ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৯/০০ পৃষ্ঠা ৪-৫
  • ঈশ্বৰৰ পবিত্ৰ বাক্যৰ প্ৰতি মনোযোগ দিয়ক।

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ পবিত্ৰ বাক্যৰ প্ৰতি মনোযোগ দিয়ক।
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • “শুনি আৰু বিদ্যাৱন্ত হওক”
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • ১৯৯৯ চনৰ “ঈশ্বৰৰ ভাৱিষ্যতসূচক বাক্য” জিলা অধিৱেশন
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৯/০০ পৃষ্ঠা ৪-৫

ঈশ্বৰৰ পবিত্ৰ বাক্যৰ প্ৰতি মনোযোগ দিয়ক।

১ সাধাৰণতে মানুহে কোৱা কথাক সকলোৱে যে গভীৰতাৰে স্বীকাৰ কৰিব এনে নহয়। কিন্তু যেতিয়া ঈশ্বৰে কোনো কথা কয় তাক অতি গুৰুত্বপূৰ্ণৰে গ্ৰহণ কৰা উচিত। (দ্বিতী. ২৮:⁠১, ২) সেইকাৰণে আমি বাইবেলৰ লিখকসকলৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত, কিয়নো তেওঁলোকে আমাৰ লাভৰ অৰ্থেহে “ঈশ্বৰৰ বচনসমূহ” লিখিলে। (ৰোমী. ৩:⁠২) এই বছৰত হবলগীয়া জিলা অধিবেশনত ঈশ্বৰৰ বাক্য শুনাৰ এটা ভাল সুযোগ আছে। সেই অধিবেশনত তেওঁৰ বচনসমূহক পঢ়া আৰু আলোচনা কৰা হʼব। আপুনি কেনেকৈ এই পবিত্ৰ বাক্যৰ প্ৰতি মনোযোগ দিব পাৰিব?

২ প্ৰত্যেক দিনা সোনকালে উপস্থিত হওঁক: বিবেচনা কৰক যে যেতিয়া যিহোৱাই ইস্ৰায়েলসকলক তেওঁৰ ব্যৱস্থাৰ নিয়ম শুনিবলৈ চীনয় পৰ্ব্বতত আহিবলৈ কৈছিল, তেতিয়া তেওঁলোকে কিমান যে আনন্দিত আৰু উৎসাহিত হৈছিল! (যাত্ৰা. ১৯:⁠১০, ১১, ১৬-​১৯) যদি আপুনিও অধিবেশনত যিহোৱাৰ নিৰ্দেশনাৰ আনন্দ লাভ কৰিব বিচাৰে, তেনেহʼলে ইস্ৰায়েলসকলৰ দৰে প্ৰত্যেক দিনা অধিবেশন গৃহত সোনকালে উপস্থিত হʼবলৈ যোজনা বনাওঁক। যদি আমি পলমকৈ অধিবেশন গৃহলৈ যাওঁ আৰু বহিবলৈ আসন বিচাৰি ফুৰো, তেনেহʼলে আমি আনৰ মনোযোগ ভঙ্গ কৰোঁ। ইয়াৰ ওপৰিও আমি নিজেও কাৰ্য্যক্ৰমবোৰত সম্পূৰ্ণৰূপে লাভৱান হʼব নোৱাৰো। অধিবেশন গৃহৰ দুৱাৰ খোলাৰ সময় হৈছে ৰাতিপূৱা ৮ বজাত আৰু প্ৰত্যেক দিনা কাৰ্য্যক্ৰম আৰম্ভণি সময় হৈছে ৯:৩০ বজাত।

৩ কিন্তু এইটো দেখিবলৈ পোৱা গৈছে যে কিছুমান ব্যক্তিয়ে সোনকালে অধিবেশন গৃহলৈ আহিও কাৰ্য্যক্ৰম আৰম্ভ হোৱালৈকে নিজৰ আসন গ্ৰহণ নকৰে। তেওঁলোকে কিয় তেনেদৰে কৰে? কিয়নো তেওঁলোকে নিজৰ বন্ধু-বান্ধৱৰ সৈতে কথা-বতৰাত ইমানেই ব্যস্ত থাকে যে যেতিয়া চেয়াৰমেনে গীত আৰম্ভ কৰিবলৈ ঘোষণা কৰে তেতিয়াহে তেওঁলোকে নিজৰ আসনত বহে। আমি এই কথা মনত ৰখা উচিত যে প্ৰথম গীত আৰম্ভ হোৱাৰ দহ মিনিটৰ আগতে চেয়াৰমেন মঞ্চত আহি বহে আৰু সেই সময়ত কাৰ্য্যক্ৰম আৰম্ভণি হোৱাৰ প্ৰথম সঙ্গীত বজোৱা হয়। ইয়ে আমাক নিজ নিজ আসন গ্ৰহণ কৰিবলৈ সঙ্কেত দিয়ে। সেইকাৰণে আগতীয়াকৈ নিজ নিজ আসনত বহি, সকলোৰে সৈতে প্ৰথম গীতটোত একেলগে সুৰ মিলাই যিহোৱাৰ প্ৰশংসা কৰাৰ আনন্দ লওঁক।

৪ পৰিয়ালৰ প্ৰত্যেকজন সদস্যই মনোযোগেৰে ভাষণসমূহ শুনাৰ আৱশ্যক: প্ৰাচীন কালত যেতিয়া ইস্ৰায়েল লোকসকলৰ আগত ঈশ্বৰৰ বাক্যক পাঠ কৰা হৈছিল তেতিয়া তেওঁলোকৰ নিজ নিজ পৰিয়ালৰ প্ৰাপ্তবয়স্ক সদস্যসকলৰ ওপৰি কণ-কণ ‘লʼৰা-ছোৱালীবোৰেও’ সেই বাক্যৰ পাঠ শুনিছিল আৰু শিক্ষা লাভ কৰিছিল। (দ্বিতী. ৩১:⁠১২) ঠিক তেনেদৰে অধিবেশনটো আমাৰ কণ-কণ লʼৰা-ছোৱালীবোৰক মনোযোগৰে ভাষণসমূহ শুনি শিক্ষা লাভ কৰিবলৈ “শাসন” অৰ্থাৎ অনুশাসন দিয়া উচিত। (হিতো. ২৯:⁠১৫) পিতৃ-মাতৃয়ে মনোযোগ দিয়া উচিত যে অধিবেশনৰ সময়ত পৰিয়ালৰ সকলো সদস্যই যাতে একেলগে বহে। কিছুমান পিতৃ-মাতৃয়ে অধিবেশনৰ গীত গোৱা আৰম্ভ হোৱা লগে লগেই নিজৰ লʼৰা-ছোৱালীক শৌচালয়ত লৈ যায়। যাৰ বাবে লʼৰা-ছোৱালীয়ে গীত গোৱাৰ পৰা বঞ্চিত থাকে। যদি এইদৰে কৰা হয় তেনেহʼলে সেই লʼৰা-ছোৱালীবোৰে গীত যে আমাৰ উপাসনাৰ এক প্ৰমুখ ভাগ তাক কেতিয়াও বুজি নাপাব। সেইবাবে পৰাপক্ষত, গীত আৰম্ভ হোৱাৰ আগতেই লʼৰা-ছোৱালীক শৌচালয়লৈ নিয়াটো উত্তম কাৰ্য্য নহʼবনে!

৫ অধিবেশনৰ কাৰ্য্যক্ৰমক ভালদৰে শুনিবলৈ আমাৰ প্ৰত্যেকই ৰাতি সোনকালে বিচনালৈ যোৱা আৰু দিনত খোৱাৰ সময়ত অলপমাত্ৰাত আহাৰ লোৱা উচিত। তেনেদৰে কৰিলে বক্তাই ভাষণত কি কৈছে তাক মনোযোগ দি শুনিব পাৰি। অধিবেশনৰ সময়ত নিজৰ মনটোক অস্থিৰ হʼবলৈ নিদিব। যেতিয়া বাইবেলৰ পৰা কোনো শাস্ত্ৰ পদ পঢ়া হয় তেতিয়া নিজেও বাইবেল খুলি বক্তাজনে পঢ়া বচনৰ সৈতে মিলাই মনোযোগ দি পঢ়ক। সংক্ষেপকৈ বক্তাই কোৱা ভাষণবোৰক নোট কৰি ৰাখক। ভাষণত শুনা বিষয়বোৰক স্মৰণ কৰি বিবেচনা কৰক যে আপুনি সেই বিষয়বোৰক আপোনাৰ নিজ জীৱনত কেনেকৈ প্ৰয়োগ কৰিব পাৰে। নিজৰ ৰুমলৈ ঘূৰি অহাৰ পাছত পৰিয়ালৰ সদস্যৰ সৈতে দিনটোত হোৱা কাৰ্য্যক্ৰমৰ বিষয়ে আলোচনা কৰক। যেনে​—⁠প্ৰত্যেকেই কি বিষয়ত আনন্দ লাভ কৰিলে? সেই বিষয়ে দিয়া সম্বদবোৰক আপুনি আৰু আপোনাৰ পৰিয়ালে লাভৱান হʼবলৈ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি?

৬ ঈশ্বৰৰ বাক্যক সন্মান কৰক: আমি অধিবেশনত নিজৰ বন্ধুবৰ্গৰ সৈতে কথা-বতৰা আৰু তেওঁলোকৰ সৈতে সঙ্গতি লাভ কৰিবলৈ সুযোগ পাওঁ যাৰ দ্বাৰাই আমি উৎসাহিত হওঁ। যদি আমি অধিবেশনত সোনকালে উপস্থিত হওঁ তেনেহʼলে কাৰ্য্যক্ৰম আৰম্ভ হোৱাৰ আগতে তেওঁলোকৰ সৈতে কথা-বতৰা হʼবলৈ যথেষ্ট সময় পাম। যিহেতু লক্ষ্য কৰা হৈছে যে কিছুমান ভাই-ভনীয়ে কাৰ্য্যক্ৰম চলি থকাৰ সময়টো কথা পতাত ব্যস্ত থাকে। কিয়নো তেওঁলোকে ভাবে যে সেই ডাঙৰ অধিবেশন গৃহত কথা পাতিলে কাৰো ধ্যান ভঙ্গ নহয়। কিন্তু তেনেকৈ ভবাটো একেবাৰে ভুল কিয়নো যেনেকৈ ৰাজ্যগৃহত হোৱা সভাবোৰত অধিক মনোযোগ দিয়া উচিত, তেনেকৈ অধিবেশনটো মনোযোগ দিয়াটো আৱশ্যক। গতিকে কাৰ্য্যক্ৰমবোৰত মনোযোগেৰে শুনিবলৈ চেলুলাৰ ফোন, পেজাৰ, কেমক্ৰডাৰ (সহজে লগত কঢ়িয়াই নিব পৰা সৰু ভিডিও কেছেট ৰিক্‌ৰ্ডাৰ) বা ফটো কেমেৰাৰ দৰে আদি যন্ত্ৰক ভাষণ চলি থকাৰ সময়ত ব্যৱহাৰ কৰাটো উচিত নহয়।

৭ উদাহৰণস্বৰূপে প্ৰাচীন সময়ত মোচিয়ে যেতিয়া যিহোৱাৰ পৰা দহ আজ্ঞা গ্ৰহণ কৰিবলৈ চীনয় পৰ্ব্বতলৈ গৈছিল তেতিয়া তেওঁ “ভোজন-পান” কৰা নাছিল। (যাত্ৰা. ৩৪:⁠২৮) সেইদৰে অধিবেশনৰ কাৰ্য্যক্ৰম চলি থকাৰ সময়ত ভোজন কৰা বা চাহ খোৱা বা কʼল্ড ড্ৰিংচ লোৱাটো উচিত নহʼব। যদি আপোনাৰ কোনো ধৰণৰ গভীৰ বেমাৰ আছে তেনেহʼলে ভোজন-পান কৰিবলৈ ‘বিশেষ সময়ৰ’ বাবে অপেক্ষা কাৰাটো উত্তম হʼব।​—⁠উপ. ৩:⁠১.

৮ প্ৰায়ে দেখা গৈছে যে কিছুমান ভাই-ভনী আৰু সৰু সৰু লʼৰা-ছোৱালীয়ে কাৰ্য্যক্ৰমৰ সময়ত অধিবেশন গৃহৰ বাহিৰত ঘূৰি ফুৰে। এটেন্ডেট সকলক নিৰ্দেশনা দিয়া হৈছে যে তেওঁলোকে তেনে ভাই-ভনী বা লʼৰা-ছোৱালীবিলাকক অধিবেশন গৃহৰ ভিতৰলৈ যাবলৈ অনুৰোধ কৰিব পাৰে। অধিবেশনৰ বিভিন্ন বিভাগৰ কাৰ্য্যত স্বইচ্ছাৰে সহায় আগবঢ়োৱা ভাইসকলে, তেওঁলোকক নিযুক্ত কৰা কাম শেষ হোৱাৰ পাছত নিজ নিজ আসনত বহা উচিত। যেতিয়ালৈকে অধিবেশনৰ বাবে কোনো আৱশ্যকীয় কাম আহি নপৰে তেতিয়ালৈকে স্বইচ্ছাৰে কাম কৰা ভাইসকলে নিজৰ আসনত বহি ভাষণসমূহক মনোযোগেৰে শুনা উচিত। অধিবেশন চলি থকাৰ সময়ত বিনা কোনো কামত ইফালে-সিফালে ঘূৰি ফুৰাটো উচিত নহয়।

৯ ঈশ্বৰৰ বাক্য শুনাৰ সময়ত আমি আমাৰ “কাণ গধুৰ” হোৱাটো নিবিচাৰো। (ইব্ৰী ৫:⁠১১) গতিকে আহঁক, আমি দৃঢ় হওঁ যে আমি ঈশ্বৰলৈ সন্মান দেখুৱাই আহিবলগীয়া জিলা অধিবেশনৰ সকলোবোৰ ভাষণক মনোযোগ দি শুনোহঁক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক