তেওঁলোকে শৰীৰত থকা কাঁইটৰূপী সমস্যাসমূহৰ সম্মুখীন হʼল
“শৰীৰত এটা কাঁইট . . . মোক ভুকুৱাবলৈ . . . এক দূত দিয়া হল।”—২ কৰিন্থীয়া ১২:৭.
১. বৰ্তমান সময়ত লোকবিলাকে কেনে ধৰণৰ সমস্যাৰ সম্মুখীন হৈছে?
আপুনি এনে কিছুমান চলিত পৰীক্ষাৰ সম্মুখীন হৈছেনে? যদি হৈছে, তেন্তে নিজকে অকলশৰীয়া বুলি নাভাবিব। ‘শেষ-কালৰ এই ভয়ঙ্কৰ সময়ত’ বিশ্বাসী খ্ৰীষ্টানসকলেও অত্যাধিক বিৰুদ্ধ, পৰিয়ালৰ সমস্যা, বেমাৰ, আৰ্থিক নাটনি, মানসিক পীড়া, আপোনজনক মৃত্যুত হেৰুৱা আৰু প্ৰত্যাহ্বানজনক হিচাবে থিয় দিয়া বিভিন্ন সমস্যাৰ সম্মুখীন হৈছে। (২ তীমথিয় ৩:১-৫) কিছুমান ঠাইত বহুতে খাদ্যৰ অভাৱ আৰু যুদ্ধগ্ৰস্ত পৰিস্থিতিৰ মাজত জীৱন নিৰ্বাহ কৰিব লগা হৈছে।
২, ৩. কেনেধৰণৰ অনুচিত মনোবৃত্তিৰ বাবে আমি কাঁইটৰূপী সমস্যাৰ সম্মুখীন হওঁ আৰু সেইবোৰ কেনেকৈ বিপদজনক হʼব পাৰে?
২ বিশেষকৈ যেতিয়া একেলগে কেইবাটাও সমস্যাই দেখা দিয়ে, তেতিয়া হয়তো এজন ব্যক্তিয়ে সম্পূৰ্ণকৈ নিৰুৎসাহিত হʼব পাৰে। এই সম্বন্ধে হিতোপদেশ ২৪:১০ পদত উল্লেখ কৰা কথাফাঁকিক লক্ষ্য কৰক। তাত এইদৰে কোৱা হৈছে: “সঙ্কটৰ কালত তোমাৰ যদি সাহ নাইকিয়া হয়, তেন্তে তোমাৰ বল কম।” বাস্তৱতে পৰীক্ষাসমূহত নিৰুৎসাহিত হোৱাৰ বাবে আমাৰ শক্তি হ্ৰাস আৰু শেষলৈকে সহন কৰি থাকিবলৈ লোৱা আমাৰ নিৰ্ণয়ক দুৰ্ব্বল কৰি তুলিব পাৰে। সেইটো কেনেকৈ হʼব পাৰে?
৩ দৰাচলতে, নিৰুৎসাহী হোৱাৰ বাবে আমি হয়তো লক্ষ্যত উপনীত হোৱাৰ পৰা বঞ্চিত হʼব পাৰোঁ। উদাহৰণস্বৰূপে, আমি সহজে বৃদ্ধি হোৱা ক্লেশ ভোগী নিৰুপায় হʼব পাৰোঁ। কিছুমানে আকৌ ঈশ্বৰক উদ্দেশ্য কৰি এইদৰে কʼব পাৰে, “আপুনি কিয় এইবোৰ কেৱল মোলৈ ঘটিবলৈ অনুমতি দিছে?” যদি তেনে ধৰণৰ অনুচিত মনোবৃত্তিয়ে এজনৰ হৃদয়ত প্ৰভুত্ব কৰিছে, তেনেহʼলে এই মনোবৃত্তিয়ে তেওঁৰ আনন্দ আৰু ভাৰসাক কাঢ়ি নিব পাৰে। এজন ঈশ্বৰৰ সেৱকে হয়তো ইমানেই নিৰুৎসাহিত হʼব পাৰে যে তেওঁ “বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণে” যুঁজিবলৈ ত্যাগ দিব পাৰে।—১ তীমথিয় ৬:১২.
৪, ৫. কিছুমান ক্ষেত্ৰত চয়তানে কেনেকৈ আমি সম্মুখীন হোৱা সমস্যাবোৰৰ সৈতে জড়িত আছে আৰু আমি কি নিশ্চিত হʼব পাৰোঁ?
৪ আমি সম্মুখীন হোৱা পৰীক্ষাসমূহ যিহোৱা ঈশ্বৰৰ পৰা আহিছে, এনে নহয়। (যাকোব ১:১৩) সাধাৰণতে, ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ থাকিবলৈ প্ৰাণপণে কৰা চেষ্টাৰ বাবে আমি কিছুমান পৰীক্ষাৰ সম্মুখীন হʼবলগীয়া হয়। প্ৰকৃততে যিসকলে যিহোৱাক সেৱা কৰে, তেওঁলোকক মহান শত্ৰু চয়তানে নিজৰ লক্ষ্যবিন্দু কৰি লয়। তেওঁৰ হাতত অতি কম সময় থকাৰ বাবে চয়তান অৰ্থাৎ “এই যুগৰ দেৱতাই” যিহোৱাৰ সেৱকসকলক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে। (২ কৰিন্থীয়া ৪:৪) চয়তানে যিমান পাৰে বিশ্বব্যাপি ভাতৃত্ব সমাজৰ ওপৰত ক্লেশ আনিবলৈ চেষ্টা কৰে। (১ পিতৰ ৫:৯) যদিও সি পোনপটীয়াকৈ সকলোবোৰ সমস্যাৰ সৃষ্টি নকৰে, তথাপিও আমি সম্মুখীন হোৱা সমস্যাবোৰক অধিক বৃদ্ধি কৰি তুলিব পাৰে আৰু তাৰ দ্বাৰা সি আমাৰ বিশ্বাস দুৰ্ব্বল কৰিবলৈ চেষ্টা কৰে।
৫ চয়তান বা তাৰ কাৰ্য্যবোৰ যিমানেই ভয়ানক নহওঁক কিয়, আমি তাক পৰাস্ত কৰিব পাৰিম! সেই বিষয়ে আমি কেনেকৈ নিশ্চিত হʼব পাৰোঁ? কিয়নো যিহোৱাই আমাৰ হৈ সেইবোৰৰ বিপক্ষে যুঁজ কৰে। ঈশ্বৰে তেওঁৰ সেৱকসকলক চয়তানৰ সকলো প্ৰকাৰৰ পদ্ধতিৰ বিষয়ে অৱগত কৰায়। (২ কৰিন্থীয়া ২:১১) প্ৰকৃততে, ঈশ্বৰৰ বাক্যই সত্য খ্ৰীষ্টানসকলৰ ওপৰত আহিবলগীয়া পৰীক্ষাসমূহৰ জ্ঞান প্ৰদান কৰে। বাইবেলে পাঁচনি পৌলৰ ক্ষেত্ৰত, “শৰীৰত এটা কাঁইট” বুলি এটা উক্তি উল্লেখ কৰিছে। কিয় তেনেদৰে উল্লেখ কৰিছে? গতিকে আঁহক আমি নিৰীক্ষণ কৰোঁ যে ঈশ্বৰৰ বাক্যই সেই উক্তিটোক কেনেকৈ বৰ্ণনা কৰিছে। তেতিয়াহে আমি জানিব পাৰিম যে পৰীক্ষাসমূহত বিজয়ী হʼবলৈ কেৱল আমিহে যিহোৱাৰ সহায় লাভ কৰিছোঁ, এনে নহয়।
পৰীক্ষাসমূহক কিয় কাঁইট বুলি বৰ্ণনা কৰা হৈছে
৬. পাঁচনি পৌলে “শৰীৰত এটা কাঁইট” বুলি উল্লেখ কৰাৰ অৰ্থ কি আৰু সম্ভৱতঃ সেই কাঁইটবোৰ কি আছিল?
৬ এই সম্বন্ধে পাঁচনি পৌলে একেৰাহে কৰা প্ৰচেষ্টাৰ পিছত এইদৰে লিখিবলৈ প্ৰেৰিত হৈছিল: “এই নিমিত্তে শৰীৰত এটা কাঁইট, অৰ্থাৎ, মই অতিশয় দৰ্প নকৰিবলৈ, মোক ভুকুৱাবলৈ চয়তানৰ এক দূত দিয়া হল।” (২ কৰিন্থীয়া ১২:৭) পাঁচনি পৌলৰ শৰীৰত কেনেধৰণৰ কাঁইট আছিল? স্পষ্টকৈ, শৰীৰত যদি এটা কাঁইট থাকে তেনেহʼলে নিশ্চয়ে যন্ত্ৰণাদায়ক। বাস্তৱতে, লাক্ষণিকৰূপে কিবা এটাই পৌলক শাৰীৰিক আৰু আবেগিকৰূপে যাতনাৰ কাৰণ হৈছিল। তেওঁ হয়তো চকু বা আন শাৰীৰিক দুৰ্ব্বলতাৰ বাবে যাতনা ভূগীব লগা হৈছিল। বা পাঁচনিৰূপে পৌলক প্ৰত্যাহ্বান, তেওঁৰ প্ৰচাৰ আৰু শিক্ষা প্ৰদান কৰা কাৰ্য্যত সন্দেহ কৰা কাঁইটতৰূপী ব্যক্তিসকল সন্মিলিত আছিল। (২ কৰিন্থীয়া ১০:১০-১২; ১১:৫, ৬, ১৩) যিয়ে নহওঁক কিয়, সেই কাঁইটে তেওঁক বিন্ধিছিল আৰু তাক উলিয়াব পৰা নাছিল
৭, ৮. (ক) “একেৰাহে বিন্ধি থকা” অভিব্যক্তিটোৰ অৰ্থ কি? (খ) বৰ্তমান সময়ত আমি সম্মুখীন হোৱা কাঁইটৰূপী সমস্যাত সফলতা লাভ কৰাটো কিয় গুৰুত্বপূৰ্ণ?
৭ লক্ষ্য কৰক যে সেই কাঁইটে পাঁচনি পৌলক একেৰাহে বিন্ধিছিল। মন কৰিবলগীয়া এই যে পাঁচনি ব্যৱহাৰ কৰা শব্দটো গ্ৰীক ক্ৰিয়া পদ “কনোক্লেচ্” শব্দৰ পৰা লৈছিল। সেই শব্দটো মথি ২৬:৬৭ পদত আক্ষৰিক আৰু ১ কৰিন্থীয়া ৪:১১ পদত লাক্ষণিকৰূপে ব্যৱহাৰ কৰা হৈছে। সেই পদসমূহত ভুকুৱা বা ঘোচা মৰাৰ ধাৰণাক প্ৰকাশ কৰিছে। যিহোৱা আৰু তেওঁৰ সেৱকসকলৰ প্ৰতি থকা চয়তানৰ অত্যন্ত ঘৃণাভাৱক মনত ৰাখি আমি এইটো নিশ্চিত হʼব পাৰোঁ যে পাঁচনি পৌলক একেৰাহে কষ্ট দিয়া কাঁইটো দেখি সি অতি সন্তুষ্ট হৈছিল। ঠিক তেনেদৰে আজিও যেতিয়া আমাৰ শৰীৰে কাঁইটৰূপী সমস্যাত ভুগা দেখা পাই, তেতিয়া সি অতি আনন্দিত হয়।
৮ গতিকে পাঁচনি পৌলৰ দৰে আমিও তেনে কাঁইটৰূপী সমস্যাবোৰৰ সৈতে কেনেকৈ সম্মুখীন হʼব পাৰোঁ, তাক জনা আৱশ্যক। এনেদৰে কৰাৰ অৰ্থই হৈছে আমি জীৱন লাভ কৰা! মনত ৰাখক যে আমি নতুন পৃথিৱীত চিৰকাললৈকে জীয়াই থকাটোৱেই হৈছে যিহোৱাৰ ইচ্ছা, যʼত কোনো কাঁইটৰূপী সমস্যা নাথাকিব। এই ৰোমাঞ্চজনক পুৰষ্কাৰ লাভ কৰাত সহায় কৰিবলৈ, ঈশ্বৰে তেওঁৰ পবিত্ৰ বাক্যত এনে বহুতো উদাহৰণ আগবঢ়াইছে। বাইবেলত বৰ্ণনা কৰিছে যে তেওঁৰ বিশ্বাসী লোকসকলে, শৰীৰত কাঁইটৰূপী সমস্যাক সফলতাৰে সম্মুখীন হৈছিল। তেওঁলোকোও আমাৰ দৰে অসিদ্ধ আৰু সাধাৰণ লোক আছিল। বৃহৎ “মেঘৰূপ সাক্ষীৰ” সদস্যসকলৰ কিছুমানৰ বিষয়ে বিবেচনা কৰাৰ যোগেদি আমাৰ “দৌৰৰ পথত ধৈৰ্য্যেৰে” একেৰাহে দৌৰি থাকিবলৈ সহায় লাভ কৰিম। (ইব্ৰী ১২:১) ইয়াৰ ওপৰিও আমি তেওঁলোকে সহন কৰা বিষয়ৰ ওপৰত ধ্যান কৰি চয়তানে আমালৈ অনা কাঁইটৰূপী সমস্যাবোৰক সফলতাৰে সম্মুখীন হʼবলৈ আমাৰ নিশ্চয়তাক অধিক শক্তিশালী কৰিব পাৰিম।
কাঁইটৰূপী সমস্যাবোৰে মফীবোচতক মানসিক পীড়া দিছিল
৯, ১০. (ক) মফীবোচতে কেনেকৈ শাৰীৰিকৰূপে কাঁইটৰ বশীভূত হৈছিল? (খ) ৰজা দায়ূদে মফীবোচতলৈ কেনে দয়াৰে আচৰণ কৰিছিল আৰু আমি কেনেকৈ ৰজা দায়ূদৰ আৰ্হিক অনুকৰণ কৰিব পাৰোঁ?
৯ ৰজা দায়ূদৰ বন্ধু যোনাথনৰ পুত্ৰ মফীবোচতৰ বিষয়ে বিবেচনা কৰক। যেতিয়া মফীবোচতৰ বয়স পাঁচ বছৰ আছিল তেতিয়া তেওঁৰ ককাদেউতাক ৰজা চৌলৰ অকালতে হোৱা মৃত্যুৰ সংবাদ পালে। তেতিয়া তেওঁৰ আলপৈচান ধৰা ধায়ে “তাক লৈ পলাই গৈছিল; তাতে তাই বেগেৰে পলাই যাওঁতে সি পৰি খোৰা হৈছিল।” (২ চমূৱেল ৪:৪) কালক্ৰমে, মফীবোচতৰ বয়স বাঢ়ি অহাৰ লগে লগে তেওঁৰ এই শাৰীৰিক বিকলাঙ্গতাই তেওঁক কাঁইটৰ দৰে বিন্ধিব ধৰিলে।
১০ যোনাথনৰ সৈতে অটুট প্ৰেমৰ বাবে ৰজা দায়ূদে কিছুবছৰৰ পাছত মফীবোচতক দয়া আৰু কৰুণাৰে আচৰণ কৰিছিল। ৰজা দায়ূদে চৌলৰ সকলোবোৰ ধন-সম্পত্তি তেওঁক ঘূৰাই দিছিল আৰু চৌলৰ দাস চীবাক সেই ঠাইৰ দায়ীত্ববাহী পাতিছিল। তদুপৰি, দায়ূতে মফীবোচতক এইদৰে কৈছিল: “তুমি সদায় মোৰ মেজতে ভোজন কৰিবা।” (২ চমূৱেল ৯:৬-১০) নিসন্দেহ, ৰজা দায়ূদৰ এই উপকাৰে মফীবোচতৰ বাবে শান্ত্বনাৰ কাৰণ আছিল আৰু তেওঁৰ শাৰীৰিক অক্ষমতাক সহিবলৈ সহায় কৰিছিল। আমাৰ বাবে কিযে এক উত্তম শিক্ষা! যিসকলক কাঁইটৰূপী শাৰীৰিক অক্ষমতাই বিন্ধিছে তেওঁলোকলৈ আমিও দয়াৰে আচৰণ কৰা উচিত।
১১. মফীবোচতৰ বিষয়ে চীবাই কি অভিযোগ দিছিল আৰু তেওঁ যে মিছা মাতিছিল বুলি আমি কেনেকৈ জানিব পাৰোঁ? (ফুটনোটত চাওঁক।)
১১ পিছলৈ মফীবোচতে আন এক কাঁইটৰূপী সমস্যাৰ সম্মুখীন হʼবলগা হৈছিল। দায়ীত্ববাহীত থকা দাস চীবাই দায়ূদৰ পুতেক অব্চালোমে বিদ্ৰোহী কৰাৰ বাবে যিৰূচালেমলৈ পলাই আহি দায়ূদৰ আগত মিছা মাতি কৈছিল যে মফীবোচতে ৰাজপাট লাভ কৰাৰ আঁশাৰে যিৰূচালেমত আছে।a ৰজা দায়ূদে তেওঁৰ এই মিছাক সত্য বুলি বিশ্বাস কৰি মফীবোচতক দিয়া সকলো ধন-সম্পত্তি কাঢ়ি নি সেই মিছলীয়া চীবাক গতাই দিলে।—২ চমূৱেল ১৬:১-৪.
১২. মফীবোচতে নিজৰ অৱস্থাৰ ওপৰত কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল আৰু আমাৰ কাৰণে তেওঁ কেনেকৈ এক অত্যুত্তম আৰ্হি প্ৰস্তুত কৰিলে?
১২ যিয়ে নহওঁক, যেতিয়া মফীবোচতে ৰজা দায়ূদক সাক্ষাৎ কৰে, তেতিয়া প্ৰকৃততে কি ঘটিছিল তাক তেওঁ ৰজা দায়ূদক জনালে। যেতিয়া মফীবোচতে ৰজা দায়ূদক সাক্ষাৎ কৰিবলৈ প্ৰস্তুত হৈছিল, তেতিয়া চীবাই তেওঁক ছলনা কৰিলে আৰু তেওঁৰ সলনি স্বইচ্ছাৰে ৰজা দায়ূদৰ ওচৰত উপস্থিত হৈছিল। ইয়াকে জানিব পাৰি ৰজা দায়ূদে সেই ভুলটোক সুধৰাবলৈ কোনো কাৰ্য্য কৰিলেনে? কিছু পৰিমাণে তেওঁ নিশ্চয়ে পদক্ষেপ লৈছিল। সেয়ে তেওঁ চৌলৰ সম্পত্তিক দুভাগ কৰি তেওঁলোকৰ দুইজনক ভগাই দিলে। ই মফীবোচতৰ বাবে শৰীৰত বিন্ধা আন এটা কাঁইটৰ দৰে আছিল। তাকে দেখি তেওঁ অতিশয় নিৰুৎসাহিত হৈছিলনে? তেওঁ কি দায়ূদে লোৱা এই নিৰ্ণয়টোৰ বিপক্ষে থিয় দি অন্যায় হৈছে বুলি অভিযোগ দিছিলনে? অৱশ্য নহয়, তেওঁ তেনে কোনো কাৰ্য্য কৰা নাছিল, কিন্তু নম্ৰতাৰে সেই নিৰ্ণয়ক স্বীকাৰ কৰিছিল। তদুপৰি, তেওঁ সঠিক বিষয় যেনে, ইস্ৰায়েল ৰজা পুনৰাই ঘূৰি অহাৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰি আনন্দিত হৈছিল। মফীবোচতে শাৰীৰিক অযোগ্যতা, নিন্দা আৰু নিৰুৎসাহিত নিচিনা বিষয়ৰ প্ৰতি ধৈৰ্য্য ধৰি এক অত্যুত্তম আৰ্হি প্ৰস্তুত কৰিলে।—২ চমূৱেল ১৯:২৪-৩০.
নহিমিয়াই তেওঁৰ পৰীক্ষাবোৰক সফলতাৰে সম্মুখীন হৈছিল
১৩, ১৪. যিৰূচালেমৰ দেৱাল পুনৰাই নিৰ্ম্মাণ কৰা উদ্দেশ্যৰে যিৰূচালেমলৈ উভটি অহাৰ পিছত নহিমিয়াই কেনে ধৰণৰ কাঁইটৰূপী সমস্যাৰ সম্মুখীন হৈছিল?
১৩ সা.যু.পূ. পাচঁ শতাব্দীত, উচ্ছন্ন হৈ পৰি থকা যিৰূচালেমলৈ উভটি অহাৰ পাছত তেওঁক লাক্ষণিকৰূপে সহন কৰিব লগা কাঁইটৰূপী সমস্যাবোৰৰ বিষয়ে বিবেচনা কৰক। তেওঁ পাইছিল যে চহৰখনৰ প্ৰতিৰক্ষাহীন, উভটি অহা যিহূদীসকলৰ অসঙ্গঠিত, নিৰুৎসাহিত আৰু ঈশ্বৰৰ দৃষ্টিত অশুদ্ধ আছিল। যদিও ৰজা অৰ্তক্ষত্ৰই পুনৰাই যিৰূচালেমৰ দেৱাল বান্ধিবলৈ অনুমতি দিছিল তথাপিও ওচৰ-পাজৰে থকা ৰাজ্যবোৰে তাৰ বিৰোদ্ধে থিয় দিছিল। এই সন্দৰ্ভত বাইবেলত এইদৰে প্ৰকাশ কৰিছে: “তেতিয়া, ইস্ৰায়েলৰ সন্তানবিলাকৰ মঙ্গলৰ চেষ্টা কৰিবৰ অৰ্থে এজন মানুহ যে আহিছে, ইয়াতে তেওঁবিলাকে অতিশয় বেজাৰ পালে।”—নহিমিয়া ২:১০.
১৪ সেই বিদেশী ৰাজ্যবোৰে নহিমিয়াৰ কাৰ্য্যক বন্ধ কৰিবলৈ সকলো প্ৰকাৰৰ চেষ্টা কৰিলে। তেওঁলোকক ধমকি, মিছা কথা, নিন্দা আৰু নিৰুৎসাহি কৰিবলৈ চোৰাংচোৱা পঠাইছিল, যিয়ে নহিমিয়াৰ বাবে শৰীৰত বিন্ধা কাঁইটবোৰৰ নিচিনা আছিল। তেওঁ শত্ৰুবিলাকৰ কুকল্পনাবোৰত ভয়াতুৰ হৈ পৰিছিলনে? নিশ্চই নহয়! ইয়াৰ পৰিৱৰ্তে তেওঁ ঈশ্বৰৰ সম্পূৰ্ণ বিশ্বাস ৰাখিছিল। অৱশেষত যেতিয়া যিৰূচালেমৰ দেৱাল নিৰ্ম্মাণৰ কাৰ্য্য শেষ হʼল, ইয়ে তেওঁৰ শত্ৰুসকলৰ আগত, যিহোৱাই তেওঁলোকলৈ আগবঢ়োৱা এক মৰমীয়াল সহায়ৰ প্ৰমাণ দাঙি ধৰিলে।—নহিমিয়া ৪:১-১২; ৬:১-১৯.
১৫. যিহূদীসকলৰ মাজত হোৱা কেনে সমস্যাবোৰে নহিমিয়াক অধিককৈ কষ্ট দিছিল?
১৫ নহিমিয়াই ৰাজ্যপাল হোৱাৰ হেতুকে, তেওঁ ঈশ্বৰৰ লোকসকলৰ মাজত উৎপন্ন হোৱা সমস্যাসমূহকো সম্মুখীন হʼব লগীয়া হৈছিল। সেই সমস্যাবোৰ তেওঁৰ বাবে কাঁইটৰূপী আছিল, কিয়নো এইবোৰে যিহোৱাৰ সৈতে থকা ঈশ্বৰৰ লোকসকলৰ সম্বন্ধৰ ওপৰত গম্ভীৰ প্ৰভাৱ পেলাইছিল। উদাহৰণস্বৰূপে, ধনৱান ভাইবিলাকে দৰিদ্ৰ ভাইসকলক অধিক সুতৰ বিনিময়ত ঋণ দিছিল। সেই দৰিদ্ৰ ভাইসকলে পাৰস্যৰ কৰ আৰু তেওঁলোকৰ ঋণ আদায় কৰিবলৈ নিজৰ লʼৰা-ছোৱালীক দাসত্বৰ বাবে বেচিব লগীয়া হৈছিল। (নহিমিয়া ৫:১-১০) বহুতো যিহুদীয়ে বিশ্ৰাম-দিনৰ আজ্ঞাক উলঙ্ঘন কৰিছিল। ইয়াৰ ওপৰিও তেওঁলোকে মন্দিৰ আৰু লেবীসকলক সহযোগ কৰাত বিফল হৈছিল। তদুপৰি, কিছুমানে “অচ্দোদীয়া, অম্মোনীয়া, আৰু মোৱাবীয়া তিৰোতাসকলৰ সৈতে বিয়া পাতিছিল।” এই কাৰ্য্য নহিমিয়াৰ বাবে কিমান যে বেদনাদায়ক হৈছিল! কিন্তু ইয়াৰ কোনোবিধ কাঁইটে তেওঁৰ বিশ্বাসক হ্ৰাস কৰিব নোৱাৰিলে। বাৰম্বাৰ তেওঁ যিহোৱাৰ ধাৰ্মিক স্তৰসমূহক উৎসাহিত হৈ লোকসকলৰ আগত বৰ্ণনা কৰিছিল। নহিমিয়াৰ দৰে আমিও আনৰ অনুচিত আচৰণক ঈশ্বৰৰ প্ৰতি থকা আমাৰ নিষ্ঠাক প্ৰভাৱিত হʼবলৈ নিদিওঁহঁক।—নহিমিয়া ১৩:১০-১৩, ২৩-২৭.
আন বহুতো বিশ্বাসীয়েও সমস্যাবোৰত সফলতাৰে সম্মুখীন হৈছিল
১৬-১৮. পৰিয়ালত উৎপন্ন হোৱা সমস্যাই কেনেকৈ ইচ্হাক, ৰিবেকা, হান্না, দায়ূদ আৰু হোচিয়াক বেৰি ধৰিছিল?
১৬ বাইবেলত আন ব্যক্তিসকলৰো উদাহৰণ দাঙি ধৰিছে যিসকলে কাঁইটৰূপী অত্যন্ত বেয়া পৰিস্থিতিতো সফলতাৰে সম্মুখীন হৈছিল। সেই সমস্যাসমূহৰ এটা সাধাৰণ কাৰণ আছিল, পৰিয়ালৰ পৰা অহা কাঁইটৰূপী সমস্যা। উদাহৰণস্বৰূপে, এচৌৰ দুজনী স্ত্ৰীয়ে তেওঁৰ পিতৃ-মাতৃ “ইচ্হাক আৰু ৰিবেকাৰ মনত দুখ দিওঁতা হল।” তেওঁলোকৰ বাবে আনকি ৰিবেকায়েও নিজ জীৱটোক ঘিণাব ধৰিছিল। (আদিপুস্তক ২৬:৩৪, ৩৫; ২৭:৪৬) হান্নাৰ উদাহৰণৰ বিষয়েও বিবেচনা কৰক। তাই মাতৃহীন হোৱাৰ বাবে স্বামীৰ আনজনী পত্নী পিনিন্নাই হান্নাৰ মনত “অসন্তোষ জন্মাবলৈ বেজাৰ” দিব ধৰিলে। সম্ভৱতঃ, হান্নাই ঘৰত অকলে থকা অৱস্থাত বাৰে বাৰে তাইক মানসিকভাৱে অত্যাচাৰ কৰা হৈছিল। তদুপৰি, পিন্নিনাই পৰ্বলৈ অহা তাইৰ বন্ধু-বান্ধৱ, আত্মীয় লোকসকলৰ আগত হান্নাক উপলুঙা কৰিছিল। ই হান্নাৰ শৰীৰত কাঁইটে বিন্ধাৰ দৰে বিন্ধিছিল।—১ চমূৱেল ১:৪-৭.
১৭ বিবেচনা কৰক যে ৰজা দায়ূদক তেওঁৰ শহুৰ অৰ্থাৎ ৰজা চৌলৰ অত্যাধিক বিদ্বেষ সহন কৰিবলগীয়া হৈছিল। নিজৰ প্ৰাণ ৰক্ষাৰ অৰ্থে তেওঁ অয়িন-গদীৰ অৰণ্যৰ গুহাত লুকাবলৈ বিপদজনক পৰ্ব্বতীয়া পথেৰে যাবলগীয়া হৈছিল। ৰজা চৌলৰ বিৰোদ্ধে কোনো ভুল কাৰ্য্য নকৰাৰ স্বত্বেও অন্যায়ৰ সম্মুখীন হʼবলগীয়া হোৱাত তেওঁ নিশ্চয়ে বেজাৰ পাইছিল। কেইবাবছৰো নিজৰ প্ৰাণ ৰক্ষাৰ অৰ্থে চকু চৰহা ৰজা চৌলৰ পৰা পলায়ন কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছিল।—১ চমূৱেল ২৪:১৪, ১৫; হিতোপদেশ ২৭:৪.
১৮ পৰিয়ালত অশান্তি সৃষ্টি হোৱাৰ বাবে ভৱিষ্যতবক্তা হোচিয়াক বেৰি ধৰা সমস্যাবোৰৰ বিষয়ে বিবেচনা কৰক। তেওঁৰ পত্নীয়ে ব্যভিচাৰ কাৰ্য্যত লিপ্ত হৈছিল। তাইৰ এই কাৰ্য্যই তেওঁক নিশ্চয়ে কাঁইটৰূপে বিন্ধিছিল। তাইৰ ব্যভিচাৰ কাৰ্য্যৰ বাবে যেতিয়া দুটা অবৈধ সন্তানৰ জন্ম হৈছিল, তেতিয়া হোচিয়াই কিমান যে মানসিক বেদনা পাইছিল।—হোচেয়া ১:২-৯.
১৯. ভৱিষ্যতবক্তা মীখায়াৰ ওপৰত কেনে ধৰণৰ অত্যাচাৰ কৰা হৈছিল?
১৯ আন এক কাঁইটৰূপী সমস্যা হৈছে উৎপীড়ন। এই সন্দৰ্ভত ভৱিষ্যতবক্তা মীখায়াৰ বিষয়ে বিবেচনা কৰক। তেওঁ সম্মুখীন হোৱা দুষ্ট ৰজা আহাব আৰু ভাঁৰিকোৱা ভৱিষ্যতবক্তাৰ বাবে তেওঁৰ ধাৰ্ম্মিক প্ৰাণে নিশ্চয়ে অতিষ্ট হৈ উঠিছিল। যেতিয়া মীখায়াই ৰজা আহাবক সেই ভাঁৰিকোৱা ভৱিষ্যতবক্তা সকলৰ বিষয়ে কৈছিল যে তেওঁলোকত “মিছা কওঁতা এক আত্মা” আছে, তেতিয়া ৰজাই কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল? তেওঁ মীখায়াৰ “গালত চৰ মৰা” নাছিলনে বাৰু! তদুপৰি, আহাবে ৰামোৎ-গিলিয়দক উদ্ধাৰ কৰিবলৈ নাযাবলৈ দিয়া যিহোৱাৰ সতৰ্কবাণীকো হেয়জ্ঞান কৰাৰ বাবে অত্যন্তৰূপে পৰাস্ত হʼবলগীয়া হʼল। সেয়েহে তেওঁ মীখায়াক বন্ধীশালত বন্ধ কৰি থলে আৰু নামমাত্ৰ আহাৰ দিবলৈ আজ্ঞা দিলে। (১ ৰাজাৱলি ২২:৬, ৯, ১৫-১৭, ২৩-২৮) যিৰিমিয়াক নৰবধী নিগ্ৰহকাৰীয়ে অত্যাচাৰ কৰাৰ বিষয়ে স্মৰণ কৰক।—যিৰিমিয়া ২০:১-৯.
২০. নয়মীয়ে কেনে ধৰণৰ কাঁইটৰূপী সমস্যাৰ সম্মুখীন হৈছিল আৰু তাই কেনেকৈ আশীৰ্ব্বাদ লাভ কৰিলে?
২০ আপোনজনাক মৃত্যুত হেৰুৱাব লগীয়া হোৱাতো হৈছে শৰীৰত বিন্ধি থকা আন এটা কাঁইটৰূপী সমস্যা। নয়মীয়ে অকালতে নিজৰ গিৰীয়েক আৰু দুটা পুতেকক মৃত্যুত হেৰুৱাৰ বাবে অত্যন্ত মানসিক বেদনা পাইছিল। তথাপিও, তেনে পৰিস্থিতিয়ে তাইক বৈৎলেহমলৈ উভটি যোৱাত বাধা দিব নোৱাৰিলে। তাই নিজৰ বান্ধৱীসকলক নয়মী নামেৰে নহয় কিন্তু মাৰা বুলিহে মাতিবলৈ কৈছিল। সেই নামে তাইৰ জীৱনলৈ অহা অত্যন্ত তিক্তকৰ অভিজ্ঞতাৰ বিষয়ে প্ৰতিফলতি কৰিছিল। শেষত যিহোৱাই তাইক এটা নাতিয়েক দিছিল, যাৰ বংশত মচীহা আহিবলগীয়া আছিল।—ৰূথ ১:৩-৫, ১৯-২১; ৪:১৩-১৭; মথি ১:১, ৫.
২১, ২২. ইয়োবক কেনেকৈ সমস্যাবোৰে বেৰি ধৰিছিল আৰু সেইবোৰৰ প্ৰতি তেওঁ কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল?
২১ হঠাতে নিজৰ সা-সম্পত্তি, দাস-দাসী, জীৱ-জন্তু আৰু দহোটা পুত্ৰক হেৰুৱাই ইয়োবে কিমান যে আন্তৰিক বেদনা পাইছিল তাৰ বিষয়ে বিবেচনা কৰক। তেওঁৰ হঠাতে গোটেই জগতখন খহি পৰা যেন অনুভৱ কৰিছিল! সেই বেদনাদায়ক পৰিস্থিতিৰ পৰা উপশম নাপাওঁতেই চয়তানে তেওঁক গম্ভীৰ শাৰীৰিক ৰোগেৰে আক্ৰমণ কৰিছিল। সেই পৰিস্থিতিত ইয়োবে নিশ্চয়ে ভাবিছিল যে এই ৰোগৰ বাবে তেওঁৰ মৃত্যু নিশ্চিত। তেওঁৰ কষ্ট ইমানেই অধিক আছিল যে তেওঁ মৃত্যুৰ বাবে কামনা কৰিছিল।—ইয়োব ১:১৩-২০; ২:৭, ৮.
২২ ইয়াৰ ওপৰিও তেওঁৰ পত্নীয়ে দুখিত আৰু ক্ৰোধিত হৈ এইদৰে কৈছিল: “ঈশ্বৰক বিদায় দি প্ৰাণত্যাগ কৰক!” ইয়ে তেওঁক কিমান যে কাঁইটে বিন্ধা দৰে বিন্ধিছিল! আনকি তেওঁৰ তিনিজন বন্ধুৱেও শান্ত্বনা দিয়াৰ পৰিৱৰ্ত্তে তেওঁ গুপুতে কোনো পাপ কৰাৰ বাবে তেনে পৰিণাম ভুগিছে বুলি তৰ্ক-বিতৰ্ক কৰিছিল। তেওঁলোকৰ তেনে তৰ্ক-বিতৰ্কই ইয়োবৰ শৰীৰত কাঁইটে বিন্ধাৰ দৰে বিন্ধিছিল। এই কথা মনত ৰাখক যে ইয়োবে স্বয়ং নিজৰ ৰোগ আৰু সেই সমস্যাবোৰৰ কাৰণৰ বিষয়ে একো নাজানিছিল। তথাপিও, “এই সকলোতো ইয়োবে পাপ নকৰিলে, আৰু ঈশ্বৰত অজ্ঞানতাৰ দোষাৰোপ নকৰিলে।” (ইয়োব ১:২২; ২:৯, ১০; ৩:৩; ১৪:১৩; ৩০:১৭) একে সময়তে যদিও তেওঁ বহুতো কাঁইটৰূপী সমস্যাৰ সম্মুখীন হৈছিল, তথাপিও তেওঁ ঈশ্বৰৰ প্ৰতি নিজৰ অখণ্ডতাক বজাই ৰাখিলে। এইটো কিমান যে এক উৎসাহিতজনক আৰ্হি!
২৩. ওপৰত উল্লেখ কৰা বিশ্বাসী সেৱকসকলে কিয় শৰীৰত বিন্ধা বিভিন্ন কাঁইটৰূপী সমস্যাৰ সৈতে সফলতাৰে সম্মুখীন হʼবলৈ সক্ষম হৈছিল?
২৩ ওপৰত উল্লেখ কৰা উদাহৰণসমূহৰ ওপৰিও বাইবেলত আন অনেক উদাহৰণ উল্লেখ কৰা আছে। এই সকলো বিশ্বাসী সেৱকসকলে তেওঁলোকৰ লাক্ষণিক কাঁইটৰ সম্মুখীন হৈছিল। তেওঁলোকে কিমান যে বৃহত সমস্যাসমূহৰ সম্মুখীন হৈছিল! তথাপিও তেওলোকৰ সকলোতে এটা বিষয়ত সাদৃশ্যতা আছিল। তেওঁলোকৰ কোনো এজনেও যিহোৱাৰ সেৱা কৰিবলৈ ত্যাগ দিয়া নাছিল। সকলোবোৰ কষ্টদায়ক সমস্যাৰ সম্মুখীন হোৱাৰ স্বত্বেও তেওঁলোকে যিহোৱাৰ শক্তিৰ দ্বাৰা চয়তানৰ সকলোবোৰ অভিসন্ধিৰ ওপৰত জয়ী হৈছিল। কেনেকৈ? এই প্ৰশ্নটোৰ উত্তৰ পৰৱৰ্তী লেখত দিয়া হʼব আৰু তাত বৰ্ণনা কৰা হৈছে যে আমি কেনেকৈ তেনেধৰণ কাঁইটৰূপী সমস্যাৰ সৈতে সফলতাৰে সম্মুখীন হʼব পাৰিম। (w02 2/15)
[ফুটনোট]
a মফীবোচত এজন নম্ৰ আৰু প্ৰশংসনীয় ব্যক্তি হোৱাৰ বাবে দায়ূদক তেওঁৰ অহিতে দিয়া উচ্চাভিলাষী অভিসন্ধিৰ মিছা অভিযোগ কেতিয়াও সত্য নাছিল। তদুপৰি, তেওঁ নিজৰ পিতৃ যোনাথনে প্ৰস্তুত কৰা উত্তম আৰ্হিৰ বিষয়ে ভালদৰে জানিছিল। কিয়নো, যোনাথনে তেওঁৰ পিতৃ ৰজা চৌলৰ পুত্ৰ হোৱা স্বত্বেও দায়ূদক যিহোৱাই ৰজা হিচাবে বাছি লোৱা নিৰ্ণয়ক নম্ৰতাৰে স্বীকাৰ কৰিছিল। (১ চমূৱেল ২০:১২-১৭) ঈশ্বৰলৈ ভয় ৰাখোঁতা পিতৃ আৰু ৰজা দায়ূদৰ বিশ্বাসী বন্ধু হোৱা বাবে যোনাথনে নিশ্চয়ে তেওঁৰ পুত্ৰ মফীবোচতক ৰাজকীয় ক্ষমতা প্ৰাপ্ত কৰা উচ্চাকাঙ্ক্ষাৰ বিষয়ে কোনো শিক্ষা দিয়া নাছিল।
আপুনি কিদৰে উত্তৰ দিব?
• আমি সম্মুখীন হোৱা সমস্যাবোৰক কিয় শৰীৰত বিন্ধা কাঁইটৰ সৈতে তুলনা কৰা হৈছে?
• মফীবোচত আৰু নহিমিয়াই কিয় কিছুমান কাঁইটৰূপী সমস্যাৰ সম্মুখীন হʼবলগা হৈছিল?
• ওপৰত উল্লেখ কৰা পুৰুষ আৰু স্ত্ৰীসকলৰ উদাহৰণৰ ভিতৰত কোনে শৰীৰত বহুতো কাঁইটৰূপী সম্মুখীন হৈছিল আৰু কোনটো উদাহৰণে আপোনাক অধিক প্ৰভাৱিত কৰে আৰু কিয়?
[১৯ পৃষ্ঠাৰ ছবিসমূহ]
মফীবোচতে শাৰীৰিক বিকলাঙ্গতা, মিছা অভিযোগ আৰু হতাশজনক পৰিস্থিতিৰ সম্মুখীন হʼবলগা হৈছিল
[২০ পৃষ্ঠাৰ ছবি]
বিৰোধিতা হোৱাৰ স্বত্বেও নহিমিয়াই বিশ্বাসত দৃঢ় হৈ থাকিল