁ, সেয়ে নহয়; কিয়নো যি কোনো অৱস্থাতে নাথাকোঁ, মই তাতেই সন্তুষ্ট হে থাকিবলৈ শিকিলোঁ। মই সৰু হৈ থাকিবলৈ জানো; এক এক বিষয়কৈ সকলো বিষয়তে তৃপ্ত হবলৈ আৰু ক্ষুধিত হবলৈ, উপচয় ভোগ কৰিবলৈ আৰু অভাৱত থাকিবলৈ মই শিক্ষিত হলোঁ। মোক শক্তি দিয়া জনাত থাকি, মই সকলো বিষয়ত বলৱান হৈছোঁ।”—ফিলিপীয়া ৪:১১-১৩.

২০, ২১. (ক) “অদৃশ্য বস্তুলৈ” ধ্যান কৰাৰ যোগেদি আমি কেনেকৈ আনন্দিত হʼব পাৰোঁ? (খ) এনে কিছুমান “অদৃশ্য বস্তু” কি, যাক আপুনি পৰমদেশীয় পৃথিৱীত চাবলৈ আশা ৰাখিছে?

২০ আমাৰ শৰীৰত থকা লাক্ষণিক কাঁইটক সহন কৰাৰ দ্বাৰা আমাৰ প্ৰত্যেকে যিহোৱাৰ শক্তিৰ যোগেদি নিজৰ নিজৰ দুৰ্ব্বলতাসমূহত বিজয়প্ৰাপ্ত কৰি আনন্দিত হʼব পাৰোঁ। এই সম্বন্ধে পাঁচনি পৌলে এইদৰে লিখিছিল: “আমি নিৰুৎসাহ নহওঁ; . . . তথাপি আমাৰ আন্তৰিক পুৰুষ দিনে দিনে নতুন হৈ গৈছে। . . . অদৃশ্য বস্তু অনন্তকলীয়া; এই হেতুকে . . . অদৃশ্য বস্তুলৈ চাই থাকোঁতে, আমাৰ খন্তেকীয়া লঘু ক্লেশে আমাৰ নিমিত্তে অতি অধিককৈ অনন্তকলীয়া গুৰুতৰ গৌৰৱ সাধন কৰিছে।”—২ কৰিন্থীয়া ৪:১৬-১৮.

২১ বৰ্তমান সময়ত বেছিভাগ যিহোৱাৰ সেৱকে, ঈশ্বৰে প্ৰতিজ্ঞা কৰা পৰমদেশীয় পৃথিৱীত জীয়াই থকাৰ বাবে আশাৰে বাট চাই আছে। তেনে ধৰণৰ আশীৰ্ব্বাদ হয়তো আজি আমাৰ বাবে “অদৃশ্য” হʼব পাৰে। কিন্তু সেই সময় একেবাৰে কাষ চাপি আহিল আৰু অতি শীঘ্ৰেই আমি সেই আশীৰ্ব্বাদসমূহক চিৰকালৰ বাবে উপভোগ কৰি অৱশ্যেই আনন্দিত হʼম। সেই আশীৰ্ব্বাদৰ এটা পূৰ্ণতা হৈছে, আমি পুনৰ কেতিয়াও তেনে কাঁইটৰূপী সমস্যাৰ সম্মুখীন হʼব নালাগিব! ঈশ্বৰৰ পুত্ৰই “চয়তানৰ কৰ্ম্ম লুপ্ত কৰিব” আৰু “মৃত্যুৰ পৰাক্ৰম থকাটোক মৃত্যুৰ দ্বাৰাই অকৰ্ম্মণ্য কৰিব।”—১ যোহন ৩:৮; ইব্ৰী ২:১৪.

২২. আমি কেনে নিশ্চয়তা আৰু সিদ্ধান্ত লোৱা উচিত?

২২ সেয়েহে বৰ্তমান সময়ত আমি যেনেকুৱাই কাঁইটৰূপী সমস্যাত সম্মুখীন নহওঁ কিয়, আঁহক আমি সেইবোৰত সহন কৰোঁহঁক। পাঁচনি পৌলৰ দৰে আমিও যিহোৱাই উদাৰভাৱে প্ৰদান কৰা শক্তিৰে শক্তিশালী হোৱা অনুভৱ কৰিম। যেতিয়া আমি পাৰ্থিব পৰমদেশত বাস কৰিম, তেতিয়া যিহোৱাই আমাৰ বাবে কৰা সকলো আঁচৰিত কাৰ্য্যৰ প্ৰতি আমি তেওঁৰ ধন্যবাদ কৰিম।—গীতমালা ১০৩:২. (w02 2/15)

[ফুটনোট]

a “বাইবেলৰ দৃষ্টিভঙ্গী: নিৰুৎসাহিত পৰিস্থিতিৰ সৈতে কেনেকৈ সম্মুখীন হʼব পাৰি,” মে ৮, ২০০০ চনৰ সচেতন! আলোচনীখন চাওঁক।

আপুনি কেনেকৈ উত্তৰ দিব?

• প্ৰকৃত খ্ৰীষ্টানসকলৰ অখণ্ডতাক ভাঙিবলৈ চয়তানে কিয় আৰু কেনেকৈ চেষ্টা কৰে?

• কেনেকৈ যিহোৱাৰ শক্তিয়ে ‘দুৰ্ব্বলতাত শক্তি সিদ্ধ’ কৰে?

• মণ্ডলীৰ প্ৰাচীন আৰু ভাই-ভনীয়ে সমস্যা সম্মুখীন হোৱা ভাই-ভনীক কেনেকৈ উৎসাহিত কৰিব পাৰে?

[২৪ পৃষ্ঠাৰ ছবি]

পাঁচনি পৌলে তেওঁৰ শৰীৰত থকা কাঁইটৰ পৰা মুক্তি পাবলৈ ঈশ্বৰলৈ তিনিবাৰ প্ৰাৰ্থনা কৰিছিল

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক