ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ কৰিন্থীয়া ১১-১৩
পৌলৰ ‘শৰীৰত এটা কাঁইট’
বাইবেলত প্ৰায়ে এনে লোক বা সমস্যাবোৰক কাঁইটৰ লগত তুলনা কৰা হৈছে, যাৰ বাবে এজন ব্যক্তিয়ে দুখ-কষ্ট ভোগ কৰে। (গণনা ৩৩:৫৫; হিতো ২২:৫; যিহি ২৮:২৪) পৌলে কৈছিল যে তেওঁৰ ‘শৰীৰত এটা কাঁইট’ আছে। এই কাঁইট কি আছিল? এই কাঁইট হয়তো এনে কিছুমান লোক, যিসকলে নিজকে পাঁচনি বুলি দাবী কৰিছিল, পৌলক পাঁচনি নহয় বুলি কৈছিল আৰু তেওঁৰ কাৰ্য্যবোৰত ভুল-ত্ৰুটিবোৰ বিচাৰিছিল। পৌলৰ ‘শৰীৰত এটা কাঁইট,’ ইয়াৰ আৰু এটা বেলেগ অৰ্থ আছে। তলত দিয়া শাস্ত্ৰপদবোৰৰ অনুসৰি ইয়াৰ অৰ্থ কি হʼব পাৰে?
আপোনাৰ ‘শৰীৰত এটা কাঁইট’ কি?
সহন কৰি থাকিবলৈ আপুনি কেনেকৈ যিহোৱা ঈশ্বৰৰ ওপৰত ভৰসা কৰিব পাৰে?