“পৰীক্ষা কৰা হওক”—কেনেকৈ?
১ যিহোৱাৰ সংগঠনত একেৰাহে বৃদ্ধি হোৱাৰ বাবে উপযুক্ত ভাইসকলে সহায়ক সেৱকৰূপে সেৱা কৰা আৱশ্যকতা হৈছে। যিসকলে মণ্ডলীত সেৱা কৰিবলৈ ইচ্ছা কৰিছে তেনে বহুতো ভাইক এতিয়ালৈকে নিযুক্তি দিয়া নাই; যʼত নেকি কম বয়সৰ ভাইসকলো সন্মিলিত আছে। যেতিয়া তেওঁলোকক কোনো ওপৰঞ্চি কামত নিযুক্ত কৰা হয় তেতিয়া তেওঁলোকে মণ্ডলীত তেওঁলোকৰ আৱশ্যকতাক অনুভৱ কৰে আৰু তাক সঠিকৈ সম্পন্ন কৰিবলৈ চেষ্টা কৰে। তেওঁলোকে যাতে অধিক উন্নতি কৰিব পাৰে তাৰ বাবে “পৰীক্ষা কৰা হওক।” (১ তীম. ৩:১০) এইটো কেনেকৈ কৰিব পাৰি?
২ মুণ্ডলীত প্ৰাচীনসকলৰ ভূমিকা: এজন ভাইক সহায়ক সেৱকৰূপে নিৰ্বাচিত কৰিবলৈ প্ৰাচীনসকলে ১ তীমথিয় ৩:৮-১৩ পদত উল্লেখ কৰা সহায়ক সেৱকৰ বাবে দিয়া যোগ্যতাসমূহ সেই ভাইজনৰ আছে নে নাই তাক চাব। ইয়াৰ ওপৰিও প্ৰাচীনসকলে পৰীক্ষা কৰা আৱশ্যক যে সেই ভাইজনে তেওঁক দিয়া দায়িত্বসমূহক সম্পূৰ্ণ কৰিব পাৰিব নে নোৱাৰে। প্ৰাচীনসকলে হয়তো ভাইজনক মণ্ডলীৰ কিছুমান কাৰ্য্যত সহায় কৰিবলৈ নিযুক্ত কৰিব পাৰে; যেনে—আলোচনী, সাহিত্য, মাইক্ৰফোন অথবা ধ্বনি যন্ত্ৰৰ চোৱা-চিতা কৰা নাইবা ৰাজ্যগৃহৰ চোৱা-চিতা কৰা আদি কাৰ্য্য। প্ৰাচীনসকলে তেওঁক নিৰীক্ষণ কৰিব যে ভাইজনে তেওঁৰ নিযুক্তি কাৰ্য্যক কিদৰে কৰিছে আৰু তেওঁ সেই কাৰ্য্যৰ প্ৰতি কেনেদৰে দৃষ্টি কৰে। তেওঁলোকে তেওঁৰ সেই গুণসমূহৰ প্ৰতি লক্ষ্য কৰিব; যেনে—নিৰ্ভৰযোগ্যতা, সময়নিষ্ঠা, পৰিশ্ৰমী, বিনয়ী, আগ্ৰহী, আৰু আচাৰ-ব্যৱহাৰ। (ফিলি. ২:২০) তেওঁৰ সাজ-পোচাক আদৰ্শনীয়নে? তেওঁক দিয়া দায়িত্বসমূহক গভীৰভাৱে পালন কৰেনে? এই বিষয়সমূহত প্ৰাচীনসকলে এইবাবে বিবেচনা কৰিবলগীয়া হয়, কিয়নো তেওঁলোকে বিচাৰে যে ভাইজনৰ কাৰ্য্যত “সদাচৰণৰ দ্বাৰাই জ্ঞানমূলক মৃদুতা” প্ৰকাশ পায়। (যাকো. ৩:১৩) ভাইজনে মণ্ডলীক সহায় কৰিবলৈ প্ৰকৃততে সেই গুণসমূহ বিকাশিত কৰিছেনে? “সকলো জাতিকে শিষ্য” বনোৱা যীচুৰ যি আজ্ঞা, সেই কাৰ্য্যত তেওঁ উৎসাহেৰে ভাগ লৈছেনে?—মথি ২৮:১৯; ছেপ্টেম্বৰ ১, ১৯৯০, প্ৰহৰীদুৰ্গ, ১৮-২৮ পৃষ্ঠা চাওঁক।
৩ যিহেতু সহায়ক সেৱকৰ কাৰণে কোনো বয়স নিদ্ধাৰিত কৰা নাই, বাইবেলত সেই ভাইসকলক ‘উত্তমৰূপে পৰিচাৰকৰ কাৰ্য্য কৰাবিলাক’ বুলি উল্লেখ কৰিছে। যিহেতু বাইবেলত সহায়ক সেৱকসকলৰ পত্নী আৰু সন্তান থকা বুলি উল্লেখ কৰিছে, সেইকাৰণে কিশোৰ বা মজলীয়া বয়সৰ ব্যক্তিয়ে সহায়ক সেৱকৰ বাবে নিযুক্ত হোৱাটো আমি বহু কম মাত্ৰাতহে আশা কৰিব পাৰোঁ। (১ তীম. ৩:১২, ১৩) এই ভাইসকলে “যৌৱন-কালৰ অভিলাষৰ” দৰে আচৰণৰ পৰিৱৰ্ত্তে গম্ভীৰভাৱে আচৰণ কৰা উচিত, যাতে ঈশ্বৰ আৰু মানুহৰ সন্মূখত তেওঁলোকে শুদ্ধ বিবেকেৰে থিয় হʼব পাৰে।—২ তীম. ২:২২.
৪ যদি এজন ভাই ইয়াৰ বাবে উপযুক্ত, তেনেহʼলে তেওঁ মণ্ডলীৰ বাবে বহু ফলদায়ক, কিন্তু তেওঁৰ ভাল মনোবৃত্তি আৰু উৎসাহী হোৱা আৱশ্যক। কোনো এজন ভায়ে নম্ৰভাৱে ঈশ্বৰ আৰু ভাইসকললৈ সেৱা আগবঢ়াবলৈ ইচ্ছুকনে? যদি তেনে কৰে তেনেহʼলে মণ্ডলীত অধিকৰূপে উন্নতি কৰিবলৈ যিহোৱাই তেওঁক নিশ্চয় আশীৰ্ব্বাদ কৰিব।