ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • wp19 নং ২ পৃষ্ঠা ১৪-১৫
  • জীৱনটো কিয় মূল্যৱান হয়?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জীৱনটো কিয় মূল্যৱান হয়?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ঈশ্বৰে আপোনাৰ বিষয়ে চিন্তা কৰে
  • ঈশ্বৰে আপোনাক সহায় কৰিব আৰু নিৰ্দেশনা দিব
  • এক ভাল ভৱিষ্যতৰ আশা
  • যিহোৱাই আপোনাৰ “মূৰৰ আটাইবোৰ চুলিও” গণনা কৰিলে
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যেতিয়া আমাৰ আপোনজনৰ মৃত্যু হয়
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
  • সঙ্কটৰ কালত যিহোৱাই হৈছে আমাৰ “দৃঢ় আশ্ৰয়”
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
wp19 নং ২ পৃষ্ঠা ১৪-১৫
এজনী যুৱতী ভনীয়ে বাইবেল পঢ়ি আছে

জীৱনটো কিয় মূল্যৱান হয়?

ফেজেলৰ পত্নীৰ মৃত্যুৰ এবছৰৰ পাছত তেওঁৰ হৃদয়ৰ এটা ডাঙৰ অপাৰেশ্ব্যন হʼল। তেওঁ এইদৰে কৈছে, “যেতিয়া মই শাস্ত্ৰৰ পৰা ইয়োব নামৰ কিতাপখন পঢ়িলোঁ, তেতিয়া মোৰ অনুভৱ হʼল যে যিহোৱা ঈশ্বৰে আমি যাতে শান্ত্বনা পাব পাৰোঁ, তাৰ বাবে এই কিতাপখন লিখুৱাইছে। যেতিয়া আমি শাস্ত্ৰত এনে ব্যক্তিৰ বিষয়ে পঢ়োঁ, যিজনে আমাৰ নিচিনা সমস্যাৰ মাজেদি পাৰ হৈছিল, তেতিয়া আমাৰ বিশ্বাস হয় যে আমিও আমাৰ সমস্যাবোৰ সহন কৰিব পাৰিম।” ফেজেলে এয়াও কৈছে, “আমি যিয়েই দুখৰ মাজেদি পাৰ নহওঁ কিয়, আমাৰ জীৱন অতি মূল্যৱান হয়।”

তাৰ্চাই সৰুতে নিজৰ মাকক মৃত্যুত হেৰুৱাইছিল। তাই এইদৰে কৈছে, “যদিও আমাৰ জীৱনত বহুতো সমস্যা থাকে, তথাপিও আমি যেতিয়া আমাৰ সৃষ্টিকৰ্তা যিহোৱা ঈশ্বৰৰ বিষয়ে শিকোঁ, তেতিয়া আমি জীৱনত এটা উদ্দেশ্য লাভ কৰোঁ, আনন্দিত থাকোঁ আৰু আশা লাভ কৰোঁ। যিহোৱাই আমাক শক্তি দিয়ে যাতে আমি প্ৰতিদিনে আমাৰ সমস্যাবোৰ ভালদৰে সন্মুখীন হʼব পাৰোঁ।”

ইয়াৰ আগৰ লেখত আমি শিকিছিলোঁ যে বহুবাৰ জীৱনত এনে ঘটনা ঘটে, যাৰ বাবে আমাৰ জীয়াই থকাৰ আশা নাইকিয়া হৈ যায়। আপুনি চিন্তাৰ বোজাত ইমানেই সোমাই পৰে যে আপুনি হয়তো ভাবিবলৈ ধৰে মই জীয়াই থকাৰ কিবা লাভ আছে নে। আপুনি হয়তো এয়াও ভাবিব পাৰে যে জানোঁ কোনোবাই মোৰ বিষয়ে চিন্তা কৰে নে নকৰে। কিন্তু বিশ্বাস ৰাখক যিহোৱা ঈশ্বৰে আপোনাৰ বিষয়ে চিন্তা কৰে আৰু আপোনাক মূল্যৱান বুলি ভাবে।

ঈশ্বৰৰ এজন সেৱকৰ সম্পূৰ্ণ ভৰসা আছিল যে ঈশ্বৰে তেওঁক সহায় কৰিব। সেইবাবে, তেওঁ ঈশ্বৰলৈ এইদৰে মিনতি কৰিলে, “সঙ্কটৰ কালত মই তোমাৰ আগত প্ৰাৰ্থনা কৰিম; কিয়নো তুমি মোক উত্তৰ দিবা।” (গীতমালা ৮৬:৭) কিন্তু আপুনি হয়তো ভাবিব পাৰে, ‘যেতিয়া মই ‘সঙ্কটৰ’ সময়ত ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিম, তেতিয়া তেওঁ মোক কেনেকৈ সহায় কৰিব?’

আপোনাৰ প্ৰাৰ্থনা শুনি যদিও ঈশ্বৰে আপোনাৰ সকলো সমস্যা দূৰ নকৰিব, কিন্তু তেওঁ আপোনাক মনৰ শান্তি দিব যাতে আপুনি নিজৰ পৰিস্থিতি ভালদৰে সন্মুখীন হʼব পাৰিব। বাইবেলত লিখা আছে, ‘কোনো বিষয়ক লৈ চিন্তা নকৰিবা, কিন্তু সকলো বিষয়ত প্ৰাৰ্থনা আৰু মিনতি আৰু ধন্যবাদেৰে সৈতে ঈশ্বৰলৈ নিবেদন কৰা। তেতিয়া ঈশ্বৰে সেই শান্তি দিব, যি মানুহে বুজিব নোৱাৰে। এই শান্তিয়ে তোমালোকৰ হৃদয় আৰু চিন্তাধাৰাক ৰক্ষা কৰিব।’ (ফিলিপীয়া ৪:৬, ৭, ফুটনোট) এতিয়া বাইবেলৰ কিছুমান কথাৰ ওপৰত মন কৰক, যাৰ পৰা জানিব পাৰি যে ঈশ্বৰে আপোনাৰ বিষয়ে চিন্তা কৰে।

ঈশ্বৰে আপোনাৰ বিষয়ে চিন্তা কৰে

‘ঈশ্বৰে এটিও ঘৰচিৰিকাক পাহৰি নাযায়, কিন্তু তোমালোক বহুতো ঘৰচিৰিকাতকৈ মূল্যৱান।’—লূক ১২:৬, ৭.

মন কৰক: মানুহৰ দৃষ্টিত যদিও সৰু সৰু চৰাইবোৰৰ কোনো মূল্য নাই, কিন্তু ঈশ্বৰে সিঁহতৰ যত্ন লয়। তেওঁ এটি চৰাইকো পাহৰি নাযায়। ঈশ্বৰৰ দৃষ্টিত মানুহ চৰাইবোৰতকৈ বহুত মূল্যৱান। ঈশ্বৰে পৃথিৱীত যিমান প্ৰাণী সৃষ্টি কৰিছে, তাৰ মাজত মানুহ সকলোতকৈ বিশেষ হয়। ঈশ্বৰে মানুহক নিজৰ “সাদৃশ্যেৰে” সৃষ্টি কৰিছে। সেইবাবে, তেওঁলোকে ঈশ্বৰৰ দৰে গুণবোৰ দেখুৱাব পাৰে আৰু বঢ়াব পাৰে।—আদিপুস্তক ১:২৬, ২৭.

‘হে যিহোৱা, তুমি মোৰ বুজ-বিচাৰ লৈ মোক জানিলা। তুমি মোৰ মন জানা, মোক পৰীক্ষা কৰি মোৰ কল্পনা বুজা।’—গীতমালা ১৩৯:১, ২, ২৩.

মন কৰক: ঈশ্বৰে আপোনাৰ সকলো কথা জানে। আপুনি কি কি সমস্যাৰ মাজেদি পাৰ হৈ আছে আৰু কি চিন্তাই আপোনাক আমনি কৰি আছে, সেই সকলোবোৰ জানে। আপোনাৰ চিন্তাৰ বিষয়ে আনে হয়তো ভালদৰে বুজি পাব নোৱাৰে, কিন্তু তেওঁ ভালদৰে বুজি পায়। তেওঁ আপোনাৰ বিষয়ে চিন্তা কৰে আৰু আপোনাক সহায় কৰিব বিচাৰে। সেইবাবে, নিজৰ জীৱনক মূল্যৱান বুলি ভাবক।

ঈশ্বৰে আপোনাক সহায় কৰিব আৰু নিৰ্দেশনা দিব

‘হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা; মোৰ কাতৰোক্তি তোমাৰ আগত উপস্থিত হওক। মোলৈ কাণ পাতা; মই প্ৰাৰ্থনা কৰা কালত শীঘ্ৰে মোক উত্তৰ দিয়া। ঈশ্বৰে দীনহীনবিলাকৰ প্ৰাৰ্থনালৈ মন দিব।’—গীতমালা ১০২:১, ২, ১৭.

মন কৰক: আজি মানুহে যিমান সমসম্যাৰ মাজেদি পাৰ হৈ আছে আৰু তেওঁলোকৰ যিমান চকুলো বৈছে, সেই সকলো ঈশ্বৰে যেন এখন কিতাপত লিখি ৰাখিছে। (গীতমালা ৫৬:৮) তেওঁ আপোনাৰো চকুলোলৈ মন কৰিছে। আপুনি কি কি দুখ-কষ্টৰ সন্মুখীন হৈ আছে, তেওঁ সেয়া জানে। কাৰণ আপুনি তেওঁৰ বাবে বহুত মূল্যৱান।

‘তুমি ভয় নকৰিবা, কিয়নো মই তোমাৰ লগতে আছোঁ; ব্যাকুল নহবা, কিয়নো মই তোমাৰেই ঈশ্বৰ; মই তোমাক শক্তি দিম, তোমাক সহায়ো দিম। তোমাৰ ঈশ্বৰ যিহোৱা যি মই, মই তোমাক কওঁ, ভয় নকৰিবা; ময়েই তোমাক সহায় কৰিম।’—যিচয়া ৪১:১০, ১৩.

মন কৰক: ঈশ্বৰে আপোনাক সহায় কৰিব বিচাৰে। কেতিয়াবা আপুনি যদি সাহস হেৰুৱাই পেলায়, তেতিয়া তেওঁ আপোনাৰ হাত ধৰিব আৰু আপোনাক সহায় কৰিব।

এক ভাল ভৱিষ্যতৰ আশা

“ঈশ্বৰে জগতক ইমানেই প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰক দি দিলে যাতে যি কোনোৱে তেওঁৰ ওপৰত বিশ্বাস কৰে, তেওঁ ধ্বংস নহয়, কিন্তু অনন্ত জীৱন পায়।”—যোহন ৩:১৬.

মন কৰক: ঈশ্বৰে আপোনাক ইমানেই প্ৰেম কৰে যে তেওঁ আপোনাৰ বাবে নিজৰ একমাত্ৰ মৰমৰ পুত্ৰক বলিদান দি দিলে। এই বলিদানৰ বাবে আপুনি ভৱিষ্যতে সদায়ৰ বাবে আৰু আনন্দেৰে জীয়াই থাকিব পাৰিব।a

যদিও আপুনি বহুত চিন্তিত হৈ আছে আৰু জীৱনটো আপোনাক বোজা যেন লাগিবলৈ ধৰিছে, তথাপিও বাইবেলত লিখা কথাবোৰৰ ওপৰত ধ্যান দিয়ক আৰু ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰ ওপৰত ভৰসা কৰক। তেতিয়া আপুনি আনন্দিত থাকিব আৰু আপোনাৰ বিশ্বাস হʼব যে আপোনাৰ জীৱন বহুত মূল্যৱান হয়।

a যীচুৰ বলিদানৰ পৰা আপুনি কি কি আশীৰ্বাদ পাব পাৰে, এই বিষয়ে বেছিকৈ জানিবলৈ www.jw.org ৱেবছাইটত যীচুৰ মৃত্যুক সোঁৱৰণ কৰক নামৰ ভিডিঅʼখন চাওক। আমাৰ বিষয়ে > স্মৰণীয় দিন-ত চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক