আমি শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁ
১ “মঙ্গলৰ শুভবাৰ্ত্তা প্ৰচাৰ” কৰিবলৈ আমাৰ ওচৰত এক বিশেষ অধিকাৰ আছে! (ৰোমী. ১০:১৫) আমি জানো যে আজি মানৱজাতিয়ে চিন্তা আৰু হতাশগ্ৰস্তৰ মাজত আৱদ্ধ হৈ আছে আৰু আমাৰ ওচৰত তেওঁলোকক কবলৈ এক আনন্দদায়ক আশাৰ বাৰ্ত্তা আছে। আমি যে “মঙ্গলৰ শুভবাৰ্ত্তা প্ৰচাৰ” কৰিছোঁ তাক চিনাক্ত কৰিবলৈ লোকসকলক আমি কেনেকৈ সহায় কৰিব পাৰোঁ?—যিচ. ৫২:৭.
২ বাৰ্ত্তাৰ প্ৰকৃত অৰ্থ ৰাখি প্ৰস্তুত কৰক: যেতিয়া প্ৰচাৰ কাৰ্য্যত লোকসকলৰ সৈতে কথা-বতৰাত যিহোৱাই আনিবলগীয়া আনন্দদায়ক সুখী ভৱিষ্যতৰ বিষয়ে কওঁ তেনেহʼলে আমাৰ কথা-বতৰাই লোকসকলক প্ৰভাৱিত কৰিব। এই কথা মনত ৰাখি আমি যেতিয়া আলোচনী আগবঢ়াবলৈ আগতীয়াকৈ তৈয়াৰ কৰোঁ তেতিয়া আমি বাৰ্ত্তাৰ প্ৰকৃত দৃষ্টিকোণবোৰ উল্লেখ কৰা আৱশ্যক। যেতিয়া আমি সম্পূৰ্ণ বিশ্বাস আৰু উৎসাহেৰে আনক শুভবাৰ্ত্তা প্ৰচাৰ কৰিম, তেতিয়াহে আমি ভাল প্ৰতিফলৰ আশা কৰিব পাৰিম।—হিতো. ২৫:১১.
৩ যদিও আমি লোকসকলে এই জগতত ভুগি থকা দুখ-কষ্টৰ প্ৰতি সহানুভূতি দেখুৱাওঁ, কিন্তু আমি উল্লেখ কৰা উচিত যে মাত্ৰ ঈশ্বৰৰ ৰাজ্যই হে প্ৰকৃততে মানুহৰ সমস্যাৰ সামধান কৰিব পাৰে। যেতিয়া আমি যিহোৱাৰ ‘প্ৰতিফল দিয়া দিনৰ’ বিষয়ে আলোচনা কৰোঁ, প্ৰকৃততে আমি দেখুৱাব বিচাৰোঁ যে ‘নম্ৰ লোকিলাকৰ আগত শুভবাৰ্ত্তা প্ৰচাৰে’ কি অৰ্থ ৰাখে। (যিচ. ৬১:১, ২) আৰু শুনোতাসকলক এইটোও আশ্বাস দিব পাৰোঁ যে, যিহোৱাই যি কাৰ্য্য কৰিব সেয়ে সকলোৰে বাবে আনন্দ কঢ়িয়াই আনিব আৰু ইয়াৰ পৰিণাম অতি উত্তম হʼব।
৪ প্ৰকৃত আনন্দৰ সৈতে সত্যক প্ৰস্তুত কৰক: যেতিয়া আমি লোকসকলৰ সৈতে প্ৰফুল্লিত মন আৰু দৃঢ়বিশ্বাসেৰে কথা-বতৰা হওঁ, তাৰ প্ৰতি লক্ষ্য কৰি তেওঁলোকে শুনিবলৈ অতি আগ্ৰহী হয়। যদি আমি ভৱিষ্যতৰ প্ৰতি দৃঢ় বিশ্বাস প্ৰতিফলিত কৰোঁ তেতিয়া আমাৰ শুনোতাসকলে অনুভৱ কৰিব যে আমি “আশাত আনন্দ” কৰিছোঁ। (ৰোমী. ১২:১২) আৰু তেতিয়াহে তেওঁলোকে শুভবাৰ্ত্তাৰ প্ৰতি আৰু অধিকৰূপে মনোযোগ দিব। আমাৰ প্ৰচাৰ কাৰ্য্যত সকলো সময়তে প্ৰকৃত আৰু আনন্দদায়ক মনোবৃত্তি দেখুৱাবলৈ আমাৰ ওচৰত সুনিশ্চিতৰূপে উত্তম কাৰণ আছে।
৫ শুভবাৰ্ত্তাৰ প্ৰচাৰকৰূপে সংবাদ দিয়াটোৱে মাত্ৰ আমাৰ উদ্দেশ্য নহয়। কিন্তু আমি নিশ্চিত হোৱা উচিত যে আমাৰ প্ৰচাৰে বৰ্ত্তমান আৰু ভৱিষ্যতৰ বাবে উজ্জ্বল জীৱনৰ প্ৰকৃত আশা প্ৰদান কৰে। (১ তীম. ৪:৮) আমি বাৰ্ত্তাত কি কওঁ আৰু কেনেকৈ কওঁ, ইয়ে ব্যক্তিজনক দেখুৱাব যে শুভবাৰ্ত্তাৰ প্ৰতি সচাঁকৈ আমাৰ গভীৰ বিশ্বাস আছে। আৰু ইয়াৰ দ্বাৰা তেওঁক শুভবাৰ্ত্তা গ্ৰহণ কৰিবলৈ সহায় কৰিব। সেইবাবে আহঁক আমি কোৱা বাৰ্ত্তাৰ প্ৰতি মনোযোগ দি প্ৰচাৰ কৰা শুভবাৰ্ত্তাক গ্ৰহণ কৰিবলৈ নম্ৰ লোকসকলক উৎসাহিত কৰোঁহঁক!